পৃষ্ঠা:Kamaratna Tantra.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

54


৬৫। অথ ঋতুকৰণ।

 পৰি চৰাইৰ বিষ্ঠা মধু সহিতে বাটি মথি পিব, ঋতু হয়। দুৰ্বাৰ পাত চাউল সমকৈ বাটি খালেও হয়।

৬৬। অথ যন্ত্ৰ।

 গোৰচনাৰে ভূৰ্জ্জত যন্ত্ৰ লেখিব। তাত যি নাৰীৰ নাম লেখি কৰবীৰ ফুলৰ তলত থব নিশ্চয় ঋতু হব। ওৰ ফুল জলে দ্বতে পিহিপিব, ঋতু হয়। ইতি ঋতুকৰণ।

৬৭। অথ গৰ্ভস্ৰাৱ।

 তিল তেল, লোণ ধোনীত লিপিলে শিথিল হয়। খাইলে গৰ্ভত বীৰ্য্য নৰহে, ৰক্ত সুৱি থাকে। এৰাৰ পাতৰ ঠাৰ আঠ আঙুল যোনীত খেপিলে চাৰি মাসৰ গৰ্ভ ভ্ৰাবয়। পচতিয়াৰ মূলৰ ৰস, আগিৱাচিতাৰ মূল, মধুৰ স্বৰূপ কৰি বাটি এভোলা খাব, গৰ্ভ পাত হয়। ইতি গৰ্ভাৱ।

৬৮। অথ ৰক্তনিবাৰণ

 শেলুকৰ ছাল চাউলৰে বটি যোনীত লিপিব, ৰক্ত নিবাৰণ হয়। মাহ সিজাই জাতি চন্দন ঘিউৰে খাব, ৰক্ত নিবাৰণ হয়। জাতি চন্দন, থিৰ, ঘৃত, মধু মথি খালে ৰক্ত গুচে। অশোকৰ ছাল চাউলেৰে ভাজি খালে ৰক্ত নিবাৰণ হয়। ওক নিবাৰণ হয়। ইতি ৰক্তনিবাৰণ।