পৃষ্ঠা:Assam Buranji.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭ বচৰ ভোগ কৰি অপুত্ৰক হৈ স্বৰ্গি হল। পাচে পাত্ৰ মন্ত্ৰিএ মুংখুমুংজাও দেসৰ খু্ঞ্চু ৰজা বংসৰ ত্যাওআইমখামনেঙ্গ কোঅঁৰক আনি ৰজা পাতি ললে। এঁওৰ ভোগ ১০ বচৰ। ততপুত্ৰ চুখানফা ৰজা হল। ঐ মুংমিত্কুপকিং নাও দেসতে ফুত্যাংখাং ৰজা ৭ বচৰ ভোগ কৰি, চুজতফা নামক এক পুত্ৰক তাইপ দেসৰ ৰজা পাতি পঠালে; চুখামফা নামক এক পুত্ৰক তাইপং দেসৰ ৰজা পাতি পঠালে; সৰু জনা পুত্ৰ চুকাফাক নিজ দেসতে ৰজা পাতি স্বৰ্গি হল।

 পাচে ঐ চুকাফা ৰজা ১৮ বচৰ বাজ ভোগ কৰাতে ও চুখানফা ৰজাৰো ভোগ ৮ বচৰ হঁওতেই জুন্‌লুঙ্গ দেসৰ ৰজাৰে চুখানফা ৰজাৰে ৰন হোআত, সেই ৰনলৈ চুখানফা ৰজাই চুকাফা ৰজাক মতাত ন গল। সেই কাৰনেই চুখান্‌ফা চুকাফা দুয়ো ৰজাৰ বিৰোধ হৈ, চুখান্‌ফা ৰজাই চুকাফা ৰজাক ধৰিবৰ মন্ত্ৰনা কৰা বুজ পাই, বলে নোআৰা হেন জানি মুংকং দেসলৈ গৈ, সেই দেসৰ নইচানফা ৰজাৰে কথা বাৰ্ত্তা হৈ, ঐ ৰজাৰ চোম দেওক লুকাই হাত কৰি লৈ অহাত আইজেপি লাক্লিৰ হাঁ পাক কাউ চিপ অৰ্থাত ৫৯০ বচৰ গত হৈ, হাঁ পাক কাউ চিপ লেং অৰ্থাত ৫৯১ বচৰৰ প্ৰথম লাক্লিকাপ্‌ত্যেও সঁক, ও হিন্দুমতে ১১৫০ সঁকৰ ১৫ আঘোনত ভটিয়াই আহি পালেহি। ১৬ আঘোনৰ পৰা এই সৌমাৰৰ পুৰ্ব এক খণ্ডত ৰজাহলহি। পৰে লাক্লি তাওঙ্গি ও ১১৯০ সঁকত ঐ চুকাফা ৰজা স্বৰ্গি