পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পাশ্চাত্য দৰ্শন শিকি বিবেকানন্দ প্ৰথমে নাস্তিকৰ নিচিনা হৈছিল পিচত ব্ৰাহ্মবিলাকৰ সংস্পৰ্শত সেই ভাব কিছুদূৰ আঁতৰিল। ইয়াতে বিবেকানন্দৰ আধ্যাত্মিক তৃষ্ণাৰ উপশম নোহোৱাত ম্ৰিয়মান হৈ পৰিল। ১৮৮৪ খৃষ্টাব্দত বিবেকানন্দই বি, এ, পাচ কৰি আইন পৰীক্ষালৈ প্ৰস্তুত হল। বিবেকানন্দ সুকণ্ঠ গায়ক আছিল। শিমলা নিবাসী শ্ৰীযুত সুৰেন্দ্ৰনাথ মিত্ৰই দক্ষিণেশ্বৰলৈ আহি শ্ৰী শ্ৰীপৰমহংস দেৱৰ পুণ্যদৰ্শন লাভত ধন্য হৈ এদিন পৰমহংস দেৱক নিৰালয়ক নি আনন্দোৎসব কৰিবৰ মন কৰিলে। সুকণ্ঠ গায়কৰ অভাব হোৱাত প্ৰতিবেশী নৰেন্দ্ৰনাথক গান গাবলৈ আহ্বান কৰিলে। এই উপলক্ষে নৰেন্দ্ৰনাথ সৰ্ব্ব প্ৰথমে পৰমহংসদেৱৰ পুণ্যদৰ্শন লাভ কৰে। প্ৰথম সাক্ষাততেই উভয়ে উভয়ৰ প্ৰতি আকৃষ্ট হল। পৰমহংস দেৱ তেওঁৰ মধুকণ্ঠনিঃসৃত গান শুনি ভাবত বিভোৰ হল।

 সৰুকালৰ পৰাই ব্ৰাহ্ম সমাজৰ হাওয়াত ডাঙ্গৰ দীঘল হোৱাৰ নিমিত্তে যাকে তাকে আধ্যাত্ম জগতৰ পথ প্ৰদৰ্শকৰূপে গ্ৰহণ কৰিবলৈ নৰেন্দ্ৰনাথৰ ঘোৰ আপত্তি আছিল; কিন্তু পৰমহংস দেৱৰ লগত ঘনিষ্ট হোৱাৰ পৰা তেওঁৰ সেইভাব নাইকিয়া হল আৰু তেতিয়াই পৰমহংস দেৱক তেওঁৰ জীৱন তৰীৰ মহাকাণ্ডাৰীৰূপে গ্ৰহণ কৰিলে। শ্ৰীগুৰুৰ সংস্পৰ্শ গুণত তেওঁৰ ত্যাগ বৈৰাগ্য ভাব ক্ৰমে বৃদ্ধি পাবলৈ ধৰিলে।

 ১৮৮৬ খৃষ্টাব্দৰ ১৬ ইং আগষ্টত পৰমহংস দেৱৰ মহাসমাধিৰ পিচত নৰেন্দ্ৰনাথ প্ৰভৃতি ভক্ত সকল গুৰু নিৰ্দিষ্ট পথ অবলম্বন