কৰিবলৈ স্থিৰ প্ৰতিজ্ঞ হল। কিছুদিন ভক্ত সকলৰ লগত থাকি নৰেন্দ্ৰনাথ দেশ ভ্ৰমণ কৰিবলৈ ওলাল। তেওঁ কাশী, লক্ষ্ণৌ, আগ্ৰা, বৃন্দাবন প্ৰভৃতি ভাৰতৰ নানা ঠাই ঘূৰি হিমালয়ত ৬ বছৰ কঠোৰ তপস্যা কৰে।
স্বপ্নত শ্ৰীগুৰুৰ আদেশ পাই আৰু সমস্ত মাদ্ৰাচবাসীৰ অনুৰোধ আৰু অৰ্থ সাহায্যত স্বামীজী বেদান্ত আৰু হিন্দু আধ্যাত্ম বিদ্যা পাশ্চাত্য দেশত প্ৰচাৰ কৰাৰ নিমিত্তে আমেৰিকালৈ যাত্ৰা কৰে। সেই সময়ত (১৮৯৩ খৃষ্টাব্দত) আমেৰিকাৰ চিকাগো নগৰত সৰ্ব-ধৰ্ম্ম সমিতি (Parliament of religions) নামে এখন ডাঙ্গৰ সভা বহিছিল। বিবেকানন্দ সেই সভাত হিন্দুধৰ্ম্মৰ প্ৰতিনিধিস্বৰূপে যি বক্তৃতা কৰিছিল তাত তেখেতৰ অপূৰ্ব বাগ্মিতা আৰু হিন্দুধৰ্ম্মৰ শ্ৰেষ্ঠতা সম্বন্ধে আমেৰিকাত মহা হুলস্থল লাগি গল। এই বক্তৃতাৰ পিচত স্বামীজীৰ যশোগান চাৰিওফালে হব ধৰিলে; ইউৰোপৰ প্ৰত্যেক চহৰত বক্তৃতা কৰিবলৈ আহূত হব ধৰিলে আৰু বহুত ঠাইত বক্তৃতা দি বৈদান্তিক ধৰ্ম্মৰ প্ৰতিষ্ঠা কৰে। বহুত পাশ্চাত্য গণ্যমান্য ভদ্ৰলোক আৰু ভদ্ৰমহিলাই তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰিলে। ইফালে স্বামীজীৰ ইউৰোপ আমেৰিকাৰ কাৰ্য্যত মোহিত হৈ ভাৰতৰ এমূৰৰ পৰা আন মূৰলৈ তুমুল আন্দোলন হব ধৰিলে আৰু প্ৰত্যেক চহৰৰ পৰা তেখেতক ধন্যবাদ দিবলৈ ধৰিলে। চাৰি বছৰ ইউৰোপ ভ্ৰমণ কৰাৰ পিচত সশিষ্যে পুণ্যভূমি ভাৰতত পদাৰ্পন কৰিলে।