সেই মন্দিৰ প্ৰাঙ্গণত সম্ৰাট হৰ্ষবৰ্দ্ধন-ৰচিত ‘ৰত্নাৱলী’ নাটকৰ অংশ বিশেষ অভিনীত হৈছিল।
বঙ্গদেশতো দেৱদাসী প্ৰথা আছিল। দ্বাদশ শতিকাত ৰজা লক্ষণসেনৰ অন্যতম সভাকবি ধোয়ীয়ে তেওঁৰ ‘পৱনদূত’ কাব্যত এই কথা উল্লেখ কৰিছে। কবি নিজেও দেৱদাসী প্ৰথাৰ সমৰ্থক আছিল যেন লাগে। কিয়নো তেওঁ বিষ্ণুমন্দিৰত দেৱদাসীক লক্ষ্মীৰ সৈতে তুলনা কৰিবলৈও দ্বিধাবোধ কৰা নাই। পুৰীৰ জগন্নাথদেৱৰ মন্দিৰত দেৱদাসীসকলৰ দ্বাৰা ‘গীত-গোৱিন্দ’ৰ আবৃত্তি আৰু অভিনয় হৈছিল বুলি জনা যায়। অসমৰ মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জগন্নাথ- দেৱৰ মন্দিৰত দেৱদাসী নৃত্য দেখা কথা চৰিত পুথিত উল্লেখ আছে।
অসমত দেবদাসী প্ৰথা
পুৰণি অসম তন্ত্ৰপীঠ ভূমি আছিল বুলি ‘কালিকা পুৰাণ', ‘যোগিনীতন্ত্ৰ’ আদিত উল্লেখ আছে। তান্ত্ৰিক ‘বামাচাৰ-মাৰ্গত’ নাৰী আছিল অপৰিহাৰ্য্য। তান্ত্ৰিক প্ৰভাৱৰ ফলত অসমৰ শিৱমন্দিৰবোৰলৈ দেৱদাসীৰ আগমণ ঘটে। প্ৰাচীন কামৰূপৰ ৰজাসকলে শিৱমন্দিৰ স্থাপন কৰি নটী বা দেৱদাসী দান কৰিছিল। বৰ্ত্তমানলৈ উদ্ধাৰ হোৱা ভালেমান তান্ত্ৰিক পুথিত, শিৱমন্দিৰত দেৱদাসীৰ উল্লেখ আছে। শিৱ অসমৰ প্ৰাচীন দেৱতা। নৰকাসুৰৰ পূৰ্ব্বৰ ‘কিৰাত’সকল শিৱ উপাসক আছিল। সেই হিচাবে, অসমত দেৱদাসী প্ৰথা প্ৰাক্- আৰ্য্য যুগতেই প্ৰচলন আছিল। বুৰঞ্জীবিদ্ শ্ৰীপ্ৰতাপ চন্দ্ৰ চৌধুৰীদেৱে অনুমান কৰে— “অসমত হয়তো অতি প্ৰাচীন কালৰে পৰা এই (দেৱদাসী) অনুষ্ঠান আছিল আৰু অনাৰ্য্যসকলেই ইয়াৰ প্ৰচলন কৰিছিল।” (প্ৰাক্ আহোম যুগৰ অসমীয়া সাজ)।
নৱম শতিকাৰ তেজপুৰৰ ওচৰৰ ‘হাটকেশ্বৰ মন্দিৰ’ত দেৱদাসী আছিল। অন্ততঃ এতিয়াৰ পৰা পঞ্চাশ বছৰ আগলৈকে অসমৰ কেবাটাও শিৱমন্দিৰত দেৱদাসীসকলৰ নূপুৰৰ ৰুণুজুনু ধ্বনি শুনা