পৃষ্ঠা:Swagatam Pariksha.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। তৃতীয়তে, এটি নিৰ্দিষ্ট বছৰৰ প্ৰশ্নসমূহৰ বাছনি কৰোতে ঠিক আগৰ বছৰৰ প্ৰশ্নসমূহ সাধাৰণতে বাদ দিব পাৰি। কিন্তু এই ক্ষেত্ৰত অত্যন্ত সাৱধান হ’ব লাগে। পৰীক্ষাত খুব বেছিকৈ অহা প্ৰশ্নসমূহৰ ক্ষেত্ৰত এইটো নিয়ম পালন কৰিব নালাগে। তদুপৰি সহজ তথা চুটি প্ৰশ্নৰ ক্ষেত্ৰত আগৰ বছৰত আহিলেও কম কষ্টতে আয়ত্ত কৰি ল’ব লাগে। আকৌ যিবোৰ উপ-বিভাগৰ পাঠ্যক্ৰম কম কিন্তু তাৰ এটি অংশ পৰীক্ষাত সোধা হয়েই তেনে ক্ষেত্ৰত আগৰ বছৰত অহা অংশৰে সৈতে গোটেই পাঠ্যক্ৰমখিনি আয়ত্ত কৰি ল’ব লাগে। যদি প্ৰস্তুতি চলোৱা পৰীক্ষাটো শিক্ষান্ত পৰীক্ষা হয় তেন্তে আগৰ বাছনি পৰীক্ষাৰ প্ৰশ্নসমূহৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব আৰোপ কৰিব লাগে। উদাহৰণস্বৰূপে অসমৰ সবাতোকৈ বেছি আলোচ্য পৰীক্ষা– হাইস্কুল শিক্ষান্ত আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ক্ষেত্ৰত অসমৰ বিভিন্ন ঠাইৰ বা পৰিষদৰ বাছনি পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰি ভালদৰে অধ্যয়ন কৰিব লাগে। যিবোৰ প্ৰশ্ন বেছিভাগ পৰিষদৰে প্ৰশ্নকাকতসমূহত পোৱা যায় তেনেবোৰ প্ৰশ্ন অত্যন্ত দৰকাৰী বুলি বিবেচনা কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাজতে আলোচনা কৰি বা শিক্ষকৰ সৈতে আলোচনা কৰিও এটি নিৰ্দিষ্ট বছৰৰ বাবে সম্ভাব্য প্ৰশ্নসমূহৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰে। কিন্তু উৰাবাতৰিত বিশ্বাস কৰি কোনো ক্ষেত্ৰতে বিভ্ৰান্ত হোৱা উচিত নহয়।

 বিষয় অনুযায়ীও ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ কিছুমান অংশ অত্যন্ত দৰকাৰী বুলি বিবেচনা কৰিব লাগে। উদাহৰণস্বৰূপে অসমীয়া আৰু ইংৰাজী বিষয়ত সকলোবোৰ পাঠৰ নাম তথা লেখক বা কবিৰ নামসমূহ অত্যন্ত দৰকাৰী। বুৰঞ্জী, ভূগোল বা সমাজ অধ্যয়ন বিষয়ত থকা মানচিত্ৰসমূহ সদায় আয়ত্ত কৰি ৰাখিব লাগে। বিজ্ঞানত বিভিন্ন অংশৰ চিহ্নিতকৰণ সহিতে ছবিসমূহ নিৰ্ধাৰণৰ পদ্ধতি বা জ্যামিতিৰ উপপাদ্যসমূহ অত্যন্ত আৱশ্যকীয়।

 এনেদৰে বিভিন্ন উৎসৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন সংগ্ৰহ কৰি প্ৰস্তুতি চলালে এটি নিৰ্দিষ্ট বছৰৰ বাবে আৱশ্যকীয় প্ৰশ্নসমূহ অনায়াসে বাছনি কৰিব পাৰিব আৰু সেইবোৰ অত্যন্ত দকাৰী, দৰকাৰী আদিত ভাগ কৰি টোকাত চিহ্নিত কৰিব পাৰিব। কিন্তু পৰীক্ষাত সৰ্বাধিক সফলতা লাভ কৰিবলৈ হ’লে ‘ছামথিং অব্‌ এভ্ৰিথিং এণ্ড এভ্ৰিথিং অব্‌ ছামথিং’, অৰ্থাৎ ‘প্ৰতিটো বিষয়ৰে কিছু অংশ আৰু কিছুমান বিষয়ৰ প্ৰতিটো অংশ’ আয়ত্ত কৰিবই

লাগিব।

৩৮