লেখক:অনিমা গুহ

ৱিকিউৎসৰ পৰা
(লেখক:ড° অনিমা গুহৰ পৰা পুনঃনিৰ্দেশিত)
অনিমা গুহ
(১৯৩২–২০২১)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক অনিমা গুহ (ইংৰাজী: Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ্ট চৰ্চা লাভ কৰিছিল। দুই দশকতকৈও অধিক কাল তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দি আহিছে। কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছে। ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ অনিমা গুহ কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।Open book সূচী পৃষ্ঠাসমূহ

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

আত্ম-জীৱনী আৰু অন্যান্য[সম্পাদনা কৰক]

  1. তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন (ভ্ৰমণ কাহিনী ),
  2. জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি ( আত্মজীৱনীৰ প্ৰথম খণ্ড ),
  3. বাকীছোৱা জীৱন ( আত্মজীৱনীৰ দ্বিতীয় খণ্ড ),
  4. তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ,
  5. এমুঠি অভিজ্ঞতা,
  6. মানুহ চিত্ৰশালাত,
  7. সোঁতৰ বিপৰীতে
  8. নীল আকাশৰ তলত
  9. বিপন্ন প্ৰজাতি

অনুবাদ[সম্পাদনা কৰক]

  1. বাঙালীৰ ইতিহাস (বঙালীৰপৰা অসমীয়ালৈ)
  2. পূৰ্বাঞ্চল চফৰ (মূল:শ্ৰীপদ যোশী, মাৰাঠী)
  3. নিৰ্বাচিত কলম (মূল: তছলিমা নাছৰিন, বঙালী)
  4. পৰিণীতা (মূল: শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বঙালী)