পৃষ্ঠা:Assam Buranji.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০

হল। এতেকে চুকাফা ৰজাৰ সৌমাৰত ভোগ ৩৯ বচৰ ৪ মাহ ১৫ দিন। এই ভোগ খনিৰ ভিতৰত জি জি কৰ্ম্ম কৰিলে, তাৰ বৃত্তান্ত লিখা জাই। ইতি বুৰঞ্জি সাবে প্ৰথম খণ্ডং॥

—————

দুতিয় খণ্ড।

 সঁকাব্দা ১১৫০ সঁকৰ ১৬ আঘোন ইংৰেজি ১২২৮ সনে চুকাফা ৰজা দেও আহোঁতে লগত অনা মানুহ ১০৮০ , দঁতাল হাতি ১, মাখুন্দি হাতি ১, ঘোৰা ৩০০, থাওমুং ক্লিং লুন্‌মাং ৰাই বুৰা গোহাঁই ও থাওমুংকান্‌ঙ্গন বৰ গোহাঁই, এই খনি সহিতে চোম দেওক লৈ আহিল। এনেতে দৈবাত মুংকং দেসৰ নইচানফা নৰা ৰজাই চোম দেওক বিচাৰি নেপাই, চুকাফাই নিলে জেন ভাবি, চুকাফা ৰজাক ধৰিবলৈ মানুহ পঠালে। সেই মানুহে খেদি আহি চুকাফা ৰজাৰ লগ নেপাই; জি ঠাইৰে পৰা উলটি গল, সেই খনি ঠাইকে নৰা- ওলটা বোলে। পাচে ক্ৰমে চুকাফা ৰজা আহি ওপৰ খামজাঙ্গ স্থান পাই, তাতে নগা প্ৰভ্ৰিতিক জিনি সিমা পাতি লগৰে বৰ গোহাঁইৰ ডেকা কাংখ্ৰংমুঙ্গকগাঁওখোআ পাতি,সেই গাঁৱৰে উতপন দ্ৰব্যেৰে চই সোধাই থাকিবলৈ আজ্ঞা দি পাট্‌কাই পালেহি। তাতে নগাৰে ৰন হলত নগাৰ চাঙ্গে সহিতে গৰকি জিনি নাম-