পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
নাট-মন্দিৰৰ ভিতৰে বাহিৰে

ৰাৰাঙ্গণা কিনি আনি দেৱতাৰ উদ্দেশ্যে দান কৰিছিল। এনেকুৱা দেৱদাসীক কোৱা হৈছিল ‘বিক্ৰীতা’। সপ্তম শতিকাত মূলতানৰ মন্দিৰত এনেকুৱা অসংখ্য নাচনীয়ে সূৰ্য্যদেৱতাৰ উদ্দেশ্যে নৃত্য-গীত পৰিবেশন কৰিছিল।

 দক্ষিণ ভাৰতৰ তাঞ্জোৰৰ বিখ্যাত মন্দিৰত প্ৰায় চাৰিশ নৰ্ত্তকী বিগ্ৰহৰ সেৱাত নিযুক্ত আছিল। দক্ষিণ ভাৰতৰ ‘অন্তুব্যয়’ নামৰ সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ প্ৰথমা ছোৱালীজনীক দেৱালয়ৰ দেৱসেৱাৰ উদ্দেশ্যে দান কৰিছিল। এই দেৱদাসীসকলক বোলা হৈছিল ‘দত্তা’। কথিত আছে যে, দক্ষিণ দেশীয় এক ব্ৰাহ্মণ দম্পতীয়ে বহু বছৰ নিঃসন্তান হৈ থকাৰ পিচত এজনী কন্যা সন্তান লাভ কৰে। তাইক শ্ৰীধামপুৰুযোত্তমত জগন্নাথদেৱৰ সেৱাৰ বাবে দান কৰিছিল। সেই কন্যায়েই হ’ল জয়দেৱৰ পত্নী পদ্মাৱতী। অনেক সময়ত অসামান্যা ৰূপৱতী যুৱতী অপহৰণ কৰি আনিও মন্দিৰৰ দেৱসেৱাত নিয়োগ কৰা হৈছিল। সেইসকল দেৱদাসীক কোৱা হৈছিল ‘হূতা’। মহাৰাষ্ট্ৰৰ দেৱালয়ৰ নিযুক্ত দেৱদাসীক বোলা হৈছিল ‘মূৰলী’ আৰু অন্ধ্ৰ প্ৰদেশৰ শিৱমন্দিৰত নিযুক্ত হোৱা- সকলক কোৱা হৈছিল ‘বৃষভী'। এটা সময়ত দক্ষিণ ভাৰতৰ মন্দিৰ বিলাকৰ সৰহ ভাগেই বেশ্যালয়সদৃশ আছিল বুলি ‘ডুবই’ মত প্ৰকাশ কৰিছে।

 দশম শতিকাত কহ্‌লন ৰচিত ‘ৰাজতৰঙ্গিণী’ৰ পৰা জনা যায় যে, কাশ্মীৰৰ মন্দিৰতো দেৱদাসী প্ৰথাৰ প্ৰচলন আছিল। উক্ত গ্ৰন্থত উল্লেখ আছে যে, পৌণ্ড্ৰবৰ্দ্ধনৰ কমলা নামে এজনী দেৱদাসী কাশ্মীৰ ৰাজৰ প্ৰণয়াসক্ত আছিল। সোমনাথৰ মন্দিৰতো প্ৰায় পাঁচশ নৰ্ত্তকী অছিল। তেওঁলোকে দিনে-ৰাতি দেৱতাৰ উদ্দেশ্যে নৃত্য-গীত পৰিবেশন কৰিছিল। দশম শতিকাত ৰচিত দামোদৰগুপ্তৰ ‘কুট্টনীতম’ গ্ৰন্থৰ পৰা জনা যায়, বাৰানসীৰ বিখ্যাত বিশ্বনাথৰ মন্দিৰতো অসংখ্য দেৱদাসী আছিল। দামোদৰগুপ্তই লিখিছে যে,