গাওঁবুঢ়া
গাওঁবুঢ়া।
(বৃটিচ শাসনৰ আদিছােৱাত অসম)
সাহিত্যিক পেঞ্চনাৰ,
ৰায়বাহাদুৰ পদ্মনাথ গােহাঞিবৰুৱা, এম, আৰ, এ, এচ,
ৰচিত।
⸻⸻
তৃতীয় তাঙৰণ।
⸺⸺
তেজপুৰ
লীলা-এজেঞ্চিৰপৰা প্ৰকাশিত।
তেজপুৰ, অসম।
১৮৬০ শক।
⸺⸺
বেচ্ ৸৹ তিনি সিকি।
উছৰ্গা।
⸺
জয়েজয়ে যাৰপৰা
মােৰ কুমলীয়া অন্তৰত
অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ ওপজে,
আৰু
যাৰ মুখে পোন্-প্ৰথমে
এই
“গাওঁবুঢ়া”
অসমত বৃটিচ্ শাসনৰ আদিছােৱাৰ
“নিভাঁজ চিত্ৰ”
বুলি
শলাগৰ উৎসাহ পাওঁ,
সেই
শ্ৰদ্ধাষ্পদ সৰল দেশহিতৈষী
অনৰেবোল ৰায় ফণিধৰ চলিহা বাহাদুৰৰ
কৰ-পদ্মত
এই পুথি
শ্ৰদ্ধাঞ্জলিস্বৰূপে
অৰ্পণ কৰা হল।
⸺৹⸺
গ্ৰন্থকাৰ।
মূল পাতনি।
⸻
আধুনিক অসমীয়া সমাজৰ আদিছোৱাত, চৰ্কাৰী কৰ্ম্মচাৰী গাওঁবুঢ়াৰ “অনাহাৰী” বিষয়ববীয়া খাটনি বিষয়ক ৰহস্যই এই লেখকৰ অন্তৰত, লৰাকালত, সদায় কৌতুহল জন্মাইছিল। সেই ৰহস্যৰ আৰ্হি ৰাইজৰ আগত দাঙ্গি ধৰাই এই সামাজিক নাটক লিখিবলৈ লোৱাৰ আগ-উদ্দেশ্য। আজিকালি অসমত পছিমীয়া ধৰণৰ অভিনয় প্ৰতি যেনেকৈ অনুৰাগ বাঢ়িছে, তেনেকৈ তাৰ জোখায় অসমীয়াত নাটক নাই,⸺বিশেষকৈ সামাজিক নাটক। সেই অভাৱ কিঞ্চিৎমান গুচাবলৈ আগবঢ়াটো এই পুথি লিখাৰ দ্বিতীয় লক্ষ্য। এই গল লেখকৰ সংকল্প আৰু উদ্দেশ্য; কিন্তু তাক কিমানলৈ কাৰ্য্যত ফলিৱাব পৰা গৈছে, সেইটো ৰাইজৰ বিচাৰলৈ ৰল। সমাজৰ স্বৰূপ চিত্ৰ অঁকা উজু কাম নহয়, তাতে এইফালে লেখকৰ এয়ে প্ৰথম উদাম; গতিকে, ইয়াত যে ভালেমান আসোঁৱাহ ওলাব, তাক কোৱাৰ সকাম নাই। ইতি
৬ আঘোণ, ১৮১৯ শক। |
এইবাৰ আগৰ ভালেমান আসোঁৱাহ গুচোৱাৰ উপৰি, ষ্টেজৰ নিমিত্তে উপযােগী কৰিবৰ উদ্দেশে নাটকৰ ঠায়ে ঠায়ে গােটাদিয়েক পট অগা-পিচা কৰি দি, শেহত দুখন পট নতুনকৈ লগাই দিয়া গৈছে। ইতি
১ ভাদ, ১৮৩৯ শক। |
অং ১৮৩৯ শকত দ্বিতীয় তাঙৰণ ওলােৱাৰ দুবছৰমানৰ পাচৰপৰা “গাওবুঢ়া” যোৱা কুৰি বছৰ ছপাৰ-বাজ হৈ আছিল। গ্ৰাহকসকলে ওপৰা-উপৰিকৈ 'অৰ্ডাৰ' দিও কিতাপ নাপাই নিটাল মাৰিলে; কিয়নো, আমাৰ স্কুলীয় পাঠ্য কিতাপবিলাকৰ নতুন নতুন তাঙৰণ উলিৱাৰ বাবে আজৰি নােপােৱা হেতুকে, বাজে কিতাপৰ নতুন তাঙৰণ উলিয়াবলৈ আমি ছেগ ধৰিব পৰা নাছিলোঁ। এতিয়া, কলিকতা ইউনিভাৰ্চিটীৰ অনুগ্ৰহৰ চিন্ স্বৰূপে ‘গাওঁবুঢ়া' এম, এ, মহলাৰ্থৰ কাৰণে পাঠ্য নিৰ্ধাৰিত হােৱাত, পৰৰ উলাহেৰে তাৰ তৃতীয় তাঙৰণ খৰধৰকৈ উলিৱা হৈছে। এই আলমতে, সৰ্বসাধাৰণ ৰাইজৰ কুৰি বছৰীয়া আহ্বান ৰক্ষা কৰিবলৈ এটি আপুৰুগীয়া ছেগ পোৱাটো আমাৰ সৌভাগ্য বুলি মানিছোঁ। এই তাঙৰণত আগৰ আসোঁৱাহ পাৰ্যমানে গুচাবলৈ চোৱা গৈছে; কিন্তু লৰালৰিকৈ উলিয়াব লগীয়া হোৱাত, সংকল্পিত উন্নতি মনৰ জোখায় সাধিব পৰা নহল, পাচৰ তাঙৰণলৈ হে সাঁচি থােৱা হল। ইতি
১ ভাদ, শ্ৰীকৃষ্ণাষ্টমী, ১৮৬০ শক। |
⸺⸺
ৰত্নেশ্বৰ হাজৰিকা | লক্ষীমপুৰৰ মৌজাদাৰ | |
বাপুৰাম শইকীয়া | „ মণ্ডল | |
কচুখোৱা ছুটীয়া | „ গাওঁবুঢ়া | |
কেৰপাই কোচ | „ গাওঁবুঢ়া | |
টেপেৰা কলিতা | „ গাওঁবুঢ়া | |
ভোগমন চেটীয়া | „ ন-গাওঁবুঢ়া | |
মাণিকচন্দ্ৰ বৰুৱা | থানাৰ দাৰোগা | |
মঙ্গলা | মৌজাদাৰৰ লগুৱা | |
মি: ইয়ং | মহকুমাৰ গৰাকী চাহাব | |
বিলত আৰু পেজান | দুটা গাঁৱৰ মৰিয়া | |
মি: স্কট্ | জিলাৰ গৰাকী, বৰচাহাব |
আৰ্দ্দলি, চৰ্দ্দাৰ, টেকেলা, খানচামা, কুলী, চিপাহী, ৰায়ত, গুচৰীয়া, পদকীয়া, মেলুৱই, মুক্তিয়াৰ, নাজিৰ ইত্যাদি।
অমিলা | ৰত্নেশ্বৰৰ ভাৰ্য্যা | |
ৰংদৈ | ভোগমনৰ ঘৈণীয়েক | |
জেতুকী | ভোগমনৰ জীয়েক | |
ভেলেউ | গাঁৱৰ মৰিয়ানী |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )