স্বাগতম পৰীক্ষা/পৰীক্ষাৰ বাবে প্ৰশ্ন বাছনি

ৱিকিউৎসৰ পৰা

[ ৩৭ ]

 

পৰীক্ষাৰ বাবে প্ৰশ্ন বাছনি

 পূৰ্বৰ অনুচ্ছেদবোৰত আমি এটি পাঠ্যক্ৰমৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে লগা পৰিকল্পনা, পৰিবেশ, পৰীক্ষাৰ্থীৰ স্বাস্থ্য, দৈনিক অধ্যয়নৰ সময়-তালিকা, টোকা তৈয়াৰ কৰাৰ পদ্ধতি আদি সম্পৰ্কে আলোচনা কৰিছিলো। পৰৱৰ্তী অনুচ্ছেদবিলাকত আমি এক নিৰ্দিষ্ট বছৰৰ বাবে প্ৰশ্ন বাছনিৰ পদ্ধতি, টোকাসমূহ অধ্যয়নৰ প্ৰণালী, লিখাৰ দ্ৰুততা বৃদ্ধিৰ সুফল, পৰীক্ষাৰ আগমুহূৰ্তত, পৰীক্ষাৰ দিনা আৰু পৰীক্ষাগৃহত কৰিবলগীয়া কাম আদি সম্পৰ্কে আলোচনা কৰিম।

 প্ৰথমতে আমি এটা নিৰ্দিষ্ট বছৰৰ বাবে প্ৰশ্ন বাছনি সম্পৰ্কে আলোচনা কৰো। পৰীক্ষাত বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰিবলৈ হ’লে এজন পৰীক্ষাৰ্থীয়ে গোটেই পাঠ্যক্ৰমখনৰে সকলো অংশতে সমানে গুৰুত্ব প্ৰদান কৰিলে নহ’ব বা বহু ক্ষেত্ৰত ই সম্ভৱো নহয়। গতিকে পূৰ্বৰ প্ৰশ্নসমূহৰ অধ্যয়নৰ ভিত্তিত আৰু পাঠ্যক্ৰমৰ প্ৰশ্নসমূহৰ বাবে নম্বৰ বিতৰণৰ গাঁথনিৰ ভিত্তিত এক নিৰ্দিষ্ট বছৰৰ বাবে পাঠ্যক্ৰমখনৰ পাঠসমূহ অত্যন্ত দৰকাৰী, দৰকাৰী, কম দৰকাৰী আদি অংশত ভাগ কৰিব লাগিব আৰু সেই হিচাপে অধ্যয়ন কাৰ্য চলাব লাগিব। টোকা প্ৰস্তুত কৰা সময়তে বা পাঠ্যক্ৰম পঢ়িবলৈ আৰম্ভ কৰাৰ আগতেই ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় বিভিন্ন বিষয়ৰ প্ৰশ্নকাকতসমূহ অধ্যয়ন কৰি সম্ভাব্য প্ৰশ্নসমূহৰ ওপৰত এটি ধাৰণা কৰিছেই। আৱশ্যক হ’লে বিষয়ৰ ভিত্তিত আকৌ এবাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নবোৰ পঢ়ি ল’ব লাগে। এনেদৰে প্ৰশ্নসমূহ অধ্যয়ন কৰোতে কোনবোৰ প্ৰশ্ন খুব বেছিকৈ পৰীক্ষাসমূহত সোধা হয় বা খুব কমকৈ সোধা হয়, সেই সম্পৰ্কে ধাৰণা স্পষ্ট হ’ব। বিভিন্ন প্ৰশ্ন বা পাঠ্যক্ৰমৰ অংশসমূহ অহা চনবোৰ টোকাত থকা সেই প্ৰশ্নসমূহ বা পাঠ্যক্ৰমৰ অংশসমূহৰ আৰম্ভণিতে চিহ্নিত কৰি ল’লে পৰীক্ষাত বেছিকৈ বা কমকৈ অহা অংশখিনি টোকাটো চালেই গম পোৱা যায়। প্ৰতিটো বিষয় পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে এনেদৰে চিহ্নিত কৰি লোৱাটো প্ৰয়োজন। দ্বিতীয়তে, পাঠ্যক্ৰমখন পুনৰ এবাৰ অধ্যয়ন কৰি একোটা বিষয়ৰে কি কি উপ-বিভাগত কিমান নম্বৰ আছে বা প্ৰশ্ন গাঁথনি কেনে হ’ব তাক চাই ল’ব লাগে যাতে, কিছুমান নিৰ্দিষ্ট বিষয়ৰ প্ৰশ্ন বা নিৰ্দিষ্ট গাঁথনিৰ প্ৰশ্ন পৰীক্ষাত সোধা হ’বই বুলি নিশ্চিত হ’ব পৰা যায়। তদুপৰি বেছি নম্বৰ থকা বা নম্বৰ সৰহকৈ পোৱাৰ সম্ভাৱনা থকা উপ-বিভাগবোৰত আন কম নম্বৰ থকা বা নম্বৰ বেছিকৈ পোৱাৰ সম্ভাৱনা নথকা উপ-বিভাগবোৰতকৈ [ ৩৮ ] বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। তৃতীয়তে, এটি নিৰ্দিষ্ট বছৰৰ প্ৰশ্নসমূহৰ বাছনি কৰোতে ঠিক আগৰ বছৰৰ প্ৰশ্নসমূহ সাধাৰণতে বাদ দিব পাৰি। কিন্তু এই ক্ষেত্ৰত অত্যন্ত সাৱধান হ’ব লাগে। পৰীক্ষাত খুব বেছিকৈ অহা প্ৰশ্নসমূহৰ ক্ষেত্ৰত এইটো নিয়ম পালন কৰিব নালাগে। তদুপৰি সহজ তথা চুটি প্ৰশ্নৰ ক্ষেত্ৰত আগৰ বছৰত আহিলেও কম কষ্টতে আয়ত্ত কৰি ল’ব লাগে। আকৌ যিবোৰ উপ-বিভাগৰ পাঠ্যক্ৰম কম কিন্তু তাৰ এটি অংশ পৰীক্ষাত সোধা হয়েই তেনে ক্ষেত্ৰত আগৰ বছৰত অহা অংশৰে সৈতে গোটেই পাঠ্যক্ৰমখিনি আয়ত্ত কৰি ল’ব লাগে। যদি প্ৰস্তুতি চলোৱা পৰীক্ষাটো শিক্ষান্ত পৰীক্ষা হয় তেন্তে আগৰ বাছনি পৰীক্ষাৰ প্ৰশ্নসমূহৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব আৰোপ কৰিব লাগে। উদাহৰণস্বৰূপে অসমৰ সবাতোকৈ বেছি আলোচ্য পৰীক্ষা– হাইস্কুল শিক্ষান্ত আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ক্ষেত্ৰত অসমৰ বিভিন্ন ঠাইৰ বা পৰিষদৰ বাছনি পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰি ভালদৰে অধ্যয়ন কৰিব লাগে। যিবোৰ প্ৰশ্ন বেছিভাগ পৰিষদৰে প্ৰশ্নকাকতসমূহত পোৱা যায় তেনেবোৰ প্ৰশ্ন অত্যন্ত দৰকাৰী বুলি বিবেচনা কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাজতে আলোচনা কৰি বা শিক্ষকৰ সৈতে আলোচনা কৰিও এটি নিৰ্দিষ্ট বছৰৰ বাবে সম্ভাব্য প্ৰশ্নসমূহৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰে। কিন্তু উৰাবাতৰিত বিশ্বাস কৰি কোনো ক্ষেত্ৰতে বিভ্ৰান্ত হোৱা উচিত নহয়।

 বিষয় অনুযায়ীও ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ কিছুমান অংশ অত্যন্ত দৰকাৰী বুলি বিবেচনা কৰিব লাগে। উদাহৰণস্বৰূপে অসমীয়া আৰু ইংৰাজী বিষয়ত সকলোবোৰ পাঠৰ নাম তথা লেখক বা কবিৰ নামসমূহ অত্যন্ত দৰকাৰী। বুৰঞ্জী, ভূগোল বা সমাজ অধ্যয়ন বিষয়ত থকা মানচিত্ৰসমূহ সদায় আয়ত্ত কৰি ৰাখিব লাগে। বিজ্ঞানত বিভিন্ন অংশৰ চিহ্নিতকৰণ সহিতে ছবিসমূহ নিৰ্ধাৰণৰ পদ্ধতি বা জ্যামিতিৰ উপপাদ্যসমূহ অত্যন্ত আৱশ্যকীয়।

 এনেদৰে বিভিন্ন উৎসৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন সংগ্ৰহ কৰি প্ৰস্তুতি চলালে এটি নিৰ্দিষ্ট বছৰৰ বাবে আৱশ্যকীয় প্ৰশ্নসমূহ অনায়াসে বাছনি কৰিব পাৰিব আৰু সেইবোৰ অত্যন্ত দকাৰী, দৰকাৰী আদিত ভাগ কৰি টোকাত চিহ্নিত কৰিব পাৰিব। কিন্তু পৰীক্ষাত সৰ্বাধিক সফলতা লাভ কৰিবলৈ হ’লে ‘ছামথিং অব্‌ এভ্ৰিথিং এণ্ড এভ্ৰিথিং অব্‌ ছামথিং’, অৰ্থাৎ ‘প্ৰতিটো বিষয়ৰে কিছু অংশ আৰু কিছুমান বিষয়ৰ প্ৰতিটো অংশ’ আয়ত্ত কৰিবই লাগিব।