গাওঁবুঢ়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গাওঁবুঢ়া
লেখক পদ্মনাথ গোহাঞি বৰুৱা

[  ]

গাওঁবুঢ়া।
(বৃটিচ শাসনৰ আদিছােৱাত অসম)

কমতাপুৰ ধ্বংস কাব্য (page 3 crop).jpg


সাহিত্যিক পেঞ্চনাৰ,
ৰায়বাহাদুৰ পদ্মনাথ গােহাঞিবৰুৱা, এম, আৰ, এ, এচ,
ৰচিত।

⸻⸻

তৃতীয় তাঙৰণ।
⸺⸺

তেজপুৰ
লীলা-এজেঞ্চিৰপৰা প্ৰকাশিত।

গাওঁবুঢ়া (page 1 crop).jpg

তেজপুৰ, অসম।
১৮৬০ শক।

⸺⸺
বেচ্‌ ৸৹ তিনি সিকি।

[  ]

উছৰ্গা।

জয়েজয়ে যাৰপৰা
মােৰ কুমলীয়া অন্তৰত
অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ ওপজে,
আৰু
যাৰ মুখে পোন্‌-প্ৰথমে
এই
“গাওঁবুঢ়া”
অসমত বৃটিচ্‌ শাসনৰ আদিছােৱাৰ
“নিভাঁজ চিত্ৰ”
বুলি
শলাগৰ উৎসাহ পাওঁ,
সেই
শ্ৰদ্ধাষ্পদ সৰল দেশহিতৈষী
অনৰেবোল ৰায় ফণিধৰ চলিহা বাহাদুৰৰ
কৰ-পদ্মত
এই পুথি
শ্ৰদ্ধাঞ্জলিস্বৰূপে
অৰ্পণ কৰা হল।
⸺৹⸺
গ্ৰন্থকাৰ।

[  ]

মূল পাতনি।

 আধুনিক অসমীয়া সমাজৰ আদিছোৱাত, চৰ্কাৰী কৰ্ম্মচাৰী গাওঁবুঢ়াৰ “অনাহাৰী” বিষয়ববীয়া খাটনি বিষয়ক ৰহস্যই এই লেখকৰ অন্তৰত, লৰাকালত, সদায় কৌতুহল জন্মাইছিল। সেই ৰহস্যৰ আৰ্হি ৰাইজৰ আগত দাঙ্গি ধৰাই এই সামাজিক নাটক লিখিবলৈ লোৱাৰ আগ-উদ্দেশ্য। আজিকালি অসমত পছিমীয়া ধৰণৰ অভিনয় প্ৰতি যেনেকৈ অনুৰাগ বাঢ়িছে, তেনেকৈ তাৰ জোখায় অসমীয়াত নাটক নাই, বিশেষকৈ সামাজিক নাটক। সেই অভাৱ কিঞ্চিৎমান গুচাবলৈ আগবঢ়াটো এই পুথি লিখাৰ দ্বিতীয় লক্ষ্য। এই গল লেখকৰ সংকল্প আৰু উদ্দেশ্য; কিন্তু তাক কিমানলৈ কাৰ্য্যত ফলিৱাব পৰা গৈছে, সেইটো ৰাইজৰ বিচাৰলৈ ৰল। সমাজৰ স্বৰূপ চিত্ৰ অঁকা উজু কাম নহয়, তাতে এইফালে লেখকৰ এয়ে প্ৰথম উদাম; গতিকে, ইয়াত যে ভালেমান আসোঁৱাহ ওলাব, তাক কোৱাৰ সকাম নাই। ইতি

তেজপুৰ, অসম।
৬ আঘোণ, ১৮১৯ শক।
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।
 
⸻⸻৹⸻⸻
দ্বিতীয় তাঙৰণৰ পাতনি।

 এইবাৰ আগৰ ভালেমান আসোঁৱাহ গুচোৱাৰ উপৰি, ষ্টেজৰ নিমিত্তে উপযােগী কৰিবৰ উদ্দেশে নাটকৰ ঠায়ে ঠায়ে গােটাদিৰেক পট অগা-পিচা কৰি দি, শেহত দুখন পট নতুনকৈ লগাই দিয়া গৈছে। ইতি

তেজপুৰ, অসম।
১ ভাদ, ১৮৩৯ শক।
গ্ৰন্থকাৰ।
 
⸻ — ⸻
[  ]
তৃতীয় তাঙৰণৰ পাতনি।

 অং ১৮৩৯ শকত দ্বিতীয় তাঙৰণ ওলােৱাৰ দুবছৰমানৰ পাচৰপৰা “গাওবুঢ়া” যোৱা কুৰি বছৰ ছপাৰ-বাজ হৈ আছিল। গ্ৰাহকসকলে ওপৰা-উপৰিকৈ 'অৰ্ডাৰ' দিও কিতাপ নাপাই নিটাল মাৰিলে; কিয়নো, আমাৰ স্কুলীয় পাঠ্য কিতাপবিলাকৰ নতুন নতুন তাঙৰণ উলিৱাৰ বাবে আজৰি নােপােৱা হেতুকে, বাজে কিতাপৰ নতুন তাঙৰণ উলিয়াবলৈ আমি ছেগ ধৰিব পৰা নাছিলোঁ। এতিয়া, কলিকতা ইউনিভাৰ্চিটীৰ অনুগ্ৰহৰ চিন্‌ স্বৰূপে ‘গাওঁবুঢ়া' এম, এ, মহলাৰ্থৰ কাৰণে পাঠ্য নিৰ্ধাৰিত হােৱাত, পৰৰ উলাহেৰে তাৰ তৃতীয় তাঙৰণ খৰধৰকৈ উলিৱা হৈছে। এই আলমতে, সৰ্বসাধাৰণ ৰাইজৰ কুৰি বছৰীয়া আহ্বান ৰক্ষা কৰিবলৈ এটি আপুৰুগীয়া ছেগ পোৱাটো আমাৰ সৌভাগ্য বুলি মানিছোঁ। এই তাঙৰণত আগৰ আসোঁৱাহ পাৰ্যমানে গুচাবলৈ চোৱা গৈছে; কিন্তু লৰালৰিকৈ উলিয়াব লগীয়া হোৱাত, সংকল্পিত উন্নতি মনৰ জোখায় সাধিব পৰা নহল, পাচৰ তাঙৰণলৈ হে সাঁচি থােৱা হল। ইতি

তেজপুৰ, অসম।
১ ভাদ, শ্ৰীকৃষ্ণাষ্টমী, ১৮৬০ শক।
গ্ৰন্থকাৰ
 
⸺⸻ — ⸺⸻

[  ]
 

কলিকতা,
৮৫নং অপাৰ চাৰকুলাৰ ৰােড, “ভাৰতমিহিৰ যন্ত্ৰত”
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত।

 

[  ]
ভাওবিলাক।
⸺⸺
মুনিহ
ৰত্নেশ্বৰ হাজৰিকা    লক্ষীমপুৰৰ মৌজাদাৰ
বাপুৰাম শইকীয়া    „  মণ্ডল
কচুখোৱা ছুটীয়া    „  গাওঁবুঢ়া
কেৰপাই কোচ    „  গাওঁবুঢ়া
টেপেৰা কলিতা    „  গাওঁবুঢ়া
ভোগমন চেটীয়া    „  ন-গাওঁবুঢ়া
মাণিকচন্দ্ৰ বৰুৱা লক্ষীমপুৰৰ থানাৰ দাৰোগা
মঙ্গলা মৌজাদাৰৰ লগুৱা
মি: ইয়ং মহকুমাৰ গৰাকী চাহাব
বিলত আৰু পেজান দুটা গাঁৱৰ মৰিয়া
মি: স্কট্‌ জিলাৰ গৰাকী, বৰচাহাব

 আৰ্দ্দলি, চৰ্দ্দাৰ, টেকেলা, খানচামা, কুলী, চিপাহী, ৰায়ত, দুচৰীয়া, পদকীয়া, মেলুৱৈ, মুক্তিয়াৰ, নাজিৰ ইত্যাদি।

তিৰোতা
অমিলা    ৰত্নেশ্বৰৰ ভাৰ্য্যা
ৰংদৈ ভোগমনৰ ঘৈণীয়েক
জেতুকী ভোগমনৰ জীয়েক
ভেলেউ গাঁৱৰ মৰিয়ানী

 লিগিৰী, নাচনী, গঞানী ইত্যাদি।

⸺ — ⸺

[  ] গাওঁবুঢ়া।

১। অঙ্ক।

প্ৰথম পট,— গাঁৱলীয়া ৰাজবাট

বাপুৰাম, কচুখোৱা আৰু এটা চিপাহীয়ে কুলী ধৰে ) ১ম কুলীঃ (বাপুলৈ চাই) দেউতা ঈশ্বৰ! অলপ কিৰ্পা নকৰিলে আৰু বন্দী নিগমে মৰিলোঁ! মোৰ নো কোন আছে, অকলশৰীয়া মানুহ, দেউতাই দেখিছেই। কালিয়ে সিজনীয়ে ডাঙৰী গোটাচেৰেক দাই থৈ আহিছিল, আজি নচপালে, পথাৰৰ মুঠি পথাৰতে ৰব! আৰু, কানীয়া মানুহ, গাত নো কি বল-শক্তি আছে, দেখিছেই। বাপুঃ (খঙ্গেৰে) কটা, তই মৰ বা তৰ, মই কি কৰিম? চৰ্কাৰী কাম; কুলী নিদিলে মোক হ'বলা হাকিমে শুদাই এৰিব? গুচ্, টপটপাই নাথাকিবি মোৰ ওচৰত। ১ম কুলীঃ(কচুখোৱালৈ চাই) গাওঁবুঢ়া ককাই! তুমিও নো মুখলৈ নোচোৱাঁ নে? কচুঃ এৰা, নেচাম নো কেলৈ? তই মোলৈ কোঁচ্ ভৰাই নি চাৱ নহয়? আমাক তামোল এটা, পাণ এবিৰা পাৰি দিয়াও তহঁতৰ মানত লাজৰ কথা? এতিয়া মুখলৈ নেচাম নো কিয়? [ ১০ ] ২য় কুলীঃ(বাপুৰ পিচফালে থিয় দি) ডাঙৰীয়াই অলপকৈ হাতখনি মুকলি কৰিলেহেঁতেন (বাপুৱে পিচফালে হাত পাতে, কুলীটোৱে টিপতে সিকি এটা গুজি দিয়ে)। বাপুঃ(উলটি চাই) অ, হেৰ ভটাগুটী। ২য় কুলীঃ দেউতা, কিবা কব খুজিছে? বাপুঃ হেৰ, তোৰ বৌৱেৰৰ ভিনীহিয়েকৰ পিতেকৰ তিলনি গ'ল জানো? ল'ৰাটো ঢুকাবৰ আজি কেইদিন? ২য় কুলীঃ তিলনি নাই যোৱা দেউতা! ঢুকাবৰ আজি দুদিন হে হৈছে। বাপুঃ এৰা, তহঁতৰ অশৌচ যোৱাই নাই তেন্তে। বাৰু, আন এটাহে বিচাৰিবলীয়া হ'ল; তই যাগৈ তেনেহ'লে। ২য় কুলীঃ ভাল ডাঙৰীয়া-দেউতা! (আনন্দেৰে প্ৰস্থান) ৩য় কুলীঃ (কচুখোৱাৰ কাণে-কাণে) শুনাচোঁ গাওঁবুঢ়া ককাই! সিদিনা মালভোগ কল এথোকা পকিছিল। মনতেহে, বোলোঁ, কলও পকক, নতুনকৈ বেঙেনা এগাল ফলিয়াইছে সিও ডাঙৰ হক, একেলগে নি তোমাৰ ঘৰত দি আহিমগৈ। তাকে সিদিনা সৌ তেওঁ মণ্ডলে বুজ পাই আহিবৰে পৰা গোটেই আমাৰ ফালে টিঙ্গিৰিতুলা হৈ আছে! নেদেখিছাঁ, আজি পোনছাতেই তেওঁ মোক হে লাগিছেহি। কচুঃ (ইফালে-সিফালে চাই, ফুচফুচীয়াকৈ) সঁচা নে? বাৰু,তেন্তে মই তোৰ ফালে পিঠি দিওঁ, তই লৰেই মাৰ। কিন্তু, বেঙেনা পাচেও দিবিগৈ, কলথোকা এতিয়াই নি আমাৰ সিজনীৰ হাতত দিবিগৈ। যা,যা। ৩য় কুলীঃ ভাল, কোনো কথা নাই, গৈয়েই দিমগৈ (লৰ মাৰে)। বাপুঃ দেখ, দেখ, কনিষ্ট! ঐ কুলী ভাগকে লৰ মাৰতাহেঁই। তুমি খেদি যাইকে তাক পাকুৰি আনও। (চিপাহীটোৱে যাবলৈ ধৰে)। কচুঃ নাহি, নাহি, কনিষ্ট বাবু, তুমি ৰহ; হামি এক লৰমে যাইকে তাক পাকুৰি লৈ আনেগা। (কুলীৰ পিচে পিচে লৰ ধৰে) [ ১১ ] চিপাহী। (মণ্ডললৈ চাই) এ কেইচা বাত হেঁই? হামলোককো চাৰ আডমিকো দৰ্কাৰ থা, চব পূৰা হো গিয়াৰাহা; লেকিন তোম্ আপনা মতলবচে একঠো চোৰ দিয়া; আওৰ একঠো আভি ভাগ যাতাহেঁই। হামলোক আওৰ ডেৰি কৰ্ণে নাহি চেক্তাহে। তব আভি ক্যা কৰেগা? হামকো মালুম হোৱা, এ চব তোমালোককা কায়দা হেঁই। (খঙেৰে) আওৰ ডেৰি নাহি কৰেগা। তোমালোক দুনো আপনে কুলী যানে পৰেগা। বাপু। (ভয়েৰে) নাহি নাহি, চিপাহী জি! আপ খং নাই কৰেগা। হামি এতিয়াই দোচোৰা কুলী ধৰি দেঙ্গা। (ফোঁপাই ফোঁপাই কচুখোৱাৰ পুন। প্ৰৱেশ) কচু। (বাপুলৈ চাই) নেপালোঁগৈ; নোৱাৰিলো ধৰিব! সি গোটেই ফিৰিঙ্গতি ওফৰাদি উফৰিল! চিপাহী।(খঙেৰে) চুৱাৰ, পাজী, তব তোম কাহে হামকো যানে মানা কিয়া? আভি তোম আপনে কুলী যানে পৰেগা। (কচুখোৱাৰ গলধনত হেচি ধৰি) চলও আভি।) (এটা মানুহৰ সৈতে ভোগমন আহি আছে) কচু। (কাওবাওকৈ) কনিষ্ট বাবু! আপুনি খং নাই কৰেগা। আপুনি অলপ চবুল কৰেগা; ঐ দুটা আডমি আহাতাহে। ঐ দুটাকে ধৰি দেঙ্গা। এতিয়া হামিলোক চুপ কৰি ৰহেগা। মানুহটো।(নিলগৰ পৰা বেঙা মেলি চাই) বোপাই ভোগমন, মোক ভাল বাঘৰ মুখত পেলাহিলি! সৌ জাক নেদেখিছ? লগতে ৰঙাপাগুৰি মৰা এটাও! তোক যেনিবা ভাল মানুহৰ ল'ৰা বুলিয়েই এৰিব বোপাই, মই ইমানতে পলোৱাহে ভাল।(উলটি লৰ ধৰে) ভোগমন। (কচুখোৱাৰ কাষ চাপি গহীনাই) কি গাওঁবুঢ়া ককাই, কুলী ধৰা হৈছে নে? ক'লে নো যাব লাগে? কচু। এৰা, যেনিবা কুলীকে ধৰা হৈছে। তুমিও লগত লগ নধৰা নে? [ ১২ ] ভোগ। এৰা লগ ধৰাব পৰা হলে যেনিবা ইমান দিনে মুকলিমুৰীয়াকৈ নেৰিলাহেঁতেন। এতিয়াও আমাক সেই ফেৰা উপকাৰ নকৰিলেই ভাল (গহীনভাৱে পাৰ হৈ যাব খোজে)। কচু। নহয়, নহয় শুনিছানে, এনে ছেগত আৰু তোমাক অকলশৰীয়াকৈ এৰি দিব নোৱাৰি। আহাঁ, আহাঁ, লগ ধৰাঁহি। (হাতত ধৰি টানে) ভোগ।(কচুখোৱাৰ হাতখন আছাৰ মাৰি পঠিয়াই) এৰি দিয়াঁহে, বুঢ়া মানুহ হৈ কি ভেঙ্গুচালিখন কৰাঁ! (জোঁটাপুটি লাগে) কচু। কনিষ্ট বাবু, কনিষ্ট বাবু, ধৰও ইয়াকু ধৰও, পাকুৰি লও। (চিপাহীয়ে ভোগমনৰ গলধনত ধৰি টানি আনে) ভোগ। (কচুখোৱাৰ প্ৰতি) হেৰ, চপনীয়া গোলামৰ পিতেক, তই দোখন বৰকেৰেমতালি কৰ! মই বায়নৰ ঘৰৰ ল'ৰা বুলি দেশখনে জানে। তোৰ দৰে মই ধেনু-চোঁচা কাঁড়ীৰ ল'ৰা নে? মোক কেতিয়াবা কুলী খটা দেখিছিলি নে? বাৰু ব'ল, ডেকেৰা বাবুত কৈ, মই তোৰ আগতে এৰাই আহিব পাৰোঁ নে নোৱাৰোঁ চা। তই দেখোন -(চিপাহীয়ে টেটুত চেপা দি ধৰে)। বাপু। চিপাহী, আভি চলও। বহুত ডেৰি হৈ গিয়া। বাট মে আৰু একঠো পাকুলি লৈ যায়গা। চিপাহী। আচ্ছা, চলও আভি। (সকলোৰে প্ৰস্থান) [ ১৩ ] দ্বিতীয় পট,-থানা

(এটা চিপাহীৰ সৈতে মাণিকচন্দ্ৰ দাৰোগা বহি আছে)

মাণিক। তহঁতে দেখচোন বাৰু! সেই বদমাচ দেচোৱালী চিপাহীটো পুৱাতে গ'ল এতিয়াও উলটি নাহিল; ইফালে মোৰো গা ধুবৰ সময় হ'লহি। চিপাহী। হয় দেউতা, সি বৰ ফিকিৰদাৰ মানুহ। সি বা কি ফন্দী পাতি ফুৰিছেগৈ, কোনে জানে? আমাৰ অসমীয়া এটা যোৱা হ'লে ইমান বেলি কেতিয়াও নহ'লহেঁতেন। (বাটলৈ বেহামেলি চাই) অ, দেউতাই বৰকৈ ভাবিব নালাগে আৰু সৌৱা, ওলাইছেহি। (৪টা কুলীৰে সৈতে মণ্ডল, গাওঁবুঢ়া, চিপাহীৰ প্ৰৱেশ) মাণিক। (খঙেৰে) হেঁইৱাও বদমাচ কাহে এটনা ডেৰি হোৱা? তোমাৰ মতলব হাম জান্তাহেঁই। চিপাহী। নাহি হজুৰ, হামাৰা কুছ কচুৰ নাহিহেঁই; চব এ দুনো বদমাচচে হোতাহেঁই। (বাপুলৈ আঙুলিয়াই) পহিলা হামলোককা চাৰঠো আডমি পূৰা হো গিয়াৰাহা, লেকিন, এহি মণ্ডল আপনা খুচিছে একঠো ছোৰ দিয়াহেঁই। আওৰ একঠো (কচুখোৱালৈ আঙুলিয়াই) ওহি গাওঁবুঢ়া মতলবচে ভাগনে দিয়া হ্যাঁই। ইচোৱাষ্টে এটনা ডেৰি হো গিয়া। মাণিক।(বাপু আৰু কচুখোৱালৈ চাই) মই তহঁতৰ ফিকিৰ আগৰেপৰা জানো। তহঁতকো জোখাকৈ এশিকা নিদিলে নহয়। হেৰ, চন্তৰি, ইহঁত দুইকো আটক কৰি ৰাখ, বেলি ভাটী দিলেহে এৰি দিবি। কচু। (কাওবাওকৈ) ডাঙৰীয়া, মোৰ ফালে কাণ কৰকচোন। সঁচাকৈ-- মাণিক। চুপ্, তোৰ মুখ বন্ধ কৰ। মোৰ এতিয়া গোচৰ শুনিবৰ সময় নহয়। (দুইকো দুটা চিপাহীয়ে ধৰি লৈ যায়) [ ১৪ ] ভোগ। (মাণিকক) ডাঙৰীয়া, চাওকচোন, ইহঁত দুয়ো আখেজৰ ওপৰত মোক নো কুলী ধৰি আনিব পায় নে? মই কেনে ঘৰৰ ল'ৰা ডাঙৰীয়াই জানেই, মই নো কেতিয়াবা কুলী খাটিছিলোঁ নে? ইহঁতে নো মোক এনে অপমান দিব পায় নে? মাণিক।(মুখ বিদৰাই) থৈ দিয়াঁ তোমাৰ মান-অপমানখন! কুলী হবৰ বেলিকা আটাইবিলাক ভাল মানুহ ওলায়। পিচে, তোক এৰি মোক কুলী যাবলৈ দিছ নে? ভোগ।কপাল! আপুনিও এনে অবুজন হ'ল! কিন্তু, নেদেখাজনে-- মাণিক।চুপ্, তোৰ মুখ বন্ধ কৰ। নহ'লে ৰুলমাৰিৰ খুন্দাত দাঁত এটাও নাথাকে। ১ম কুলী। দেউতা-ঈশ্বৰ! বন্দীক আৰু মৰিয়াই মাৰিলেই ভাল আছে। কানীয়া মানুহ, নিগমে মৰিলোঁ দেউতা-ঈশ্বৰ। কানি খাবৰো পৰ হ'ল, বন্দীক কিৰপা কৰোক দেউতা! (দীঘলকৈ হামি মাৰে) মাণিক। বাৰু, ৰঁবা, অ, ককাই! সৰহ পৰ নাই; ভালকৈয়ে কানি খাবাঁ! চাহাবে থৈছে তোমালৈ কানি! ৪ৰ্থ কুলী। (মাণিকৰ ওচৰ চাপি ফুচফুচাই) ডাঙৰীয়াই সিদিনা বিচাৰি পঠিওৱা বস্তু বন্দীয়ে ঠিক কৰি থৈছোঁ। আজি আনিম বুলি ওলাওঁতেই এইখন আপদে পালে! মাণিক। (অলপ গমি) হেৰ বিহগুটী তই মোৰ তালৈ যাচোন; তাতে, চিপাহীয়ে দেখুৱাই দিব অলপ চৰ্কাৰী কাম আছে কৰগৈ যা। তোক মই যাওঁতে লগতেই চাহাবৰ বঙলালৈ লৈ যাম, যা। (আনে নুশুনাকৈ) তই তাৰেপৰা গুচি যাগৈ, আৰু সেই বস্তুটো লৈ আহগৈ, যা। ৪ৰ্থ কুলী। ভাল, ডাঙৰীয়া!

(প্ৰস্থান) [ ১৫ ] (আৰ্দ্দলিৰ প্ৰৱেশ) মাণিক। অ, কি হে, আৰ্দ্দলি ককাই? আৰ্দ্দলি। বাবু! চাহাবে পঠিয়াইছে। বোলে, কুলী আহি পালে যদি, সোনকালে পঠিয়াই দিয়ক। মাণিক। এৰা, এয়া কুলী ঠিক হৈছে। পুৱাৰে পৰা কত যতনেৰে হে গোট খুৱাইছোঁ। চাহাবে লগত মাল কিমান লৈছে? এই কেইটা কুলীয়েই নহ'বনে? আৰ্দ্দলি। মাল সৰল নহয়। কুলী তিনিটামানেই বলে পাৰিব। মাণিক। ভালেই হ'ল। মই আকৌ ইমান নহ'ব বুলি আৰু গোটাচেৰেক আনিবলৈ পঠিয়াইছিলোঁ। সেই হে পলম হৈছিল। আৰ্দ্দলি তুমি এই কেইটাকে লৈ আগবাঢ়া; ময়ো পাচতে গৈছোঁ। ভোগ। ডাঙৰীয়া! সেই, ঘৰলৈ যোৱাটোৰ সলনি মোকে ৰাখিলেও, মই এনে অপমানৰ পৰা ৰইখা পাওঁ। ডাঙৰীয়া, অলপ কিৰপা--- মাণিক। তই চুপ্ থাক। আৰ্দ্দলি, ইয়াক মূৰ্গীৰ ভাৰখন দি নিবাগৈ, তেহে ইয়াৰ মান-মৰ্য্যাত সোপাই ৰক্ষা পৰিব! মই যাওঁ, ওলাওঁগৈ, তোমালোকো যোৱাঁহঁক।

(সকলোৰে প্ৰস্থান)

প্ৰথম অঙ্কপাত [ ১৬ ] ২। অঙ্ক।

প্ৰথম পট,— ভোগমনৰ মাৰল-ঘৰ

(ৰংদৈয়ে গুণগুণকৈ আই-নাম গাই সূতা কাটি বহি আছে; ভোগমনে প্ৰৱেশ কৰি ওচৰতে মূৰে-কপালে হাত দি বহেহি) ৰংদৈ। (ঘূৰি চাই ভোগমনক দেখা পাই আচৰিত ভাবে)এ, আই! ইটো বা হ'ল কি? আঁঠুৰ ওপৰত চাং পাতি দেখোন মূৰ ঘূৰাই বহি আছেহি কেতিয়াবাৰে পৰা! ভোগ। (দীঘলকৈ হুমুনিয়া কাঢ়ি) শুনিছ নে, মোৰ জীৱনত আৰু সকাম নাই! মোৰ আৰু সংসাৰত ৰাপ নাইকিয়া হ'ল! মোৰ দেহ-চিত এনেহে লাগিছে, যেন আজিয়েই দেশ এৰি বিদেশলৈ গুচি যামগৈ! পিচে, কি কৰিম, ঈশ্বৰে মোক নিকুটুমীয়া কৰিলে; তোলৈ আৰু ছোৱালীটিলৈ চাই হে আজিও মই বান্ধ খাই আছোঁ। তহঁতক কাৰোবাৰ হাতত গতাব পৰা হ'লে, মই মুকলিমূৰীয়া চৰাইৰ দৰে ক'ৰাবলৈ উৰি গুচি গলোঁগৈহেঁতন!

ৰংদৈ। (চিয়ঁৰ মাৰি উঠি) দেহি ঐ, মোৰ শৰীল ঐ, কাক নো এনে কথা শুনাৱ ঐ! (চকুত হাত দি কান্দে) (জেতুকী লৰি আহি প্ৰবেশ) জেতুকী। (কান্দো কান্দো হৈ) আই, তোৰ কি হ'ল? তই কিয় কান্দিছ হুঁ? বুপাই, তই আইক মাৰিলি নে কি? ওঁ-ওঁ-কেলৈ মাৰিলি? (কান্দে) ভোগ। (জেতুকীক কোলাত তুলি লৈ) আই, মই মাৰক নাই মৰা, আন কিবা বেজাৰতহে কান্দিছে। (ৰংদৈৰ হাতত ধৰি) আইটীৰ মাক, [ ১৭ ] নেকান্দিবি; কান্দি নো কি কৰিবি? মই মনৰ বেজাৰত হে তেনেকৈ কৈছিলোঁ; তহঁতক এৰি নো মই কলৈ যাব পাৰোঁ? (টলকা মাৰি ৰৈ) আৰু , শুনিছ নে সেইদিনা দুপৰীয়া লঘোনত খেকাৰ খোৱা চিপাহীটোৱে বলেৰে যেতিয়া মোৰ কানত কুকুৰাৰ ভাৰখন তুলি দিছিল সেই খেনৰ কথা মনত পৰিলে, এতিয়াও মোৰ বুকুখন দুফাল হয় যেন লাগে! লাজ-অপমানৰ কথা এৰিছোঁ; মই নো কিমান ভাৰ বব পাৰোঁ দেখিছই নহয়। সেই কুকুৰাৰ মেটমৰা ভাৰখনে সেইদিনা মোৰ কলিজা ভাঙ্গিবৰ নিচিনা কৰিলে! ৰংদৈ। (বলেৰে ধৈৰ্য্য ধৰি) দেহি ঐ, কিনো কৰিম! কপালৰ লেখা কেনেকৈ গুচাম! তেওঁ বুলি ইয়াৰ নো এটা উপায় কৰিব নোৱাৰি নে? ভোগ। জানো কি উপায় কৰ। কিবা জান যদি কৰি থাক; মই হ'লে নিৰুপায়! ৰংদৈ। বিবুধি হ'ব নেলাগে। বাৰু, মই ইয়াৰ বুধি উলিয়াম। ভোগ। (ৰংমুৱা হৈ) পাৰিলেও পাৰিব পাৰ। লোকে কোৱা শুনিছোঁ, বোলে, মাইকী মন্ত্ৰী। ৰংদৈ। মোৰ মনেৰে যি গাওঁবুঢ়াই আমাৰ এনে বিলাই কৰিছে, তাৰ বিষইখনকে ল'বলৈ কাৰবাৰ কৰা হওকচোন। ভোগ। সেইটো হ'লে তো এনে আপদৰপৰা ৰইখাকে পাওঁ। তাকে ল'ব পাৰিলে হে আকৌ; আমি নিচলাকৈ নো কোনে চাব খুজিছে? ৰংদৈ। এনেকৈ চালে, ই বৰ টান কথা নহয়। ইয়াৰ এটা ভাল বুধি আছে। কেৰপাই আৰু নদী গাওঁবুঢ়াই ধৰা বাট হে ধৰিব লাগে। ভোগ। সিহঁতে নো আকৌ কি বাট ধৰিছিল? ৰংদৈ। তহঁত নো কেলৈ পোন্ধ মৰাটো হলি ক'ব নোৱাৰোঁ! বাহিৰৰ খা-খবৰ অলপো নেৰাখ। কেৰপায়ে এৰি কাপোৰ এখন, আৰু নদীয়ে মুগাৰ ৰিহা-মেখেলা এযোৰ দি, মৌজাৰীক পোন কৰিহে তেওঁ বিষইকেখন পাইছে। আমিওচোন তাকে কৰোঁ। তহঁতে জানো কেনে দেখ? [ ১৮ ] ভোগঃ কেনে দেখিম; পাৰিলে বৰ ভাল কথা। পিছে, সিহঁতৰ দৰে আমাৰ নো কেইখন এৰি কাপোৰ আৰু কেইযোৰ মুগাৰ ৰিহা-মেখেলা আছে? নিজলৈকেচোন নাটনি! ৰংদৈঃ যি আছে তাৰেই এটা দিহা নকৰিলে হ'ব নে? সামৰণত থকা এৰি কাপোৰখন, আৰু সিদিনা শালৰপৰা কটা তিতাকৰীয়া মেখেলাখনকে লৈ গৈ ধৰোঁগৈচোন। তহঁতে কাপোৰখন লৈ মৌজাৰীৰ ওচৰলৈ যাবি। মই মেখেলাখন লৈ ভিতৰত হাকিমনীৰ ওচৰলৈ যাম। মৌজাৰীতকৈও হাকিমনীক পোনাব পাৰিলে যে কথাই নাই। ভোগঃ (দীঘলকৈ হুমুনিয়া কাঢ়ি) হে হৰি! বাৰু, যেনে ভাল দেখিছ, তাকে কৰ। ভাত ৰান্ধগৈ যা এতিয়া; মই পথাৰৰ পৰা আহোঁগৈ। চাওঁ, আই, নামচোন, মাৰৰ লগত ভাত ৰান্ধগৈ যা। মই যাওঁ। (জেতুকীক কোলাৰপৰা নমাই থৈ, চুমা দিয়ে)

(সকলোৰে প্ৰস্থান) [ ১৯ ] দ্বিতীয় পট, — মৌজাদাৰৰ চ'ৰা


(মৌজাদাৰে ৰায়তৰ খাজনা লৈছে) ৰত্নঃ (পটা এখন চাই) হেৰ, এই কিস্তিত তই ৭৸৵৹ দিবলগীয়া হৈছে; দে। ১ম ৰায়তঃ দেউতা, শেহ কিস্তিত বা কিমান দিব লগা পৰিছে? ৰত্নঃ (আকৌ পটাখন চাই) শেষ কিস্তিত তোৰ ৪৸৴৹ দিব লগা পৰিব। তাৰ ওপৰঞ্চি টকাই পতি ৴৹ চৰতীয়াকৈ স্থানীয় কৰ লাগিব। ১ম ৰাঃ দেউতা, এনেকৈ হ'লে আৰু দুখীয়া ৰায়ত কেনেকৈ তৰিম! মাটি সেই আগৰ কেডৰাই আছে; আৰু এইবেলি সেই এৰাবাৰীখনো ইস্তফা দিলোঁ; ইফালে খেজেনা টুটক ছাৰি বাঢ়িব হে লাগিছে! ৰত্নঃ হেৰ বলিয়া, ইস্তফা পলমে দিয়াত, এই বছৰলৈ তোৰ এৰাবাৰী এৰা নপৰিল; আৰু এইবাৰ খাজনা বাঢ়িছে বুলি তোৰ খবৰ নাই হ'বলা? ১ম ৰাঃ বাঢ়ক বা টুটক; নহ'লে ক'ৰ পৰা দিম? এইদৰে ৰজাৰ খেজেনা বাঢ়িব লাগিলে ৰাইজ তৰিব কেনেকৈ? এই পাঁচ টকাকে ঘৰৰ মানুহজনীৰ কাণৰ কঁৰীয়াযোৰ সোঁত থৈ হে আনিছোঁ। ৰত্নঃ বলিয়াৰ দৰে বকিছ কিয়? নাই বুলিলেই চৰ্কাৰেও শুনিব, আমাৰো গা ৰব নহয়। চাপৰিলে মেঘ নেৰায়। চাওঁ, চাওঁ, আন সেই পাঁচ টকাকে দে; বাকী এই কিস্তিত ২৸৵৹ পৰহিমানলৈ দি যাবিহি (হাত মেলি ধন লয়)। বাৰু, মই ৰছিত লিখি ৰাখোং, তই যাচোন, সৌৱা ভদিৰামহঁতে ভঁৰালৰ ছালখন বৈছে, তয়ো অলপ লাগি-মেলি দেগৈ। ১ম ৰাঃ ভাল দেউতা, পলম হে হ'ল এতিয়া! ২য় ৰাঃ দেউতা, আমাৰ ফেৰাও ধৰকচোন (খাজনা আগবঢ়ায়) [ ২০ ] ৰত্নঃ কটা, তোৰ চকু নাই হ'বলা? মোৰ হাত কেইখন অ? আগেয়ে অহাবোৰক আগধৰি বিদায় দিব লাগে। বাৰু, তহঁত কেইটাৰো টকা পটাৰ ওপৰে ওপৰে থৈ যাহঁক, হাতে-পাতে লাগি ঘৰটোৰ ছাল দুখন উলিয়াই পেলাগৈ। মই তহঁতৰ ৰছিত লিখি থওঁ। ২য়,৩য়,৪ৰ্থ ৰাঃ (টকা থৈ) এয়া দেউতা, আমাৰ হ'লে বাকী-বুকা নাই; একেবাৰে উচল কৰি লেখি ৰাখিব। (আটাইকেইওটাৰে প্ৰস্থান; ভোগমনৰ প্ৰৱেশ) ভোগমনঃ (লাহে লাহে ওচৰ চাপি) দেউতাৰ ওচৰলৈকে মোয় আহিছিলোঁ। ৰত্নঃ অ, ভোগমন? তোৰো খাজনা আনিছ নে? লৈ আহ, বাৰু। ভোগঃ খেজেনা পৰহিমানলৈ হে দিমহি; দেউতা, আজি আন কিবা সকামত হে আহিছিলোঁ। ৰত্নঃ (ৰহস্য কৰি) কিনো সকাম পাতিছ অ? বিয়া নে সবাহ? ভোগঃ নহয় দেউতা, আন কিবা কথা এটাহে খাটিবলৈ আহিছিলোঁ। দেউতাই এই মাউৰা বন্দীলৈ অলপ কিৰপা কৰোঁ বুলিলে ক'ব পাৰোঁ। ৰত্নঃ (ৰং কৰি)বাৰু, কচোন, কিনো খাত লাগে নে পাম লাগে, শুনো। খাত হ'লে ৰজাই হে দিব পাৰে; মই বাৰু পাম এখনকে দিব পাৰোঁ নে চাওঁ। ভোগঃ মই নো কেনে ঘৰৰ ল'ৰা দেউতাই জানেই। বুপাই থাকোতে আমাৰ ঘৰৰ অৱস্থা কেনে আছিল, তাকো আটায়ে জানে। পিচে, কি হ'ব, তেওঁৰ কপালেৰে তেওঁ নাম জ্বলাই আছিল; এতিয়া মৰি দেৱতা হ'লগৈ। ইফালে মই মাউৰা দুৰ্কপলীয়াৰ হে দুৰ্গতিৰ সীমা নোহোৱা হ'ল! এতিয়া আগৰ দৰে মান পোৱাৰ কথা এৰিছোঁৱেই, বাটৰ খঁৰা কুকুৰতকৈয়ো আমাক মানুহে অধচ দেখা হ'ল। দেউতাই এতিয়া উভতি পৰা কলাপুলি আকৌ ৰুই ঠন ধৰাব লাগে।--বোলোঁ, দেউতাই দয়া কৰিলে, দেউতাৰ তলতে গাওঁবুঢ়া এটা হৈয়ে অলপ জিলিকিব পাৰোঁ। [ ২১ ] ৰত্নঃ (হাঁহি হাঁহি)হেৰ, তয়ো নো গাওঁবুঢ়া হ'ব খোজ নে? গাৰ দেখোন ছাল-বাকলিয়েই নাই, কেনেকৈ নো তেনে বৰমূৰীয়াটো হ'ব খুজিছ? হলেও নো বাৰু, তোক কোনে মানিব? ভোগঃ দেউতাৰ আজ্ঞা পালে কোনে নো নেমানি পাৰিব? বন্দীক কৃপা কৰি বাবটি দিয়াৰ পাচতে দেখিব; মোৰ মনেৰে, কামত এই নিচলাই শকত-আৱত কেইটাকো চেৰ হে পেলাব। (লাহেকৈ কাপোৰখন উলিয়াই আগতে থৈ, মাটিত মূৰ লগাই সেৱা কৰে) ৰত্নঃ (ৰং মনেৰে) বাৰু, মই ভাবি চাওঁ। তই বাৰু অহা-যোৱা কৰি কাম শিকি থাক। হওঁতে, তহঁতৰ গাঁৱতে মোক এটা গাওঁবুঢ়া লগা হৈছে। বাৰু, এটা কৰিব লাগে; নহ'লে নো তই বাল পাবি নে? বাৰু, যা এতিয়া। ভোগঃ (হৰিষ মনেৰে আকৌ সেৱা এটি কৰি) ভাল দেউতা, বন্দী এতিয়া আহিলোঁ হে। সকলো ভেৰেষা দেউতাৰ ওপৰতহে। ৰত্নঃ বাৰু, তই যাচোন, মই কৈছোঁ নহয়।-যাওঁ, মোৰো গা ধুবৰ পৰ হ'ল। পানী দিছে নে নাই জানো? (ভোগমনৰ প্ৰস্থান) ৰত্নঃ (ভিতৰলৈ ৰিঙিয়াই) হেৰ, মঙলা। মঙলাঃ (ভিতৰৰ পৰা) দেউতা! ৰত্নঃ হেৰ, এইফালে আহ। (পটাত ৰছিত লিখাত মগ্ন) মঙলাঃ (মঙলা থিয় হৈ আছেহি, ৰত্নেশ্বৰে মন নকৰি লিখিয়েই আছে) দেউতা, মই হেৰিয়াৰ অ, আহিছোঁ নহয়। কি ক'ব খুজিছে, হেৰিয়াৰ অ, নকয় নো কিয় আকৌ। সিফালে মই, হেৰিয়াৰ অ, শাকনিতে কোৰখন এধা-শলাকৈয়ে, হেৰিয়াৰ অ, এৰি আহিছোঁ! ৰত্নঃ ইঃ, ইয়াৰ কোৰখন আধা শলা হোৱাত হে বৰকৈ চিন্তা হ'ল! দিনটোত আৰু সময় নেপাব নহয়। হেৰ, গা ধুবলৈ পানী দিছ নে নাই? মঙলাঃ এৰা, হেৰিয়াৰ অ, এতিয়াও গা ধুবলৈ, হেৰিয়াৰ অ, পানী [ ২২ ] দিবলৈ আছে। সিফালে তপত পানী, হেৰিয়াৰ অ, বাহী চেঁচা পানীৰ নিচিনা, হেৰিয়াৰ অ, হ'ল আকৌ! বেলিও, হেৰিয়াৰ অ, ভাটী দিলে। ৰত্নঃ বাৰু যা যা, ধঁপাত এচিলিম আনগৈ যা। মঙলাঃ ঔ গোসাঁই! এতিয়া আকৌ হেৰিয়াৰ অ, ধঁপাত হুঁপিবৰ বেলি আচে। (আনফালে মুখ কৰি ভোৰ ভোৰাই) বিষৈয়া বুলিলে, হেৰিয়াৰ অ, পেটৰ নাৰী ছিগা! ভাল যেনিবা, হেৰিয়াৰ অ, মই এইখনত নাৰী-ছিগা হৈ, হেৰিয়াৰ অ, মৰিবলৈ আহিলোঁ। (মৌজাদাৰলৈ চাই) বাৰু, এতিয়া আহক, হেৰিয়াৰ অ, গা-ধোৱা পীৰাত বহিও, হেৰিয়াৰ অ, ধঁপাত হোঁপকহি। ৰত্নঃ (হাঁহি হাঁহি) বাৰু যা, যা, হেৰ লেবা, যা। তালৈকে আনগৈ যা। হেৰ, তালৈকে তেলো আনিবি। মঙলাঃ (যাওঁতে যাওঁতে) এৰা, হেৰিয়াৰ অ, এতিয়াও তেল দিবলৈ হেৰিয়াৰ অ, বাকী আছে। ৰত্নঃ যাওঁ। (পেটত ৰছিত লিখি এঁতাই ৰত্নেশ্বৰৰো প্ৰস্থান) [ ২৩ ] তৃতীয় পট,-মৌজাদাৰণীৰ বুলনি


(আগত তামোলৰ বঁটা লৈ অমিলা বহি আছে)

অমিলাঃ (ভিতৰলৈ চাই) হেৰ পাহিটি! তহঁতে আৰু মোৰ পাতিয়েই থাকিবি নে? ইফালে বেলি ভাটী দিলে নহয়; পথাৰলৈ আজি আৰু কেতিয়া নো যাবিহঁক? ভিতৰৰ পৰা আইচু! ওলালোঁ, যাওঁ।

(ৰংদৈৰ প্ৰৱেশ)

অমিলাঃ অ, ৰংদৈ আহিছ। বহ, সেই চলিপীৰা ডোখৰ টান মাৰি নি। ৰংদৈঃ (মাটিত বহি) নেলাগে আই-দেউতা, মাটিতে বহোঁ। বাটৰ খঁৰা-কুৰুৰেও বাট নিদিয়া মানুহ, আমি নো কি ঢৰা-পীৰাত বহিবৰ লায়েক। অমিলাঃ ক'ত নো খঁৰা-কুকুৰে বাট নিদিলে অ, ৰংদৈ? ৰংদৈঃ এৰা, তেনেকুৱাই নহয় নো কি, আই-দেউতা! আজিকালি নো আমাৰ বিলাইৰ কথা কি ক'ম। শহুৰ ঢুকাবৰ পৰা আৰু দিনে দিনে আমাৰ বিলাই চৰিহে গৈছে! অমিলাঃ এৰা, কৰোঁতা-মোলোঁতা নাই দেহি! এইবেলি নো খেতিৰ ধান কিমান পাবি? খাবলৈ আটিব নে? ৰংদৈঃ হয়, আইচু! চপাব পাৰিলে, মূৰামূৰিকৈ আটিবগৈ। অকল ভাত-কাপোৰৰ দুখ হ'লেওচোন ৰক্ষা পাওঁ! আমাৰনো কথা কি সোধে! অমিলাঃ আৰু নো কিহৰ দুখ? কচোন বাৰু; দুখ গুচাব নোৱাৰিলে, তেও পুতৌ কৰিব পাৰি। ৰংদৈঃ নোৱাৰিব নো কেলৈ? আই-দেউতাই কেৰাহিকৈ চালেও, এনে দুখনী বেটী হেজাৰজনী তৰিব পাৰে। [ ২৪ ] অমিলাঃ (হাঁহি হাঁহি) বাৰু, কচোন ক, কিহৰ নো দুখটো? ৰংদৈঃ আই-দেউতা! হাল বাঁহক আটায়ে আঁজোৰে! শহুৰ ঢুকাবৰ পৰা আমাক আৰু কোনেও গণিতাকে নকৰা হ'ল। এতিয়া, যেয়ে পাৰে কুকুৰৰ দৰে টঙনিয়াই মাৰিবলৈ হে বিচাৰে। কিনো কম, আইচু, বুকু ফাটি যায় যেন লাগে, সিদিনা কচুখোৱা গাওঁবুঢ়াহঁতে বাটৰ পৰা মোৰ নিচলা মানুহটোক কুলী ধৰি নি, কুকুৰাৰ মেটমৰা ভাৰখন দি, চেহাবৰ লগত মকচললৈ পঠালে। দুদিনৰ পাচতহে এধামৰা হৈ ওলাইছেহি!

                                                        (কান্দিবলৈ ধৰে)

অমিলাঃ (পুতৌ কৰি) আয়ৈ দেহি! ভোগমনক নো সিহঁতে কুলী দিব পায় নে? তেতিয়াই তই আহি আমাৰ ডাঙৰীয়াৰ আগত নজনালিহি কিয়? মোক কোৱা হ'লেও হ'লহেঁতেন। ৰংদৈঃ কিনো কম আইচু, মই সিটোক লৈ যোৱাৰ ভালেখিনি পৰৰ পাচত হে আবেলি বুজ পালোঁ। কান্দি নো কি কৰিম বাৰু? এতিয়া আইদেউতাই অলপ চকু মেলি চায় বুলিহে বেটীয়ে ওচৰ চাপিছোঁহি। অমিলাঃ হয় তো; বাৰু তই য়া, মই ডাঙৰীয়াক এই কথা ক'ম। এতিয়াৰ পৰা আৰু তাক কুলী নিদিয়ে। ৰংদৈঃ নহয় আইচু! বিঘিনিৰ জইন নেমাৰিলে আকৌ মাজে মাজে উকাই হে থাকিব। সেই হে কৈচোঁ, বোলোঁ, আইদেৱে মন কৰিলেই হওঁতে বেটীৰ কামনা পূৰাব পাৰে। অমিলাঃ কেনেকৈ? বাৰু, তয়ে কচোন। ৰংদৈঃ আইদেৱে যদি দুখুনীক কিৰপা কৰি, দেউতাক জনাই, সিটোক গাওঁবুঢ়া এটাকে পতাই দিয়ায়, তেনেহ'লে এনে আপদৰপৰা ৰইখা পাওঁ। অমিলাঃ মই নো এতিয়া ঠাৱৰকৈ কেনেকৈ কওঁ? বাৰু, আজি মই ডাঙৰীয়াক সুধি চাম। তেওঁ যদি ভাল বোলে, হ'ব পাৰিব। ৰংদৈঃ (কাওবাওকৈ) নহয়, আই-দেউতা! আপোনাতেই সদৌ ভেৰেষা। আপুনি টানি ধৰিলে, দেউতাই কেতিয়াও নুই নকৰে। [ ২৫ ] (কাপোৰৰ তলৰ পৰা নিশিয়া মুগাৰ মেখেলাখন উলিয়াই দিয়ে) অমিলাঃ এ, নেলাগে আই হে, নেলাগে; তহঁত দুখীয়া মানুহ, কিয় এইবোৰ ভগন কৰিব লাগিছে? লৈ যা, তহঁতৰ হৈ মই যি পাৰোঁ এনেয়ে কৰি দিম। লৈ যা, আই হে, লৈ যা। ৰংদৈঃ নহয়, আইচু, নললে বেটীয়ে বেজাৰ হে পাম। যেতিয়া নহ'ব, আপোনাসকলকে খুজি-মাগি পিন্ধিম। আগবঢ়োৱা বস্তু ওলটাই নিদিব। বেটী এতিয়া আহিলোঁ হে। (উঠে) অমিলাঃ বাৰু, এতিয়া যা। তহঁতে বাৰু বেজাৰ কৰি নাথাকিবি। মই যি পাৰোঁ কৰিম। ৰংদৈঃ ভাল, আইদেউতা। (প্ৰস্থান) অমিলাঃ ময়ো যাওঁ। অলপ জিৰাওঁগৈ। (প্ৰস্থান) ৰংদৈঃ (কাঁও-বাঁওকৈ) যি পাৰোঁ বুলিয়ে নহয়, আই-দেউতা, পাৰিবই লাগে। হাকিম দেউতাই আই-দেউতাৰ কথা কেতিয়াও নেপেলায়; বেটীয়ে বেচকৈ জানো। অমিলাঃ এ, হঁতে নুবুজ, এইবোৰ চৰ্কাৰী কথা, খাটাংকৈ কেনেকৈ ক'ম! তথাপি, ডাঙৰীয়াক আজি টানি কৈ চাম। তই বাৰু কাইলৈ আহি যাবিচোন। [ ২৬ ] চতুৰ্থ পট,-চাহাবৰ বঙলা


(বোগমনৰ হাতত এটা মইনা চৰাই আৰু সমুথিৰা টেঙ্গা; ৰত্নেশ্বৰ আৰু ভোগমনে চাহাবলৈ বাট চাই জোমা-জুমি কৰি আছে) ৰত্নঃ হে, চাহাব ওলালেই মই চেলাম দিম; তয়ো মোৰ পিচৰ পৰা দীঘলীয়াকৈ চেলাম দি থিয় হৈ থাকিবি। ভোগঃ ভাল দেউতা! পিচে মই হ"লে কথা ক'ব নোৱাৰিম; চেহাবক দেখিলেই মোৰ ভয় লাগিব। এতিয়াই মোৰ বুকুখন টিপিং টিপিং কৰি আছে, দেউতা! ৰত্নঃ হেৰ কটা, একো ভয় নকৰিবি। ভয় কৰা দেখিলে হলে চাহাবে কেতিয়াও কাম নিদিয়ে। অ, ইয়ালৈকে হে গাওঁবুঢ়া হ'বলৈ মটমটাই ফুৰিছিলি! গাওঁবুঢ়া বুলিলে চাহাবৰ কত যে ডাবি হুকি খাব লাগিব তোৰ কি লেখ আছে! ভোগঃ নহয়, দেুতা! তেতিয়াও এটা কথা। কাম পালে আৰু এনেকৈ ভয় নকৰোঁ। এতিয়া তেনেই নিচলা দেখিহে! তাতে আকৌ মই কেতিয়াও চেহাবৰ আগত থিয় হোৱা নাই। (চাহাবক ওলাই অহা দেখি কঁপি কঁপি) অ, দেউতা, দেউতা, সৌৱা, সৌৱা, ওলালহি, ওলালহি, আগ হওক!

                                                     (ঠকঠককৰে কঁপিবলৈ ধৰে)

ৰত্নঃ হেৰ, কটা, কি কৰিলি! থিয় হ! (চাহাবক দীঘলকৈ এটা চেলাম দিয়ে; পিচৰ পৰা ভোগমনেও মাটিত হাত লগাই চেলাম এটা দি কঁপিবলৈ ধৰে) ইয়ং: ওৱেল, মৌজাদাৰ আহিছে? ইয়াতে টোমাৰ কি কাম টাকিছে? ৰত্নঃ এনেই হে হজুৰক চেলাম দিবলৈ আহিছিলোঁ। বিশেষ কাম একো নাই, হুজুৰ! [ ২৭ ] ইয়ং:আচ্ছা, টেনেহ'লে কিজানি টুমি এতিয়া যাব ফাৰে। (ভোগমনলৈ চাই) হেইটো কোন মানুহ টাকিছে? হেইটো কি আনিছে? কি কি কৰিব মাঙিছে। ভোগঃ (কঁপি কঁপি) দেউতা, দেউতা, কওক, কওক, মোৰ কথাকে সুধিছে দেখোন! ৰত্নঃ হুজুৰ, সেইটো মোৰ মৌজাৰে মানুহ। তাৰ ঘৰত এই মইনা চৰাইটি আছিল; ভালকৈয়ে মাত-কথাও ফুটিছে। মই সিদিনা দেখি ক'লোঁ বোলোঁ, এইটো হুজুৰৰ বঙলাত থবলৈ হে ভাল হৈছে। ইয়ো বৰ ৰং মনেৰে হুজুৰলৈ চৰাইটো আগ বঢ়ালে। আৰু তাৰ বাৰীতে নতুনকৈ সুমথিৰা টেঙাগ জোপাদিয়েক আগতীয়াকৈ পকিছে। সি বোলে জয়ে জয়ে হুজুৰতে লগাব। সেই মনেৰে তাৰে গোটাচাৰেক সি লৈ আহিছে। ভোগঃ হয় হজিৰ, খোদাবেণ্ডা, দেউতাই যি কৈছে, সেয়ে। ইয়ং: চৰাই ডেকি হামি কুব বাল ফাইছে। আচ্ছা, হেইটো মোৰ চৰ্দ্দাৰৰ হাটতে ডিব ফাৰে। (ভোগমনলৈ চাই) হেইটো মানুহ কৈ হৈছে? হি কেলে কাঁপিছে? (চৰ্দ্দাৰে আহি চৰাই আৰু টেঙ্গা নিয়ে) ৰত্নঃ এৰা, হুজুৰ, গাঁৱলীয়া মানুহ, হজুৰক দেখি ভয় কৰিছে! ইয়ং:(ভোগমনৰ ওচৰ চাপি) টুমি কেলে বয় কৰিছে? হামি বাগ টাকিছে নে বালুক টাকিছে? (গা-চাপি গৈ ধেমালিকৈ) হামি কি জানি এটিয়া টোমাকে কাব ফাৰে! ভোগঃ (বৰকৈ কঁপি কঁপি) দেউতা, দেউতা, কি হয় এটা কওক। মোক বেয়াকৈ লাগিল দেখোন! ইয়ং:আচ্ছা, মৌজদাৰ! মই হলেটোমাৰ ওপৰ খুছি ফাইছে। এটিয়া টুমিলোক যাব ফাৰে। (ঘুৰিবলৈ ধৰে) ৰত্নঃ হজুৰ, এই মানুহটোৰ কিবা এফৰি খাটনি আছিল। [ ২৮ ] ইয়ং। কি কাটনি টাকিছে? হেইটো কাট কাটিব মাঙিছে? অঃ টেনেহলে হেইটো কাম টুমি ডেকিব ফাৰে। ৰত্নঃ নহয় হজুৰ, আন কিবা সকাম হে আছিল। ইয়ং। কি কাম টাকিছে? টুমিলোকৰ এইঠো বহুত বয়া ডস্তুৰ টাকিছে; কোন কাম টাকিলে যদি, আগাৰি কেলে কাম নাই বুলি কৈ ডিছে? চব বাবুলোক এই ৰকম টাকিছে। আচ্ছা হামি টোমাক হিকাই ডিছে, কোন কাম টাকিলে পহিলা কৈ ডিম লাগে; জানিলে? ৰত্নঃ ভাল, হজুৰ! আমি অসমীয়া বুঢ়া মানুহ, হজুৰসকলৰ বিলাতী ধাৰণ ভালকৈ ভু নাপাওঁ। ইয়ং। আচ্ছা, কি কাম টাকিছে এটিয়া কব ফাৰে। ৰত্নঃ হজুৰ, তালন গাওঁৱৰ ফালে মোক গাওঁবুঢ়া এটা লগা হৈছে। হজুৰে অনুমতি দিলে এটা ল'ব পাৰোঁ। ইয়ং। টাটে আগাৰি দোছৰা গাওঁবুঢ়া নাই টাকিছে? ৰত্নঃ হয় হজুৰ, আছোঁতে এটা আছে। কিন্তু, সি বুঢ়া মানুহ, এতিয়া আৰু অকলে ভালকৈ কাম চলাব নোৱাৰা হৈ পৰিছে। ইয়ং। আচ্ছা, গাওঁবুঢ়ালোক টলব নাই ফাইছে; টুমি একঠো ল'ব ফাৰে। হিঠো বুদ্ধা আছে, ইঠো যোবান মোটা মানুহ ল'ব লাগে। ৰত্নঃ ভাল, হজুৰ! হজুৰ আজ্ঞা পালে এই মানুহটোকে ল'ব পৰা যায়। ভোগঃ (থৰকবৰককৈ) হৈছে, হজিৰ গোলাম খোদাবেণ্ডা। ইয়ং। অঃ, হেইঠো গাওঁবুঢ়া হ'ব নাই ফাৰিবে। হেইঠো একদম ডোবলা আডমি টাকিছে। কি জানি কানি কাইছে। হি কাম কৰিব নাই ফাৰে, টুমি ডোছৰা আডমি ডেকিব লাগে। কানীয়া আড্মিকে হামি কাম কভি নাই দিবে। ৰত্নঃ নহয় হজুৰ, মই জানো, সি কানি নাখায়। [ ২৯ ] ভোগঃ হয়, হজিৰে গোলামে কানি নেখায়। কেতিয়াবা সঙ্গত পৰিলে টিকিৰা হে দুটা চাইটা পোৰা হয়,--- ইয়ং। চুপৰাও। হেইটো কি বকবক কৰিছে? হামিকে গালি দিছে? ৰত্নঃ এইটোৱে নো টপটপাই আছে কেলৈ? কথা নুবুজে, এনেই বলকি থাকেচোন। (চাহাবলৈ চাই) নহয় হজুৰ, সি এনেই হে নিচলা,তাৰ বাপেকো এনেকুৱা আছিল। কিন্তু গাঁৱৰ ভিতৰত হলে টনকিয়াল। কওঁতে কেনা লগাইছে এতিয়া হজুৰৰ আগত ভয় কৰি হে, গালি পাৰিবলৈ তাৰ কি শক্তি আছে! ইয়ং। অঃ টেনেহলে চাহাবলোকৰ লগতে হেইটো কেনেকৈ কাম কৰিব ফাৰিবে? গাওঁতে ডোছৰা আডমি ভি টাকে বয় নাই কৰিবে। ৰত্নঃ নহয় হজুৰ, নতুনতে সকলো এনেকুৱাই থাকে। পাচলৈ দেখি-শুনি আপুনি ভয় ভাগিব। আৰু, চৰকাৰী বিষয়া এখন পালে নিচলাকো মানুহে ভয় নকৰি নোৱাৰে। ভোগঃ হয়, হজিৰ, গোলাম, অলপ কিৰপা পালে গৰিপ ৰইখা পৰে। ইয়ং। হেইটো কোন ৰইকা পৰে কৈছে? ৰত্নঃ অৰ্থাত্, হজুৰে মৰম কৰি তাক কামটো দিলে সি সুখ পাব; সি ডাঙৰ হৈ তৰিব পাৰিব বুলিছে। ইয়ং। অঃ গাওঁবুঢ়া কামতে কি হুক টাকিছে? টাটে টলব নাই টাকিছে? টেনেহলে হেইটো কাম কেলে মাঙিছে? মই জানিছে, টাটে কি জানি বহুত লাব টাকিব ফাৰে। ৰত্নঃ নহয় হজুৰ, আন কি লাভ আছে--সেই, বিয়াই-সবাহে আগ-ঢাৰি, আগ পাত, মেল-দোৱানত আনতকৈ দুটা পইচা সৰহকৈ পোৱা, এয়ে গাওঁবুঢ়াৰ লাভ। আগৰদিনীয়া ভাল মানুহৰ ল'ৰা হ'লেই মানফেৰাৰ নিমিত্তে এই কামত সোমায়। হওঁতে, ইয়ো বেয়া ঘৰৰ ল'ৰা নহয়, ইহঁতক বায়নৰ ঘৰৰ বোলে। [ ৩০ ] ইয়ং। অঃ আৰু ক'ব নাই লাগে, হামি চব জানিলে। (ভোগমনলৈ চাই) আচ্ছা টুমি কাম কৰিব ফাৰিবে? ভোগঃ (কঁপি কঁপি) হজিৰ, হজিৰ গোলাম--- ইয়ং। (মিছা খং দেখাই) ইউ ডেম ফুল! কি হজুৰ গোলাম বুলি টাকিছে! কাম কৰিব ফাৰিবে? চাহাবলোকৰ খং হুনিব ফাৰিবে? (গোৰোহনি মাৰে) ভোগঃ (ভয়ত চুৰ্ত্তি হেৰুৱাই) হয়, হজিৰ গোলাম ডেম-ফুল! মই একো জগৰ কৰা নাই, দোহাই মহাৰাণী! ইয়ং। (খঙেৰে) ইউ ডেভিল, ৰাস্কেল! টুমি হামাকে গালি ডিছে? বয় ডেকাইছে? টুমি মহাৰাণী মাটিছে! টুমি হামাকে বোকা ডেকিছে? ভোগঃ (বোকা হোৱা ঠাই এডোখৰলৈ চাই) অ, হয়, হজুৰ বোকা হয়! মই এতিয়া হে মন কৰিছোঁ হজুৰ বোকা আছে। কিন্তু মই গাওঁবুঢ়া হলে হজুৰ আৰু বোকা নাথাকে। ইয়ং।(অপ্ৰস্তুত সেমেনাসেমেনিকৈ হাঁহি হাঁহি) আচ্ছা, টুমি টিক্ কাম কৰি ফাৰিবে? ভোগঃ কাম দিলে হজুৰ গোলামে চাব পাৰে। ইয়ং। অঃ, চাব ফাৰিলে নাই অবে? কাম কৰিব ফাৰিব লাগে। কুলী ধৰি ফাৰিবে? ভোগঃ (টনকিয়াল হৈ) অঁ।, পাৰিম হজুৰ; কোনো কথা নাই। ইয়ং। (হাঁহি হাঁহি)আচ্ছা, টুমি কাম পাব ফাৰে। (ৰত্নলৈ চাই) মৌজাদাৰ, আচ্ছা, তুমি টাকে গাওঁবুঢ়া বনাব ফাৰে। ৰত্নঃ ভাল হজুৰ! আজিয়েই তাক মকৰিল পৰণা দিয়ামগৈ। ইয়ং। আচ্ছা, এটিয়া টুমিলোক যাব ফাৰে। ৰত্নঃ (দীঘলকৈ চেলাম দি) ভাল হজুৰ,গোলামহঁত এতিয়া আহিলোঁহে। মকৰলি পৰওণা লবলৈ কাছাৰি হুজুৰলৈ ৰৈ থাকোঁগৈ। (প্ৰস্থান) (ভোগমনে মাটিত হাত লগাই চেলাম দি দি পিচ্ হুঁহকি গৈ গৈ প্ৰস্থান) [ ৩১ ] পঞ্চম পট,-মৌজাদাৰৰ চ'ৰা

(এখন গাৱঁলীয়া মেল)

১ম মে। হেৰ, গুচৰীয়া-পদকীয়াহঁত কিনোৰূপেসৈতে, মেল-মৰা কি পেলাবি কিনোৰূপেসৈতে পেলাহঁক। ২য় মে। এৰা, আৰু পলম কৰা সকাম নাই; কি পেলাব লাগে পেলাহঁক। গোচৰ কিন্তু শকতেই, তাকে চাই হে পেলাব লাগে। গুচৰীয়া। মই বাৰু এই অটকা পেলাইছোঁ। (বাটত টকা থয়) পিচে, মকটমাৰ খৰচাটো এনেই যাব নে? ৩য় মে। সেইটো কিন্তু পাচ কথা। মেলত তাৰ কিন্তু যি হয় বিচাৰ হব? কিন্তু গোটৰ চাই কিন্তু তোৰ পেলোৱা কিন্তু হোৱা নাই, আৰু এটকা কিন্তু পেলাব লাগে। গুচৰীয়া। মোৰ আৰু এইখন কৰোতেই হাত উদং হ'ব লগা হ'লহি! (আৰু এটাক দিয়ে) বাৰু, আৰু অটকা পেলাইছোঁ। ৪ৰ্থ মে। গোটৰ বুলিলে তাৰপৰিণামে, দেৱলীয়া কৰি হে এৰে, তাৰপৰিণামে ইয়াকে বৰ টান পালি। এতিয়া পদকীয়াই, তাৰ পৰিণামে, পেলাব লাগে। পদকীয়া। ককাইহঁত, মোৰ হাতত হ'লে সিমান নাই, আধলি এটাহে আছে। তাকে পেলাব পাৰোঁ। ১ম মে। হাতত নাই, কিনোৰূপেসৈতে, ধাৰ কৰি ল। এতিয়া নাই বুলিলেই, কিনোৰূপেসৈতে, হ'ব হবলা? পদ। এৰা, তোমালোকে লাগিছা যেতিয়া এৰিব খুজিছা নে? (মেৰতলিৰ পৰা টকা দুটা উলিয়াই বাটত থয়) [ ৩২ ] (ভোগমনৰ সৈতে মৌজাদাৰৰ প্ৰৱেশ) (মেল আৰম্ভ; মৌজাদাৰে মৌজাৰ কাকত লিখিবলৈ ধৰি আওকণীয়া হৈ বহে; মেলুৱৈবিলাক কাৰো কথালৈ কোনেও কাণ নিদিয়াকৈ একে সময়তে অসংলগ্ন কথাৰে নিজ নিজ মত প্ৰকাশ কৰি মেল মাৰিবলৈ ধৰে) ১ম মে। মই, কিনোৰূপেসৈতে, তেতিয়াই কৈছিলোঁ বোলোঁ, তহঁতৰ ভাব-গতি, কিনোৰূপেসৈতে, কিবাহে দেখিছোঁ, ভালে ভালে থাকোতেই, কিনোৰূপেসৈতে মানুহ-দুনুহ চপাই ভিতৰুৱা বস্তুৰ, কিনোৰূপেসৈতে ভাগ কৰি লহঁক। ১ম মে। তোৰ যদি মনে মনে তেনে ভাব আছিলেই, তেন্তে তই ককায়েৰক ক'ব হে পাৱ, বাপুৰে একেলগে থবলৈ মোৰ মন নাই, আমাৰ বস্তুৰ ভাগ হ'ব লাগে। পোনেই নো গোচৰখন কৰিবলৈ ওলাব লাগে নে? ৩য় মে। বাপেৰ কিন্তু ঢুকাবৰ নৌ-চাইদিন হওঁতেই কিন্তু তহঁতৰ ভিতৰত কিন্তু এনে খোঁচা খুঁচিখন কিন্তু হ'ব পায় নেঁ? এনে কথাৰ মূৰত হে কিন্তু হেৰিয়াৰ ঘৰৰ কিন্তু ভেঁটি উচন্ হ'ব লগাত কিন্তু পৰিছে। গুচৰীয়া। মই বৰলা মানুহ, বোলোঁ মোৰ নো কি ঘৰ আছে, ককাইৰ হাতত থাকিলে নো মোৰ ভাগবস্তু কলৈ যাব। অ এতিয়া তেওঁ চল পাই পাই বনমালী কৰিব খোজে! ৪ৰ্থ মে। ইহঁতে আৰু, তাপপৰিণামে, গাঁৱৰ-বুঢ়া-মেথাকো, তাৰপৰিণামে গণিত নকৰা হ'ল। এইখন কৰাৰ আগেয়ে, তাৰপৰিণামে, আমাক এটায়ো যদি, তাৰপৰিণামে, এটা কথা সুধিলে! ইও, তাৰপৰিণামে, মেনে-মেনেই ফন্দীখন, তাৰপৰিণামে, পাতিলে, সিয়ো মেনে-মেনেই, তাৰপৰিণামে, কেছাৰি ঘৰ উঠিলগৈ। পদ। দেখাদেখি যি বস্তু আছিল, সেইবোৰ এতিয়াও আছে। ভিতৰুৱা বস্তু কেতিয়াবাই দুয়ো আপোচতে ভাগ কৰি ললোঁ। এতিয়া সি তাৰ ভাগ [ ৩৩ ] কৰবাত লুকুৱাই থৈ, লোকৰ বুদ্ধিৰে, মোৰ ওপৰত এইখন মিছা মকটমা কৰিলে কি হ'ব? ১ম মে। সেইদিনা, কিনোৰূপেসৈতে, গৰুটো বেচিবলৈ ধৰোঁতেই, কিনোৰূপেসৈতে, মই তাক বুজাই কলোঁ, বোলোঁ, কিনোৰূপেসৈতে, ভায়েৰ নথকাত গৰু বেচাটো, কিনোৰূপেসৈতে, ভাল হোৱা নাই। ৰত্ন। তোমালোকে লাগ-বান্ধ নোহোৱা কথাৰে হাই-উৰুমি কৰিয়েই থাকিবা নে? আজিৰ মেল নিছিঙ্গো বুলি লাগিলাহঁক নেকি? ভোগ। ৰাইজসকল! এইফালে কাণ দিয়ক, দেউতাই কিবা ক'ব খুজিছে( সকলোৱে নিমাত হৈ মৌজাদাৰৰ ফালে চাই ৰয়) ৰত্ন। বোলোঁ, সোধা-পোছা কৰি গোচৰৰ এটা মীমাংসা কৰি দিয়াটোহে ভাল। (সকলোৱে 'হয়' হয় কৰে) এতিয়া আমি গুচৰীয়াক সুধিবলগীয়া একো নাই; তাৰ আৰ্জ্জিতে সকলো পোৱা গৈছে। পদকীয়াই কচোন বাৰু, তই নো ভিতৰুৱা বস্তুৰ ভাগ নকৰাকৈয়ে কিয় সোপাকে গ্ৰাহ কৰিব খুজিছ? পদ। নহয় দেউতা-ঈশ্বৰ! এই অতখিনি ভকতৰ আঁৰ হ'বলৈকে মই মিছা নকওঁ; তাৰে মোৰে ভিতৰত ভিতৰুৱা বস্তুৰ ভাগ কেতিয়াবাই হৈ গ'ল। এতিয়া, সি তাৰ ভাগৰ বস্তু কৰবাত লুকুৱাই থৈ, লোকৰ বুদ্ধিৰে, মোৰ ওপৰত এইখন মিছা মকটমা কৰিছে। ৰত্ন। তাৰ কিবা প্ৰমাণ আছে নে? ভাগ কৰাৰ সময়ত কোন কোন আছিল? কোনে কোনে দেখিছিলে? তই তাৰ সাক্ষী দিব পাৰ নে? পদ। তেতিয়া, দেউতা, আন কোনো নাছি; মাথোন, মোৰ ঘৰৰ মানুহজনীহে আছিল। মে। বিলাক। (গিৰ্জ্জনি মাৰি হাঁহি) এৰা, হয়, তাৰ ঘৈণীয়েৰক হে সাক্ষী মানিব লাগিল ঐ! [ ৩৪ ] গুচৰীয়া।— দেউতা, ৰাইজসকল, মই কেতিয়াও মিছা নকওঁ। তাৰে-মোৰে ভিতৰত বস্তুৰ ভাগ কেতিয়াও হোৱা নাই। সি বাৰু কীৰ্ত্তন পুথিত ধৰি শপত খাওক, মই এৰি দিম। পদ।— ওঁ।—, সঁচা হ'লেও মিছা হ'লেও, মই কেতিয়াও শপত নেখাওঁ। জ্বলা জুয়ে শুকানো পোৰে, কেঁচাও পোৰে। ৰত্ন।— বাৰু, তেন্তে সিয়ে শপত খাওক, তই ভাগ-বস্তু দিবলৈ গাত ল। পদ।— ভাল, দেউতা, সিয়ে শপত খাওক, লামলকটি যি এডোখৰ আছে, তাৰে ভাগ কৰিবলৈ মই মান্তি আছোঁ। ৰত্ন।— সি কথাই কথা নহ'ব; মোৰ গাওঁবুঢ়াহঁত গৈ, মানুহ-দুনুহ চপাই, ভাগ কৰি দিবগৈ। বাৰু, এতিয়া শপত খুৱাবলৈ দিহা কৰা হওক! (ভিতৰলৈ চাই) হেৰ মঙলা! হেৰ, হাত-ভৰি ধুই গুচি হৈ, কীৰ্ত্তন পুথিখন লৈ আহ। ৩য় মে।— এৰা, কিন্তু হাকিমৰ মুখেই কিন্তু নিষ্পত্তি। ১ম মে।— অ।—, কিনোৰূপেসৈতে, নহ'ব নো কিয়? কিনোৰূপেসৈতে, হাকিম নো আকৌ, কিনোৰূপেসৈতে, বোলে কিয়? মঙলা।— (ভিতৰৰ পৰা হাতত লোটা এটাৰে সৈতে মূৰত কীৰ্ত্তন পুথি লৈ আহি মেলুৱৈ এজনৰ প্ৰতি) হেৰা, ঠাইখন, হেৰিয়াৰ অ, অলপ মোহাৰি দি, হেৰিয়াৰ অ, তাতে বটাটো থোৱাঁ দেও হে! (মেলুৱে এজনে মাটিত হাত ফুৰাই বটা পাতি দিয়ে; বটাৰ ওপৰত কীৰ্ত্তন পুথি ৰাখি মঙলাৰ প্ৰস্থান) ৰত্ন।— বাৰু, এতিয়া আমাৰ কচুখোৱা গাওঁবুঢ়াই তাক শপত খুউৱাচোন। কচু।— ভাল। (উঠি গৈ) হেৰ আহ, আঁঠু লহি। গুচৰীয়া।— (উঠি গৈ আঁঠু কাঢ়ি কীৰ্ত্তনত ধৰি) বোলক। কচু।— ক, বুলি, ককাইৰে মোৰ ভিতৰত যদি বস্তুৰ ভাগ হৈছিল, তেন্তে মোৰ দেহ-নাম ভগন হ'ব। গুচৰীয়া।— ভগন হ'ব। [ ৩৫ ] ১ম মেঃ অঃ কিনোৰূপেসৈতে অকল 'হ'ব বুলিলেই, কিনোৰূপেসৈতে, নহ'ব। গোটেইখিনি বচন, কিনোৰূপেসৈতে, লুটিয়াই ক'ব লাগে। গুচৰী।— এঃ, সিমানবোৰ কথা মোৰ মনত নৰয় দেও হে। ক।— বাৰু এটা এটাকৈ কৈ যাওঁ, তই ধৰি যাবি। ক, বুলি--- গুচৰী।— ক, বুলি। ক।— এঃ, পোনেই গুৰিতে নধৰিবিচোন। গুচৰী।— বাৰু গুৰিত নধৰোঁ; আগত ধৰিম। ক।— বুলি, বস্তুৰ ভাগ হৈছিল যদি, মোৰ দেহ-নাম ভগন হ'ব। গুচৰী।— দেহ-মান ভাগ হ'ব। ক।— নহয়, দেহ-নাম। গুচৰী।— হয়, বাৰু দেহ-মান। ক।— কি আঁকৰা ঔ এইটো! বাৰু ক, ভগন হ'ব। গুচৰী।— বাৰু ক, ভগন হ'ব। ক।— এঃ, ইয়াক আৰু বলাব নোৱাৰি দেও হে! ১ম মেঃ বাৰু, হৈছে; কিনোৰূপেসৈতে, সেয়ে পাবগৈ। এতিয়া বিলনীয়া উঠি কিনোৰূপেসৈতে মেলমৰা বিলাই দিব লাগে। ৩য় মেঃ হয় কিন্তু গোটাৰূপ কেটকা কিন্তু শিউলালৰ গোলাত কিন্তু পইচাকৈ ভঙাই আনোগৈ কিন্তু (বটাৰ পৰা টকা লৈ ওলাই গৈ পাকতে ভঙনীয়া পইচা আনি বটাত লেখি লেখি থয়হি)(বিলনীয়াই মানুহ-চাই মেল-মৰা বিলাই দি গৈ ভোগমনৰ ভাগ দিয়েগৈ) ভোগঃ (উচাত্ মাৰি) ইঃ, মই ইমান হে পাওঁ নে? সৌৱা, টেপেৰা গাওঁবুঢ়াহঁতে কিমান পাইছে নাচাৱ কিয়? বোলে, সমানৰ ভাই, পাইকৰ ককাই; চাই-চিতি কাম কৰিব লাগে। বিলনী।— সিহঁতে যিমান পাব লাগে সিমান পাইছে। গাওঁবুঢ়া বুলিলে আগে-পাচে যি নিয়মে পায়, এতিয়াও সেই নিয়মেই পাইছে। [ ৩৬ ] ভোগ।— মই নো তেন্তে সেই নিয়মেই নেপাম কিয়? (খং কৰি) মোক নো পিচে কিয় বে-দস্তুৰ কৰি দিছা? বিলনীয়া।— (আঁচৰিতভাবে হাঁহি) তই নো আকৌ কাহানিৰ পৰা সেই নিয়মে পোৱা হলি? (ৰাইজে গিৰ্জ্জনি মাৰি হাঁহি) ৰত্ন।— অ, নহয়, তাক তালন গাঁৱৰ ডেকা-গাওঁবুঢ়া পতা হৈছে। সিদিনা চাহাবে তাক মকৰলি পৰওণা দিছে। ১ম মে।— হয়নে দেউতা? এ, আমি কিনোৰূপৰেসৈতে, ভুকে পোৱা নাই। অ, তেন্তে তেওঁকো, কিনোৰূপৰেসৈতে, মান ৰাখি দিব লাগে। (বিলনীয়াই আকৌ দিয়ে) ল, তেনেহলে গাওঁবুঢ়াৰ সমানেই ল, আমাত একো কথা নাই। (বিলনীয়া বহেগৈ) ১ম মে।— দেউতা, এতিয়া আৰু কিনোৰূপেসৈতে, আমি উঠো হে। ৰত্ন।— বাৰু, যোৱাঁহঁক। ময়ো উঠোঁ।

                                                                                                                     (সকলোৰে প্ৰস্থান) [ ৩৭ ] ৩। অঙ্ক।

প্ৰথম পট,--ভোগমনৰ মাৰল-ঘৰ

(ভোগমন, ৰংদৈ আৰু জেতুকী)

জেতুকী।— (পিৰালিত বহি নাম গায়) "ৰ'দালি এ ৰ'দ দে। আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি ৰ'দ দে।" (ঘূৰাই ঘূৰাই গাই থাকে) ভোগ।— (পুৱা শুই উঠি আহি চকু মোহাৰি মোহাৰি) হেৰ, শুনিছ নে, এইপিনে আহ। (আপোনা০আপুনি) এতিয়াই নগ'লে, খেজেনা দিবলগীয়া মানুহবিলাকক ঘৰত পোৱাগৈ টান হ'ব। ৰংদৈ।— (বৰঘৰৰপৰা ওলাই আহি) কি হ'ল? কেলৈ? ভোগ।— সেই ভদৰীচুকৰ নিধক মানুহবিলাকে আজিলৈকে মৌজাদাৰৰ খেজেনা পইচা এটাকে দিয়াহি নাই; মৌজাদাৰে কালি গধূলি খঙত একোনাই কৰিছে! মই তালৈকে যাওঁ, পলমে হে ওলামহি। তামোল গোটাচেৰেক আৰু পাণ বিৰাদিয়েক বান্ধি গামছাখন লৈ আহ। ৰংদৈ।— (মুখ জোকাৰি) উ, উ, মই বোলোঁ কিবাটোহে হ'ল! মৌজাৰীৰ কামতে এইদৰে সদায় টলৌ টলৌকৈ ফুৰি থাকিলেই ভাত-কাপোৰ এটাইবোৰ আপুনি হ'ব। ভোগ।— কিনো কৰিম বাৰু! সেই বুলি, চৰ্কাৰী কাম নকৰি পাৰি নে? ৰংদৈ।— চৰ্কাৰী কাম নকৰি নোৱাৰি হয়, পিচে আমি হ'বলা ইফালে নেখাই মৰিব পাৰোঁ? তেন্তে চৰকাৰে আমাক এটা জীৱিকাৰ উপায় নিদিয়ে কিয়? ঘৰৰ খাই পৰৰ হৈ খাটি মৰা ক'ত আয়ণ আছে? [ ৩৮ ] ভোগ।— নেখাই নো ক'ত কেইটা মৰিব দেখিছ? গোঁসায়ে এক ৰকমে খুৱাব। সংসাৰৰ গতিয়েই এনে! ৰংদৈ।— এৰা, হাত সাবটি বহি থাকিলেও গোঁসায়ে বঢ়া ভাত আগত দি খুৱাই দিবহি নহয়? ভোগ।— (বেজাৰ মনেৰে) মোক নো তই কিমান বহি থকা দেখিছ বাৰু? মোৰ নিচিনা দুখকাৰী জীৱ আৰু সংসাৰত কোনোবা আছে নে নাই মই ক'ব নোৱাৰোঁ। ৰংদৈ।— বহি থকা নাই, ঘূৰিয়ে ফুৰিছহঁক। পিচে কালৈ? লোকক খুৱালেই নিজৰ পেট ভৰে হ'বলা? তেনেহ'লে যাহঁক, খাবলৈ নিবিচাৰিবিহি মুঠে। মই নো ক'ৰ পৰা খুৱাম? জেতুকী।— (পিৰালিৰ পৰা লৰি আহি মাকৰ আঁচলত ধৰি) আই! মই ৰাতিপুৱা খাবলৈ কালি ভাত থৈছিলি নে? দেহি আই, মোৰ ভোক লাগিছে। ৰংদৈ।— (খঙেৰে) গুচ্ এই কুলইখনীজনী এইখনৰ পৰা। কৰবাৰ খং কৰবাত সাৰিম পাচে! জেতুকী।— (কান্দি কান্দি বাপেকলৈ চাই) বুপাই, চাচোন আয়ে মোক ভাত নিদিয়ে! ভোগ।— (বেজাৰ মনেৰে জেতুকীক কোলাত তুলি লৈ) নেকান্দিবা মোৰ আই! মোৰ আয়ে আপুনি বিচাৰি খোৱাঁগৈ যোৱাঁ।

                                                                                              (জেতুকীৰ প্ৰস্থান)

ভোগ।— তোৰে সৈতে এইদৰে চুপতি মাৰি থাকিলেই মোৰ গা নুজুৰায়। মই যাওঁ। কি কৰ, কৰি থাক। ৰংদৈ।— এৰা, ঘৰৰ কথা পাতিলে গা নুজুৰায় তো! যা, এতিয়া দিনটো টলৌ টলৌকৈ জুৰণি বিচাৰি ফুৰগৈহঁক। আজি দুবছৰে ফুৰি ফুৰি যিখিনি জুৰণি চপাই আনিছ, সেয়ে তিনিওটাৰে গা জুৰাইছে নহয়! লোকে বিষয় লয় সুখ খাবলৈ , আমাৰ বিষয়ে দুখৰ পাচি ভৰাইছেহি। মাজ-পথাৰৰ ধান [ ৩৯ ] দেখি হে ইমান দিনলৈকে আছিল; এতিয়া চাৰিওফালে লোকৰ ধান দাই নি মুকলি কৰি দিলে; যি এডাল আছে সিও উদঙ্গীয়া গৰুৰ ঘাঁহ হওক! মই নো একেজনী মানুহে কেইপিনে চাম? ঘৰলৈকে চাম নে, ধানকে চপাম? গাঁৱে গাঁৱে ফুৰি থাক, তেও বা কৈ-মেলি এজনী মানুহকে মাতি আনি ধান কেমুঠি কটাই লওঁ, এনেটোও মনত নাই। যি হয় হৈ থাওক, ময়ো উভতি নেচাওঁ। এই বেলি ভাত-ভঁৰালৰো ভিকাচন ভাগিব! ভোগ।— হেৰ, এনে কথা নো কিয় কৱ? মোৰ হ'বলা সেইটো গিয়ান নাই? পিচে, কি কৰিম, আজিকালি মানুহৰ ভিতৰত কাক কোনে মানে? মোৰ কথা এৰিয়ে দে, সিদিনা হাকিমৰ ধান দাবলৈ কওঁতেই সোণাৰিয়নীহঁতে টেটুতে ধৰাদি ধৰিলেহি। বাৰু, যি হয় হক। পিচে, এতিয়া এইদৰে বলকি থাকিলেই হ'ব নে? ভাত-পানী ৰান্ধি থৈ, তয়ে যি পাৰ দাই থবি, মই সিবেলাকৈ যি পাৰোঁ চপাম হি। ৰংদৈ।— বাৰু যাহঁক চপাবলৈ পাবিহি। মই যাওঁ মানেই সিফালে উদঙ্গীয়া গৰুৱে পেটত চপাই থব। হাঁয়, হাঁয়, এইবেলি আৰু ভাতমুঠিৰো ভকাচন ভাগিব যেন হে পাইছোঁ। ভাল যেনিবা মই খাটি-লুটি ভেঁটী-ভাৰ দিয়াই, মান ৰইখা কৰিবলৈ বুলি বিষয় লোৱাঁওঁতে, এতিয়া জীৱই ৰইখা নপৰা হ'ল। সঁচাকে এই বিষই খাবলৈ গৈ যেনিবা বিহ হে খালোঁ। ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) ওঁ, হুঁ! কি কৰিম! সকলো ঈশ্বৰৰ বন। যাওঁ, বেলি হে হ'ল। সোনকালে নেপালেগৈ সিফালে কাকো নেপামগৈ; দিহা-দিহি ওলাই যাব। (জেতুকীক লৈ ৰংদৈ সোমায়, ভোগমন বেজাৰ মনেৰে ওলাই যায়) [ ৪০ ] দ্বিতীয় পট,--মৌজাদাৰৰ বাট'চৰা

              (ৰত্নেশ্বৰ আৰু কচুখোৱা)

ৰত্ন।— (খঙ্গেৰে) মোৰ ফালে যেই হওক, তহঁতে মাথোন গাঁৱে গাঁৱে মেল মাৰি সিধা-পাতি বিচাৰি ফুৰিবি। পৰহিলৈ খাজনা নোশোধালেই নহয়, ইফালে আজিলৈকে তাৰ আধাৰো-আধা উঠা নাই। তোৰ ফালৰ মানুহবিলাকৰহে তেনেই বাকী পৰি আছে। কচু।— দেউতাই যেনে ভাল দেখে কৈ থাওক, আমাৰ শুনিবৰ দিন পৰিছে, শুনি থাকিম। মই নো মেল মাৰি সিধাকে বিচাৰি ফুৰোঁ নে দেউতাৰ কামকে কৰোঁ, সেইটো নেদেখা-জনে দেখি আছে। চুৱা-খোৱা নিলাজহঁতে ৰজাৰ খেজেনা দিব লাগে বুলি জানিও নিদিয়েহি, মই নো কি কৰিম! ৰত্ন।— কোমল মাত পালে নো কোনে দিয়েহি? তহঁতৰ সিধা-পাতিৰ কেনেবাকৈ পৰালি পৰে পুলি, ভয়ত মানুহক টানমুখীয়া হৈ ক’ব পাৰিলে হে! বাৰু, মোৰ ফালে যি হয় হওক, তহঁতেই তৰি থাক্। (খঙ্গত এফলীয়া হৈ নিটাল মাৰে) কচু।— দেউতাই ক’বলৈ ভাল পাইছে কওক। আমি নো কেনেদৰে তৰিছোঁ, সকলো দেখিয়েই আছে। চৰকাৰী কামতে দিনটো ঘূৰি ফুৰোঁতেই যায়, ঘৰৰ বন বুলি কুটা এগছ দাঙ্গি ধৰিবলৈকো আজৰি নেপাওঁ। সিফালে কৰোঁতা-মেলোঁতা গোটাচেৰেক থকা হলেও এটা কথা আছিল। সেই কান্দি-ভাত-খোৱা ল”ৰা দুটাৰে সৈতে একেজনী মানুহে হেপোৰ্ তেপোৰকৈ নো কিমান কৰিব পাৰে? দেউতাই আমাক তৰিবৰ কথাহে কৈছে, গাওঁবুঢ়া হবৰপৰা আৰু আমাৰ অৱস্থা দিনক-দিনে তললৈ হে গৈছে। আৰু বা কি হ’ব লগা আছে, ঈশ্বৰে হে জানে। ইমানকৈ খাঁটি মৰাৰ বাবে যদি খেজে [ ৪১ ] নাকে টকা চেৰেক ৰেহাই পালোঁহেতেন, সিও এটা কথা আছিল; আমাৰ কপালেৰে ভাল যেনিবা নিকিনা-গোলাম সোমাই মৰিব লগা হলোঁ! ৰত্ন।— (উলটি) বেয়া পাইছ যদি, এৰি পেলা এইখন বিষয়। মই তোক কাবৌ কৰি ৰখাই নাই। নোৱাৰ কৰিব কাম, গুচি যা। তই গ’লে এই কামৰ কাৰণে দহোটাই চুঁচৰি ফুৰিবহি। কচু।— (বেজাৰ মনেৰে তলমূৰ কৰি) হে হৰি! (ভোগমনৰ প্ৰৱেশ) ৰত্ন।— (খঙ্গত জলজলাই ভোগমনৰ প্ৰতি) টোপনি ভাগিল নে? নাই, নিজৰ পেটলৈ কাৰবাৰ কৰি ফুৰি এতিয়াহে মুখখন দেখুৱাবলৈ আজৰি পালি? তহঁতৰ কাম কৰিবলৈ যদি মন নাই, আজৰি নাই, তেন্তে কিয় চুঁচৰি-বাগৰি খাটি-লুটি গাওঁবুঢ়া হ’বলৈ বিচাৰি ফুৰ? ভোগ।— দেউতা, মই পুৱাতে উঠি গৈ ভদৰীচুকৰ ইমূৰৰ পৰা সিমূৰলৈকে ফুৰি বাজে বাজে দেউতাৰ কাষ চাপিছোঁহি। ৰত্ন।— মিছলীয়া, নিধক! পুৱাতে উঠি আমাৰ কামলৈ যোৱাৰ চিন পাইছোঁ নহয়,-- আজি ভদৰীচুকৰ খাজানা দিবলৈ অহা মানুহেৰেই চ’ৰা-ঘৰ ভৰি পৰিছিল! ভোগ।— দেউতা, বন্দীয়ে কি ক’ম; আন মানুহেও দেখিছে নহয়। মই ঘৰে ঘৰে গৈ গালি-শপনি পাৰি কৈ ফুৰিছিলোঁ। সিহঁত এটাইখন যাওঁ-যাওঁ বুলি ওলাইছিল; আৰু ৰাতিয়া, ভদি, কেৰ্ক্কেটু, ডোমাই, ৰহপুৰ, এই কেইটা মোৰ লগতে ওলাই আহিছিল। মই সিহঁতক দেউতাৰ এখেলৈ পঠিয়াই দি, সিচুবুৰী গলোঁগৈ। সিহঁত নাহিল হ’বলা? ৰত্ন।— (চকু পকাই) হয়, মই জানিছোঁ। সিহঁতক পঠিয়াই দি, তই নিজৰ পেটলৈ বিচাৰি গলি; ইফালে তোৰ মন বুজি সিহঁতেও নিজৰ পেটৰ নিমিত্তে কাৰবাৰ কৰিবলৈ দিহাদিহি গুচি গ’ল চাগৈ। [ ৪২ ] ভোগ।— দেউতা, কেলেই নো কয় এনে কথা? মই বাজে-বাজেই এইখিনি পাইছোঁহি; কিনো সিধা-পাতি গোটাই আনিছো দেখিছেইচোন। সেইদৰে গোটাব পৰা হলেচোন মোৰ এনে দশা নহয়েই। পাৰোঁতে নো তিৰোতাই বেজাৰত কয়, বোলে, মান ৰইখা কৰিবলৈ চাওঁতে এতিয়া জীৱন ৰইখা নপৰাত পৰিল! ৰত্ন।— এতিয়া তহঁতৰ বলকনি শুনি থাকিলেই মোৰ গা নৰয়। পৰহিলৈ খাজনা নোশোধালেই নহব; কালিৰ ভিতৰত যদি তোৰ ফালৰ আটাইবিলাক মানুহে খাজনা নিদিয়েহি তেন্তে বাৰু কি দেখা দেখিবি। ভোগ।— ভাল দেউতা, চাব লাগে। ভাতমুঠি খায়ে আকৌ যাওগৈ। কি কৰিম। ৰত্ন।— ৰাতিপুৱাৰে পৰা এই বেলি ভাটী দিয়ালৈকে যি কৰিলাগৈ সেয়ে আমাক আঁটিছে; মিচাকৈ ইবেলাও মেল মাৰিবগৈ নালাগে। অকল সেইটোৱেই কাম নহয়। কালিয়েই টেকেলাই পৰওনা দি গৈছেহি, আজি আবেলিকৈ বৰচাহাব এইখিনি পাবহি; চাৰিবজাৰ সময়ত সকলো ৰচদ-পাতি ঠিক কৰিব লাগে। তই গৈ মৰিয়াগাওঁকেখনত বিচাৰি কুকুৰা দহোটা আৰু কণী দুবুৰিমান গোটাই নি বৰচাহাৰ আৰ্দ্দলিৰ হাতত দিবিগৈ। দেখিবি, জোখাৰে নহ’লে, চাহাবৰ চৰ্দ্দাৰে শুদাই নেৰি, মোৰ ওচৰত হ’লে তেতিয়া বেজাৰ নকৰিবিহি। (কচুখোৱালৈ চাই) তই যা, সোণাৰিগাওঁ, ডোমগাওঁ আৰু বহতীয়া গাঁৱৰ পৰা খৰি-কাঠ আৰু মাছ-পুঠি জোখাকৈ গোটাই নি সেই সময়তে দিবিগৈ। ময়ো চাহাবক আগবঢ়াই আনিবগৈ লাগিব; যাওঁ, ওলাওঁগৈ। তহঁতেও যা। (ৰত্নেশ্বৰৰ প্ৰস্থান) ভোগ।— (কচুলৈ চাই) ককাই! আমাৰ বিলাই কি হৈছে নেদেখিছ? ভাল যেনিবা দিঙ্গিত কলহ বান্ধি পানীত পৰিছো, ককাইটি ঔ! কচু।— এ, বুপাই আমাকো আভোকৰ ন-মুঠিয়ে ভালকৈয়ে আঁটিছে। [ ৪৩ ] এই বুঢ়াকালত যেনিবা ভাল লটি-ঘটি হৈ মৰিবলৈ কপালত আছিল। কিনো হ’ব ক’লে, তই অহাৰ অলপৰ আগতে মোকো ভালকৈয়ে থেকেচনি এপালি দি থৈছিল। ভোগ।— এৰা ককাই, মই নেভাবি-নিচিন্তি আপোনা-আপুনি আপদ চপাই ললোঁ! হওঁতে, তয়ে হে মোৰ এনে দশা কৰাৰ গুৰি। মোৰ এনে বধৰ ভাগী তয়ে হে হৰি ককাই! সেই দিনা যদি তই মোক অইনাইকৈ কুলী ধৰি নিদিলিহেঁতেন, মই নো কেলৈ এই হাড়-মাল চপাই লওঁ! কচু।— এ, বুপাই, মোক নো কিয় দুষিছ? এতিয়া গাতে নেপাইছ? চৰ্কাৰী কাম নকৰিলেও নহয় দেখি টানত পৰি তোকো কুলী ধৰি দিলোঁ। (চাঁতকৰে মনত পৰি) অ, আজি আমাৰ কামৰ ভাৰখন কম নহয় ঔ বুপাই! বল, এতিয়া ঘৰলৈ বল। ভাতমুঠি খায়ে যাওঁগৈ বুপায়! নহ'লে, গধূলিকৈ ইয়াতকৈও ভাল জলপান আছে। ইখনতকৈ সিখন হে টান হ'ব। ভোগ।— এৰা, ভাল কৈছ ককাই! যাওঁ, যাবিদেই। (ভোগমনৰ প্ৰস্থান; টেপেৰাৰ প্ৰৱেশ) কচু।— অ, টেপেৰা ভাইটি, কলৈ যাব? টেপেৰা।— কলৈ নো যাম, ককাইটি, কুলী ধৰিবলৈ যাওঁ। কাইলৈ পুৱাতে বোলে বৰচেহাব আৰু ছোটচেহাব মকচললৈ যাব; আজি আবেলিকৈ থেনাত দহোটা কুলী হাজিৰ কৰিবগৈ লাগে। মৌজাৰীয়ে তত্ দিয়া নাই। ভাতমুঠি খাই তিতাহাতেই ওলাই আহিছোঁ; মুহুদি কৰিবলৈকে নেপালোঁ। ককাই, ৰহচোন, গাঁটিৰ গুৱা অকণকে দেচোন। কচু।— আও, বহি মৰিব দিছ নে? মৌজাৰীয়ে মোক ৰচত গোটাবলৈ পাচিছে। আজি আবেলিকৈ বৰচেহাবৰ বাহৰত খৰি, মাছ, পাচলি যোগান দিবগৈ লাগে। কি কৰোঁ, উপায় নাই! ভাতৰ পাতত বহিবলৈকে আজৰি নেপামহে কি জানি। যাওঁ; যা, যা, যা। (দুইৰো দুফালে প্ৰস্থান) [ ৪৪ ] তৃতীয় পট,--ভোগমনৰ চোতাল


ৰংদৈ।— (ভিতৰলৈ চাই আপোনা-আপুনি, ৰৌৰৱাই) ভাল যেনিবা কণা- বিধতাই এনে জীয়াতু চাবলৈকে মোক চৰ্জিলে! মই নো কি কৰিম, ক'লৈ যাম; অকল এজনী মানুহে কেইফালে চাম! মই নো নমৰি কেলৈ জীয়াই আছোঁ ক'ব নোৱাৰোঁ। (ভোগমনৰ প্ৰৱেশ) ভোগ।— (নিলগতে নিটাল মাৰি শুনি থাকি আপোনা-আপুনি) হুঁ।— আজি হে আজি! মেঘৰ গাজনি যেনহে শুনিছোঁ, আজি ভালকৈয়ে বৰষিব! বাটত লগ পোৱা জাকেই গাৰ কাপোৰ-কানি তিয়াই জুৰুলা কৰি পঠিয়াইছে; এইজাকে এতিয়া কি কৰে গোঁসায়ে হে জানে। (চাঁতকৰে মনত কৰি) অ, মই কি কৰিছোঁ! সময় যে নাই আৰু। লোকে কচুখোৱা ওলালগৈয়ে চাগৈ। (ফুটাই) হেৰ, শুনিছ নে, কিনো কৰিছ? চাপি আহচোন। দিনটো আৰু তোৰ মুখখন জাপ যাব নেপায় নে? থ এতিয়া তোৰ বলকনিখন, ভাল হ'ল নে নাই ক। ৰংদৈ।— (খঙ্গেৰে চাপি) থৈছোঁ ৰান্ধি; খোৱাঁহি মাথোন! কেইজনীমান বেটী থৈ গৈছিলি, কৰি-মেলি ৰান্ধি বাঢ়ি থবলৈ? আমাৰ বিষয়া সিফালে চৰ্কাৰী কামলৈ ওলাই গ'ল, ইফালে পথাৰ-চোৱাই পথাৰ চাইছে, বন-কৰোঁতাই বন কৰিছে, ৰন্ধাই ৰান্ধি থৈছে; এতিয়া আহি মুঠেই ভাতৰ পাতত বহিবগৈ হে লাগে। ভোগ।— (খঙ্গেৰে) হেৰ, তোৰ সেইখন চুপতি এতিয়া থৈ দে বুলি নকৈছোঁ? দুপৰীয়া ভোকত খং তোলাই লোৱাৰ পোটক পাবি দেই এতিয়া! ভাত হ'ল যদি গা ধুই আহোঁমানে বাঢ়গৈ, যা। মই ৰব নোৱাৰোঁ, বৰচেহাব আহিছে, ৰচত গোটাবলৈ যাব লাগে। [ ৪৫ ] ৰংদৈ।— (হাত মুখ জোকাৰি) উ-উ, এতিয়াহে তৰিলোঁ! ধন সোপাকে চপাই দিলেহি!-- চাউলকেইটা কাঁৰি লৈ বহাবলৈ ওলাইছোঁ, এনেতে সিফালে ভেদুৰীৰ মাকে চিয়ঁৰি ক'লে, বোলে, দেখৰ উদঙ্গীয়া গৰুৱে ধানডৰা খাই ঢুকুৱায় এতিয়া! তেতিয়াৰে পৰা এইখিনি পৰলৈকে নৰাণিয়ে-নৰাণিয়ে গৰু খেদি ফুৰোঁতেই হাইৰাণ হলোঁ। এতিয়া মুঠে জেং-খৰি লুৰি আনি, গাটো ধুই আহি, আখাত জুই দিছোঁগৈ, আমাৰ ৰচত তুলিবলৈ যোৱা বিষয়া পালেহিয়েই। ভোগ।— অ, আখাত এতিয়া জুই হে দিছ! তেনেহ'লে আৰু আমাৰ ভাত খোৱা হৈছে! বেলি ভাটী দিয়াতে ৰচত-পাতি নি যোগাবগৈ লাগে বুলি হাকিমে কৈছে; এতিয়া দুপৰ ভাটী দিলেই, এই অলপ সময়ৰ ভিতৰত নো কেনেকৈ কি কৰোঁগৈ নিৰুপায়! মই যাওঁৱেই তেন্তেস, গা নোধোওঁ আৰু। ৰংদৈ।— (মনৰ খং মনতে মাৰ নিয়াই কোমলকৈ) ভাত কেটা সিজোঁতে নো কিমান পৰ লাগিছে। উতলিছেই, লগতে হ'ব। শুদাই-নিকাই এমুঠি খাই যাহঁক। মই যাওঁ, খৰধৰ কৰোঁগৈ। (বেগেৰে ভিতৰলৈ গৈ, বাপেকক ভুলাই ৰাখিবলৈ জেতুকীক পঠিয়াই দিয়ে গৈ) ভোগ।— কি কৰোঁ এতিয়া! (নিটাল মাৰি ভাবে; জেতুকীৰ প্ৰৱেশ) জেতুকী।— (ঢেঁকীয়ে খুন্দা হাতখন দেখুৱাই কান্দি কান্দি) বুপাই! চাচোন আয়ে আজি মোৰ হাতখন কেনেকৈ খুন্দিলে! ভোগ।— চাওঁ, মোৰ আইক ক'ত খুন্দিলে চাওঁ;(জেতুকীৰ হাত চাই) দেহি ঐ, মোৰ আইক কেনেকৈ খুন্দিলে! কেলৈ নো গৈছিলি? জেতুকী।— আয়ে আকৌ বোলে চাউল কেটা কাঁৰি লওঁ, বঢ়াই দেহি। বঢ়াই থাকোঁতে এবেলি হাততে থোৰাটো পৰিল! [ ৪৬ ] ভোগ।— দেহি ঐ, মই নো কি ভাত খাবলৈ আহিছোঁ ঐ! হে হৰি! কি কৰিম! সিফালে বেলিও হ'ল, ইখনতকৈ সিখনহে টান হ'ব পিচে; যাওঁ। (জেতুকীক চুমা দি, বেজাৰ মনেৰে প্ৰস্থান) জেতুকী।— (পিচৰ পৰা) বুপাই, মোলৈ পকা পনীয়াল আনিবি দেই। ৰংদৈ।— (ওলাই আহি) হেৰ, বাপেৰ গ'লেই নে কি? কিমান পালেগৈ? জেতুকী।— ওঁ, বেলি হ'ল বুলি গ'লগৈ তো। বেগাই গৈছে। ৰংদৈ।— হেঁই আঁকৰীজনী! নেযাবি বুলি কবও নোৱাৰিলি! (বহি, কপালত হাত দি) ভাল হ'ল এতিয়া, দিনটো শুকাই-উবাই মৰকগৈ আজি! ৰাতিপুৱাৰে পৰা ঘূৰি ফুৰি ঘৰ ওলাইছিলহি, আকৌ বাহী গাৰেই যাব লগা হ'ল! দেহি ঐ, দুপৰীয়া আহি পাওঁতেই মই কূলৈখনীয়ে নো জুয়ে ধৰাদি কিয় ধৰিছিলোঁ ঐ! খায় ধান খাব পায়, মই নো কেলৈ গৈছিলোঁ ক'ব নোৱাৰোঁ! থক, আমিও নেখাওঁ, ভোকতে মৰোঁ! (মুখত ৰিহাৰ আঁচল দি কান্দে; জেতুকীয়েই মাকৰ ডিঙ্গিত ধৰি কান্দিবলৈ ধৰে) [ ৪৭ ] ৪। অঙ্ক।

প্ৰথম পট,-মৰিয়াগাওঁ


(ভোগমনে হাজত নামেৰে মৰিয়া ল'ৰা এটা লগত লৈ ৰচদ বিচাৰি ফুৰে) ভোগ।— হেৰ কটা, তহঁতৰ গাঁৱৰ কাৰ কাৰ ঘৰত কুকুৰা আৰু কণী সৰহকৈ আছে? কচোন। হাজত।— এ, আমাৰ গাঁৱত খৰহকৈ কাৰো ঘৰত নাই দেও। খৌ ভেল্লেউ আৰু বিলত এহঁতিৰ ঘৰতে দহোটামান দেখিছোঁ; আৰু পেজানৰ ঘৰত হ'লে মই ৰাতি খুবলৈ যাওঁতে, তাৰ কুকুৰা দুজনীয়ে কণী পৰা দেখিছিলোঁ। ভোগ।— বাৰু, আহ, আগেয়ে ভেলেউ আৰু বিলতৰ ঘৰ হৈয়ে যাওঁ। মই ধৰ বুলিলেই তই ধৰি লবি দেই; তই কাৰো কথালৈ কাণ নিদিবি। হাজত।— উ।—, মই নোৱাৰোঁ দেও, ভেলেউ মানুহ ভাল নহয়, তাই গালি খপিব দেও। ভোগ।— বাৰু, মই আছোঁ, তই ভয় নকৰিবি, গালি পাৰে, যি কৰে, মোক কৰিব; তোক কোনেও একো কৰিব নোৱাৰে। (ভেলেউৰ দুৱাৰমুখতে কুকুৰা এজনী দেখা পাই) হেৰ, ধৰ ধৰ, সেইজনী ধৰি ল। (ল'ৰাটোৱে লাহে লাহে গৈ ধৰিলত কুকুৰাজনী চিয়ঁৰি উঠে) ভেলেউ।— (ওলাই আহি) ছুহ ছুহ, কিহে নো ধৰিলেও মোৰ কুকুৰাজনী! (মৰিয়া ল'ৰাটোলৈ চাই) অ, খোদাই! ভালেটি হে, এই খিয়াটোৱে [ ৪৮ ] ধৰিছেহি। হেৰ, খুলমুৱা, কেলেই ধৰিছ মোৰ কুকুৰাজনী? বাপেৰৰ বৰঘৰ পাইছহি নে কি? বন্দি, ভিকহুৰ পো! ভোগ।— ময়ে ধৰাইছোঁ। আজি বৰচেহাব পাবহি, ৰচত তুলিব লাগে। হেৰ, ভেলেউ, কণী আছে যদি গোটাচেৰেক আনগৈ যাচোন। ভেলেউ।— এ।—, নেদেখিছা দেহি! এইটোৱে ৰচতলৈ মোৰ ককুৰাজনী হে পাইছেহি! চাওঁ এৰি দে। (কাঢ়ি আনিবলৈ আগ বাঢ়ে) ভোগ।— হেৰ, এইটো-সেইটো নকৰিবি দেই, ধুন দেখুৱাম পাচে। ভেলেউ।— ই।—, এইটো বুলিলত নাকতিটো খৰি পৰিল দেহি! মৰিয়াৰ পঁইতা খোৱা পো, চেহাব বাপেৰক ৰচত লাগে যদি, খৰহকৈ থকা কেঘৰলৈ নেযাৱ কিয়? বাঁৰী-দুখুনীৰ ঘৰত হে তোৰ চকু পৰে? ভোগ।— হেৰ ভেলেউ, তই মুখ চম্ভালি কথা কবি দেই। ইয়াৰ পৰা তোৰ বেয়া হ'ব জানিবি। মই আজি গৈয়ে মৌজাদাৰ হাকিমক এইবোৰ ৰেপট কৰিম গৈ, ৰবি। ভেলেউ।— ঔ, খোদাই! এতিয়া হে মৰিলোঁ! পলাবলৈ কেঁকোৰা গাঁত এটাকে বিচাৰিব লাগিব! কবিগৈ যা, মৌজাৰীয়ে মোৰ কাণ দুখন কাটিব, তালৈকে মই ভয় কৰিছোঁ। ভোগ।— (মৰিয়া ল'ৰাটোক) হেৰ, বল, আমি যাওঁ। মৰিয়ানীৰে সৈতে কোনে চুপতি কৰি থাকে। আমাৰ কাম কৰি ললোঁ; তাই এতিয়া বকি থাওক। হাজত।— (বিলতৰ কমাৰশাললৈ আঙুলিয়াই) চোৱাচোন্ খৌ কেটা কেনেকৈ খুই আছে! ধৰিবলৈ বৰ ভাল হৈছে। যাম নে? ধৰিমগৈ নে? ভোগ।— ওঁ, সুধিব লাগিছে নে? যা, যা, ধৰগৈ। মনে মনে যাবি। হজত।— (লাহে লাহে গৈ দুহাতে দুটা ধৰি লয়) হেৰা, খৌটো বিলত আহিছে! আপুনি আগ বাঢ়াঁ। মোক খপিবহি এতিয়া! [ ৪৯ ] বিলত।— (ভিতৰৰ পৰা খঙ্গেৰে আহি) হেৰ, এইকিটা ক'ৰ কুকুৰা ধৰা খিয়াল আহিলহঁতঔ! হাঁহৰ পেটু-চোঁচা হেঁদু, বিখয় খাইছ, ৰচত যোগাব লাগে যদি, ঘৰতে কুকুৰা পুহি নলৱ কিয়। দুখীয়া মানুহক কেলেই এইদৰে অইনাই কৰি ফুৰ? ভোগ।— হেৰ, শুকান-খোৱা মৰিয়া! বৰকৈ টপটপাৱ দেখোন। হাকিমৰ হুকুম মতে হে আহিছোঁ, সেইটো মনত ৰাখিবি। সিবাৰ গফুৰ মৰিয়াৰ এনে কথাৰ মূৰত কি দশা হৈছিল মনত আছে নে? বিলত।— (সেও হৈ) এৰা বুবাই! তহঁতে আৰু দূৰলৈ যাব নোৱাৰ, দুখীয়া বুঢ়াৰ হে দুটাকৈ কুকুৰা ধৰিবলৈ পালিহি! বাৰু যা, আমি মৰা মৰোঁ, হাকিমেই বিখই খাই তৰক। (ভিতৰলৈ বেজাৰ মনেৰে সোমাই যায়) ভোগ।— (মৰিয়া ল'ৰাটোলৈ চাই) হেৰ, কুকুৰা যেনিবা তিনিটা পোৱা হ'ল, কণী হে নেপালোঁ। সঁচা কথা ক'লে কোনেও নিদিয়ে; সেই দেখি পোনেই কিনিবলৈ আহিছোঁ বুলি ক'ম। তাৰ পাচে, কণী হাত কৰি ল'লে আন উপায়ে পোৱা যাব। হাজত।— বাৰু, আপুনি যি বুধি কৰিবা, ময়ো তাকে কৰিম। ভোগ।— (পেজানৰ দুৱাৰমুখত) হেৰ, পেজান ঘৰত আছ নে? ওলাই আহচোন। পেজান।— (ওলাই আহি) কোন? অ, আমাৰ গাওঁবুঢ়া দেও। কিবা হ'ল? ভোগ।— হেৰ, তোৰ ঘৰত বোলে কুকুৰা-কণী আছে; মোক সিকি এটা মানৰ দেচোন। আমাৰ চেহাবক লাগে বোলে। পেজান।— বাৰু, আপুনি অখন্তক থি হোৱাঁ; মই আনোগৈ। (প্ৰস্থান) (ভোগমনে জোমাজুমিকৈ থাকোঁতেই কণী লৈ পেজানৰ পুন।— প্ৰৱেশ) ভোগ।— কিমান আনিছ? [ ৫০ ] পেজান।— খোলটা আনিছোঁ; আনক হ'লে তিনি পইচাৰ দুটাকৈহে দিওঁ। তোমাক বুলিহে গোটে পইচাকৈ দিছোঁ। ভোগ।— বাৰু, হেৰ ল"ৰা, কণী কেইটা বান্ধি লচোন। (মৰিয়া ল'ৰাই কাপোৰৰ আগত কণী বান্ধি লয়; আৰু আহিবলৈ ধৰে) পেজান।— (আগচি ধৰি) ক'তা, আপুনি পইচা নিদিলাচোন? ভোগ।— (হাঁহি মাৰি) হেৰ, এইবোৰ ৰচত হে গোটাইছোঁ। মৌজাদাৰ হাকিমৰ হুকুম। বৰচেহাব আহিছে। পেজান।— (মনটো আমোলাই) এহ, এইবোৰ আৰু বৰ অখহনি কথা! দুখীয়া মানুহ, কণীগাল বেচিয়ে চুৰিয়া এডোখৰ লম বুলিছিলোঁ! এতিয়া খিকেটা বেচি নো কি পাম, নুজুৰিব। ভোগ।— অ, আৰু আছে যদি, আন চাইটামান; এবুৰি তেও পূৰা হওক। পেজান।— এ, নাই দেও, যোৱাঁ। এ খোদাই! এনেকুৱা অধৰম হ'লে আৰু কেনেকৈ তৰিম! (উচাত্ মাৰি গুচি যায়) ভোগ।— (দীঘলকৈ হামি এটা মাৰি) ৰাধে, ৰাধে, ৰাধে! গাটো ৰাঁই -জাঁই কৰি আহিছে ঔ! লঘোনীয়া গা! হাজত।— কি হ'ল? গা বেয়া কৰিছে নে? মোৰো ভোক লাগিছে। আপুনি মোক এৰি দিয়া দেও। ভোগ।— হেৰ, মই আজি গাকে ধোৱা নাই। তই দিনটো হাঁহ-কুকুৰাৰ দৰে খাই থাকিও এতিয়া কেঁকাইছনে? হাজত।— হয়, হয়, আপুনি এখাজি নমৰাকৈ আহিছাঁ? মিছা নকবা হে। ভোগ।— এৰা, নপতিয়াবি তো; মোৰ দুখ নো কোনে পতিয়াব! বল, বল, একেবাৰে আৰ্দ্দলিৰ হাতত দি আহোঁগৈ বুপাই। নিচেই তাকৰ হে হ'ল, কি কৰে আজি ঠিক নাই।

(প্ৰস্থান) [ ৫১ ] দ্বিতীয় পট,-চৰ্কাৰী আলহী-বঙলা


(খানচামা, চৰ্দ্দাৰ, আৰ্দ্দলি এইবিলাকে বৰচাহাবৰ মাল-বস্তুৰ দিহা লগাইছে) খানচামা।— চৰ্দ্দাৰ জি, আভিতক ৰচদ নাহি মিলাহেঁই; ক্যা কৰেঙ্গে? টিফিনকোৱাষ্টে কয়ঠো আণ্ডা মিলনেচে ভি হোতা হ্যাই। চৰ্দ্দাৰ।— হ্যাঁ আভিতক কুচ্ নাহি আয়া; একঠো আডমি ঠোৰা লাকৰি ৰাখকে চলাগিয়া হ্যাই। (আৰ্দ্দলিলৈ চাই) দেখ আৰ্দ্দলি, তোম ইধাৰ-উধাৰ হোকে দেখতো কোই আতাহেই কি নাহি। আৰ্দ্দলি।— অ, ৰহ, ৰহ, ঐ দুইটা আডমি আহতা হে। তাঁহাতৰ হাতমে কিবাকিবি আনটাহেই। (ৰচদে সৈতে ভোগমনৰ প্ৰৱেশ আৰু ৰচদৰ ভাৰখন থৈ মৰিয়া ল'ৰাৰ প্ৰস্থান) খানচামা।— তোম কি কি আনিছে? আচ্ছা আমি দেখিবে। ভোগ।— এ, কিনো চাবা, নেপালোঁৱেই দেও; কুকুৰা তিনটা আৰু কণী ষোলটা মাথোন পাই লৈ আহিছোঁ। খান।— (আৰ্দ্দলিলৈ চাই) অ।—, ইস্মে ক্যা হগা! আভি টিফিনমে দেকে, হামলোক খানেছে, ফজৰমে ছোটা হাজিৰিকোৱাষ্টে আণ্ডা নাহি হোগা। তব ক্যা হোগা? আৰ্দ্দলি।— (খঙ্গেৰে) হেৰ গাধ, ইমান দিনে ইয়াকে গোটাই ৰাখিছিলি [ ৫২ ] নে? চুৱৰ বদমাছ! মই জানিছোঁ, এইবোৰ তহঁতৰে ফাঁকতি। পাচত বেচি খাবলৈ কৰবাত লুকুৱাই থৈ আহিছ, নহয় নে? ভোগ।— এ, দেও হে, তুমি অসমীয়া মানুহ হৈয়ো এনে কথা কিয় কোৱাঁ? আজি দুপৰীয়া মাথোন মৌজাদাৰে ৰচতৰ কথা কৈছে। ময়ো দিনটো বিচাৰি এই কেটা হে পালোঁগৈ। আৰ্দ্দলি।— দগাবাজ! এতিয়াই কলি, বোলে, দুপৰীয়া হে খৱৰ পাইছ, আকৌ নো দিনটো কেনেকৈ বিচাৰিলি? মই জানো, এইবোৰ চব তহঁতৰ ফাঁকতি। বাৰু, এতিয়াই মই তাৰ পোটক দিম, অলপ ৰবি। ভোগ।— (কাওঁবাওঁকৈ) হেৰা দেও! কেলৈ নো এইখন কৰাঁ। মই শপত খাই কৈছোঁ, ইয়াতকৈ আৰু আজি সৰহ গোটাব পৰা নাই। আৰ্দ্দলি।— চুপ, চেলা হেৰামজাত! এতিয়াই মই তোক চেহাবৰ ওচৰত হাজিৰ কৰি দিম নি। (অলপ লাহেকৈ) বাৰু, কুকুৰা আনিছ চেহাব আৰু মছলমানকেটালৈ; আমালৈ কি আনিছ? তই কুকুৰা খাৱ হ'ৱলা? নেজান নে চেহাবৰ লগত হিন্দু মানুহো আহে? চৰ্দ্দাৰ।— চুৱাৰকা বাচ্ছা, হামিভি জানিছে তুমি বৰা পাঁজি আডমি আছে। আচ্ছা, হামি হিন্দুলোক খাবলৈ কি আনিছে? ভোগ।— এহ তোমালোকে ভাল ক'ব পাৰাহঁকদেও! হাকিমে যাক যি কাম বটাই দিছে, আমি তাকেহে কৰিব পাৰোঁ। মোক মৰিয়া গাওঁৰ পৰা কুকুৰা আৰু কণী বিচাৰি আনিবলৈ হে হুকুম কৰিছিল। আৰ্দ্দলি।— কোন তোৰ হাকিম অ? কোনে তোক এনে হুকুম দিছিল? তই মৰিয়া নে কি, তোক যে কুকুৰালৈ হে পঠাইছিল? বাৰু, আজি সেই কুকুৰা আৰু কণী তোকে খুৱাম, ৰ।(চৰ্দ্দাৰলৈ চকু টিপ মাৰি) চৰ্দ্দাৰ, ধৰও, ইস্কু খানচামাৰ পাচ লৈ যাইগা; হুঁৱা ইস্কু কুকুৰা কণী খিলাই দেগা ( দুয়ো ভিতৰলৈ নিয়াৰ ভাবুকি দেখুৱাই ভোগমনক টনাঢোঁহা কৰে) [ ৫৩ ] ভোগ।— (কাওঁবাওঁকৈ) হেৰ, বধ লাগে দেউতাটি সকল ঐ! কাবৌটি কৰিছোঁ, মোক এৰি দিয়াহঁক ঐ। হেৰা, মোৰ ঈশ্বৰহঁত, দিনটো ভাত-পানী নাই, গা আচন্দ্ৰাই কৰি আছে; আৰু টনাটনিকৈ মোক নধৰিবাহঁক ঔ! আৰ্দ্দলি।— এতিয়া আৰু দেউতা-বিধতা কৰিলে এৰণ নাই। ব'ল, চেলা, ব'ল। (দুয়ো টানি অলপ বাট লৈ যায়) ভোগ।— (বৰকৈ চিয়ঁৰি) ঐ, সঁচাকৈয়ে নিয়ে দেখোন ঔ! হেৰৌ, মহাৰাণীৰ দোহাই! দেউতাসকলঔ! এনে ক'ত দেখিছ বোপাহঁত ঔ! ইহঁত মানুহ নহয়, যমদূত ঔ! (গোলমাল শুনি বৰচাহাব ওলাই আহে) বৰ চা।— ইয়াটে কোন মানুহ হালা কৰিছে? আৰ্দ্দলি।— হজুৰ, এই মানুহটোৱে। ভোগ।— (কঁপি কঁপি) হুজুৰ, হুজুৰ খোদাবেণ্ডা, গৰিপৰ মা-বাপ! বৰ চা।— টুমি হাই কৰিছে? টোমাৰ কি হৈছে? কব লাগে আমি ডেকিব কোন আডমি টোমাকে জুলুম কৰিছে। ভোগ।— হুজুৰ, একো হোৱা নাই। গোলামৰ একো হোৱা নাই। এই কেইটাই হে-- আৰ্দ্দলি।— হুজুৰ, এইটো বৰা লাঠুৱা মানুহ আছে। ই নতুনকৈ গাওঁবুঢ়া হৈছে; আমি সিবছৰত আহোঁতে শুনি গৈছোঁ। ই আজি দিনটো হজুৰৰ নাম কৰি ৰায়তৰ পৰা ৰচত গোটাই তাৰ ঘৰত লুকুৱাই থৈ আহি, ইয়াত মুঠে কুকুৰা এটা আৰু কণী চাইটা উলিয়াইছেহি। বৰ চা।— (চকু পকাই ভোগমনক) টুমি টিক ৰচত লুকাই ৰাকিছে? টেনেহলে মই তোমাক ফাটক ডিবে! টুমি টিক টিক কঠা কব লাগে। ভোগ।— (ভয়ত চূৰ্ত্তি হেৰুৱাই) হজুৰ, গোলামৰ অপৰাধ খেমা কৰক। মোক এৰি দিয়ক, মই ৰাতিয়েই আৰু ৰচত বিচাৰি আনি হজুৰত শোধাই দি যামহি। [ ৫৪ ] আৰ্দ্দলি।— সেয়া, শুনক হজুৰ, সি নিজেই দোষ স্বীকাৰ কৰিছে; আৰু সি ঘৰত লুকুৱাই থৈ নাহিলে নো ৰাতিয়েই ৰচত দি যামহি বুলিবলৈ সাহ কৰে নে? বৰ চা।— হামি জানিছে, টুমি টিক ৰচদ লুকাই ৰাকিছে। টুমি বড়া লাটুৱা মানুহ টাকিছে। আচ্ছা, মৌজাদাৰ যেটিয়া আহিবে আমি টেটিয়া হুদিবে। হেইটো কঠা ঠিক হলে হামি টোমাকে ফাটক দিবে। ভোগ।— (আতুৰ ভাৱে) হজুৰ, গোলাম, গৰিপ, মা-বাপ। মাৰেও মাৰক, কাটেও কাটক। মই হলে, অলপো মিছা ফাঁকি দিয়া নাই। দেহি ঐ, তেনে কৰিব পৰাহেঁতেন দেখোন, মোৰ এনে দশা নহয়েই! বৰ চা।— টুমি কি কৈছে? ভোগ।— হজুৰ, সঁচা কথাকে কৈছোঁ। বোলোঁ, গোলাম হজুৰক মই একো ফাঁকি-ফুকা দিয়া নাই। আৰু তেনে অইনাই কৰিব পৰা হলে মোৰ ইমান দুখ নহ'লহেঁতেন। ইমান দিনে বৰমানুহ হলোঁহেতেন। বৰ চা।—(খঙ্গেৰে) কি! অইনাই কৰিলে বড়া মানুহ হয়, হুক ফায়! টুমি বড়া লাটুৱা আছে, মই বুজিলে। আচ্ছা, টুমি দুক পালে এইঠো কাম কেলে কৰি টাকিছে? ভোগ।— (কাওঁবাওঁকৈ) হুজুৰ, হজুৰ, গোলামে কব নোৱাৰে। বৰ চা।— (হাঁহি হাঁহি) এটিয়া কেলে কব পাৰিবে! হামি জানিছে, লাব নাই টাকিলে টুমি এইঠো কাম কেলে কৰিবে? তুমি ৰায়তপৰা ঘুচ খাবলে গাওঁবুঢ়া হৈছে? ভোগ।— (ঘোচ খোৱা অৰ্থ বুজি) হয়, হজুৰ, ঢেৰ খাইছোঁ। আমাৰ কপালে কৰিছে! কি কৰিম? বৰ চা।— ঠিক কঠা। এই চব মৌজাদাৰকে হামি হুদিবে। আভি টুমি যাব ফালে। (চাহাবৰ প্ৰস্থান) [ ৫৫ ] ভোগ।— (মূৰ মোহাৰি মোহাৰি) ৰইখা পৰিলোঁ, দেউতা! এতিয়া হে মোৰ জীৱ আহিছে। আৰ্দ্দলি।— বাৰু ৰইখা পোৱাম, ৰবি। (পৰি থকা গোটখৰি এডাললৈ দেখাই) এই গোট কাঠ খৰি দিবলৈ তহঁতক কোনে শিকাইছিল? এতিয়াই ফালি দে, চেলা, পাঁজি। (হেঁচুকি নিয়ে) ভোগ।— হেৰা, খৰি গোটাৱাৰ বাব মোৰ গাত নাছিল। বোলোঁ, গোটা খৰি মই দিয়াহি নাই, জানিছা নে? মোক এনেখন কিয় কৰিছাহঁক? চৰ্দ্দাৰ।— (ভোগমনৰ কাণত ধৰি) আও, চেলা, পাজি, বক-বক নাই কৰিবি। আজি লাকৰি ফাৰি দিব লাগে। ভোগ।— হেৰ, মোৰ ঈশ্বৰহঁত! মই কাবৌ কৰি মাতিছোঁ, মোক এৰি দেহঁক। লঘোনীয়া গা এনেই অথিৰ হ'ব লাগিছে, টনা-আঁজোৰা কৰিলে মোৰ জীৱই যাব এতিয়া! মোক এৰি দিয়াহঁক আজিলৈ; মই সঁচাকৈ কৈছোঁ, কাইলৈ তোমালোকলৈকো বেলেগে হাঁহকণী লৈ আহিম। আৰ্দ্দলি।— আচ্ছা ভাই, ইচকো আভি ছাৰি দেও। কালি নাই আনেগা তো ফেৰ দেখেগা। (চৰ্দ্দাৰে এৰি দিয়ে) ভোগ।— ভাল, মই যাওঁ এতিয়া, কাইলৈ পুৱাতে ওলামহি। কি বোলাঁ? চৰ্দ্দাৰ।— আচ্ছা, আভি যাও। (ভোগমনৰ বেগেৰে প্ৰস্থান) আৰ্দ্দলি।— দোচোৰাঠো গাওঁবুঢ়াক ভি এই মাফিক কৰেগা দেই। ইচৰকম নাই কৰিলে চেলালোক কুছু নাই দেগা। তোম জান্তা? চৰ্দ্দাৰ।— হ্যাঁ, হ্যাঁ, হাম আভি চমজ গিয়াহ্যাই। হামভি বৰাবৰ ইস্মাফিক কৰেগা। (দুইৰো প্ৰস্থান) [ ৫৬ ] তৃতীয় পট,-ৰত্নেশ্বৰৰ চ'ৰা


(ৰত্নশ্বৰ, কচুখোৱা আৰু কেৰপাই)

ৰত্ন।— তহঁতৰ গাফিলিতে মোৰ ফালে আৰু আধ্যা পৰিবগৈ যেন হে দেখিছোঁ। মই ইমান দঢ়াই কৈ আছিলোঁ, বোলোঁ, সময়ত খাজনা শোধাব নোৱাৰিলে মোৰ গাৰ ফালে টান পৰিবগৈ। কিন্তু, কাৰ ভাগিন মৰে, কাৰ হানি হয়! মোৰ বিপদ মিলিলে, তহঁতৰ কি হ'ব? কালি ৫ পাঁচটকীয়া সুদেৰে দুহেজাৰ টকা ধাৰ কৰিহে এই কিস্তিৰ লেঠাটো মাৰিছোঁ; তহঁতৰ সেই বাবে কি হ'ব? তহঁতে মাথোন গাঁৱে গাঁৱে মেল পাতি ফুৰিবলৈ পালেই হ'ল। কেৰপাই।— দেউতাই আমাৰ ওপৰত আৰু কেতিয়াও চোভা নেৰে! গাফিলিকে কৰিছোঁ নে মেল পাতিয়ে ফুৰিছোঁ, নেদেখা জনে দেখি আছে নহয়; আৰু দেউতাই যাকে সোধে সেয়ে ক'ব। ৰত্ন।— থ, থ, তোৰ সাদৰী কথাখন। মই তহঁতৰ আটাইকেওটাকে হাড়লৈকে চিনিছোঁ; তহঁতে মুখতে আটাইখিনি কৰ, কামৰ ফালে কিন্তু একো নাই। তহঁত যে বহি নাথাক, বাৰু, কচোন, মই ওলাই গলে যে লগতে মানুহ আহি চ'ৰাঘৰ ভৰি পৰেহি, তহঁতে গলে নো কিয় বাটলৈ চাওঁতে আমনি লাগে? যদি ৰায়ত বলাবৈ নোৱাৰ, তেন্তে গাওঁবুঢ়া হ'বলৈ বিচাৰিছিলি কিয়? মই পূৰ্ব্বতে নকৈছিলোঁ, বোলোঁ, এতিয়া বিষয় পাবলৈ খাটি ফুৰিছ হয়, পাচে হে তাৰ পৰিণাম বুজিবি। বিষয়া বুলিলেই, বিষয় চাই, দুখ আছেই; এতিয়া কেঁকাই দেখুৱালে কোনে শুদাই এৰিব? (ভোগমনৰ প্ৰৱেশ) [ ৫৭ ] কচু।— ভাল কৈছে দেউতা, আগেয়ে নেভাবি-নিচিন্তি এই হাড়-মাল চপাই লৈছিলোঁ দেখিতো এতিয়া তাৰ পোটক পাইছোঁ। নহলে নো ঘৰে-পৰে আমাৰ শান্তি নোহোৱা হয় নে? ভোগ।— সঁচা কৈছা,মোৰ ককাইটি! সেই পাকত হ'লে মোৰ জীনত সকাম নাইকিয়াই হ'ল। সিদিনা লঘোনে-ভোকে-- ৰত্ন।— (খঙ্গেৰে) হেৰ, কপটীয়া ফাঁকিদাৰহঁত, তহঁতৰ দুখ-বেজাৰৰ টোপোলা মোক মেলি দেখাব নালাগে। তহঁতক মোৰ লেঠাৰ কথা বুজাই কৈ কাম কৰিবলৈ ক'ম, তহঁতে মোৰ আগত নিজৰ দুখ-বেজাৰ কৰি দেখাবি! এইদৰে থাকিলেই আমাৰ কাম সিজিব নহয়? এতিয়া আৰু সেইবোৰ থৈ দে; লোকৰ খাজনা গোটাই দি আমাক যি চহকী কৰিছহঁক সেইটো তহঁতেই বুজিছ; এতিয়া নিজৰ নিজৰ খাজনা দিবহি লাগে। ৰজাৰ খাজনা নিদিলে নহয় বুলি নাজান হ'বলা? নাই, মোৰ বৰপেৰা ভৰাবলৈ দিব লাগে? কেৰপাই।— সেইটো নো কেলেই ক'ব লাগিছে দেউতা! ৰজাৰ খেজেনা, গুৰুৰ কৰ, এইবোৰ বছৰি শোধাবলগীয়া বাব, দিবই লাগিব। ময়ো বছৰি দিয়ে আছোঁ, ঘৰত পয়মাল হোৱাত হে এইবেলি পলম হৈছে; কাইলৈমানে দি যামহি। নিদিলে হ'ব নে? কচু।— দেউতা, মোৰ ঘৰত এইবেলি বৰ পয়মাল! সাইধতে আগকিস্তিৰ খিনিকে দিমহি, বাকীখিনিৰ নিমিত্তে দেউতাই অলপ দিন দিব। ভোগ।— (ইফাল-সিফাল কৰি) দেউতা-ঈশ্বৰ, মই হ'লে নিচেই নিচলা। সিহঁতৰ তেও ঘৰত দুই চাইটা কৰোঁতাই আছে। মোৰ হে-- ৰত্ন।— (খঙ্গেৰে) নিচলা বুলিলেই গা জুৰাব নহয়? মোৰ মৌজাত যিমান দুখীয়া-নিচলা আছে, তেন্তে সকলোকে মাফ দি মই চাপৰি ধৰোঁ! তই তো কটা, গাওঁবুঢ়া হ'বৰ দিনৰেপৰা দুবছৰ খাজনা মুঠেই পইচা এটাকে দিয়া নাই। এইবাৰ আৰু মই মুখলৈ নাচাওঁ। [ ৫৮ ] ভোগ।— (কাওঁবাওঁকৈ) দেউতাই মাৰে, তাৰে, সেইটো দেউতাৰ ইছা। কিন্তু, বন্দীক অলপ কিৰপা কৰিব লাগে। চৰ্কাৰী কামত ফুৰোঁতেই কোনো ফালৰ পৰা যোগাৰ কৰিব নোৱাৰিলোঁ; মই নিচলাই দুবছৰৰ কেনেকৈ দিম? সিবছৰৰে এধামান পাওঁ নে কি বিচাৰি চাওঁগৈ। ৰত্ন।— (খঙ্গত গোৰোহনি মাৰি) মই তহঁতক জীয়াই নিজে মৰিব নোৱাৰোঁ। আজিক এৰি তিনি দিন সময় দিছোঁ, ইয়াৰ ভিতৰত খাজনা আদায় কৰি নিদিলেহি সত্যে কৈছোঁ, ঘৰ-ক্ৰোক কৰাম। তহঁতে দেখোন লাই পাই দাঁত মেলি দেখুৱাৱ। খৰমেৰে মূৰ ভাঙ্গিব দিছ নে কটাহঁত! (মাৰে-মাৰে যেন দেখি গাওঁবুঢ়া তিনিওৰো বেগেৰে প্ৰস্থান) (খন্তেক নিটাল মাৰি ৰৈ মৌজাদাৰৰ প্ৰস্থান) [ ৫৯ ] ৫। অঙ্ক।

প্ৰথম পট,-ভোগমনৰ মাৰল-ঘৰ

(ভোগমন, ৰংদৈ আৰু জেতুকী) (জেতুকীয়ে ফটাকানিৰ দৰা-কন্যা সাজি উমলি আছে) ৰংদৈ।— এতিয়া আৰু ঘুমনি ধৰি বহি থাকিলেই হ'ব নে? কি পাৰ এটা উপায় কৰহঁক। আজি নাজিৰৰ টেকেলা ঘৰ-কুৰুক কৰিবলৈ ওলাবহি নহয়? ভোগ।— (হুমুনিয়া কাড়ি) এৰা, ওলাবহি। ওলায়হি হে লাগে; মই আহোঁতেই শিৱলাল কেঞাৰ গোলাৰ আগত লগ পাই আহিছোঁ। কিন্তু কি কৰিম, নিৰুপায় হ'লোঁ। ৰংদৈ।— কিয়, বৰ কাপোৰখন বেচিও নো এটা কিস্তিমানৰে জোৰা মাৰিব নোৱাৰিলিনেহঁক? ভোগ।— এটা কিস্তিত দিহা কৰিলে কি হ'ব? মৌজাদাৰে দুয়ো বছৰৰ চাৰি কিস্তিৰ কুৰুকি একেলগে দিছে! ইফালে টানত পৰিলে কেঞাবেপাৰীয়েও কাপোৰ-কানি কিনোতে এধামূলীকৈ ল'ব খোজে। এতিয়া আকৌ খেজেনাৰ টানত পৰি যেয়ে-সেয়ে কাপোৰ এধামূলীয়াকৈয়ে বেচিছে। মোৰ আগতে কচুখোৱাি দুখন বেচি হে এটা কিস্তিৰ জোখাৰে ১৩ টকা ৰূপ লৈ গৈছে। আমাৰ সেই একেডোখনৰ বৰকাপোৰ; তাকে লৈ গলোঁ, ৭ সাত টকাতকৈ সৰহ দিবলৈ কোনো নোলাল দেখি ওলটাই লৈ আহিলোঁ। ৰংদৈ।— তেন্তে নো কি উপায় হ'ব এতিয়া? ভোগ।— উপায় আৰু কি আছে? লামলাকতি যি কেডোখনৰ আছে, তাকে কুৰুক কৰি লৈ যাবহি। টেকেলা আহিলে, তামোল-পাণ এটা দি ধৰি চাম, সি মৰম কৰিলে অলপ কিবাকিবি এৰি গলেও যাব পাৰে। [ ৬০ ] ৰংদৈ।— টেকেলাই যিকন মৰম কৰিব, আমি পাইছোঁ! সেই দেখি মই আগধৰি মোৰ কেৰুযোৰ আৰু মণিথোকা পিন্ধিয়ে আছোঁ; আইটীৰ মণিধাৰো থৈছোঁ। কবৰ শুনিছোঁ, বোলে, চৰ্কাৰৰ ঘৰৰপৰা কুৰুক কৰিলেও হাতৰ-কাণৰ খহাই নিবৰ আয়ণ নাই। ভোগ।— জানো, সেইবোৰ মই বুজি নেপাওঁ? কিন্তু, মোৰ মনেৰে তহঁতক পিন্ধি উৰি থকা দেখিলে, টেকেলাই সৰহকৈ আছে বুলি বৰকৈ পেৰিবলৈ হে ধৰিব, একোকে নেৰে। ৰংদৈ।— বাৰু, থৈ দে তহঁতৰ বুধিখন। যমৰ দূত যেন টেকেলাই পোৱাখিনিত যিখন এৰিব আমি এতিয়াই জানিছোঁ। সি বেইচা ৰামহৰিৰ ঘৰ কুৰুক কৰোঁতেই দেখি--ছোঁ--অ, থাক্ মেনে মেনে থাক্, সৌৱা ওলালহি!-- (এটা মানুহৰ সৈতে টেকেলাৰ প্ৰৱেশ) ৰংদৈ।— (ঢৰাখন আগবঢ়াই দি) আহক, ইয়াতে বহক। মই তামোল-ছালি আনোগৈ। টেকেলা।— আমাৰ বহিবৰ আৰু তামোল খাবৰ সময় নাই। চৰ্কাৰী কাম কৰি লওঁ। তাৰ পাচত হে তামোল-ছালি। (ভোগমন মূৰে-কপালে হাত দি বহি আছে) ৰংদৈ।— এ, আই, চৰ্কাৰী কাম হ'ল বুলি নো দুখীয়াৰ ঘৰত ছালি এডোখৰো খাই যাব নেপায় নে? বহক, তামোল এখন খায়ো যকচোন। চৰ্কাৰী কাম বুলিলে আমাৰ জনৰো এই নিচিনা লৰা-ঢপৰা। টেকেলা।— যাম কলৈ? চৰ্কাৰী কাম তহঁতৰ ঘৰতে। এতিয়া ফাঁকি-ফুকাৰ দৰকাৰ নাই, বস্তু উলিয়াই দে; নহ'লে মই ভিতৰ সোমাবলৈ পালে একো নেথাকে। (ভোগমনলৈ চাই) হেৰ, বৰ গাওঁবুঢ়াটো, এতিয়া তললৈ মূৰ কৰি গুণি থাকিলেই আমাৰ চিকাৰূপ কেটকা ওলাব নে? [ ৬১ ] ভোগ।— (মূৰ দাঙ্গি বেজাৰেৰে) যি কৰিব লাগে কৰাঁ; টেকেলা ককাই, মই নিৰুপায়, কি কৰিম? মোৰ নো কি সুধিব লাগিছে আৰু! টেকেলা।— এতিয়া ভালৰি বোলালে কাম নচলে। খাজনাৰ জোখাৰে ধন উঠাকৈ বস্তু উলিয়াই দে। ভোগ।— ককাই, ঘৰ গোটেইখন বেচিলেও খেজেনাৰ জোখাৰে টকা নোলাব। মই নো কি বস্তু দিম, তুমি নিজেই যি পোৱা বিচাৰি নিয়াঁ। টেকেলা।— নোলাব যদি নো কিবা উপায়-বুধি নকৰ কিয়? নাই, একেবাৰে উদং হ'ব খুজিছ হ'বলা? ৰংদৈ।— (টেকেলাৰ মনৰ ভাব বুজিব পাৰি, সাউত্কৰে বটাত তামোল-পাণ আৰু সিকি এটা থৈ আঁঠুকাঢ়ি আগত দি) শক্তি চাই হে ভক্তি! দুখীয়াৰ খুদকণতো দেৱতা তুষ্ট হয়। টেকেলা।— (বটালৈ চাই) ৰোগ চাই ঔষধ নপৰিলে, কেনেকৈ তাৰ বিকাৰ গুচিব? আৰু ---(টেপেৰা গাওঁবুঢ়াৰ হঠাত্ প্ৰৱেশ; টেকেলাই মনত শঙ্কা কৰি, খং দেখুৱাই) কি তহঁতৰ এইখন! টাপৰিলে মেঘ নেৰায়; মোক হাতী এটাৰ লোভ দেখুৱালেও মই চৰ্কাৰী কাম নকৰাকৈ নেৰোঁ। টেপেৰা।— এ, টেকেলা বোপা, ইয়াতে আছাঁহি! মই আকৌ বিচাৰি বিচাৰি হাইৰাণ; তুমি ইফালে আহি এইখিনি পালাহি, মই সিফালে তোমাৰ ঘৰ পালোঁগৈ। পিচে, এতিয়া নো কি হৈছে? টেকেলা।— কি হ'ব, সৌ বটালৈ চোৱাচোন, মোক তুষ্ট কৰি গা সৰাবলৈ কেনে ফিকিৰখন পাতিছে! মই আকৌ কেনে ভকত তুমি জানাই নহয়! টেপেৰা।— এৰা, বোপা, আজিকালি মৌজাদাৰে আমাক কথাইপতি চোভা কৰা হৈছে। এইখন শুনিলে আৰু আমাৰ ফালে যে আধ্যা পেলাবই, তোমাকো লটি-ঘটি কৰাব। (চাতকৰে মনত পেলাই) অ, এতিয়া আৰু পলম কৰিবৰ সকাম নাই; আজি বোলে নৰাগাওঁৱে সৈতে গোটেইখন কুৰুক হ'ব লাগে। মৌজাদাৰ হাকিমে বাটলৈকে দঢ়াই দঢ়াই কৈ পঠিয়াইছে। [ ৬২ ] টেকেলা।— এ।—, আমি কিবা মৌজাদাৰৰ গোলাম নে? যিমান পাৰোঁ, কৰি থাকিম। বাৰু, আহাঁচোন, আমি ভিতৰ সোমাওঁ। টেপেৰা।— বাৰু, বলাঁ। তুমি আগ হোৱাঁ। অ, ভোগমন, তয়ো আহ। (তিনিওৰো ভিতৰলৈ প্ৰৱেশ) ৰংদৈ।— (চকুত আঁচল দি কান্দে) হে পৰ্ভু! এই দুখুনীৰ কপালত নো ইয়াকে লেখিছিলা নে? তিৰোতাৰ জনম দি মতাৰ বন কৰাবলৈ বাকী নেৰাখিলা; পুৱাতে পাটীৰপৰা উঠিয়েই মাইকী আৰু মতা দুইৰো বন অকলে কৰোঁতে মোৰ শাঁতি-শুতি নেথাকে, পথাৰত মতাৰ কাম কৰি আহি, দুপৰীয়া ভোকত বাহতলৰ জেং-খৰি লুৰি আনি ভাত ৰান্ধোহি, গৰু-গাই ধান-চাউল চপোৱাৰ উপৰিও, দিনটো কেইফালৰ পৰা কিমান চিন্তাই খাই মাৰেহি তাৰ লেখ নাই; আৰু যে কিমান দুখ পৰ্ভু, তুমি দেখিয়েই আছাঁ! হাঁয়, ইমান দুৰ্গতি দেখিও তুমি এই বেটীক কিৰপা নকৰিলাঁ! কি কৰিম, মই জানিছোঁ, মোৰ এই জীৱ দেহাৰ পৰা বাজ নহয়মানে আৰু মোৰ দুখৰ অন্ত নপৰে! মই নো কেলেই নমৰোঁঔ!! (বুকুত চাপৰ মাৰি মাটিত পৰি মূৰ্চ্ছা যায়।) জেতুকী।— (মাকৰ গাত ধৰি কান্দি কান্দি) আই! তোৰ কি হৈছে? তই কিয় কান্দিছ? তই কেলেই পৰিলি? (চিয়ঁৰ মাৰি) ঐ, বুপাই, আইৰ কিবা এটা হ'ল ঔ! বেগাই আহ ঔ!! (লোটা-কলহ, কাঁহী-বাটি, কাপোৰ-কানি আদি লৈ টেকেলা, টেপেৰা আৰু ভোগমন ভিতৰৰ পৰা ওলাই আহে) ভোগ।— কি হ'ল,কি হ'ল? (বিতত হৈ ৰংদৈক তোলে) উঠ্, উঠ্, কিয়নো এনে অথিৰ হৈ বেজাৰৰ ওপৰত বেজাৰ দিছ? ঈশ্বৰৰ ইচ্ছা, যি কৰে কৰি থাওক! (ৰংদৈ উঠি চকুত আঁচল দি কান্দিবলৈ ধৰে) টেপেৰা।— এইখন আৰু চাই থাকিব নোৱাৰি! টেকেলা বোপা, কি কি বস্তু লোৱা হৈছে, বেগেতে ফৰ্দ্দ এটা কৰি লোৱাঁ। [ ৬৩ ] টেকেলা।— (হাঁহি হাঁহি), বাৰু, বহাঁচোন। ইমানতে ইমান হ'লে আৰু টেকেলা-গাওঁবুঢ়াৰ কাম ভালকৈয়ে কৰিবা! তুমি এটা এটাকৈ বস্তু ধৰি যোৱাঁ, মই লেখি যাওঁ। (লিখিবলৈ ধৰে) জেতুকী।— (লৰি গৈ বাটি লৈ) অ, এইটোচোন মোৰ ওমলা-বাটিটো! অ, মই নিদিওঁ নিবলৈ। টেকেলা।— (বাটিটো আঁজোৰ মাৰি কাঢ়ি লৈ) থ, তোৰ বাটি এতিয়া। গুচ ইয়াৰ পৰা। জেতুকী।—(ফেকুৰি ফেকুৰি বাপেকক ধৰেগৈ) বুপাই, মোৰ বাটিটো নিয়ে এতিয়া! আজি মই কিহেৰে উমলিব? হুঁ, মোৰ বাটিটো দে। (বৰকৈ চিয়ঁৰি চিয়ঁৰি কান্দে) ভোগ।—(চকুলো টুকি) নেলাগে সেইটো। মোৰ আইক মই আন এটা আনি দিম। (কোলাত তুলি লৈ জেতুকীক নিচুকায়) টেকেলা।— ওঁ, আমাৰ কাম হ'ল, এতিয়া উঠিবহে লাগে। (লগত অনা মানুহটোক) হেৰ, এইখিনি ভাৰ বান্ধি ল। টেপেৰা।— এৰা, উঠা, বলাঁ যাওঁ। সিফালেও কেবাঘৰো আছে। (বস্তু লৈ তিনিওৰো প্ৰস্থান) ভোগ।— (বস্তু নিয়ালৈ চাই থাকি) হাঁয়, এতিয়াও মই জীয়াই আছোঁ! (পৰি মূৰ্চ্ছা যায়) ৰংদৈ।— (ভোগক দাঙ্গি ধৰি) উঠ্, উঠহঁক, মাইকী মানুহৰ দৰে বিয়াকুল হৈছে কেলেই? (বলেৰে ধৈৰ্য্য ধৰি বহি) কপালত যি আছে তাক কোনে গুচাব? তথাপি, দুখৰ পাচত সুখ আছে বুলি সকলোৱে কয়। ভোগ।— (উঠি বহি চকু মোহাৰি) কিনো ক'ম ঐ! মই তহঁতৰো বধৰ ভাগী হলোঁ! কুলী হোৱাৰ ভয়ত, আৰু মান ৰইখা কৰিবলৈ গৈ, চৰ্কাৰী গাওঁবুঢ়া বিষই খাওঁতে এতিয়া মোৰ এনে বিলাই! দেহি ঐ, মোৰ আই হাতৰ পৰা সি অধৰমীয়ে বাটিটো আঁজোৰ মাৰি নিয়ালৈ মনত পৰিলে, [ ৬৪ ] ইতিয়াও মোৰ বুকু ফাটি যায় যেন লাগে। হে পৰ্ভু, তোমাৰ কি অতভূত মহিমা! এনেখন সুখ ভুগিবলৈকে মানুহে গাওঁবুঢ়া বিষই খাবলৈ খাটি-লুটি ফুৰে! হাঁয়! হাঁয়! ৰংদৈ।— মৰাটো মৰেই; জীয়াটোও সেই বুলি তাৰ লগতে মৰিব পাৰে নে? এতিয়া আৰু শোক-বেজাৰ কৰি থাকিলে কি হ'ব? গাওঁবুঢ়া বিষৈয়ে আমাৰ গতি যি কৰিলে কৰক। এতিয়া আৰু তাত সকাম নাই, কাইলৈ গৈ হাকিমৰ আগতে সেইখন বিষই শোধাই থৈ আহি গাটো আজৰি হৈ লবিহঁক। দেহা ভালে থাকিলে, কোন নো নেখাই মৰিছে? এতিয়া হাতে-কাণে যি আছে, তাকে বেচি তৰোঁহঁক। পাচে পৰ্ভুৱে যি কৰে! ভোগ।— (দীঘলকৈ হুমুনিয়া পেলাই) ভাল কৈছ; তোৰ কথাতে ভৰ দিলোঁ। কাইলৈ মৌজাদাৰ হাকিমৰ ওচৰত আমাৰ বিষৈখনৰ মেটমৰা ভাৰখন শোধাই দিহে আহিবগৈ লাগে। ৰংদৈ।— আহচোনহঁক, ভিতৰ সোমাওঁ, কিবা এৰি গৈছে নে চাওঁগৈ। (তিনিওৰো প্ৰস্থান) [ ৬৫ ] দ্বিতীয় পট,-আদালত

(মি।— ইয়ং, পেস্কাৰ, টেকেলা) মি।—ইয়ং।— পেস্কাৰ! পেস্কাৰ।— হজুৰ! ইয়ং।— ফৌজদাৰী মকদ্দমা পেচ কৰিবে লাগে। পেস্কাৰ।— বহুত আচ্ছা হজুৰ! হেৰ, টেকেলা, ভেলেউ মৰিয়ানীক ফুঁকাৰচোন। টেকেলা।— ভাল, দৌতা। (চিয়ঁৰি) ভেলেউ মৰিয়ানী হাজিৰ। ভেলেউ মৰিয়াণী হাজিৰ। (ভেলেউৰ প্ৰৱেশ; হাতযোৰকৈ থিয় দিয়ে) ইয়ং।— টুমি, গোচৰ কৰিছে? ভেলেউ।— হৈছে হজিৰ! পেস্কাৰ।— বাৰু, হলফ্ ল। ক, বুলি, যি ক'ম সঁচা কম, মিছা ক'লে ধৰ্ম্মে ঘটাব। ভেলেউ।— এ খোদাই। মিছা ক'বলৈ নো কি হৈছে? খঁচা ক'মতোন্। ইয়ং।— তোমাৰ কোন্ কটা টাকিছে? ভেলেউ।— নাই হজিৰ! বেটীক কোনেও কটা নাই। পেস্কাৰ।— নহয়, তোৰ কি কথা কবলৈ আছে, তাকে হে সুধিছে। ভেলেউ।— অ, খেইটো কতা! হজিৰ, বেটী বাঁৰী মানুহ। খেতিপথাৰৰ খঁচেই নাই। কুকুৰা-পোৱালি পুহি যেনতেনকৈ পোহ যাওঁ। তাৰে ঘাই কুকুৰাজনীকে খিদিনাসন ভোগমন গাওঁবুঢ়াই কাড়ি আনিলেগৈ! বেটী নিগমে মৰিলোঁ! এনে অইনাই হ'লে কেনেকৈ থাকিম, হজিৰ! ইয়ং।— হেইটো তোমাৰ কুকুৰ ডৰিছে? ডৰিছে তো কি কৰিছে? [ ৬৬ ] ভেলেউ।— মাৰি খালে চাগৈ, হজিৰ! ইয়ং।— হেইটো কুকুৰ কায়? হি কি জাত আছে? পেস্কাৰ।— নহয় হজুৰ, কুকুৰ নহয়, মুৰ্গী হে। ইয়ং।— হাঁ, হাঁ, আমি এতিয়া জানিলে। আচ্ছা গাওঁবুঢ়াকো বলাও। পেস্কাৰ।— হেৰ, টেকেলা, ভোগমন গাওঁবুঢ়াক ফুঁকাৰ; মুক্তিয়াৰকো খৱৰ দিবিগৈ। টেকেলা।— ভাল, দৌতা! (চিয়ঁৰি) ভোগমন গাওঁবুঢ়া হাজিৰ; ভোগমন গাওঁবুঢ়া হাজিৰ! (কঁপি কঁপি ভোগমনৰ প্ৰৱেশ) ইয়ং।— তুমি গাওঁবুঢ়া টাকিছে। ভোগ।— (কঁপি কঁপি) হয় ধৰ্ম্মাৱতাৰ! ইয়ং।— হেইটো মাইকী গড়তে টুমি মুৰ্গী ডৰিছে? ভোগ।— হয়, হজুৰ ধৰ্ম্মাৱতাৰ! ইয়ং।— তুমি টাকে ডাম ডিছে? ভোগ।— নাই হজুৰ, কৰপৰা দিম, দুখীয়া মানুহ। (মুক্তিয়াৰৰ প্ৰৱেশ) ইয়ং।— (পেস্কাৰৰ প্ৰতি) ওৱেল, এই আডমি কচুৰ কবুল কৰিছে। টাকে আমি ফাটক দিবে। পেস্কাৰ।— হয়, হজুৰ! কি সি আচল কথা চমজি ক'ব জনা নাই। তাৰ মুক্তিয়াৰক সুধিলে ভাল আছিল। ইয়ং।— আচ্ছা, মুক্তিয়াৰকে বলাবে লাগে। মুক্তিয়াৰ।— হজুৰ! বেণ্ডা হাজিৰ আছোঁ। ইয়ং।— টোমাৰ কুচ্ জবাব টাকিছে? [ ৬৭ ] মুক্তিয়াৰ।— হয়; হজুৰে ঠিককৈ দৰিয়াপ কৰিব লাগে। ইয়ং।— (অসন্তুষ্ট হৈ) হামি টিক দৰিয়াপ নাই কৰিছে? মুক্তিয়াৰ।— হজুৰ, মোৰ মোক্কেল গৰিপ; কিন্তু ভাল মানুহ। ইয়াৰ সম্বন্ধে ভালকৈ দৰিয়াপ কৰিব লাগে। ইয়ং।— (খঙ্গেৰে) ডৰিয়াপ! ডৰিয়াপ! ক্যা ডৰিয়াপ আছে? পেস্কাৰ।— অ, হয়। হজুৰ, এই গৰিপে তাৰ নিজৰ ক্ষমতাৰে মুৰ্গী কাঢ়ি অনাগৈ নাই। ইয়ং।— টাকে কোন খেমটা দিছে? মুক্তিয়াৰ।— হজুৰে। ইয়ং।— অ।—, টুমি একদম জুঠা কৈছে; হামি টাকে হেই খেমটা নাই ডিছে। জোৰ-জবৰদস্তি জুলুম কৰিবলে হুকুম হামি নাই দিছে। মুক্তিয়াৰ।— হজুৰে দৰিয়াপ কৰি চাওক, দিছে। ইয়ং।— হামি জুঠা নাই কৈছে; হামি হুকুম নাই ডিছে। মুক্তিয়াৰ।— বাৰু, মই ভাঙ্গি কওঁ। হজুৰ সেই মুৰ্গী বৰচাহাবৰ ৰচদলৈ হে আনিছিল; গাওঁবুঢ়াৰ নিজলৈ নহয়। ইয়ং।— ৰচদ আনিছে তো ডাম নাই ফাইছে? মুক্তিয়াৰ।— দাম পালে আৰু এনে হ'বলৈ পায় নে? হজুৰ নতুন কাৰণে বুজা নাই এথোন, পাচে সকলো বুজিব। ইয়ং।— ডাম নাই ফাইছে! আচ্ছা, হামি নাজিৰকে হুডিবে, ---নাজিৰ বাবু! নাজিৰ।— (নেপথ্যৰ পৰা 'হজুৰ'! বুলি বেগেৰে প্ৰৱেশ) ইয়ং।— এই আডমি ৰচন ডাম নাই ফাইছে? নাজিৰ।— নাই, হজুৰ দাম দিয়াৰ দস্তুৰ নাই। [ ৬৮ ] ইয়ং।— ডস্তুৰ নাই! মাগনা কাবে! বহুত বয়া ডস্তুৰ আছে। আচ্ছা, হামি এই কঠা ডেকিবে পিচাৰি। আভি আচামী খালাচ। (মুক্তিয়াৰ, ভোগমন, নাজিৰ প্ৰভৃতিয়ে চেলাম দি প্ৰস্থান কৰে) ভেলেউ।— হজিৰ! পিচে, দুখুনী বেটী হে নিগমে মৰিলোঁ। ইয়ং।— নাই, নাই মৰিবে। এইঠো বাট হামি ওপৰতে লেকিবে। কি জানি টোমাৰ খাটিৰে চবকো ভালা হ'ব ফাৰে। ভেলেউ।— সেইটো খোদায়ে হে জানিছে! (চেলাম দি প্ৰস্থান) ইয়ং।— (পেস্কাৰৰ প্ৰতি) ওৱেল, এইঠো ভালা ডস্তুৰ নাই আচে। কুলী জবৰদস্তি ডৰিবে! ৰচদ কাবে, ডাম নাই ডিবে! গাওঁবুঢ়া কাম কৰিবে, টলব নাই পাবে, কুচ্ নাই মিলিবে! কেইচা ডস্তুৰ! এ চব বাট হামি ওপৰতে লেকিবে। (প্ৰস্থান) (চাহাব উঠি যোৱাৰ পাচত, কাকত-পত্ৰ জুকিয়াই লৈ পেস্কাৰৰ প্ৰস্থান)



তৃতীয় পট,-গাঁৱলীয়া ৰাজবাট


(কচুখোৱা, কেৰপাই আৰু টেপেৰা) কেৰ।— মোলৈ হ'লে অসহনী হ'লহি ককাইটি! নোৱাৰি আৰু! কাইলৈ মোৰ বিষৈখন শোধাই দিওঁগৈ হে বুলিছোঁ। কচু।— দেগৈ শোধাই। পাৰিলে আমিও দিওঁগৈ। টেপেৰা।— কিয় নোৱাৰিম নো কিয়? কিনো নিকিনা-গোলাম সোমালোঁ? এৰিলেও নেৰিবৰ আয়ণ আছে নেকি? [ ৬৯ ] কচু।— এৰা, তেনেকুৱাইতো। আন এটা নলয়মানে নেৰে হেনো। (ভোগমনৰ প্ৰৱেশ) ভোগ।— (হাঁহি হাঁহি) হেৰ, মৰিব, নজনাহঁত, আছ? কি কৰিছহঁক? কেৰ।— ওঁ, আছোঁ তো। তই মৰিব জনাটোওচোন আছ? কলৈ নো গৈছিলি? আজিচোন মন মুকলি? ভোগ।— এৰা, গৈছিলোঁ এইফালে; হাকিমৰ ঘৰৰপৰা আহিলোঁগৈ। টেপেৰা।— সকাম বা কি আছিল? ভোগ।— সকাম আমাৰ বিষৈ খনৰ ভাৰখন শোধাই দিয়া। কচু।— কি, কি, হেৰ, কেনেকৈ শোধালি কচোন? ভোগ।— কাম নকৰোঁ বুলিলোঁ, আৰু হৈ গ'ল। কচু।— কাম নকৰোঁ বোলাতে এৰি দিলে নে? ভোগ।— হে।—, ক'ত এৰে খেমেখা, কত টাংবাং কৰিহে এৰাইছো। কেৰ।— কিনো টাংবাং কৰিলি? কচোন আমাকো বুধিটো? ভোগ।— সলনি নিদিলে নেৰে একোপধ্যে। পিচে, কছাৰী ল'ৰা ভদিয়াক ফুচুলাই নি সলনি দি পাকতে এৰাই গুচি আহিলোঁ। কচু।— এৰা, মই নকৈছোঁ বোলোঁ, আন এটা নেপায়মানে নেৰে। কেৰ।— ভাল হ'ল, শিকি ললোঁ। ময়ো সলনি বিচাৰিব হে লাগিল বোপাই! কোনোমতে এৰাব পাৰিলেই হয়। টেপেৰা।— ময়ো, ময়ো। হেৰ, পাৰ যদি, মোলৈকো বিচাৰিবি এটা। কচু।— কিন্তু, চাবিহঁক, এৰিলেও সুখ নাই। খেমেখা নেৰিবিহঁক। কুলী-ধৰা, ৰচদ-দিয়া এইবোৰ নিয়ম উঠিব, আৰু গাওঁবুঢ়াই বানচ পাব বুলি শুনিছোঁ। আমাৰ চেহাবে হেনো এই কতা চৰকাৰলৈ লিখিছে। কেৰ।— এ।—, মেনে মেনে থাক। বোলে, "মোমাই মৰক, ভূতক পাচে পাওক।" চৰকাৰৰ হুকুম অহালৈ আমি জীয়াই নেথাকোঁ। [ ৭০ ] টেপেৰা।— বাৰু, যি হয় ঘৰত কৰিবিগৈহঁক। এতিয়া দুখত এফেৰি আনদ্ কৰি চাওঁ আহহঁক! সিদিনা জিলাৰ 'ঠেইটাৰ'-ভাওনাত শুনি অহা গাহানটোকে ধৰোঁহঁক। কেৰ।— বেচ কথা। মোৰ হ'লে গাহানটো মুখত আহি আছে। ছেৱে-ছেৱে পাক এটাও দিওঁ, ধৰিবিহঁকচোন:— (কেৰপায়ে লগাই দিয়ে, চাৰিওটাই গীত গাই গাই ঘূৰি ঘূৰি নাচে।)

গীত
খট,——কাশ্মিৰী খেম্‌টা।
আমি চাৰি গাওঁবুঢ়া,
চাৰিগোট ঢেঁকী-থোৰা;
ৰাতি-দিনে কাম বানি হওঁ এধামৰা!    (আমি গাওঁবুঢ়া)
বাহিৰত বৰ-কথা,
ভিতৰত কন্দা-কটা;
ঘৰে-পৰে খকা-খুন্দা গৰিহণা খাই ফুৰা!    (আমি গাওঁবুঢ়া)
ঘৰৰ খোৰাক খাই,
পৰৰ কাম চলাই,
ঘূৰি ফুৰোঁ দিনে-ৰাতি অনাহাৰী বিষৈখোৱা!    (আমি গাওঁবুঢ়া)



যৱনিকাপাত



Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)