ৰাজমন্ত্ৰী আৰু নাপিত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ৰাজমন্ত্ৰী আৰু নাপিত
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতি ল'ৰাৰ সাধু


নাতি৷-“ককাদেউতা, আজি দুপৰীয়া তুমি কি এটা শ্লোক মাতি কৈছিলা যে মানুহৰ ভিতৰত নাপিত ধূৰ্ত্ত৷ কিয় নাপিতক ধূৰ্ত্ত বোলে ককাদেউতা?”

ককা৷-“কিয় বোলে, এটা নাপিতৰ সাধু কওঁ শুন, তেতিয়া বুজিব পাৰিবি”-

 

সত্যকালত চৰাই-চিৰিকতি পহু-পতং সকলোৱে কথা কব পাৰিছিল, আৰু সিহঁতৰ কথা মানুহে বুজি পাইছিল৷ সেই কালত এদিন এজন ৰজাই তেওঁৰ বৰ-চ’ৰাত বহি থাকোঁতে দেখিলে যে বৰ-চ’ৰাৰ আগ-চোতালতে এটা বগা আৰু এটা ক’লা কাউৰীয়ে কেল্‌কেলাই কথা পাতি আছে৷ প্ৰথমতে বগা কাউৰীয়ে ক’লা কাউৰীটোক সুধিলে “বান্ধ, তোমালোকে ইয়াত কি খাই থাকা?” ক’লা কাউৰীয়ে উত্তৰ দিলে-“আমি ধান-চাউল, পোক-পৰুৱা আদি খাই থাকোঁ; তোমালোকেনো কি খোৱাঁ?” বগা কাউৰীয়ে ক’লে, “আমি সাত সাগৰৰ সিপাৰে থকা মাণিক গছৰ মাণিক খাওঁ৷” ইয়াৰ পিছত কাউৰী দুটা উৰি গ’ল৷ ৰজাই কিন্তু বৰ-চ’ৰাৰ পৰা সিহঁতৰ এই কথা শুনি আছিল৷ ৰজাই তেতিয়াই পাত্ৰ-মন্ত্ৰী আদি সভাসদসকলক ক’লে, “তোমালোকৰ ভিতৰত যেয়ে সাত সাগৰৰ সিপাৰৰ পৰা মাণিকৰ গছ আনি মোক দিব পাৰিবা তেওঁক মই মোৰ ঘাই মন্ত্ৰী পাতিম৷” মন্ত্ৰীয়ে ক’লে, “স্বৰ্গদেৱ, মই কেনেকৈ সাগৰৰ সিপাৰেলৈ যাম? আৰু মাণিকৰ গছ ক’ত বিচাৰি পাম?সৰ্গদেৱ সেই কাম মোৰ অসাধ্য৷”

পাত্ৰইও সেই কথাকে ক’লে৷ আন আন সভাসদসকলৰ পৰাও ৰজাই তেনেকুৱা উত্তৰকে শুনি ক’লে, “বাৰু, এতিয়াই নগৰত ঢোল পিটি শুনাই দিয়া হওক যে, যেয়ে মোক সাত সাগৰৰ পাৰৰপৰা মাণিকৰ গছ এজোপা আনি দিব পাৰিব, তাক মই দুকলহ সোণ-ৰূপ দিম, আৰু মোৰ ঘাই মন্ত্ৰী পাতিম৷” ৰজাৰ হুকুম মতে এই কথা নগৰত জাননী দিয়া হ’ল; কিন্তু কোনো সেই কামলৈ আগ নাবাঢ়িল৷

সেই নগৰতে এটা সামান্য মানুহৰ দুজনী ঘৈণীয়েক আছিল, বৰজনী এলাগী, সৰু জনী লাগী৷ এলাগীৰ ল’ৰা এটা, লাগীৰ ল’ৰা ছটা৷ এলাগীৰ ল’ৰাটো খোৰা; লাগীৰ ল’ৰাকেইটা শকত-আৱত আৰু নিৰোগী৷ এলাগী আৰু তাইৰ ল’ৰাটোক লাগী আৰু লাগীৰ ল’ৰাকেইটাই দেখিব নোৱাৰে, আৰু খোৱা-পিন্ধাৰ বৰ দুখ দিয়ে৷ খোৰাৰ বাপেকৰপৰাও খোৰাই আৰু তাৰ মাকে কেতিয়াও মৰম বেথা নাপায়৷

লাগীৰ ল’ৰা ছয়োটাই ৰজাৰ জাননীৰ কথা শুনি ৰজাৰ ওচৰলৈ গৈ আঠু লৈ ক’লে, “সৰ্গদেও, আমিয়েই সেই মাণিকৰ গছ আনি দিবলৈ যাব পাৰোঁ, যদি সৰ্গদেৱে হুকুম দিয়ে৷” সিহঁতৰ কথা শুনি ৰজাই ক’লে, “মোৰ কোনো আপত্তি নাই; তহঁতে আনিব পাৰ যদি যা৷ যাবলৈ তহঁতক কি লাগে মোৰ ভৰাঁলৰপৰা লৈ যা৷” ৰজাৰ হুকুম পাই সিহঁতে ৰজাৰ ভৰাঁলৰপৰা বাটত খাবলৈ যি যি বস্তু লাগে সেইবোৰ লগতে লৈ পাঁচখন নাৱত ভৰা দি মাণিক আনিবলৈ সাগৰেদি যাত্ৰা কৰিলে৷

লাগীৰ পুতেকহঁত মাণিক আনিবলৈ যোৱা শুনি এলাগীৰ খোৰা পুতেকেও মাকক সুধিলে, “আই, মোৰ ককাইহঁত মাণিক আনিবলৈ গৈছে মইও যাওঁ৷” মাকে ক’লে, “বোপাই, সিহঁত হৈছে ছয় ভাই-ককাই, বাপেকৰো অতি মৰমৰ; তই হৈছ এলাগীৰ একেটি পোনা, বাপেৰেও তোক দেখিব নোৱাৰে, ককাইদেৱেৰহঁতেও দেখিব নোৱাৰে৷ তই ক’লৈ যাবি মোৰ সোণাই? মই মাগি-খুজি তোক খুৱাই থাকিম, তই কলৈকো যাব নালাগে মোৰ বোপাই৷ তই ৰজাৰ মন্ত্ৰী হবলৈ, আৰু বঁটালৈ আশা কৰি সাত সাগৰৰ পাৰত মাণিক বিচাৰি গৈ কৰবাত মৰি-হাজি ঢুকাই মোক অনাথিনী কৰিব নালাগে মোৰ সোণাই৷” পুতেকে ক’লে, “নহয়, আই, যাওঁ, কামটো কৰিব পাৰিলেতো একেবাৰেই আমাৰ দুখ গুচিবই, নোৱাৰি মৰিলেও মৰিম, তাত নো বেজাৰ কি? একেইতো বোপায়ে আমাক দেখিব নোৱাৰে৷ যদি ৰজাৰ কামত গৈ মৰোঁ, তেনেহলেও ৰজাই তোমাক পুহিব৷ সেইদেখি আই তুমি হকা-বধা নকৰিবা৷ মোৰ বৰ মন গৈছে যাওঁ, গৈ এবাৰ চাওঁৱেইচোন বিধতাই নো আমাৰ কপালখনত সদায় দুখকে লেখিছে নে?” খোৰাই এইদৰে বৰকৈ মাকক কেৰজেৰকৈ ধৰিলত মাকে এৰাব নোৱাৰি কান্দিকাটি পুতেকক বিদায় দিলে৷

খোৰাই ৰজাৰ আগত আঠু লৈ ক’লেগৈ, “সৰ্গদেৱে আজ্ঞা দিলে বন্দীয়েও মাণিকৰ গছ আনিবলৈ যাব পাৰোঁ৷” ৰজাই ক’লে, “ভাল কথা, যাব খুজিছ যা; আৰু কি লাগে মোৰ ভৰালৰপৰা লৈ যা৷”

খোৰাই অলপমান খোৱা বস্তু টোপোলা বান্ধি লৈ, ৰজাৰ ঘোৰাশালৰপৰা ঘোৰা এটা লবৰ মনেৰে ঘোৰাশালত সোমাল; কিন্তু সি যিমানকে ঘোৰা চাই ফুৰিছে, এটা ঘোৰাও তাৰ চকুত পৰা নাই৷ সি, খীণোৱা আৰু উজুটিতে পৰি-মৰা ঘোৰা এটা দেখি হঠাৎ তাৰ আগত থমকি ৰ’ল; কাৰণ ঘোৰাটো সি সৰ্ব্বসুলক্ষণীয়া যেন দেখিলে, ঘোৰাটোৰ গলধনত চপৰিয়াই খোৰাই মাত লগালে,-“কি আচৰিত কথা৷ এনে সৰ্ব্বসুলক্ষণীয়া ঘোৰাটো এনে উজুটিতে পৰিমৰা হ’ল কিয়?” ঘোৰাটোৱে মাত লগালে, “ককাই, মোৰ দুখৰ কথা কোনেও নাজানে৷ মোৰ ভৰিৰ খুৰাৰ তলত সোণৰ শলখা সোমাই আছে; সেইবাবেই মই এনে চেৰেলা হৈ পৰি আছোঁ৷ তুমি যদি পাৰা, সেই শলখাদাল টানি উলিওৱাঁ, উলিয়ালেই দেখিবা মই কেনেটো হওঁ৷ আৰু তাকে কৰি মোৰ পিঠিত উঠি তুমি যলৈকে যাব খুজিবা তলৈকে মই তোমাক নিমিষতে লৈ যাম৷” খোৰাই ঘোৰাটোৰ কথা শুনি ভৰিটো দাঙি চাই দেখিলে সঁচা ত’তে সোণৰ শলখা এডাল সোমাই আছে৷ সি তেতিয়াই কমাৰৰ ঘৰলৈ গৈ এডাল লোৰ চেপেনা আনি শলখাডাল টান মাৰি উলিয়ালতে ঘোৰাটো সুস্থ হৈ টগ্‌বগাবলৈ ধৰিলে৷ খোৰাই দেখি ৰং পাই মাণিকৰ গছ আনিবলৈ ৰজাৰ ওচৰত মেলানি মাগি, সেই ঘোৰাটোতে উঠি ছুটি মেলিলে৷

সিফালে খোৰাৰ ককায়েকহঁত সাগৰেদি গৈ বাটৰ ওৰকে পোৱা নাই; ইফালে খোৰাই বামেদি ঘোৰা চেকুৰাই গৈ গৈ তিন দিনৰ মূৰত যমৰজাৰ নগৰ পালেগৈ৷ তাতে সি দুদিনমান জিৰাবৰ মনেৰে থাকি, সমৰজাৰ সৈতে দেখা-শুনা কৰিলে৷ যমৰজাই ভালেমানদিনৰপৰা জীয়েকলৈ দৰা বিচাৰি ফুৰিছিল, কিন্তু ক’তো সুলক্ষণীয়া দৰা নাপাই মনৰ বেজাৰত চ’ৰাতে মূৰঘূৰাই বহি আছিল৷ এনেতে খোৰা তেওঁৰ আগত ওলালতে তাক সুলক্ষণীয়া দেখি তালৈকে জীয়েকক বিয়া দিলে৷ যমে জীয়েকক মৰা-মানুহ জীয়াই লব পৰা বৰ দি জোঁৱায়েকৰ লগত উলিয়াই দিলে; আৰু জোঁৱায়েকে যমৰজাৰ জীয়েকক লগত লৈ যাবলৈ ধৰিলে৷

এইদৰে গৈ থাকোতে খোৰা দিনচেৰেকৰ মূৰত কপৌৰজাৰ নগৰত ওলালগৈ৷ তাতে জিৰাবৰ মনেৰে সি দিনদিয়েক থাকোঁতে কপৌৰজাই গম পাই তাক মতাই নিয়াই তালৈ নিজৰ জীয়েকক বিয়া আৰু এহাল কপৌ যৌতুক দিলে৷কপৌৰজাৰ জীয়েকে কপৌহাল লগত লৈ গিৰিয়েকৰ লগত যাবলৈ ধৰিলে৷

কিছুমান দিনৰ মূৰত খোৰা নাগৰজাৰ দেশত ওলালগৈ৷তাতে সি কিছুমান দিন জিৰাই-শঁতাই থাকোঁতে নাগৰজাৰ চকুত পৰিল৷ ৰজাই সুলক্ষণীয়া যোগ্য ল’ৰাটো দেখি লৰালৰিকৈ জীয়েকক বিয়া দি, এহাল নাগ-নাগিনী যৌতুকত দি পঠিয়াই দিলে৷

নাগৰজাৰ দেশৰ পৰা গৈ গৈ পাঁচ দিনৰ দিনা খোৰা সৰ্পৰজাৰ দেশত ওলালগৈ৷ সৰ্পৰজাইও এনেটো ল’ৰা হাতত পাই আদৰ-সাদৰ কৰি লৈ গৈ খুৱাই-বুৱাই নিজৰ জীয়েকক তালৈ বিয়া দি এহাল সৰ্প যৌতুক দিলে৷ সেইজনী ঘৈণীয়েককো লগতে লৈ খোৰা যাবলৈ ধৰিলে৷

গৈ আছে, গৈ আছে, গৈ আছে, এনেতে খোৰা ঘপহকৰে বিচনী ৰজাৰ মলুকত ওলালগৈ৷ বিচনী ৰজাইও এনে সুলক্ষণীয়া দৰা দেখি লোভ সামৰিব নোৱাৰি নিজৰ জীয়েকক তালৈ বিয়া দি দুখন বিচনী লগত যৌতুক দিলে৷

এইদৰে পোৱা পাঁচজনী কন্যা লগত লৈ খোৰাই গৈ থাকোঁতে দিনচেৰেকৰ মূৰত, শগুনী-ৰজাৰ দেশ পালেগৈ৷ শগুনী ৰজাইও যম, কপৌ, নাগ, সৰ্প আৰু বিচনী-ৰজাৰ আৰ্হি লৈ বৰ ৰং মনেৰে ধুমধাম কৰি নিজৰ জীয়েকক খোৰালৈ বিয়া দিলে আৰু জীয়েকৰ লগত সাগৰৰ সিপাৰৰ মাণিকৰ গছ এজোপা আনি যৌতুক দি জীয়েক-জোঁৱায়েকক পঠিয়াই দিলে৷ লগত মানুহ সৰহ হোৱা দেখি খোৰাই বামেদি তাৰ ঘোৰাটো আৰু মানুহবোৰ পঠিয়াই দি ঘৈণীয়েকহঁতক লগত লে নাৱেৰে সাগৰেদি উলটি আহিবলৈ ধৰিলে৷

ইফালে খোৰাৰ ককায়েক ছটাই মাণিকৰ গছ বিচাৰি নাপাই, উভতি আহি থাকোঁতে দূৰৰ পৰা খোৰাৰ নাও দেখা পালে৷ সিহঁতে দেখিলে খোৰাই ছজনী কন্যাৰে সৈতে মহা পয়োভৰেৰে আনন্দ কৰি তোলপাৰ লগাই সাগৰত আহিব লাগিছে৷ সিহঁতে দেখিয়েই বুজিলে যে খোৰাই কৰবাত মাণিকৰ গছ পাই আনিছে৷ তাকে ভাবি সিহঁতে কোৱামেলা কৰিলে যে, “আমি ছটা গজ-হস্তী যেন মতা মানুহক চেৰ পেলাই এতিয়া খোৰা হে মন্ত্ৰী হবলগা হ’ল৷ সি মন্ত্ৰী হব, আৰু আমি তাৰ খাটনি ধৰি ভাত মোকোলাই খাম৷ ই কথা হবই নোৱাৰে; খোৰাক সাং কৰি থৈ তাৰ হাতৰপৰা মাণিকৰ গছ আৰু কন্যাবোৰ কাঢ়ি লৈ ভাগবাটি লওঁহঁক আৰু মাণিকৰ গছ ৰজাক দি আমাৰে এটা মন্ত্ৰী হওঁহঁক৷” সিহঁতে ইয়াকে আলচ কৰি সিহঁতৰ নাও খোৰাৰ নাৱৰ ফালে খেৱা দি লৈ আহি ওচৰ পাই মিঠাকৈ মাত লগালে, “সেইটি আমাৰ খোৰা ভাইটি নে? তই ইমানবোৰ কন্যা কৰপৰা পালি? মাণিকৰ গছও আনিছোঁ৷” তাৰ পিছত সি কেনেকৈ আহিল, কেনেকৈ কন্যাবিলাক পালে, আৰু মাণিকৰ গছ কেনেকৈ পালে এটাইবোৰ কথা আগৰপৰা গুৰিলৈকে ককায়েকহঁতৰ আগত ভাঙি-চিঙি ক’লে৷ এই কথা শুনি সিহঁতে আৰু সোধ-পোছ নকৰি নাৱৰ বঠাৰে কুবিয়াই খোৰাক মাৰি সাগৰত পেলাই দিলে৷ ইয়াকে দেখি যমৰজাৰ জীয়েকে কাবৌ-কোকালি কৰি সিহঁতক ক’লে যে “আমাৰ গিৰিহঁতক আপোনালোকে মাৰি আমাক ভাগবাটি ললে ভাল কৰিলে; কিন্তু তেওঁতো আমাৰ স্বামী আছিল, এতেকে তেওঁৰ শ-টো পানীৰপৰা তুলি আনি আমাক দিয়ক, আমি লৈ গৈ ঘৰত খৰি দিওঁগৈহঁক; নহলে বৰ পাপৰ কথাটো হ’ব৷” যমৰজাৰ জীয়েকৰ কথাত সিহঁতৰ মন নুকুমলিলত এটাইকেউজনীয়ে গোটখাই চিয়ঁৰি কান্দিবলৈ ধৰিলে, আৰু ক’লে, “যদি আপোনালোকে আমাৰ শটোও পুৰি মৃতকৰ মুখত পানী এচলু দিবলৈ নিদিয়ে তেন্তে আমাকো লগতে মাৰি পেলাওক; নহলে আমি ৰজাৰ আগত এই কথা কৈ দিমগৈহঁক৷” এই কথা শুনি সিহঁতে ভয় খাই শ-টো সাগৰৰপৰা তুলি আনি যমৰজাৰ জীয়েকক দি বুজাই-বঢ়াই সান্ত্বনা কৰি নাও বাই গুচি আহিল; আৰু যমৰ জীয়েকে শ-টো এটা পেৰাত ভৰাই লৈ আহিল৷

ছয়োটা ককাই-ভায়ে মাণিকৰ গছ আনি ৰজাৰ নগৰৰ ঘাটত নাও চপালত, ৰজাই বাতৰি শুনি পাত্ৰ-মন্ত্ৰী সভাসদসকলক লগত লৈ সিহঁতক আদৰি নিলেহি৷ এই বাতৰি নগৰত ফাটি পৰিলত, মাণিকৰ গছ চাবলৈ চাৰিউফালৰপৰা প্ৰজা আহি ৰজাৰ বৰ-চ’ৰা ভৰি পৰিলহি৷ ৰজাই বৰ-চ’ৰাত বহি ছয় ভায়েকক মাণিকৰ গছ উলিয়াই দিবলৈ হুকুম দিলত, সিহঁতে কন্যা কেউজনীক পেৰাটো মেলি গছজোপা উলিয়াই দিবলৈ ক’লে; কিন্তু মাণিকৰ গছ থকা পেৰাটো সিহঁতৰ খোআ ভায়েকৰ বাহিৰে আন কোনেও মেলিব নোৱাৰে, গতিকে, সিহঁত মহা মস্কিলত পৰিল৷ সিফালে,“গছ উলিয়াই দে,পলম কৰিছ কিয়?” বুলি ৰজাই ক’লে৷ সিহঁতে ছোৱালীকেইজনীক “হেৰ উলিয়াই নিদিয় কিয়? তৎক্ষণাৎ উলিয়াঁ” বুলি ডাবি দি ক’লত যমৰজাৰ জীয়েকে উঠি আহি ৰজাৰ আগত আঠু লৈ ক’লে, “সৰ্গদেও, এই মাণিকৰ গছ আৰু আমাক যি বিয়া কৰাই আনিছিল তেওঁক এওঁবিলাকে বাটতে মাৰিলে৷ মাণিক অনাজন গিৰিহঁতৰ বাহিৰে আমি বা আন কোনেও পেৰা মেলিব নোৱাৰোঁ; তেওঁহে এই পেৰাটো মেলিব আৰু মাৰিব জানিছিল৷” ৰজাই এই কথা শুনি আচৰিত মানি ক’লে, “তেন্তে দেখিছোঁ এটা মহা অন্যায় কাণ্ড ঘটিছে৷ এতিয়া কি হব, কি উপায়েৰে পেৰা মেলা যায়?” যমৰ জীয়েকে ক’লে, “সৰ্গদেৱ, বেটীয়ে আমাৰ গিৰিহঁতৰ শ-টো সেই আনটো পেৰাতে ভৰাই আনিছোঁ৷ যদি বেটীক হুকুম দিয়ে তেন্তে বেটীয়ে তেওঁক জীয়াই দিব পাৰোঁ৷” এই কথা শুনি ৰজাই আৰু আচৰিত হৈ ক’লে, “বাৰু দে জীয়াই; মই হুকুম দিছোঁ৷” ৰজাৰ হুকুম পাই যমৰজাৰ জীয়েকে পেৰা এটাৰপৰা গিৰিয়েকৰ মৰা-শটো উলিয়াই, তাৰ ভিতৰত জীৱটো সুমাই দিবলৈ বাপেকক ধ্যান কৰি কোৱাত মৰা গিৰিয়েকে জীৱ পাই উঠি বহিল; আৰু তেতিয়াই সি পেৰাটো মেলি মাণিকৰ গছজোপা উলিয়াই দিলে৷ মাণিকৰ গছজোপা ওলালতে তাৰ জেউতিত ৰজাৰ বৰ-চ’ৰা তিৰ‌্‌বিৰাবলৈ ধৰিলে৷ ৰজাৰ মহা আনন্দ মিলিল; আৰু ৰাইজে চাৰিউফালৰপৰা “হৈ-ধ্বনি”দিবলৈ ধৰিলে৷ তাৰ পিছত ৰজাই খোৰাৰ মুখৰপৰা সকলো কথা শুনি তাক ঘাই মন্ত্ৰী পাতিলে,আৰু তাৰ হিংসাকুৰীয়া ককায়েকহঁতক হাতীৰে গচকাই মাৰিলে৷

কিছুদিন এইদৰে খোৰা ঘাই মন্ত্ৰী হৈ সুখেৰে থকা দেখি,ৰজাৰ নাপিতটোৰ বৰ খিয়াল লাগিল৷নাপিতটোৰ ৰজাৰ বৰ খটনিয়াৰ আছিল৷কেনেকৈ খোৰাক মন্ত্ৰী ভাঙি সি আন এজনক মন্ত্ৰী পতাব,দিনে-ৰাতিয়ে তাৰ এইহে চিন্তা হ’ল৷এদিন সি ৰজাৰ ডাঢ়ি খুৰাই থাকোঁতে ৰজাক লাহেকে ক’লে, “সৰ্গদেও,মাণিকৰ গছ আনি মন্ত্ৰী হোৱাই মন্ত্ৰী নহয়;মন্ত্ৰীৰ আৰু কাম আছে৷”ৰজাই তাক সুধিলে, “কি কাম আছে,কচোন?”সি উত্তৰ দিলে, “সৰ্গদেও,যিটো মন্ত্ৰীয়ে এদিনৰ ভিতৰতে দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচি আকৌ ৰাতিটোৰ ভিতৰতে ডুলিত বেলেগ বেলেগকৈ ভৰাই দিব পাৰে,সি হে আচল মন্ত্ৰী; আৰু তেনে মানুহ হে সৰ্গদেওৰ মন্ত্ৰী হবৰ যুইগ৷”

নাপিতৰ কথা শুনি পিছদিনা ৰজাই মন্ত্ৰীৰ হতুৱাই দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচাই দি ক’লে,-“মন্ত্ৰী,যদি তুমি আজি ৰাতিৰ ভিতৰতে আকৌ এই মাহ-সৰিয়হবোৰ বুটলি ডুলিত ভৰাই দিব পাৰা,তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা,নহলে তোমাক মই কটাম৷”ৰজাৰ কথা শুনি মন্ত্ৰীয়ে বেজাৰ কৰি ঘৰলৈ গৈ মন-মাৰি বহি আছে৷এনেতে কপৌৰজাৰ জীয়েকে সুধিলে,-“আজি আপোনাৰ নো কি হ’ল?মন-মাৰি বহি আছে কিয়?”গিৰিয়েকে ক’লে,-“কি কম বেজাৰৰ কথা!আজি ৰাতিটোৰ ভিতৰতে দুপুৰা মাটিৰ মাহ-সৰিয়হবোৰ বুটলি আনি ডুলিত ভৰাই দিবলৈ ৰজাই মোক হুকুম দিছে;নহলে হেনো কাটিব৷”কপৌ ৰজাৰ জীয়েকে ক’লে, “ইস্ বৰ কথাটো!আপুনি বেজাৰ নকৰিব,খাই-বৈ শুই থাওক;মই তাৰ দিহা কৰিম৷”ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ অলপ ভাল লাগি তেওঁ খাই-বৈ শুই থাকিল৷ইপিনে কপৌৰজাৰ জীয়েকে ৰাতি গহীন হ’লত,তাইৰ যৌতুকৰ কপৌহাল উলিয়াই দি সিহঁতক ক’লে, “বোপায়ে তহঁতক মোৰ বিপদত তাৰিবলৈ দিছে;এতিয়া তহঁতে মোৰ বিপদত তাৰিবলৈ দিছে;এতিয়া তহঁতে মাহ-সৰিয়হবোৰ তুলি ডুলিত ভৰাই দিব লাগে৷”

এই কথা শুনি কপৌহা উৰি গৈ “দেখৰমানে” যতবোৰ কপৌ আছিল এটাইবোৰ তেতিয়াই মাতি আনি সিহঁতৰ ৰাতিৰ ভিতৰতে মাহ-সৰিয়হবোৰ বোটলোৱাই ডুলিত ভৰোৱাই দিয়ালে৷ পিছদিনা ৰজাই দেখি আচৰিত মানিলে৷নাপিতেও আচৰিত হৈ মন্ত্ৰীক ধ্বংস কৰিবলৈ আকৌ ন-বুধি ভাবিবলৈ ধৰিলে৷

কিছুমান দিনৰ পিছত নাপিতে আকৌ এদিন ৰজাৰ গা পিটিকি থাকোঁতে ৰজাক ক’লে,-“সৰ্গদেও, এই মন্ত্ৰীয়েই মন্ত্ৰী নহয়, মন্ত্ৰীৰ আৰু কাম আছে!” ৰজাই “কি কাম কচোন?” বুলি সুধিলত নাপিতে ক’লে, “স্বৰ্গদেও, যি এৰাতিৰ ভিতৰতে দুপুৰা মাটিত দুটা পুখুৰী খনাই নাগ বহুৱাই দিব পাৰে সিহে আচল মন্ত্ৰী৷” এই কথা শুনি ৰজাই মন্ত্ৰীক আগৰদৰে হুকুম দি ক’লে, “যদি পুখুৰী খনাই দিব নোৱাৰা,তেনেহলে তোমাৰ মূৰ যাব৷”

সেই দিনাও মন্ত্ৰীয়ে ঘৰত মূৰঘূৰাই বহি আছে দেখি, নাগ-ৰজাৰ জীয়েকে দেখা পাই, “কি হৈছে?” বুলি সুধিলত তেওঁ ৰজাৰ হুকুমৰ কথা ক’লে৷ কথাটো শুনি ঘৈণীয়েকে ক’লে, “এইটো একো টান কথা নহয়; আপুনি খাই-বৈ মহাসুখে শুই থাকক, মই তাৰ ব্যৱস্থা কৰিম৷” ৰাতি গহীন হ’লত, মই তাৰ ব্যৱস্থা কৰিম৷” ৰাতি গহীন হ’লত, নাগ ৰজাৰ জীয়েকে যৌতুকত পোৱা নাগ-নাগিনীক ক’লে, “বোপায়ে মোক বিপদত তৰিবলৈ তহঁতক মোৰ লগত দিছে৷ তহঁতে আজি ৰাতিৰ ভিতৰতে এই দুপুৰা মাটিত পুখুৰী দুটা খানি তাত নাগ বহুৱাই দিব লাগিব, নহ’লে এৰণ নাই৷” নাগৰজাৰ জীয়েকৰ কথা শুনি নাগ-নাগিনীয়ে তেতিয়াই “দেখৰ” নাগ মাতি পুখুৰী খানিবলৈ লগাই দিলে; আৰু ৰাতিৰ ভিতৰতে মাটিৰ দুপুৰাত সিহঁতে দুটা পুখুৰী খানি তাত নাগ পুতি থৈ গুচি গ’ল৷পিছদিনা পুৱা ৰজা আৰু নাপিতে পুখুৰী দুটা দেখি বিস্ময় মানিলে; আৰু এনে দুটা অসাইধ কাম দিও মন্ত্ৰীক হৰুৱাব নোৱাৰি নাপিত বিবুধি হ’ল৷

ইয়াৰ দিনচেৰেকৰ পিছত আকৌ নাপিতে এটা বুধি চৰ্জি ৰজাক ক’লে, “সৰ্গদেও, সৰ্গদেওৰ মন্ত্ৰী এতিয়া আচল মন্ত্ৰীৰ যুইগ হব পৰা নাইগে; মন্ত্ৰীৰ আৰু কাম আছে৷”ৰজাই “সেইটো কি কাম?” বুলি সুধিলত নাপিতে ক’লে, “যি মন্ত্ৰীয়ে ৰাতিটোৰ ভিতৰতে এখন সৰ্পৰ নগৰ সজাই দিব পাৰিব সি হে আচল মন্ত্ৰী৷নহলে এই মন্ত্ৰী ফপহুতা মন্ত্ৰী৷”নাপিতৰ কথা শুনি ৰজাই মন্ত্ৰীক মতাই আনি ক’লে, “তুমি যদি আজি ৰাতিৰ ভিতৰতে মোক এখন সৰ্পৰ নগৰ সজাই দিয়াব পাৰা, তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা,নতুবা তোমাক কটাম৷”মন্ত্ৰীয়ে আকৌ এইটো ন-বিপদ গাত পৰাহি দেখি দুখে-বেজাৰে ঘৰত জুপুকা মাৰি বহি আছেগৈ;এনেতে সৰ্পৰজাৰ জীয়েকে দেখি “কি হৈছে?”বুলি সুধিলত গিৰিয়েকে সেই বিপদৰ কথা কৈ দুখ কৰিবলৈ ধৰিলে৷ঘৈণীয়েকে ক’লে,“এইফেৰা কথাৰ নিমিত্তেই আপোনাৰ ইমানটো বেজাৰ?যাওক আপুনি ভাত-পানী খাই মহাসুখে শুই থাককগৈ,মই এই ৰাতিৰ ভিতৰতে আপোনাক সৰ্পৰ নগৰ কেইখন লাগে সজাই দিয়াম৷”ঘৈণীয়েকৰ আশ্বাস বাণী শুনি গিৰিয়েকে ভাত-পানী খাই শুই থাকিল৷ৰাতি দুপৰ হ’লত,সৰ্প ৰজাৰ জীয়েকে যৌতুকত পোৱা সাপজোৰ জপাৰপৰা উলিয়াই এৰি দি সৰ্পৰ নগৰ এখন সাজি দিবলৈ সিহঁতক ক’লত,সিহঁতে ততালিকে গৈ লগৰ সাপ এটাইবোৰ মাতি আনিলেগৈ৷সিহঁতে বৰ বৰ অজগৰক খুটা-চটি পাতিলে,পানীমৰলী আৰু ডাহীক মাৰলি আৰু ৰুৱা পাতিলে৷এইদৰে বিধে বিধে সাপেৰেই ঘৰৰপৰা দুৱাৰলৈ,পদূলিৰপৰা বাটলৈকে সিহঁতে সাজি গোটেইখন সৰ্পময় কৰি পেলালে;ৰাতি এডোখৰৰৰপৰা সাপৰ ফোঁপাউৰিত ওচৰত মানুহ থাকিব নোৱাৰা হ’ল৷সাপৰ ফোঁপাউৰি শুনি ৰজাৰ টোপনি ভাগি গ’লত,ৰজাই উঠি চাই বিচূৰ্ত্তি হৈ ভয় খাই লৰ মাৰি বৰ-ঘৰৰ ভিতৰত সোমালগৈ৷তেতিয়া ৰজাই মন্ত্ৰীক মতাই অনাই ক’লে, “মন্ত্ৰী,মোক আৰু সৰ্পৰ নগৰ নালাগে,এতিয়াই ভাঙি দিয়াঁ৷”মন্ত্ৰীয়ে সেই কথা সৰ্পৰজাৰ জীয়েকক ক’লত,ঘৈণীয়েকে ভিতৰৰপৰা তিনটা চাপৰি মাৰি দিলত সাপবোৰ দিহাদিহি ভাগি গুচি গ’ল;আৰু তেতিয়াহে ৰজাই বৰ-ঘৰৰ ভিতৰৰপৰা ওলাব পাৰিছে৷

নাপিতে তাৰ বুধিবোৰ এটা এটাকৈ খটাইও মন্ত্ৰীক একো কৰিব নোৱাৰি বিমোৰত পৰি থাকি কিছুমান দিনৰ অন্তত আৰু এটা বুধি উলিয়ালে৷সি মন্ত্ৰীক মাৰিবৰ মনেৰে ৰজাক এদিন ক’লে,“সৰ্গদেও,আপোনাৰ মন্ত্ৰীয়ে এইবোৰ যিমানকে কৰি দেখুওৱাক,তথাপি সি আপোনাৰ যুইগৰ আচল মন্ত্ৰী হব পৰা নাই৷যেতিয়ালৈকে সি আপোনাৰ উপৰি-পুৰুষৰ চিৰি-আঙঠিটো আনি দিব নোৱাৰে তেতিয়ালৈকে সি আচল মন্ত্ৰী হব নোৱাৰে৷যি সেই চিৰি-আঙঠি আনি দিব পাৰে সি হে আচল মন্ত্ৰী৷”ৰজাই নাপিতৰ কথা শুনি মন্ত্ৰীক মতাই আনি ৰজাৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি আনিবলৈ হুকুম দি ক’লে, “আনিব নোৱাৰিলে তোমাৰ প্ৰাণ নাথাকে৷”

ৰজাৰ হুকুম শুনি মন্ত্ৰীয়ে ভাবিলে যে তেওঁ আৰু এইবাৰ ৰক্ষা নাই৷ঘৰলৈ গে তেওঁ মন মাৰি বহি আছে,এনেতে বিচনী ৰজাৰ জীয়েকে তেওঁক সেইদৰে আমন-জিমনকৈ থকা দেখি “কি হৈছে?”বুলি সুধিলত,তেওঁ ক’লে, “এইবাৰ জীয়াই থাকিলেহে থকা,-আজি ৰজাই তেওঁৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি আনিবলৈ মোক হুকুম দিছে;আনি দিব নোৱাৰিলে মোৰ প্ৰাণ নাথাকে৷”ঘৈণীয়েকে ক’লে, “বাৰু যাওক,খোৱা-বোৱা কৰকগৈ;চিৰি-আঙঠি আনি দিব লাগে,আনি দিয়া যাব;সি একো টান কাম নহয়৷”ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীয়ে অলপ উশাহ পাই উঠি খাবলৈ গ’ল৷

ইফালে নাপিতটোৱে ভাবিলে “ই মন্ত্ৰীয়ে নো কেনেকে বাৰে বাৰে ইমান আচৰিত কামবোৰ কৰে,চাব লাগিব৷” ইয়াকে নাপিতে ভাবি,ৰাতি মন্ত্ৰীৰ ঘৰলৈ গৈ বাহিৰৰপৰা বেৰৰ জলঙাইদি জুমি চাই আছিল৷ৰাতি গহীন হ’লত বিচনীৰজাৰ জীয়েকে যৌতুকত পোৱা বিচনী দুখন উলিয়াই “আজি মোক বিপদত তৰাব লাগিব”বুলি বিচনী দুখনৰ আগত কৈ,এখনেৰে গিৰিয়েকৰ গাত বা মাৰি দিলত গিৰিয়েক মৰি থাকিল;আৰু ততালিকে,ৰজাৰ উপৰি-পুৰুষৰ ওচৰ পাই,ৰজাই চিৰি-আঙঠিটোষ খুজিছে বুলি তেওঁলোকৰ আগত কৈ আঙঠিটো ললে৷তাৰ পাছত ঘৈণীয়েকে এখন বিচনীৰে বা মাৰি দিলতে গিৰিয়েকে জীৱ পাই উঠি বহিল৷বেৰৰ জলঙাইদি নাপিতে এই কথা দেখি থাকি গুচি আহিল৷

পিছদিনা মন্ত্ৰীয়ে ৰজাৰ হাতত চিৰি-আঙঠিটো দি ক’লে, “সৰ্গদেৱ,এইয়া চিৰি-আঙঠি চিনি লওক৷”ৰজাই আঙঠিটো দেখি চিনি পাই,মন্ত্ৰীক শলাগিবলৈ ধৰিলে৷সেইদিনা মন্ত্ৰীয়েও নাপিতক মাৰিবৰ বুধি সাজি ৰজাক ক’লে, “সৰ্গদেও,মই চিৰি-আঙঠি আনিবলৈ যাওঁতে দেখি আহিলোঁ,যে নাপিতৰ অভাৱত আপোনাৰ উপৰি-পুৰুষৰ ডাড়ি-চুলি আৰু নখবোৰ বৰ দীঘল হৈ পৰিছে৷তেখেতসকলে মোক দেখি আপোনাৰ নাপিতটোৰ নাম কাঢ়ি তাক তেখেতসকলৰ ওচৰলৈ পঠিয়াই দিবলৈ ক’লে৷”ৰজাই মন্ত্ৰীৰ কথা সঁচা বুলি পতিয়াই নাপিতক মতাই অনাই কলে “মোৰ উপৰি-পুৰুষৰ ডাড়ি-চুলি দীঘল হ’ল৷তই আজি ৰাতিয়েই গৈ খুৰাই আহিবগৈ লাগে৷”নাপিতে “ভাল সৰ্গদেউ”বুলি তাৰ ঘৰলৈ গ’ল৷সি আগদিনা মন্ত্ৰীয়ে দুখন বিচনীৰ সহায়ত পৰলোকৰপৰা ৰজাৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি অনা দেখিছিল৷সি সেইদেখি সেইটো উজু কাম বুলি ভাবি ৰং মনেৰে কৰিবলৈ আগবাঢ়ি তাৰ ঘৈণীয়েকক সোনকালে ভাত-পানী ৰান্ধি দিবলৈ ক’লে৷খাই-বৈ উঠি নাপিতে নাপিতনীক দুখন বিচনী আনিবলৈ ক’লে৷নাপিতনীয়ে বিচনী দুখন আনি দিলত,নাপিতে তাইক ক’লে, “বোলো মই ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিব লাগে;এতেকে তই এখন বিচনীৰে মোক বিচি দে,দিলেই মই মৰিম,মৰি তেখেতসকলৰ ডাঢ়ি-চুলি খুৰাওঁগৈল,আৰু কিছু পৰৰ পিছত ইখন বিচনীৰে তই মোক বিচি দিলেই মই জীম৷”

নাপিতৰ কথা শুনি ঘৈণীয়েকে বিচনী এখন লৈ তাক বিচি আছে,কিন্তু সি নমৰে৷যি নমৰা দেখি তাই তাৰ ওকণীশিৰতে বিচনীৰ নালেৰে মাৰ এটা মাৰি দিলে,আৰু একে মাৰতে নাপিত মৰি থাকিল৷ইয়াৰ অলপ পৰৰ পিছত নাপিতনীয়ে ইখন বিচনীৰে বিচিবলৈ ধৰিলে৷কিন্তু তাই বিচে হে বিচে গিৰিয়েক নিজীৱে৷

পিছদিনা ৰজাই বিচাৰ কৰিলে, নাপিতে ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিল নে নাই? নাপিতনীয়ে গিৰিয়েকৰ মৰাশটো আগত লৈ বিচনীৰে বিচি আছে,তথাপি গিৰিয়ক নিজীৱে; আৰু শটো উখহি ভীম্বাকাৰ দি তাৰপৰা গোন্ধ ওলাবলৈ ধৰিলে৷ শেহত তাৰপৰা ইমান গোন্ধ ওলাবলৈ ধৰিলে যে গোন্ধ পাই ৰজাই, নাপিতৰ কি হ’ল, তাৰ ঘৰৰ ভিতৰ সোমাই চাবলৈ টেকেলা পঠিয়াই দিলে৷ টেকেলাই নাপিত মৰি উখহি গোন্ধাই থকা দেখি নাপিতনীক ধৰি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি৷ ৰজাই তেতিয়াই, ঘৈণীয়েকে নাপিতক মাৰিলে বুলি ভাবি তাইকো মৰাই নাপিতৰে সৈতে একেলগে পোতাই থলে৷ সেই দিনাৰপৰা মন্ত্ৰীয়ে সুখেৰে খাই-লৈ কাম কাজ কৰি থাকিল৷