শিক্ষা-বিচাৰ
শিক্ষা-বিচাৰ।
ৰচক আৰু প্ৰকাশক
শ্ৰীশৰৎ চন্দ্ৰ গোস্বামী।
যোৰহাট নৰ্মাল স্কুল
জুন, ১৯২৩ ইং।
মূল্য— পকা-বন্ধা— ১৲
কেঁচা-বন্ধা— ৸৹
নিবেদন।
যোৰহাট সাহিত্য সভাই ১৯১৬-১৯১৭ ইং চনত সকলোএ জানিব লগীয়া কিছুমান বিষয়ত কেইটামান প্ৰৱন্ধ যোগাৰ কৰিছিল। ফলত শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্মাদেৱে “সৰল জ্যেতিষ”, শ্ৰীযুত হৰিপ্ৰসাদ বৰুৱা দেৱে “ভূ-তত্ত্ব” আৰু ৺শ্ৰীযুত গোলোকচন্দ্ৰ বৰাদেৱে “এৰি-মুগা-খেতি” সম্বন্ধে কেইটামান প্ৰৱন্ধ পাঠ কৰিছিল।
মোৰ ভাগত শিক্ষা-সম্বন্ধে প্ৰৱন্ধ পাঠ কৰাৰ ভাৰ পৰিছিল। এই সৰু কিতাপ-খনিৰ প্ৰথম অধ্যায় আৰু চতুৰ্থ অধ্যায় সেই ছেগতে লিখা।
যোৱা বছৰৰ (১৯২২ ইং চনৰ) জুলাই আগষ্ট মাহত বাকী দুটা প্ৰৱন্ধ লিখা হল।
প্ৰথম অধ্যায়ৰ প্ৰৱন্ধটো “প্ৰভাতত” প্ৰকাশ কৰা
হৈছিল। শ্ৰীযুক্ত স্বামী প্ৰশান্তমুৰ্ত্তিএ (শ্ৰীযুক্ত ৰাধিকানন্দ
চৌধুৰী) সেই প্ৰৱন্ধৰ এটা সুচিন্তিত আৰু সুলিখিত
সমালোচনা কৰি “প্ৰভাততে” প্ৰকাশ কৰে। স্বামীজীৰ
সেই সমালোচনা অনুসৰি মোৰ এই প্ৰৱন্ধটোৰ অনেকাংশ
পৰিবৰ্তন কৰিছোঁ। এনে যুক্তিযুক্ত আলোচনাৰ কাৰণে
মই তেওঁৰ ওচৰত কৃতজ্ঞ।
[ পাতনি ] মোৰ এই প্ৰৱন্ধ কেইটা, নৰ্মাল স্কুলৰ তৃতীয় বাৰ্ষিকত
পঢ়াবলৈ কৰা মোৰ টোকাৰ পৰা সংগ্ৰহ কৰা। সম্প্ৰতি
সেই শ্ৰেণীৰ পাঠ্যৰ উপযোগী কৰি এই কিতাপখনো যুগুত
কৰা হল। গতিকে প্ৰৱন্ধৰ মাজত শিক্ষকে ছাত্ৰক সম্বোধন
কৰাৰ যি চিন দেখা যাব, সি মাৰ্জনীয়।
জ্ঞানী-বুজা অভিভাৱক সকলক, শিক্ষাৰ মৰ্ম কি, সেই কথা কোৱাও মোৰ অন্যতম উদ্দেশ্য। ইতি।
জুন, ১৯২৩ |
যি-সকলে
শিক্ষা-গ্ৰহণৰ ছলেৰে শিক্ষা-দান কৰে
আৰু
আশ্ৰয় লোৱাৰ ছলত আশ্ৰয় দিয়ে
মোৰ মৰমৰ
সেই
ছাত্ৰসকলৰ হাতত
প্ৰীতিৰ চিন।
শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )