সমললৈ যাওক

শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা

ৱিকিউৎসৰ পৰা
[  ]
শ্ৰীশ্ৰীস্বামী বিবেকানন্দৰ
চিকাগো বক্তৃতা।
শ্ৰীদেবেন্দ্ৰনাথ বেজবৰুৱা

অনুবাদিত

আৰু
যোৰহাট ৰামকৃষ্ণ সেৱা সমিতিৰ পৰা
প্ৰকাশিত।
[  ]

হিতব্ৰতৰ ২য় অৰ্ঘ্য।

শ্ৰীশ্ৰীস্বামী বিবেকানন্দৰ
চিকাগো বক্তৃতা।


শ্ৰীদেবেন্দ্ৰনাথ বেজবৰুৱা

অনুবাদিত

আৰু
যোৰহাট ৰামকৃষ্ণ সেৱা সমিতিৰ পৰা
প্ৰকাশিত।
১৮৪৭ শঁক।
⸺⸺


মূল্য ।০ চাৰি আনা৷

[  ]  পাশ্চাত্য দৰ্শন শিকি বিবেকানন্দ প্ৰথমে নাস্তিকৰ নিচিনা

হৈছিল পিচত ব্ৰাহ্মবিলাকৰ সংস্পৰ্শত সেই ভাব কিছুদূৰ আঁতৰিল। ইয়াতে বিবেকানন্দৰ আধ্যাত্মিক তৃষ্ণাৰ উপশম নোহোৱাত ম্ৰিয়মান হৈ পৰিল। ১৮৮৪ খৃষ্টাব্দত বিবেকানন্দই বি, এ, পাচ কৰি আইন পৰীক্ষালৈ প্ৰস্তুত হল। বিবেকানন্দ সুকণ্ঠ গায়ক আছিল। শিমলা নিবাসী শ্ৰীযুত সুৰেন্দ্ৰনাথ মিত্ৰই দক্ষিণেশ্বৰলৈ আহি শ্ৰী শ্ৰীপৰমহংস দেৱৰ পুণ্যদৰ্শন লাভত ধন্য হৈ এদিন পৰমহংস দেৱক নিৰালয়ক নি আনন্দোৎসব কৰিবৰ মন কৰিলে। সুকণ্ঠ গায়কৰ অভাব হোৱাত প্ৰতিবেশী নৰেন্দ্ৰনাথক গান গাবলৈ আহ্বান কৰিলে। এই উপলক্ষে নৰেন্দ্ৰনাথ সৰ্ব্ব প্ৰথমে পৰমহংসদেৱৰ পুণ্যদৰ্শন লাভ কৰে। প্ৰথম সাক্ষাততেই উভয়ে উভয়ৰ প্ৰতি আকৃষ্ট হল। পৰমহংস দেৱ তেওঁৰ মধুকণ্ঠনিঃসৃত গান শুনি ভাবত বিভোৰ হল।

 সৰুকালৰ পৰাই ব্ৰাহ্ম সমাজৰ হাওয়াত ডাঙ্গৰ দীঘল হোৱাৰ নিমিত্তে যাকে তাকে আধ্যাত্ম জগতৰ পথ প্ৰদৰ্শকৰূপে গ্ৰহণ কৰিবলৈ নৰেন্দ্ৰনাথৰ ঘোৰ আপত্তি আছিল; কিন্তু পৰমহংস দেৱৰ লগত ঘনিষ্ট হোৱাৰ পৰা তেওঁৰ সেইভাব নাইকিয়া হল আৰু তেতিয়াই পৰমহংস দেৱক তেওঁৰ জীৱন তৰীৰ মহাকাণ্ডাৰীৰূপে গ্ৰহণ কৰিলে। শ্ৰীগুৰুৰ সংস্পৰ্শ গুণত তেওঁৰ ত্যাগ বৈৰাগ্য ভাব ক্ৰমে বৃদ্ধি পাবলৈ ধৰিলে।

 ১৮৮৬ খৃষ্টাব্দৰ ১৬ ইং আগষ্টত পৰমহংস দেৱৰ মহাসমাধিৰ পিচত নৰেন্দ্ৰনাথ প্ৰভৃতি ভক্ত সকল গুৰু নিৰ্দিষ্ট পথ অবলম্বন [  ] কৰিবলৈ স্থিৰ প্ৰতিজ্ঞ হল। কিছুদিন ভক্ত সকলৰ লগত থাকি নৰেন্দ্ৰনাথ দেশ ভ্ৰমণ কৰিবলৈ ওলাল। তেওঁ কাশী, লক্ষ্ণৌ, আগ্ৰা, বৃন্দাবন প্ৰভৃতি ভাৰতৰ নানা ঠাই ঘূৰি হিমালয়ত ৬ বছৰ কঠোৰ তপস্যা কৰে।

 স্বপ্নত শ্ৰীগুৰুৰ আদেশ পাই আৰু সমস্ত মাদ্ৰাচবাসীৰ অনুৰোধ আৰু অৰ্থ সাহায্যত স্বামীজী বেদান্ত আৰু হিন্দু আধ্যাত্ম বিদ্যা পাশ্চাত্য দেশত প্ৰচাৰ কৰাৰ নিমিত্তে আমেৰিকালৈ যাত্ৰা কৰে। সেই সময়ত (১৮৯৩ খৃষ্টাব্দত) আমেৰিকাৰ চিকাগো নগৰত সৰ্ব-ধৰ্ম্ম সমিতি (Parliament of religions) নামে এখন ডাঙ্গৰ সভা বহিছিল। বিবেকানন্দ সেই সভাত হিন্দুধৰ্ম্মৰ প্ৰতিনিধিস্বৰূপে যি বক্তৃতা কৰিছিল তাত তেখেতৰ অপূৰ্ব বাগ্মিতা আৰু হিন্দুধৰ্ম্মৰ শ্ৰেষ্ঠতা সম্বন্ধে আমেৰিকাত মহা হুলস্থল লাগি গল। এই বক্তৃতাৰ পিচত স্বামীজীৰ যশোগান চাৰিওফালে হব ধৰিলে; ইউৰোপৰ প্ৰত্যেক চহৰত বক্তৃতা কৰিবলৈ আহূত হব ধৰিলে আৰু বহুত ঠাইত বক্তৃতা দি বৈদান্তিক ধৰ্ম্মৰ প্ৰতিষ্ঠা কৰে। বহুত পাশ্চাত্য গণ্যমান্য ভদ্ৰলোক আৰু ভদ্ৰমহিলাই তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰিলে। ইফালে স্বামীজীৰ ইউৰোপ আমেৰিকাৰ কাৰ্য্যত মোহিত হৈ ভাৰতৰ এমূৰৰ পৰা আন মূৰলৈ তুমুল আন্দোলন হব ধৰিলে আৰু প্ৰত্যেক চহৰৰ পৰা তেখেতক ধন্যবাদ দিবলৈ ধৰিলে। চাৰি বছৰ ইউৰোপ ভ্ৰমণ কৰাৰ পিচত সশিষ্যে পুণ্যভূমি ভাৰতত পদাৰ্পন কৰিলে। [  ] ইয়ালৈ আহি নিজ কৰ্মক্ষেত্ৰত লাগি গল! কলিকতাৰ ওচৰৰ বেলুড়ত পাশ্চাত্য দেশীয় শিষ্যৰ অৰ্থ সাহায্যত মাটি কিনি ১৮৯৮ খৃষ্টাব্দৰ মাৰ্চ্চ মাহত বৰ্ত্তমান বেলুড় মঠ স্থাপন কৰে আৰু ৰামকৃষ্ণ মিচন প্ৰতিষ্ঠা কৰি দেশৰ উন্নতিৰ নিমিত্তে কি কি কাম কৰিব লাগিব তাক নিৰ্দ্ধাৰণ কৰে। ১৮৯৭ খৃষ্টাব্দত দুৰ্ভিক্ষ পীড়িতসকলৰ সাহায্যাৰ্থে নানা ঠাইত ৰিলিফ্ ওৱাৰ্ক স্থাপিত কৰে।

 ক্ৰমাগত পৰিশ্ৰমৰ কাৰণে স্বাস্থ্যভঙ্গ হোৱাত চিকিৎসক- সকলৰ পৰামৰ্শত বিবেকানন্দে অলপ দিনৰ নিমিত্তে ইংলণ্ড আৰু আমেৰিকালৈ ১৮৯৯ খৃষ্টাব্দত যায়। আৰু তাৰপৰা ভগ্নস্বাস্থ্য লৈয়েই ভাৰতলৈ আকৌ ঘূৰি আহে।

 এইবাৰ সাধুসকলৰ নিমিত্তে ৰামকৃষ্ণ সেৱাশ্ৰম, বেনাৰেস ব্ৰহ্মচৰ্যাশ্ৰম, ৰামকৃষ্ণ হ’ম, ৰামকৃষ্ণ পাঠশালা প্ৰভৃতি বহুত অনুষ্ঠান কৰে।

 ইংৰাজী ১৯০২ খৃষ্টাব্দৰ ৪ঠা জুলাই শুক্ৰবাৰৰ ৰাতি প্ৰায় ৯ টা বজাত তেখেতে সকলোৰে অলক্ষিতত দেহত্যাগ কৰি অনন্ত ধামলৈ গুচি যায়।

 ত্যাগ আৰু সেৱা তেখেতৰ জীৱনৰ মূলমন্ত্ৰ আছিল। তেখেতে ৰাজযোগ, ভক্তিযোগ প্ৰভৃতি বহুত গ্ৰন্থ লিখি গৈছে। তেখেতৰ বক্তৃতাশক্তি, প্ৰগাঢ় পাণ্ডিত্য, বহুভাষাজ্ঞান, ধৰ্ম্মপ্ৰবণতা আৰু গুৰুভক্তিয়ে তেখেতক চিৰস্মৰণীয় কৰি ৰাখিব।

ওঁ শান্তিঃ ওঁ শান্তিঃ ওঁ শান্তিঃ।
_____________