এটা বুঢ়া আৰু পাঁচ পুতেক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এটা বুঢ়া আৰু পাঁচ পুতেক
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতি ল'ৰাৰ সাধু


ককা৷-“আজি অধ্যাপকে কৈছিল তই হেনো ভালকৈ পঢ়া-শুনা কৰিছ৷ মই শুনি বৰ সন্তোষ পাইছোঁ৷ আহ আজি এটা দীঘল সাধু কওঁ৷”--

           

এটা বুঢ়া আৰু তাৰ পাঁচোটা পুতেক আছিল৷ বুঢ়াই চাৰি পুতেকলৈ চাৰিজনী বোৱাৰী আনিছিল; মাত্ৰ নুমলীয়াটো হে বাকী আছিল৷

এদিন কেণ্‌কেনীয়া বৰষুণীয়া বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, “বোপাহঁত ঔ, আজি কি কৰিবৰ দিন?” বৰটো পুতেকে উত্তৰ দিলে-“পিতাই, আজি ভালকৈ কাপোৰ-কানি লৈ উম লগাই শুই থাকিবৰ দিন৷” মাজুটোৱে উত্তৰ দিলে,-“আজি খৰাহি-পাচি সাজিবৰ দিন৷”বৰ-মাজুটোৱে ক’লে-“আজি পোৰা মাছে পঁইতা ভাতে খাবৰ দিন৷” সৰুটোৱে ক’লে, “আজি হালোৱা-গাঁতি মাৰি পথাৰত হাল বাবৰ দিন৷” এটাইকেইটাতকৈ সৰু নুমলীয়াটোৱে ক’লে-“পিতাই, আজি ভালকৈ এঠাইত কঠ পাৰি বহি লেখা-পঢ়া কৰিবৰ দিন৷” পুতেকহঁতৰ কথা শুনি বাপেকে মিচিকীয়া হাঁহি মাৰি একো নকৈ মনে মনে থাকিল৷ কিন্তু নুমলীয়া ভায়েকৰ উত্তৰটো শুনি চাৰিওটা ককায়েকে গোৰ্‌গোৰাবলৈ ধৰিলে৷ সিহঁতে ভাবিলে “ই:!ই লেখা-পঢ়া কৰি পণ্ডিত হৈ আমাতকৈ ডাঙৰ মানুহ হৈ খাবলৈ ওলাইছে৷ আমি হালোৱা-চহা হৈ থাকিম, আৰু ই বৰ মানুহ হৈ আমাক গোলাম কৰি বাব!” নুমলীয়া ল’ৰাটো স্বভাৱতে অলপ চোকা বুদ্ধিৰ আছিল দেখি বুঢ়াইও তাক আনকেইটাতকৈ অলপ সৰহকৈ মৰম কৰিছিল৷ সেইবাবে ককায়েকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল৷ গতিকে, সিহঁতে সেই বিহমনাৰ পুলিটো সৰুতে উভালি পেলাই আপদৰ হাত সাৰিবৰ মন কৰিলে৷ এদিন চাৰিউটাই আলচি থিৰ কৰিলে, যে কোনোমতে ছল-বুধি কৰি সিহঁতে নুমলীয়া ভায়েকক মাৰি পেলাব৷ কিন্তু নুমলীয়া দেওৰ বৰবৌৱেকৰ কেনেবাকৈ এই আলচৰ কথা গম পাই, নুমলীয়া দেওৰেকক মনে মনে সাৱধান কৰি দি, সোনকালে সেই ঘৰৰপৰা পলাই গুচি যাবলৈ ক’লে৷

 এদিন নুমলীয়াই বাৰীত সোমাই পান পাৰিবলৈ বুলি পাণ বগোৱা তামোলৰ গছত উঠক৷ বাৰীচুকৰ আওহতীয়া ঠাইত সেইদৰে নুমলীয়া ভায়েকক অকলৈ দেখি ককায়েকহঁতে তাতে তাক বধিবৰ মনেৰে হাতত কপি-দা এখন লৈ তামোলৰ গছৰ তলত থিয় দিলেগৈ৷ ককায়েকহঁতৰ গতি দেখি গছৰ ওপৰত পাণ পাৰি থকা ভায়েকে সিহঁতৰ কু-মতলবৰ কথা বুজিব পাৰি ওপৰৰপৰা মাত লগালে-“ককাইটিহঁত, তহঁত আহিলি ভালেই হ’ল; মই ৰিঙিয়াই মাতোহে বুলিছিলোঁ৷ পাণজোপাৰ এইখিনিতে আম্‌ৰলি পৰুৱাৰ বাহ এটা আছে; পাণ পাৰিবই নোৱাৰি৷ মোক দাখন দেচোন, বাহটো কাটি তললৈ সৰাই দিওঁ৷” সিহঁতে তাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি, বাঁহ এডালৰ মূৰত দাখনেৰে ঘপিয়াই খোচ মাৰি দাখন তাতে লগাই ওপৰলৈ তুলি ভায়েকক দিলে৷ দাখন পায়েই ভায়েকে মিছামিছিকৈ আমৰলিৰ বাহ অঁতোৱাৰ ছল কৰি খপ্‌কৰে তামোল জোপাৰপৰা পিছলি মাটিত পৰিয়েই ঘপ্ ঘপ্ কৰে ককায়েকহঁতৰ মূৰকেইটা কাটি পেলালে৷

সি এই কাম কৰি অঁতাই ঘৰলৈ নগৈ, চাৰি ককায়েকহঁতৰ মূৰ চাৰিটা তাৰ গাৰ পানী-গামোছাখনেৰে টোপোলা বান্ধি লৈ গাৰি চাৰিটা তাতে এৰি থৈ বিদেশলৈ গুচি গ’ল৷ যাওঁতে যাওঁতে বাটতে গধূলি হ’লত, ওচৰতে কুঁহিয়াৰণি এখনৰ মাজত টঙি এখন দেখি তাতে থাকি ৰাতিটো কটাবৰ মনেৰে উঠি থাকিল৷ টঙিত উঠিয়েই সি মূৰ চাৰিটা টঙিৰ চাৰিফালে আঁৰি থৈ বহি থাকি কিছুমান বেলিৰ মূৰত কলমুটিয়াবলৈ ধৰিলে৷

এনেতে পথাৰৰ মাজৰ হোলা এটাৰপৰা দ’ত এটা ওলাই আহি টঙিৰ ওচৰত থিয় হৈ তাক মাত লগালে-“হেৰা মানুহটো, তই আঁৰি থোৱা সেই মূৰ এটা মোক খাবলৈ দিব পাৰ নে?” ৰাতি দুপৰত কাৰোবাৰ মাত শুনি নুমলীয়া চক‌্‌মক্‌খাই উঠি চকু মেলি দেখিলে যে দীঘল দীঘল ঠেং আৰু দীঘল দীঘল হাতেৰে দতুৱা দ’ত এটাই আগতে থিয় হৈ তাক কিবা কৈছে; আৰু দ’তটো ইমান ওখ যে টঙিৰ সৈতে তাৰ মূৰটো প্ৰায় সমান হৈ পৰিছে৷ ভয়ত নুমলীয়া জ্বৰঘামে ঘামিবলৈ ধৰিলে৷ কিন্তু ততালিকে সি মনটো ডাঠ কৰি ভয়টো লুকাই থৈ দ’তলৈ চাই কেৰ্কেৰীয়া মাতেৰে সুধিলে-“তোক কি লাগে অ’? বেগাই ক৷ মোৰ আজৰি নাই৷” দ’তে নুমলীয়াৰ কথাৰ ভমক দেখি কোঁচখাই উত্তৰ দিলে-“আপোনাৰ ওচৰত সেই মূৰ এটা মাগি নিবলৈ বুলি আহিছোঁ৷ আজি ভালেমান দিন মানুহৰ মূৰ খাবলৈ পোৱা নাই ; ইয়াত আজি মূৰ কেইটা আঁৰি থোৱা দেখি মোৰ বৰ খাবৰ মন গৈছে; আপুনি কৃপা কৰিলেই যেনিবা মনৰ হেঁপাহ পলায়৷” নুমলীয়াই মাত লগালে-“তোক মূৰ এটা দিলে তই মোক কি দিবি? মুখৰ শুদা কথাতে আৰু মূৰ পোৱা নেযায়৷” দ’তে ক’লে, “মোৰ কি আছে কি দিম? মোৰ কঁকালতে এই জোলোঙাটো আছে; তাকে লাগে যদি নিয়ক৷” নুমলীয়াই ক’লে, “হেৰ জোলোঙাটো লৈ মই কি কৰিম? তাৰে মোৰ কি উপকাৰ হ’ব?” দ’তে ক’লে,“এই জোলোঙাটোত আপুনি যতবাৰ হাত ভৰাব ততবাৰ এমুঠি এমুঠি ৰূপ পাব৷ হোৱঁক ধৰক আপুনি জোলোঙাটো আৰু তাত আপোনাৰ হাতখন ভৰাই এতিয়াই প্ৰমাণ চাওক৷” এই বুলি দ’তে তাৰ জোলোঙাটো নুমলীয়াক দিলে৷ নুমলীয়াই জোলোঙাটো লৈ তাত হাত ভৰালতে তাৰ হাতৰ মুঠিত এমুঠি ৰূপ উঠিল৷ দেখি নুমলীয়াৰ মনত মহা ৰং৷ তেতিয়াই সি মূৰ চাৰিটাৰ এটা দ’তক দি দিলে; আৰু দ’তে ৰং মনেৰে মূৰটো লৈ গুচি গ’ল৷

ইয়াৰ অলপ পৰ পিচতে নুমলীয়াৰ চিল্‌মিল্‌কৈ অলপ টোপনি আহিছে মাথোন, এনেতে আকৌ কিবা এটা মাত তাৰ কাণত পৰিল, সি চক্‌খাই উঠিল৷ সি চকু মেলি দেখিলে,-দীঘল নাক আৰু দীঘল চুলিৰে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে৷ কি লাগে বুলি সি ভূতটোক সুধিলত, ভূতে গেনা মাতেৰে ক’লে, “কঁকাই মোক মূৰ এটি খাবলৈ দিয়া৷” নুমলীয়াই ক’লে, “মূৰ দিলে তই মোক কি দিবি ক, তেহে দিব পাৰোঁ৷” ভূতে ক’লে, “মোৰ হাতৰ এঁই টোকোনাডাল দিঁম৷”

“টোকোনাডালৰ উপকাৰ কি?” বুলি নুমলীয়াই সুধিলত ভূতে ক’লে, “যাঁকে তোঁমাৰ মাৰিবৰ মন যাঁয়, তাঁকে মাৰিবলৈ এঁই টোকোন ডাঁলক ক’লে টোঁকোনডাঁলে তাঁকে মাৰিবগৈ৷” এই কথা শুনি নুমলীয়াই তাৰ মূৰ এটা দি ভূতৰ টোকোনডাল ল’লে৷

এই ঘটনাৰ এখনমান তামোল খোৱাৰ পিছত কুট্‌কুৰা চুলি, চলাচল বগা দাঁত, জুই-আঙনি যেন ৰঙা চুক আৰু গেমেধা ওঁঠেৰে যখ এটাই আহি নুমলীয়াক মূৰ এটা খাবলৈ খুজিলত, নুমলীয়াই মাত লগালে, “তোক মূৰ দিলে তই মোক কি দিবি?” যখে উত্তৰ দিলে, “মোৰ হাতৰ এই জৰীডাল দিম৷” “জৰীডালৰ গুণ কি?” বুলি সি সুধিলত যখে ক’লে, “এই জৰীডালক পাচিলে, যাকে বান্ধি আনিবলৈ কবা তাকে সি বান্ধি আনিবগৈ৷” এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ললে৷

মূৰটো লৈ যখটো গুচি গ’লত নুমলীয়াই নানা কথা ভাবি শুব নোৱাৰি হাচটিখন মেলি তামোল-পাণ উলিয়াই কাটি তামোল এখন মুখত দিছে মাথোন, এনেতে পথাৰৰ সিমূৰে ডাঙৰ আমগছ এজোপাত থকা ব্ৰহ্মদৈত্য এটাই বেঙা মেলি আহি টঙিৰ ওচৰত থিয় দিলেহি৷ দৈত্যটোৰ আকৃতি দেখি নুমলীয়াৰ মাত হৰিল৷ তথাপি মনটো ডাঠ কৰি লৈ সি মাত লগালে, “তই কোন? কি লাগে?” সি উত্তৰ দিলে-“মই বৰহম দইত৷ সৌ আমগছ জোপাতে মই থাকোঁ৷ মই তাৰপৰা দেখি আছিলোঁ তুমি তোমাৰ চাৰিটা মূৰৰ তিনিটা বিলালা৷ বাকীটো মোক নিদিয়াঁ নো কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপাকেটেপ লাগি আছে, তাৰেই মুহুদিটো কৰি মুখখন ফৰ্ফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ৷” নুমলীয়াই সুধিলে, “মই তোক মূৰটো দিলে, তই মোক কি দিবি? সিহঁত কেইটাই একোটা বস্তুৰে মূৰৰ বেচ দি হে মূৰ নিছে৷” ব্ৰহ্মদৈত্যই ক’লে, “সেইটো মই জানো; দেখি আছোঁ৷ সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমজোৰকে তোমাক দিবলৈ বুলি আনিছোঁ৷” “খৰমজোপাৰপৰা মোৰ কি উপকাৰ হব?” বুলি নুমলীয়াই তাক সুধিলত সি ক’লে, “এইজোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ তোমাক লৈ যাবলৈ কবা তলৈকে চকুৰ পচাৰতে সেইজোৰে তোমাক লৈ যাব৷” এই কথা শুনি নুমলীয়াই খৰমজোৰ লৈ মূৰটো দিলত ব্ৰহ্মদৈত্য গুচি গ’ল৷

এনেতে ৰাতি পুৱাল৷ নুমলীয়াই হাতত টোকোন আৰু জৰী আৰু কঁকালত জোলোঙাটো ওলমাই লৈ, খৰমজোৰ পিন্ধি, খৰমক ক’লে, “খৰম ঔ খৰম! মোক লৈ এতিয়াই অৱন্তি নগৰলৈ যা৷” চকুৰ পচাৰতে খৰমে নুমলীয়াক অৱন্তি নগৰত উলিয়াই দিলেগৈ৷

অৱন্তিত মহা হুলস্থুল৷ তাত এটা সিংহই মানুহ গৰু মাৰি খাস্তাং কৰিছে; ৰজা আৰু প্ৰজাই অনেক পুৰুষাৰ্থ কৰিও সিংহটো মাৰিব পৰা নাই৷ নুমলীয়াই সেই খবৰ শুনি ৰজাৰ ওচৰলৈ গৈ ৰজাক ক’লে, “”স্বৰ্গদেৱ, মই চিকাৰী মানুহ৷” ৰজাই ক’লে, “তই যদি চিকাৰী, তেন্তে মোৰ দেশ উৎখাত কৰা সিংহটো মাৰি দে৷” নুমলীয়াই মাৰিব পাৰিম বুলি গাত ল’লত, ৰজাই ক’লে, “যদি নোৱাৰ, তেন্তে মোৰ আগত মিছা কথা কোৱা বাবে তোক শূলত দিম৷” নুমলীয়াই উত্তৰ দিলে, “দিব সৰ্গদেৱ; কিন্তু যদি মাৰিব পাৰোঁ তেন্তে মই যিহকে খোজোঁ তাকে মোক দিব লাগিব৷” ৰজাই দিম বুলি অঙ্গীকাৰ কৰিলত, নুমলীয়াই নগৰৰ মাজৰ ডাঙৰ পথাৰ এখনৰ মাজলৈ গৈ, জৰীডালক ক’লে, “জৰী, তই সিংহটো বান্ধি এতিয়াই মোৰ আগলৈ লৈ আহগৈ৷” হুকুম পোৱা মাত্ৰকতে জৰীয়ে হাবিলৈ গৈ সিংহটো মৰিয়াই মাৰি ৰজাৰ ওচৰলৈ লৈ আহিল৷ ৰজা আৰু সভাসদসকলে চিকাৰীৰ এই কাৰ্য্য দেখি সন্তোষ পাই তাক শলাগিবলৈ ধৰিলে৷

ইয়াৰ পিছত নুমলীয়াই ৰজাৰ আগত আঠু লৈ ক’লে,“সৰ্গদেৱ,এতিয়া সৰ্গদেৱে পূৰ্ব্বৰ অঙ্গীকাৰ সুঁৱৰি বন্দীলৈ বঁটাৰ হুকুম কৰক৷”ৰজাই ক’লে, “নিশ্চয়,নিশ্চয়,তোমাক কি লাগে কোঁৱা?” নুমলীয়াই ক’লে, “সৰ্গদেৱে মোক নিজৰ জোঁৱাই কৰিবৰ আজ্ঞা হওক৷” এই কথা শুনি ৰজাৰ মূৰত আকাশীসৰগ ভাগি পৰিল৷কিন্তু ৰজাই অঙ্গীকাৰ কৰি থৈছে,ভাঙে কেনেকৈ?সেইদেখি অনেক ভাবি-চিন্তি নিৰুপায় হৈ তাৰে সৈতে নিজৰ জীয়েকক ৰজাই বিয়া দি তাক ঘৰ-জোঁৱাই কৰি ৰাখিলে৷

নুমলীয়া হালোৱা চহা মানুহ; ৰজাৰ জীয়ৰীৰ চলন-ফুৰণেৰে সৈতে মিলাই সি চলিব নোৱাৰে; সেইদেখি প্ৰতিটো কথাতে ঘৈণীয়েকে তাক হাঁহে৷ তাতে এদিন সি বৰ লাজ পাই খং কৰি ঘৰৰপৰা ওলাই গুচি গ’ল৷ কৰমে তাক এখন অটব্য অৰণ্যৰ ভিতৰত উলিয়াই দিলেগৈ৷ দুপৰীয়া ৰ’দত তাৰ বৰ পিয়াহ লাগিছিল, সেইদেখি সি পানী বিচাৰি এখন সৰোবৰৰ পাৰত ওলালহি৷ সৰোবৰৰ পানীবোৰ ফটিকৰ ধাৰ যেন নিৰ্ম্মল৷ ভেট আৰু পদুম ফুলেৰে সৰোবৰখন জক্‌মকীয়া৷ ৰাজহাঁহ; পানীহাঁহ, ঘিলাহাঁহ, শৰালী, বগলী, ডাউক, কোঢ়া আদি চৰাইয়ে তাত ৰংমনেৰে সাঁতুৰি ফুৰিছে দেখি তাৰ মনটো বৰ ফৰকাল লাগিল৷ সি নামি গৈ একাজঁলি পানী খাই উঠি দেখিলে যে পাৰতে আঁহত গছ এজোপাৰ তলতে জুপুৰিঘৰ এটা আছে৷ এখোজ দোখোজকৈ সি তাৰ ওচৰ চাপি গৈ দেখিলে যে তাত কোনো নাই; মাথোন এখন জুহালত ডোখোৰাখৰিৰ এঙ্গাৰ ছাইৰে সৈতে পৰি আছে৷ সি দেখিয়েই বুজিলে যে সেইটো কোনোবা সন্ন্যাসী ফকিৰৰ জুপুৰি৷ কিছুমান পৰ তাতে থাকি সন্ন্যাসীক আহিবৰ নেদেখি সি ঘৰটো সাৰি মছি চিকুণাই ওচৰৰে গছ এজোপাৰ আঁৰত লুকাই বহি থাকিল৷ গধূলি বেলিকা সন্ন্যাসীজন আহি ওলাল৷ তেওঁ দেখিলে যে তেওঁৰ ঘৰটো কোনোবাই সাৰি মছি জকজকীয়া কৰি থৈছে৷ তাকে দেখি সন্ন্যাসীয়ে মাত লগালে, “মোৰ ঘৰটো কোনে অঁতাই-পিটাই থৈছে? কোন ক’ত আছ ওলাই আহ, একো ভয় নাই!” ইয়াকে শুনি নুমলীয়া গছৰ আঁৰৰপৰা ওলাই আহি সন্ন্যাসীৰ ভৰিত দীঘল দি পৰিলত, সন্ন্যাসীয়ে তাক আশীৰ্ব্বাদ কৰি বহিবলৈ কৈ, তাৰ মুখৰপৰা তাৰ সকলো বৃত্তান্ত শুনি ক’লে, “বোপা, তই কোনো চিন্তা নকৰিবি; মোৰ এই আশ্ৰমতে তই নিৰ্বিঘিনিয়ে থাকি মোৰ সেৱা-শুশ্ৰুষা কৰি থাক, তোৰ ভাল হব৷ কিন্তু এটা কথা তোক কৈ থওঁ-এই সৰোবৰত পূব-ঘাটলৈ তই কেতিয়াও নাযাবি; সেই ঘাটত স্বৰ্গৰ অপেশ্বৰীসকলে গা ধোৱেহি৷”

পিছদিনা পুৱাই সন্ন্যাসীয়ে তেওঁৰ ন আলধৰাক আশ্ৰমৰ ৰখীয়া কৰি কৰবালৈ গুচি গ’ল৷ সন্ন্যাসী গ’লতে নুমলীয়াই সেই সৰোবৰৰ পূব-ঘাটলৈ গৈ মনে মনে পাৰৰে জোপা এটাই লুকাই থাকিল৷ অলপৰ পিছতে সাতজনী অপেশ্বৰী তালৈ আহিলত সি লাহেকৈ জোপাৰ ভিতৰৰপৰা ওলাই তেওঁলোকক ঠেকত পেলাই, অপেশ্বৰীসকলৰ এজনীক তাক বিয়া কৰাবলৈ সৈ কঢ়ালে৷ ইয়াৰ পিছত নুমলীয়াৰ লগতে অপেশ্বৰীসকলে ভনীয়েক এজনীক এৰি স্বৰ্গলৈ গুচি গ’ল৷

অপেশ্বৰী ঘৈণীয়েকক লগত লৈ নুমলীয়াই খৰমত উঠি ততালিকে তাৰ শহুৰেক-ৰজাৰ ঘৰ ওলালহি৷ ৰজাই জোঁৱায়েকক দেখি ৰং পালে৷ তাৰ আগৰ ঘৈণীয়েক ৰজাৰ জীয়েকে তাৰ কেৰাম-তালি দেখি, নিজৰ দোষৰ বাবে গিৰিয়েকৰ ওচৰত ক্ষমা মাগি সতিনীয়েকেৰে সৈতে একেলগে সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে৷ ইয়াৰ দিনচেৰেকৰ পিছতে অপুত্ৰক ৰজা মৰিল৷ শহুৰেক মৰিলত নুমলীয়াই সেই ৰাজ্যৰ ৰজা হ’ল৷ সি ৰজা হৈয়েই তাৰ বাপেক থকা ৰাজ্যৰ ৰজাৰ ওচৰলৈ কটকী পঠিয়াই কোৱাই পঠিয়ালে, যে “হয় ৰজাই তাক ৰাজ্য এৰি দিয়ক, নহয় যুদ্ধ দিয়ক৷” কটকীৰ কথা শুনি ৰজা ঘৃতাহুতি হৈ যুঁজ দিবলৈ সাজু হ’ল৷ নুমলীয়া ৰজাইও লা-লগুৱা, ঘোৰা-হাতী, ৰণুৱা-বনুৱা লগত লৈ সাজি-পাৰি যুঁজ কৰিবলৈ আগবাঢ়ি গ’ল৷ দুই দলৰ ভিতৰত যুঁজ লাগি গোটেইখন কোঁৱামোৱা লাগি পৰিল৷ শেহত নুমলীয়া ৰজাই জৰীক পঠিয়াই দি সেই ৰজাক কটাবন্ধা দি ধৰাই অনাই টোকোনক মাৰিবলৈ হুকুম দিলত, ৰজাই দাঁতত কুটা লৈ দীঘল দি নুমলীয়া ৰজাৰ ভৰিত পৰি ক্ষমা মাগিলে৷ তেতিয়া নুমলীয়াই সন্তুষ্ট হৈ ৰজাক নামাৰি সপৰিবাৰে সেই ৰাজ্যৰপৰা উলিয়াই দিলে৷ তাৰ পিছত নুমলীয়াই বুঢ়া বাপেকক বিচৰাই অনালে৷ বাপেক ওচৰ পালতে নুমলীয়াই ক’লে, “আপুনি মোক চিনি পাইছে নে?” বাপেকে নুমলীয়াৰ মুখলৈ কিছুমান বেলি ৰ-লাগি চাই থাকি ক’লে “সৰ্কদেও, চিনো চিনো যেন লাগিছে, কিন্তু ক’লে কটা যাম৷” নুমলীয়াই ক’লে, “কোনো ভয় নাই নিৰ্ভয়ে কোৱাঁ৷” বাপেকে ক’লে, “সৰ্কদেওক মোৰ নুমলীয়া পোটো যেন দেখিছোঁ৷” এই কথা শুনি নুমলীয়াই বাপেকৰ ভৰিত পৰি সেৱা কৰি আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি ক’লত বুঢ়াৰ চকুৰপৰা আনন্দৰ লো ববলৈ ধৰিলে৷

ইয়াৰ পিছত নুমলীয়াই বাপেকক সেই ৰাজ্যৰে ৰজা পাতি নিজৰ ৰাজ্যলৈ উভতি আহিল আৰু সুখে দুইজনী কুঁৱৰীৰে সৈতে গৃহবাস কৰি মহাসুখে ৰাজ্য ভোগ কৰি থাকিল৷ মোৰ কাপোৰ-কানি ক’লা হ’ল,গুচি আহিলোঁ৷