ৰজা, ভোগ ৩৩ বচৰ। তত্পুত্ৰ চুতাওফা ৰজা, ভোগ ৩২ বচৰ। তত্পুত্ৰ চুপত্ফা ৰজা, ভোগ ২৭ বচৰ। তত্পুত্ৰ চুঅন্ফা ৰজা, ভোগ ২৩ বচৰ। তত্পুত্ৰ চুহনফা ৰজা, ভোগ ১২ বচৰ। তত্পুত্ৰ চুহাওফা ৰজা, ভোগ ১৯ বচৰ। তত্পুত্ৰ চুলিপ্ফা ৰজা, ভোগ ২১ বচৰ কৰি অপুত্ৰক হৈ স্বৰ্গি হল। পাচে পাত্ৰ মন্ত্ৰিএ জুন্লুঙ্গ দেসৰ ৰজালৈ জনাই সেই ৰজাৰ সন্তান ত্যাওতাইপঙ্গ কোঅঁৰক আনি ৰজা পাতিলে, ভোগ ১৫ বচৰ। ততপুত্ৰ ত্যাওতাইফা ৰজা, ভোগ ১২ বচৰ। ততপুত্ৰ তাওলুলু ৰজা, ভোগ ১৯ বচৰ। তত্পুত্ৰ ত্যাওতাংমুন ৰজা, ভোগ ১৫ বচৰ। তত্পুত্ৰ ত্যাওত্যাংজাও ৰজা, ভোগ ৭ বচৰ। এঁও অপুত্ৰক হেতু ভায়েক ত্যাওতাইপা ৰজা হল, ভোগ ৯ বচৰ। তত্পুত্ৰ তাওচেন্ঙ্গা ৰজা, ভোগ ১১ বচৰ। এঁও অপুত্ৰক কাৰন ভায়েক তাওলুচু ৰজা, ভোগ ১৪ বচৰ। এঁও অপুত্ৰক নিমিতে ভায়েক তাওঙ্গাচু ৰজা, ভোগ ৮ বচৰ। ততপুত্ৰ তাওখুন্মেন ৰজা, ভোগ ১৮ বচৰ। তত্পুত্ৰ তাওখুনকুম ৰজা, ভোগ ৮ বচৰ। তত্পুত্ৰ ত্যাওতাইপুম ৰজা, ভোগ ১৭ বচৰ। তত্পুত্ৰ ত্যাওতাইলুঙ্গ ৰজা, ভোগ ১৫ বচৰ। সেস কালত বৰ পুতেক পামেউপুঙ্গক নিজ ৰাজ্য দি সৰু পুতেক ফুত্যাঙ্গখাঙ্গক মুংমিত্কুপ্কিংনাও দেসৰ ৰজা পাতি পঠাই স্বৰ্গি হল। ঐ দেসকে অহমিয়াই মুংমিত্কুপ্ক্লিং বোলে। পাচে পামেউপুঙ্গ ৰজা আঁওৰি ৰোগ হৈ