সুভদ্ৰা হৰণ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সুভদ্ৰা হৰণ
লেখক শ্ৰীৰাম আতা
শ্ৰীৰাম আতাৰ নাট


       শ্লোক

যত্পাদাব্জযুগং সমস্তৱিবুধাঃ ব্ৰহ্মেন্দ্ৰৰুদ্ৰাদয়ঃ,
ভাস্বদত্নকিৰিটিমণ্ডিতনতৈঃ স্বস্বোত্তমাঙ্গৈৰ্মুদা।
ভক্ত্যাসংপ্ৰণমন্তি যশ্য সততং নামনি সংকীৰ্ত্তয়ন,
চণ্ডালোহপি জগত্ পুণাতি তমহং কৃষ্ণং প্ৰৱন্ধে সদা।।১।।

  নান্দী গীত

ৰাগ সুহাই, একতালি
জয় জয় গোবিন্দ দেৱ।
কয়লোহো পাৱে পৰি সেৱ।।
পদ-অজভৱ মা কৰু সেৱা।
পাপী পাৱল সোহি দেৱা।।
দৈৱকী উদৰে অৱতাৰা।
হৰলি ভূমিকেৰি ভাৰা।।
নিজযশ কৰুপৰচাৰা।
জগজন কয়লি উদ্ধাৰা।।
প্ৰিয়জন বিজয়কু জানি।
দেলহ সুভদ্ৰা ভগিনী।।
কৃষ্ণ চৰণ ৰতি আশা।
কহয় শ্ৰীৰাম দাসা।।(১)।।

নান্দ্যন্তে সূত্ৰধাৰঃ অলমতি বিস্তৰেণ প্ৰথমং মাধৱ মাধৱ ইতু্যচ্চাৰ্য্য নত্বা সভাসদন্ সম্বুদ্ধ্যাহ। ভো ভো সভাসদা, পশ্যত সুভদ্ৰাহৰণাভিধাং নাটকং মুক্তিসাধকম, মুকুন্দস্য যশোৱিতানং মনোহৰম্।।

        ভটিমা

জয় যদুনন্দন দেৱ মহিমা জানত নাহি কেৱ।
যাসু চৰণৰজ অজসুৰ-শংকৰ কৰ মুনি সানন্দে সেৱ।
ভয়ো যদুবংশ অৱতাৰ ভূভাৰ কয়লি সংহাৰ।
তগজন কলষু বিনাশন কাৰণ নিজযশ পৰচাৰ।।
পুতনাক জীৱনহাৰী দেলহ মোক্ষ মুৰাৰু।
শকটক বিঘটন ঘাট দধি নাশন পাশন পুত্ৰক ধাৰু।।
চক্ৰবাত কৰ চুৰ গোপপুৰ ভয়োভেলি দূৰ।
ইন্দুবদনমন্দহাস কেলিকৌতুক ব্ৰজজন মনকৰুপূৰ।।
দুষ্ট অৰিষ্টাসুৰমাৰি যো ভকত ভয়হাৰি।
গোপ অংগনা সঙ্গে ৰঙ্গে অনংগ কেলি কয়লি যোহি মূৰাৰি।।
কয়েকহো ৰজকেৰি কাল বস্ত্ৰকু লেল গোপাল।
সুগন্ধ চন্দন লেপিয়ে ৰিজু কুবুজাক কয়লি কৃপাল।।
কংস বংশ ধ্বংসকাৰী মল্ল তোষল্ল মাৰী।
কুবলয় দন্ত উপাৰিয়ে যোহি জীৱনহাৰী।।
গুৰুক মৃতক পুত্ৰ আনি দেলহ যোহি পদ্মাপাণি।
গোপীক শান্ত কৰাৱল কহি পুনু উদ্ধৱক মুখে বাণী।।
যুদ্ধে জিনি বজ্ৰপাণি পাৰিজাত পুষ্প আনি।
সুন্দৰী সত্যভামা মনপুৰণ কয়লি যহি চক্ৰপাণি।।
বীৰবৰ জৰাসন্ধ ঘালি ভকত নৃপসব পালি।
নিজজন অৰ্জুন জানি ভাগিনী নিজ দেলহ যোহি বনমালী।।
যোহি পুৰুষ পূৰাণ পৌণ্ড্ৰ্কৰ নিৰজান।
সোহি কৃষ্ণক ভগিনী সুভদ্ৰাহণ নাম নাট ওহি জান।।
ছোৰি সামাজিক আনকাম মুখে লেহু হৰিকু নাম।
শ্ৰীৰাম দীন হীনমতি কহয় ডাকি বলহু ৰাম ৰাম।।(২)।।

সূত্ৰ-ভো ভো সভাসদজন, যে জগতক পৰম কাৰণ নাৰায়ণ, সকল সুৰসে বিতপদপঙ্কজশ্ৰীশ্ৰীকৃষ্ণ, যাহেৰ কটাক্ষে মায়া কোটি কোটি ব্ৰহ্মাণ্ডক সৃষ্টি স্থিতি প্ৰলয় কৰিতেসে, যাসু নাম সুৰনৰভাষে মহাপাপীসবো সংসাৰ তৰয়, যোহি ভগৱন্ত বসুদেৱগৃহে অৱতৰিকহো পৰম নিৰ্মল যশস্যাপ্ৰকাশিয়ে সকল জগতক নিস্তাৰ কয়ল, সোহি শ্ৰীকৃষ্ণক ভগিনী সুভদ্ৰাহৰণ নাটক ওহি সভামধ্যে পৰমকৌতুকে কৰব তাহেক সাৱধানে দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি।

প্ৰথমে উদ্ধৱ সাত্যকি সব সহিতে শ্ৰীকৃষ্ণ বলোভদ্ৰক প্ৰৱেশ, তদনন্তৰে সখীসৱ সহিতে সুভদ্ৰাক প্ৰৱেশ, তদন্তৰে দৌপদী ধৰ্মৰাজ সহিতে অৰ্জুনক প্ৰৱেশ। ইতি জ্ঞাত্বা সৰ্ব্বসাৱধানে স্থিয়তাম্। তদনন্তৰে আকাশে কৰ্ণক দত্বা সূত্ৰ পুছত-আহে সঙ্গী, কোন বাদ্য শুনিয়ে। সঙ্গী বোল আঃ সখি মৃদঙ্গ দুন্দভি ধ্বনি শুনিয়ে। আঃ উদ্ধৱ-সাত্যকি বলোভদ্ৰ সহিতে শ্ৰীকৃষ্ণ মিলল।

  শ্লোক

প্ৰৱেশমকৰোত্ কৃষ্ণ সহ লাঙ্গল পাণিনা।
উদ্ধৱশিনিপুত্ৰাদিপাৰ্ষদৈঃ সহ সংযুত।।২।।
সূত্ৰ-আহে সামাজিক লোক, হামো যাহেৰি কথা কহৈছি সোহি পৰমেশ্বৰ শ্ৰীশ্ৰীকৃষ্ণ উদ্ধৱ সাত্যকি বলোভদ্ৰ সহিতে এ আৱত এ আৱত। ইতি সূত্ৰঃ নিসক্ৰান্তঃ।

গীত

ৰাগ সিন্ধুৰা এতালি

আৱে যাদৱানন্দ গোবিন্দ হলিৰাম।
শ্বেতবৰণ বলো কৃষ্ণ ঘনশ্যাম।।
পদ-ধৰুকৰ শাৰঙ্গমূষলহল পাণি।
পীতঅম্বৰু নীলবসন পৰিধানি।।
হাৰকুণ্ডলমণি মুকুট পৰকাশ।
নয়ন কমলচান্দ বয়ন বিকাশ।।
চৰণকমলমণি মঞ্জীৰ ৰোলে।
পেখিমুৰুতি মন ত্ৰিভুৱন ভোলে।।
উদ্ধৱ সাত্যকি দোহো যোগানে চলয়।
হৰিক চৰণে গতি শ্ৰীৰামে বোলয়।।(৩)।।

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰৱেশ দিয়ে বলোভদ্ৰ সহিতে শ্ৰীকৃষ্ণ ৰত্নমন্দিৰে ৰহল। আহে সামাজিক লোক, তদন্তৰে দ্ৰৌপদী ধৰ্মৰাজা সহিতে অৰ্জুন যৈছে প্ৰৱেশ কয়ে আৱে তা দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ আশোৱাৰী, পৰিতাল

ভয়োপৰবেশ ধৰ্মৰাজা সহ ধনঞ্জয়।
সঙ্গে পাঞ্চালী মন হৰিষে চলয়।।

পদ-বীৰ বিপুল ধীৰ কৰে চাপ।
কাম্পয় ৰিপুসৱ যাহেৰ প্ৰতাপ।।
সুন্দৰ ৰূপপেখিতে মন মোহে।
ৰতন ভূষণ চাৰু অম্বৰু শোহে।।
কৰ্ণে কুণ্ডলে শ্বেত চামৰে ধোলি।
মাথে মুকুট ছত্ৰ ধৰণতুলি।।
হৃদয়ে হৰিক ৰূপ ধৰু মুহে নাম।
গোবিন্দ চৰণে গতি বোলয় শ্ৰীৰাম।।(৪)।।

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে পাণ্ডৱসব শ্ৰীকৃষ্ণ প্ৰাসাদে ৰাজৰাজেশ্বৰ সম্পত্তি ভোগ্য কৰি কহো ইন্দ্ৰপ্ৰস্থনগৰে পৰমানন্দে ৰহল। তদনন্তৰে এক দিৱসে এক বিপ্ৰ আৰ্তনাদে অৰ্জুনক ডাকয়ে লাগল, তা শুনহ!
বিপ্ৰ বোলা-হে অৰ্জ্জুন বীৰ চূড়ামণি, তোহো শ্ৰীকৃষ্ণক পৰম প্ৰিয়তম মহাধাৰ্মিক ধৰ্মপালক, প্ৰজাসবে হে ধৰ্মাধৰ্ম কৰয় তাহেৰ অষ্টভাগৰ ভাগক পাৱয়। অৱ হামাৰ গোসব চৌৰে নিয়া যায়, জানি সত্বৰে তাহেক ৰক্ষা কৰসিয়া।
সূত্ৰ-তা শুনি অৰ্জ্জুনে ধনুশৰ আনিতে অভ্যন্তৰে প্ৰৱেশল, যো গৃহে ধনুশৰ থিক সোগৃহে যুধিষ্ঠিৰে দ্ৰৌপদী সহিতে ক্ৰীড়া কৌতূহল কৰিতেছে। তাহে পেখি ধনঞ্জয় অধোমুখ হুয়া ধনুশৰ লৈয়া গৃহহন্তে বাজ হুয়া গেল। তদনন্তৰে শীঘ্ৰে বেগে গৈয়া কহো বিপ্ৰক যে বোলল।
অৰ্জ্জুন বোলা-আহে গুৰু তোহো নিৰ্ভয়ে ৰহ, হামো বিদ্যামান থাকিতে কিছু চিন্তা কৰিবি নাহি। চৌৰসবক খেদিয়ে তোহাৰি গো এখনে আনবো, তোহো কৌতুকে দেখহ।
সূত্ৰ-আহে সামাজিক লোক, শাপধাৰীব্ৰাহ্মণক ঐছন নিৰ্ভয় বাণী বুলি গাণ্ডীৱধনুটঙ্কাৰ কৰিয়ে চৌৰসবক খেদিয়ে ব্ৰাহ্মণক গো আনি দেলহ। তাহে পেখি বিপ্ৰে অৰ্জ্জুনক আশীৰ্ব্বাদ কয়ল।
কথা-আহে ধনঞ্জয় তোহো চিৰজীৱন ভৱ।
সূত্ৰ-আহে সামাজিক লোক, তদনন্তৰে অৰ্জুনে ব্ৰাহ্মণক গোৰক্ষা কৰিয়ে গৃহে গৈয়াকহো যুধিষ্ঠিৰক প্ৰণাম কৰিয়ে যে বোলল তা শুনহ।
অৰ্জুন বোলা-আহে দাদা পূৰ্ব্বে মহামুনি নাৰদে দ্ৰৌপদীক মাস নিৰ্ব্বন্দ কয়ে দেলহ। ভাতৃক সঙ্গে যদি আন ভ্ৰাতৃয়ে দেখে তেবে সন্যাস ধৰ্ম আচৰব। হামু শৰধনু আনিতে গৈয়াছিলো, তোহাৰি সঙ্গে দ্ৰৌপদীক দেখলো। সোহি ঋষিআজ্ঞা পালিয়ে হামু সন্যাস ধৰ্ম আচৰবো।
সূত্ৰ-ধনঞ্জয় বচন শুনিয়ে যুধিষ্ঠিৰে যে বোলল তা শুনহ।
যুধিষ্ঠিৰ বোলা- আহে ভায়া ধনঞ্জয়, হামো তোহাৰি জেষ্ঠ্য ভ্ৰাতা পিতৃসম, হামাৰ সঙ্গে দ্ৰৌপদীক দেখি তোহাৰি কোনে দোষথিক, নুহি নুহি।
সূত্ৰ-ৰাজাক বচনে অনন্তৰে দ্ৰৌপদী অৰ্জুনক যৈছে কাকুবাণী বোলল, তা দেখহ শুনহ হৰি বোল হৰি।

গীত

ৰাগ শ্ৰীগান্ধাৰ, যৌতিমান
সুন্দৰী বিজয়কু আগু বিনাৱে।
হামাৰি জীৱনধন কৈছন চলবি বন
তোহাৰি বিৰহে তনুতাৱে।।

পদ-শীতলতল্পমহ শয়ন কৰত যোহি
অমিয়া ভুঙ্গত অন্ন পান।
সুৰঙ্গ দেৱাঙ্গ অঙ্গে বসন পৈৰণ।
চাৰু চন্দন কয় পৰিধান।
অবতো কাননে গেলে কৰবি ভোজন ফলে
ভূমিমহ কয়বি শয়ন।
ধুলিয়ে ধুসৰতনু বসন বাকলি পুনু
সুমৰি দগধ মেৰি মন।।
ঐছন কৰুণা বাণী কৰত পাঞ্চালী সতী দেহু ধনঞ্জয়।
হৰিক চৰণে ৰতি মাগে দীনহীন মতি,
মূৰুখ শ্ৰীৰামে এহুকয়।।(৫)।।

  শ্লোক

মাগচ্ছ সন্যাসপথং প্ৰিয়প্ৰভো, কথম্বিয়োগেন সহে স্বজীৱনম্।
সঙ্গোজঝিতাঙ্গং পৰিপালয়স্বমে নাধৰ্মলেশোহস্তি মমাত্ৰ দৰ্শনে।।৩।।

দ্ৰৌপদী বোলা-আহে স্বামী ধনঞ্জয়, তোহো হামাৰি জীৱনধন সুকোমল হংস তুলিত শয়ন কৰি থিক দেৱাঙ্গ বসনভুষণ ৰৈৰহ। হামো তোহাক যড়ৰস অন্নবেঞ্জন ভোজন কৰাওঁ। অবসে তোহো ভূমিমহ কৈছে শয়নে ৰহব? বনফল সব ভূঞ্জব, ধূলাসব লাগি শৰীৰ মলিন পৰব। তোহাৰি ঐছন দুখ সুমৰিয়ে হামো মৰি যাওঁ। আহে স্বামী, তোহাৰি পাৱৰে লাগো, অব সন্যাসে চলবি নাহি।

সূত্ৰ-আহে সামাজিক লোক, দ্ৰৌপদীক বচন শুনিয়ে অৰ্জ্জুনে যে বোলল।
অৰ্জ্জুন বোলা-আহে প্ৰাণপ্ৰিয়ে পাঞ্চালি, হামো মুনিক বাক্য পালিয়ে সন্যাসধৰ্ম আচৰিকহো ভৱিস্যতে অবিঘনি আৱব। তোহো চিন্তা নাহি কৰবি।

  শ্লোক

মাতৰং প্ৰণিপত্য নৃপতিংচ যুধিষ্ঠিৰম্
জগাম তীৰ্থমুদ্দিশ্য শস্ত্ৰপাণিঃ ধনঞ্জয়ঃ।।৪।।

সূত্ৰ-আহে সামাজিক লোক তদনন্তৰে অৰ্জ্জুনে মাতৃক যুধিষ্ঠিৰ ভীম ব্ৰাহ্মণসৱক নমস্কাৰ কৰিয়ে তাৰাসবক অনুমতি লৈয়া হাতে দণ্ডকমণ্ডলু ধৰিয়ে কপীনবসন পৈৰিয়ে যৈছে সন্যাসে চলল তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ কানৰা, পৰিতাল

চলিল অৰ্জ্জুন সন্যাসী হুই।
সুহৃদক নয়নে বহে লোই।।

পদ-গাৱে ভস্ম জটাজুটধাৰী।।
কৰত দণ্ডধৰি ভয়ো ভিক্ষাহাৰী।।
মাথেহি জটা কপীন পৰিধান।
গলে ৰুদ্ৰাক্ষৰ মালা কয়লি পয়ান।।(৬)

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে অৰ্জ্জুন সন্যাস ধৰ্ম ধৰিকহো নানা তীৰ্থক্ষেত্ৰে ভ্ৰমিতে লাগল। ই কথা ৰহোক। তদন্তৰে নাৰদমুনি সুভদ্ৰাক পাশে বৰ হেটমাথ ধৌজ ধৰি যৈছে দ্বাৰকাপুৰে চলল, তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগশ্ৰী, পয়াৰ

চললি নাৰদ দ্বাৰকাক লাই
হাতে বীণা মুখে সুখে হৰিগুণ গাই।।

পদ-পেখল সাগৰমহ পুৰ অনুপমা।
হেমময় মাণিকে ৰচিত মনোৰম।।
সৰোবৰে জলচৰ পখিৰ আৰাও।
নানা কেলি কৌতুক কৰে ঠাৱে ঠাও।
দিব্য নৰনাৰী দিব্য বসনভূষণ।
আয়াযাত কৰায় হৰিষকয় মন।।
ঐছন আনন্দমুনি পেখল অপাৰ।
বসুদেৱ গৃহে ঋষিৰাজ পয়োসাৰ।।
সখিসমে সুভদ্ৰা আসনে বৈথি থিক।
পেখি পায়ে পৰণাম কয়লি মুনিক।।
চিৰঞ্জীৱ চিৰঞ্জীৱ নাৰদে বোল।
ডাকি বলহু নৰ হৰি হৰি বোল।।(৭)।।

সূত্ৰ-আহে সামাজিক লোক, নাৰদক পেখি সুভদ্ৰা আসনে বৈথাই পাৱে পৰণামি যে বোলল!
সুভদ্হৰা বোলা-আহে মহামুনি নাৰদ, তোহাক দৰশনে হামো পৰম কৃতাৰ্থ ভেলো। তোহাৰ চৰণ ৰেণুৱে হামাৰ দ্বাৰকাপুৰী পবিত্ৰ ভেলা। অৱ মুনি এথা কোন প্ৰয়োজনে অসল তা কহ।

সূত্ৰ-আহে সামাজিক লোক, সুভদ্ৰাক বচন শুনি নাৰদে যে বোলল।
নাৰদ বোলা-আহে মাই সুভদ্ৰে, হামো যদৰ্থে আৱলো তা শুনহ। যে মহাৰাজ পাণ্ডু তাহেক মধ্যমপুত্ৰ অৰ্জ্জুন সে তোহাক বৰ যোগ্য হোই। আহে মাই সুভদ্ৰে, সে অৰ্জ্জুনক ৰূপগুণ কিছুকহো তাহ শুনহ।

ভটিমা

শুন মাই সুভদ্ৰা স্বৰূপ।
কি কহবো বিজয়ক ৰূপ।।
নবীন বয়সত শ্যাম।
সুচান্দ বয়ন অনুপাম।।
অধৰ বন্দুলী ৰুচি চোৰ।
দশন সুন্দৰ কণ্ডকোৰ।।
শিৰবৰ ছত্ৰক বেশ।
ৰুচিকৰ কুঞ্চিত কেশ।।
সুসম কপোল মনমোহে।
নাসা তিলফুল শোহে।।
ত্ৰিভঙ্গ মন্মথ ছাপ।
পেখী ৰমণী মিলে তাপ।।
নয়ন পঙ্কজ পৰকাশ।
সুন্দৰ মধুৰ মন্দ হাস।।
ৰুচিকৰ চিবুক অতুল।
কৰ্ণ দোহো শঙ্খক তুল।।
কম্বুকণ্ঠে অনুপাম।
মুৰুতি যৈছন কাম।।
ভুজৰিপু দৰ্প বিনাশ।
বহল হৃদয় পৰকাশ।।
ৰুচিকৰ উদৰ সুচান্দ।
সোহে সুন্দৰ কটিকন্ধ।।
শোভল আঙ্গুলিক পান্তি।
চম্পক পাকৰি সমকান্তি।।
কৰতল ৰাতা পৰকাশ।
উতপল পাতা আভাস।।
নখচাৰু চান্দসম শোহে।
গতিগজ জন মোহে।।
কৰিকৰ উৰুঅবভাস।
চৰণ পঙ্কজ পৰকাশ।।
পতদল আৰকত ভান্তি।
সুন্দৰ আঙ্গুলিক পান্তি।।
ঐছন মনোহৰৰূপ।
হেৰি যুৱতি ভয়োচুপ।।
কৰুসোহি পিয়ো অভিলাষ।
আবে মিলব তুৱা পাশ।।
সো নিজপতি তুৱা জানি।
কহলো নাৰদ সত্যবাণী।।
তেজ সামাজিক আন কাম।
ডাকি বহলহু ৰাম ৰাম।।(৮)

সূত্ৰ- আহে সামাজিক লোক, নাৰদকমুখে অৰ্জুনক ৰূপগুণ শুনিয়ে সুভদ্ৰা পৰমানন্দ লভিকহো মুনিক পাৱে প্ৰণাম কয়ল। তদনন্তৰে সুভদ্ৰাক পৰম সন্মান লভিয়ে নাৰদ চলি গেল।

  শ্লোক
নাৰদস্য গিৰঃ শ্ৰুত্বা ৰূপবীৰ্য্যগুণান বহুন।
সুভদ্ৰা বিজয়কামা নৃত্যাতি মুদান্বিতা।।৫।।

সূত্ৰ-আহে সামাজিক লোক, নাৰদকমুখে অৰ্জুনৰ ৰূপগুণ শুনিয়ে স্বামী নিশ্চয় কয়কহো সুভদ্ৰা আনন্দে যৈছে নাচয়ে লাগল, তা দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ মাহুৰ, পৰিতাল

নাচত যদুনন্দনী মাই।
অঙ্গে পুলক ৰঙ্গে নয়ন জুৰাই।।

পদ-বাৱব স্বামী বীৰবৰসাৰা।।
জনম সাম্ফল অৱ ভয়ো হামাৰা।।
সুন্দৰ ৰূপ ভুৱন অনুপাম।
ভূমিমহ যৈছে বেকতভয়ো কাম।।
ঐছন স্বামী মিলব তুৱা পাশ।
বোলয় শ্ৰীৰাম হৰি দাসকুদাস।।(৯)

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে সুভদ্ৰা অৰ্জ্জুনক স্বামী আশা কৰিয়ে পৰমানন্দে ৰহল। তদনন্তৰে এক দিৱসে বসুদেৱ পুত্ৰ মিত্ৰ জ্ঞাতিসৱক আনিয়ে যে বোলল তা শুনহ।

বসুদেৱ বোলা- আহে পুত্ৰ মিত্ৰ জ্ঞাতিসব, হামাৰ দুহিতা সুভদ্ৰা বিবাহ যোগ্য ভেল। কন্যাক উত্তম বৰ কোনোথানে থিক তাহেক নিশ্চয়কয়ে বোলে। অঃ হামাৰ মনে ৰূপে গুণেকুলেশীলে ধৈয্যে পাণ্ডুপুত্ৰ অৰ্জ্জুন কন্যাক সদৃশ বৰ যব সবহি ভাল দেখহ, তাহেত বিধিমতে বিবাহ দেওঁ।
সূত্ৰ-আহে সামাজিক লোক, বসুদেৱক বচন শুনিএ জ্ঞাতিমিত্ৰসবে যে বোলল তা শুনহ।
জ্ঞাতি-মিত্ৰসব বোলা-আহে বসুদেৱ তোহাৰ সাধুবুদ্ধ, অঃ কন্যাক সদৃশ বৰ নিশ্চয় কয়লি।
সূত্ৰ-তদন্তৰে সৰ্ব্বজ্ঞ শ্ৰীকৃষ্ণ মৌনে ৰহল।

  শ্লোক

বসুদেৱবচঃ শ্ৰুত্বা ৰামঃ দুৰ্য্যোধনায়বৈ।
দাতুকামঃ স্বভগিনী বাৰয়ামাস পাণ্ডৱম।।৬।।

সূত্ৰ-তদন্তৰে বলোভদ্ৰে যে বোলল তা শুনহ।
বলোভদ্ৰে বোলা-আহে পিতা হামাৰ সন্মত শুনহ। যে সৰ্বগুণে গুণান্বিত মহামানী ৰাজা দুৰ্যোধন সে সুভদ্ৰাক বৰ যোগ্য হোই। হামো নিশ্চয়ে তাহেক দেৱবো, তোহো অৰ্জ্জুনত নাহি দেৱবি।
সূত্ৰ-আহে সামাজিক লোক, ৰামক ঐছন জানিয়ে বসুদেৱ সোহি বাক্য অনুমানি ৰহল। তদনন্তৰে সখী পদ্মাৱতী এসৱ বৃত্তান্ত শুনি সুভদ্ৰাক সমীপে গৈয়েকছো যে জনাৱল।
পদ্মাৱতী বোলা-আহে সখি তোহো অৰ্জ্জুন স্বামীক লাগি আশা দূৰ কৰহ। তোহাৰ যে শ্ৰেষ্ঠা ভ্ৰাতা বলোভদ্ৰে ৰাজা দুৰ্য্যোধনত তোহাক দিতে সত্য কয়ল হামো স্বৰুপ জানলো। হা হা সখি, তোহাক কি কম্পাল মিলল। বিধি বাম ভেল।

  শ্লোক

পদ্মাৱত্যাঃ বচঃ শ্ৰুত্বা সুভদ্ৰাৱিৰহাতুৰা।
ৰুৰোদ কান্তং ধ্যায়ন্তী ৱিৰসা সখিসন্নিধৌ।।৭।।

সূত্ৰ-আহে সামাজিক লোক, তদনন্তৰে পদ্মাৱতীক মুখে ঐছন বিপ্ৰিয়বাণী শুনি সুভদ্ৰা যৈছে বিলাপকয়ে লাগল, তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।

গীত

ৰাগ সুহাই, যৌতিমান
সখি হে কে বিধি বঞ্চল সোহি পিউ।
বোলত ৰমনীবাণী বিনে বৰ শিৰোমণি
কৈছন ধৰব হামো জিউ।।

পদ-মুনিমুখে ৰূপগুণ, শুনি মনে সখি বৰি,
মিলল হামাৰি পতি আশা।
অৱবিধি ভেলি বাম বৈৰিমেৰি ভৈয়া ৰাম
সোহি আশা কয়লি নৈৰাশ।।
সিংহ পিউ ধনঞ্জয়, কুৰুনৃপ শ্বাননয়
কেনে ছায়া পৰশিবো পায়া।
হৰিক ভগিনী সতী কৰু বহুবিলপতি।
মূৰুখ শ্ৰীৰামে এহু গায়।।(১০)।।

সুভদ্ৰা বোলা-আহে সখি পদ্মাৱতী, হামো মুনিক মুখে অৰ্জ্জুনক ৰূপগুণ শুনিয়ে স্বামী ইচ্ছা কয়ছি! সেহি আশা ভায়াৰামে দূৰ কয়ল। হামাক দুৰ্য্যোধনত দিতে অঙ্গীকাৰ কয়লি। সোহি অৰ্জ্জুনক আগে কোন হুই! যৈছে সিংহক আগুশ্বান। হামো কবহু তাহেৰ চায়াকো পাৱে পৰশবো নাহি। যব অৰ্জ্জুনক স্বামী নাহি পাও তবে হামো অনাহাৰে প্ৰাণ চাৰবো।
সূত্ৰ-আহে সামাজিক লোক, নাৰদক পেখি ধনঞ্জয় উঠিকহো আসনে বৈথাই পাৱে পৰণাম কয়ল। কৰযোৰি যে বোলল তা শুনহ।
অৰ্জ্জুন বোল-আহে মহামুনি নাৰদ, আজু হামো তোহাক দৰশনে পৰম কৃতাৰ্থ ভেলো-মহাসন্তোষ পাৱলো। অৱমুনি এথা কোন প্ৰয়োজনে অৱল তা কহ।
সূত্ৰ-অৰ্জ্জুনক বচন শুনিয়ে নাৰদে আশীৰ্ব্বাদ শ্লোক পঢ়ল।

  শ্লোক

কুশলং তৱ গোবিন্দ তনোতু জগতাংপতি।
ৱীৰপুঙ্গব তাৱাজ্ঞাং বহন্তু ৱিবুধাশুৰা)।।৮।।

সূত্ৰ-ওহি আশীৰ্ব্বাদকয়ে নাৰদ যে বোলল তা শুনহ।
নাৰদ উবাচ- আহে অৰ্জ্জুন, হামো যে প্ৰয়োজনে আৱল তা শুনহ। বসুদেৱক দুহিতা সুভদ্ৰানামে এক দিব্য কন্যা, সে তোহাক গৃহিণী উচিত হয়। তাহেৰ পিতা-মাতা-ভ্ৰাতা শ্ৰীকৃষ্ণে তোহাক দিতে মন লৈয়াছে, কন্যায়ো তোহাক পতি নিশ্চয় কৰি সৰ্বথা ৰহৈছে। তাহেক হামো নিষ্টকয়ে জানো। কিন্তু তথি বলোভদ্ৰে সুভদ্ৰাক দুৰ্য্যোধনত বিবাহ দিতে অঙ্গীকাৰ কৰৈছে, যব তোহো দ্বাৰকাক সত্বৰে যাৱ, তেৱে ওহি কন্যা আৱশ্যকে পাৱব। হে অৰ্জ্জুনসে কন্যাক ৰূপগুণ কিছুকহো তা শুনহ।

ভটিমা

বোলত নাৰদ শুনি গাণ্ডীৱ চাপধাৰী।
কতনো কহবো ৰূপগুণ কুমাৰী।।
তনুঅনুপাম কনক সমশোহে।
পেখিয়ে ৰূপে ভুৱন তিনি মোহে।।
হেৰিয়ে বয়ন চান্দ বৰি লাজ।
নয়নক পেখি কমলজল মাজ।।
পঙ্কজবয়ন অলককুল শোহে।
যৈছে ভ্ৰমৰ ৰহত মধুলোহে।
নাসাতিল কুসুম ত্ৰিভুবন শোহে।।
দশন মৌতিম মন্দ হাস পৰকাশ।
সুন্দৰ অধৰ চাৰু চিবুক বিকাশ।।
ভুজযুগ ৰতনকু মৃণাল প্ৰমাণ।
উৰুৰাম কদলি কটি ডম্বৰুক থাম।।
কোমল কৰতল পঙ্কজ পান্তি।
ৰতন অলকা সম আঙ্গুলিক পান্তি।।
পদযুগ পল্লৱ পঙ্কজ ৰঞ্জে।
নখচয় চাৰু চান্দ ৰুচি ৰঞ্জে।।
বাণী অমিয়া ৰস গুণে সম মাই।
কৈছে ৰহত এথা প্ৰয়োজন নাই।
চলহু অৰ্জুন অৱ দ্বাৰকাক লাই।
পাৱৰ ৰমণী মিলৰ মনতোষ।
সামাজিক লোক কৰহু হৰি ঘোষ।।(১১)

সূত্ৰ-আহে সামাজিক লোক, নাৰদৰ মুখে ঐছন বাণী শুনিয়ে অৰ্জুনে যে বাণী বোলল তা শুনহ।
অৰ্জুন বোলা-আহে মহামুনি নাৰদ, তোহো আপুনে সৰ্বজ্ঞ, দোষাদোষ জানহ। হামো পৰম অজ্ঞানী, তোহো যে আজ্ঞা কয়ল তাহেক হামো সৰ্ব্বথা কৰবো।
সূত্ৰ-তদন্তৰে অৰ্জুনত মহাসত্কাৰ লভিয়ে নাৰদ চলি গেল।

  শ্লোক

নিশম্য ৱাক্যংদেৱৰ্যেঃ শ্ৰুত্বা চ ৰূপমদ্ভুতম্
তামেৱ মনসা ধ্যায়ন পাৰ্থঃ যদুপুৰীং যযৌ।।৯।।

সূত্ৰ-তদনন্তৰে অৰ্জুনে মুনিকমুখে সুভদ্ৰাক ৰূপগুণ শুনিকহো জ্ঞানধ্যান দূৰ গেল। সুভদ্ৰাক মনেচিন্তি অৰ্জুন যৈছে দ্বাৰকাপুৰে চলল, তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰ।

গীত

ৰাগ মাহুৰ, ধনশ্ৰী যৌতিমান
বীৰবৰ ধনঞ্জয় চলে যদুপুৰ।
কামিনী কাহিনী শুনিয়ে মুনিমুখে,
জ্ঞান ধ্যান ভেল দূৰ।।

পদ-সুমৰি সুন্দৰী দিৱস একশত ৰজনী যুগসম যায়।
কামে উচপিচ চিত ভয়ো বীৰ ৰমণীৰূপ ধিয়াই।।
যবতো কামিনী হোই দৰশন, তবতো জীৱন ৰহু মেৰা।
শ্ৰীৰাম হীনমতি বোলয় যদুপতি দাসক দাস কৰু তেৰা।। (১২)

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে অৰ্জুন দ্বাৰকাপুৰ পালৱ। তথি শ্ৰীকৃষ্ণক পেখি কপট দোহো দোহোক ‘নমোনাৰায়ণ’ ‘নমোনাৰায়ণ’ বাণী বাৰম্বাৰ বোলল। তদনন্তৰে দোহো দোহাক আলিঙ্গি ধৰিকহো বাত পুছত তা শুনহ। তদনন্তৰে বিৰলথানে বসিকহো কপটছোৰি শ্ৰীকৃষ্ণে অৰ্জুনত যে পুছত তা শুনহ। শ্ৰীকৃষ্ণ উবাচ---

  শ্লোক

কস্মাত্ ভূতোহসি সন্যাসী কথমেতদ্বেশং তৱ।
বদ তত্কাৰণং শীঘ্ৰং ময়ি গোপ্যং তৱাস্তিুকিম্।।১০।।

কথা-আহে সখি ধনঞ্জয়, তোহো দিব্যবসনভূষণ ছোৰি কৈছে কপীন বসন পৈৰল, কৈছে হাতে দণ্ড ধল সত্বৰে কহ হে সখি, তোহাৰি ওহি অৱস্থা দেখি হামাৰি মনে বৰিদুখ লাগে।
সূত্ৰ-শ্ৰীকৃষ্ণক প্ৰিয়বাণী শুনি সন্ন্যাসীবেশে অৰ্জুনে যে বোলল তা শুনহ। অৰ্জুন বোলা-

  শ্লোক

দুষ্টা পাৰ্শ্বে দ্ৰূাপদতনায়ং জ্যেষ্ঠভ্ৰাতাসহান্বিতাম্
গৃহশ্ৰমং পৰিত্যজ্য ভৱামি ব্ৰহ্মচাৰী ৱৈ।।১১।।

কথা-হে প্ৰভু, ৰহস্যস্থানে ধৰ্মৰাজাক দেখলো হামু মুনিক নিৰ্ব্বন্ধ বাক্য সুমৰি সব গৃহবাস চোৰি সন্যাস ধৰ্ম ধৰিকহো ব্ৰহ্মধিয়াই বেৰাওঁ।
সূত্ৰ-আহে সামাজিক লোক, শ্ৰীকৃষ্ণে অৰ্জুনক ঐছন বছন শুনিয়ে হাসি হাসি যে বোলল, তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।

গীত

শ্ৰীগৌৰী, ৰূপকতাল
সখিহে কৈছে কপট কহ বাণী।
কৃপাময় শুন সখি ধনঞ্জয়
তেৰি হৃদয় হামো জানি।।

পদ-যব ভৈল সন্যাসী তব তে কৈছন আসি
দোহো কন্যা কয়লি বিবাহ।
মাথে জটা, হাতে দণ্ড, কপীনবসনদণ্ড
পেথি তেৰি মিলে হাস।।
অৱ পশি যদুপৰি যৱকন্যা কয় চুৰি
তৱতো ভাৱনা হৈব চুৰ।
শ্ৰীৰাম কাকুতি বাণী বোলত সাৰঙ্গপাণি
মেৰি মায়াবোহ কৰু দূৰ।।(১৩)

শ্ৰীকৃষ্ণ বোলা-অঃ হে সখি অৰ্জুন, তোহো হামাত কৈছে কপট বাত কহ। যব তোহো সন্যাসধৰ্ম ধৰল তব কৈছে চিত্ৰঙ্গদা উলুপী নামে দোহোকন্যা বিবাহ কয়লি। অৱহামাৰ দ্বাৰকাপুৰে কোনো কন্যা হৰিয়া নেৱব তব তোহোক সকল ভাৱনা দূৰ যাৱব।

সূত্ৰ-আহে সামাজিক লোক, শ্ৰীকৃষ্ণক পৰম পৰিহাস বাক্য শুনিয়ে অৰ্জুনে যে বোলল তা শুনহ।
অৰ্জুনে বোলা- হে স্বামী, কৃষ্ণ, যামো তাহাৰি কিঙ্কৰ, তোহো আপোন সৰ্বজ্ঞ সৰ্বঅন্তৰ্য্যামী সকলে জগতক বাহিৰে ভিতৰে থিক। তোহাত কোনে আঁৰ কৰিতে পাৰয়? হে প্ৰভু, মহামুনি নাৰদকমুখে তোহাৰ ভগিনী সুভদ্ৰাক ৰূপগুণ শুনিয়ে হামাৰি মনে বৰি বাঞ্চা হৈয়াছে। যৱ সুভদ্ৰাক হামাত বিবাহ দেৱ, তৱে প্ৰাণ ৰহে, অন্যথা জীৱ ৰহয়ে নাহি। হামু পুনু সহজে তোহাক চৰণকু দাস ভেলো।
সূত্ৰ-আহে সামাজিক লোক অৰ্জুনক বচন শুনি শ্ৰীকৃষ্ণে যে বোলল।
শ্ৰীকৃষ্ণ বোলা-আহে সখি ধনঞ্জয় পিতাক মাতাক হামাৰ সুভদ্ৰাক তোহাত দিতে মন হৈয়াছে। কন্যায়ো তোমাক স্বামী ইচ্ছা কয়ল কিন্তু দাদা বলোভদ্ৰে ৰাজা দুৰ্য্যোধনত দিতে অঙ্গীকাৰ কৰৈছে, সে নিমিত্তে কন্যাক আপুন গৃহমধ্যে প্ৰৱন্ধকয়ে ৰাখয়। যব দাদা ৰামে তোহাক কন্যা দিতে জানয়, তবে বৰি বিসঙ্গতি মিলব। অব হামো উপায়েক কহো তা শুনহ। হামাৰওহি দ্বাৰকাপুৰে দেবযাত্ৰা মহোত্সৱ মিলব, সোহি সময়ে এক মহাধনু থৈয়াকহো সুভদ্ৰা দেৱদৰশনে চলব। তোহো ওহি সময়ে পৰমানন্দে কন্যা হৰি নিয়া যাৱব।
সূত্ৰ-আহে সামাজিক লোক, শ্ৰীকৃষ্ণক ঐছন কৃপা বাণী শুনিয়ে অৰ্জ্জুনে সুভদ্ৰাক আশায়ে কটিপয় মাস দ্বাৰকাপুৰে বঞ্চল। শ্ৰীকৃষ্ণে মহা সন্যাসী বুলি অন্ন বেঞ্জন ভোজন কৰাৱত। যদুগণো গৃহে গৃহে পৰমানন্দে সন্যাসী বুলি অন্নদান কৰয়। তদন্ত সন্যাসীবেশী অৰ্জুনক কথা সুভদ্ৰাক আগু কহিতে শ্ৰীকৃষ্ণে ৰুক্মিণীক আদেশ কয়ল।
শ্ৰীকৃষ্ণ বোলা-হে প্ৰিয়ে, অৰ্জুন আসিবাৰ কথা সুভদ্ৰাক কহগিয়া।
সূত্ৰ-সে গোঁসানী ৰুক্মিণী শ্ৰীকৃষ্ণক আদেশ লভিয়ে সুভদ্ৰাক পাশে গৈয়াকহো যৈছে বিজয়ক বাত জনাৱল তা শুনহ।
ৰুক্মিণী বোলা-আহে সুভদ্ৰে, তোহো যাহাক বহুকাল স্বামী আশাকৈয়ে ৰহৈছ সোহি অৰ্জ্জুন হামাৰ দ্বাৰকানগৰে সন্যাসবেশে আৱল, তোহো ওহি থানে আল্পকালে ভেণ্ট পাৱব।
সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে ৰুক্মিণীকমুখে ঐছন শুভবাত শুনিকহো সুভদ্ৰা পৰমানন্দে ৰহল। তদনন্তৰে একদিবসে বলোভদ্ৰে পৰম ধৰ্ম্মিষ্ট সন্যাসী বুলি গৃহে আনি পৰমবিশিষ্ট অন্নভোজন কৰাৱত, তন্নিকৰ সঙ্গে আপুনে ভোজন কৰত।
সূত্ৰ-আহে সামাজিক লোক, সন্যাসীবেশে অৰ্জ্জুন কতিবেৰি সুভদ্ৰাক ভেণ্ট পাওঁ বুলি ভোজনে বৈঠল। তদনন্তৰে সেহি সময়ে সুভদ্ৰাক ফটিকস্তস্ভে গাৱে দিয়ে অৰ্জ্জুনক হাস্য কটাক্ষণ কৰথিক।

  শ্লোক

ৰূপং দৃষ্টাপি সন্যাসী সুভদ্ৰায়াঃ ধনঞ্জয়ঃ।
তদ্ৰুপং বৰ্ণয়ামাস চেতনা স্মৰপীড়িত।।১২।।

সূত্ৰ-তদনন্তৰে সুভদ্ৰাক মুখনিৰেখি যড়ৰস অন্নভোজন ছোৰি যৈছে ৰূপ বৰ্ণাৱত তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।

গীত

ৰাগ গৌৰী, বিসমতাল
হৰলি অৰ্জ্জুন নয়নি ৰমণী মুহ নেহাৰি।
পূৰ্ণ শশী পেখি যৈছন চকোৰ পিয়ত অমিয়া বাৰি।

পদ-যড়ৰস অন্ন বিছুৰি এৰূপ বিনাৱে ৰাম ভগিনী।
কমলনয়নী সুবদনীধুনী অলককুলশোভনী।।
মৌতিম দশনী মধ্যখিণী বাণী চৰণে নুপুৰ ধ্বনি।
যুবজনমনমোহিনী ৰমণী তৰুণী গজগামিনী।।
হামাৰি হৃদয়ৰঞ্জনী কামিনী বিধি মিলাৱলি জানি।
সামাজিকজন ভেজি আন মন বোল ৰাম ৰাম বাণী।।১৪।।

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে অৰ্জ্জুনে সুভদ্ৰাক ৰূপনিৰেখি, সুভদ্ৰায়ো মহামুনি নাৰদকমুখে যৈছনৰূপগুণ সুনল তাহেতে কৰি ততোধিক উত্তম দেখিয়ে কাম জৰ্জ্জ্বৰিত হয়। ৰামকভয়ে কথমকথমপি সাৱধান হুয়া ৰহল। তদনন্তৰে সন্যাসীবেশ বীৰবিজয় ৰামত অনুমতি লৈয়া আপুনি স্থানে চলি গেল। সোহি সময়ে একদিৱসে দ্বাৰকাপুৰে দেৱযাত্ৰা মহোত্সৱ মিলল। যত দ্বাৰকানিবাসী নৰনাৰীসব দেবাঙ্গ বষনভূষণ বৈৰণ কৰিয়ে ৰথে গজে ঘোঁৰাত চৰিকহো ছাত্ৰ-ছামৰ ধ্বজ-দণ্ডোদোলি পঞ্চম শব্দ নান-সন্বাদ কৰি দেৱ দৰশনে চলল। সময় জানি অৰ্জুন সুভদ্ৰাক চুম্পিপথে ছৱৰি-পাৰি বৈঠি ৰহল। মহা মহা যদুবীৰসবো পেখি পৰম ধৰ্মিষ্ট সন্যাসী বুলি প্ৰণাম কৰয়।

সূত্ৰ-তদনন্তৰে সুভদ্ৰা দুৰ্জয় গড় মধ্যহন্তে বাজ হৈয়া ৰথে চৰল। অনেক সুন্দৰী আয়তা স্ত্ৰী সবে কন্যাক আবৰি চলল। মহাবীৰ সবো হাতে ধনুশৰ ধৰিকহো চতুৰ্পাশে ৰামক আদেশে কন্যাক আবৰি চলৈছে। ঐছন মহামহোত্সবে সুভদ্ৰা যৈছে দেৱদৰশনে চলল তা দেখহ নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ এতালী
চলিলি সুভদ্ৰা দেৱদৰশনে লাই।
কৰত আনন্দমন স্বামীক ধিয়াই।।

পদ-গাৱে পীতাম্বৰ কণে কুণ্ডল দোলয়।
গলে গজমনি হাৰ হৃদয়ে দোলয়।।
কটিত কিঙ্কিণীকৰে কঙ্কণে সুহাই।
হাঁসি ভুৱনমোহে পদুমনী মাই।।
চৰণ পঙ্কজে চাৰু নুপুৰে জ্বলয়।
হৰি পাৱে ৰহি ৰহু শ্ৰীৰামে বোলয়।।১৫।।

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে সুভদ্ৰা ৰাজপথে অৰ্জ্জুনক মনে চলয়।

  শ্লোক

মদনবিশিখতপ্তাং বীৰবৰ্যাং সভদ্ৰাম্
সখিনিকৰপৰিতাং ৱীক্ষ্য চাপং গ্বহিত্বা।
হৰিৰিৱ মৃগযুথাং ত্ৰাসয়ন বৃঞ্চিমধ্যাত্
পৰিহৃত্যযটীৱেশঃ সংজহাৰ্জুনস্তাম্।।১৩।।

সূত্ৰ-তদনন্তৰে দূৰহন্তে অৰ্জুন সুভদ্ৰাক দেখিয়ে দণ্ডকমণ্ডলু সন্যাস বেশ ছোৰি মহাবেগে লৱৰি ৰথেচৰি হাতে ধনুশৰ ধৰি টঙ্কাৰ বীৰনাদকযেকহো হৈছে সিংহ মৃগযুথক খেদাৱল সোহি প্ৰকাৰে ৰখীয়াসৱক দূৰ কৰিয়ে অৰ্জুনে সুভদ্ৰাক কোলে বৈথাই আপোন ৰথ ঘোটক বাঘজৰী ধৰি যৈছে মহাবেগে চলিল, তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।

গীত

ৰাগ ধনশ্ৰী, এতালি
চৰি ৰথে বীৰ ৰাই, সুন্দৰী ৰমণী পাই।
ত্বৰিতগমনে ধাই, কৰে চাৰু চাপ লাই।।

পদ-কয়লি ধঙ্কাৰধ্বনি।
শুনি বীৰনাদ ধ্বনি।।
ভয়ে হিয়া ভেলি চুৰ।
সৈন্যসৱ ভৈল দূৰ।।
হৰিক ভগিনী সতী।
পাই ধনঞ্জয় পতি।।
হৰিসে মগন মন।
হেৰত বয়ন ঘন।।
আনন্দে পুলক কায়।
পিউ সঙ্গে চলি যায়।।
দীন শ্ৰীৰামে গাই।
গতি মেৰি হৰি পাই।।

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে অৰ্জুন দ্বাৰকা চাৰি সুভদ্ৰাক হৰি লৈয়া বহুদূৰ গেল। তদনন্তৰে ভঙ্গৱা সৈন্যসব ৰামক পাশে গৈয়াকহো যে কহল তা শুনহ।
সৈন্যসব বাক্যং-হে প্ৰভুৰাম, হামোসব কি আশ্চৰ্য্য অদ্ভূত দেখলো তোহো যাহেক ধৰ্মিষ্ঠ সন্যাসী বুলি অন্নভোজন কৰাৱল সে সন্যাসীবেশে অৰ্জুন আসিকহো ধনুটঙ্কাৰ কৰিয়া হামাক খেদাই তোহাৰ ভগিনী সুভদ্ৰাক হৰি নিয়া গেল। হামোসব সাক্ষাতে দেখলো। হে দেৱসব আপোনে যে যোগ্য তা কৰহ।
সূত্ৰ-ওহি কহি সৈন্যসব মৌন ভেল।

  শ্লোক

ভগিনী পাণ্ডুপুত্ৰেণ হৃতা শ্ৰুত্বা হলায়ুঃ
ক্ৰোধসংৰক্তনয়নং প্ৰযযৌ সমৰং প্ৰতি।।১৪।।

সূত্ৰ-তদনন্তৰে ভঙ্গুৱা সৈন্যসবক বচন শুনিয়ে বলোভদ্ৰ পৰম ক্ৰোধে গাৰি দিয়ে যৈছে অৰ্জুনক খেদি যায় তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ কানড়া, পৰিতাল
ধৰহ অৰ্জুন বোলে বলোৰাম।
কাম্পয় কোপে নিকলয় ঘাম।।

পদ-কান্ধে লাঙ্গল হাতে মুষল উচ্ছাই।
আৰকত আসি বোলে চৌদিশে চাই।।
সত্বৰে সাজ সাজ যদুগণ।
কয়লি পাপী মেৰি সত্যক ছন।।
নাহি জাতিকুল তাৰ আচাৰ বিচাৰ।
মাতুলক দুহিতা হৰলি দুৰাচাৰ।।
বংশৰ দুৰ্যশ ৰহল জগছানি।
অৰ্জুনে হৰল ৰামকৃষ্ণ ভগিনী।।
আজু অঙ্গীকাৰ বুজব হামাৰ।
কয়বো দূৰ বিজয় নাম তাৰ।।
কান্ধে লাঙ্গল দিয়া মুষল উচ্চাই।
ভাঙ্গবো শিৰ কবহো ৰক্ষা নাই।।
ঐছন কোপ কৰয় হলপাণি।
ভকত বান্ধৱ মাধৱ হেন জানি।।
কয়লি পৰিয়ে পৰনাম।
বোলত বাণী শুন দাদা বলোৰাম।।
পৰম মন্দ হীন বোলয় শ্ৰীৰাম।
সামাজিক লোক বোলহু ৰাম ৰাম।।(১৭)।।

সূত্র-আহে সামাজিক লোক, অৰ্জুনক প্ৰতি ৰাম ঐছন কোপ পেখি শ্ৰীকৃষ্ণ ভকতক নিমিত্তে ৰামক পাৱে পৰিয়ে যৈছে কাতৰ কয়ল তা দেখহ শুনহ।

শ্ৰীকৃষ্ণ বোলা-আহে দাদাৰাম, পাণ্ডুপুত্ৰসৱ তোহাৰি পালন হামাৰো পৰম প্ৰিয়তম। তাহেক প্ৰতি ওহি কোপ ত্যজহ। তোহো সুভদ্ৰাক দুৰ্য্যোধনক দিতে অঙ্গীকাৰ কৰৈছ, সে কৈছে নাহি পাৱে? পূৰ্ব্বজনমৰ যাহেৰ কন্যা সোহি পাৱে। যে ৰাজা দুৰ্য্যোধন সে ৰূপগুণে ধৈৰ্য্যে একশত ভাগো অৰ্জুনক সম হোৱয়ে নাহি। হে দাদা হামাৰ ভগিনী সুভদ্ৰাক নিচয়ে বিবাহ দিতে লাগয়। সোহি অৰ্জুনক সুভদ্ৰা বৰ ভাগ্যে স্বামী পাৱল। আহে দাদা তোহাৰি পাৱৰে লাগো, হামাৰি প্ৰাণসখি অৰ্জুনক প্ৰতি ওহি কোপ তেজহ।

সূত্ৰ-আহে সামাজিক লোক, কৃষ্ণক ঐছন কাকুবাণী নাহি মানি বলোভদ্ৰে হাতে মূষল ধৰিয়ে মহাকোপে অৰ্জুনক প্ৰতি খেদি যায়, তাহে পেখি শ্ৰীকৃষ্ণ পৰক সঙ্গোপ্য কথা কহিয়ে যৈছে কোপ নিবাৰণ কয়ল শুনহ।

শ্ৰীকৃষ্ণ-আহে দাদা, হামো যে বোলো তুহু তা শুনহ। যে পৰমেশ্বৰ পৰমদেৱতা যে হাম, যে হামাৰ সেৱক সহস্ৰ বয়ন সে তুহু। হামু তুহু ভূমিক ভাৰ হৰণ নিমিত্তে জগততাৰণ কাৰণে বেকত ভৈলো। অৱকৈছে হামাৰ বচন লঙ্ঘিয়ে পৰম প্ৰিয়তম ভক্ত অৰ্জুনক কোপ কৰহ? তাহা উচিত নহে।

সূত্ৰ-আহে সামাজিক লোক, শ্ৰীকৃষ্ণক ঐছন সঙ্গোপ্য বচন শুনি বলোভদ্ৰ জ্ঞানে পৰিপূৰ্ণ হুয়া লজ্জায়ে হেঠমাঠ কৰি কতিবেৰি অনন্তৰে শ্ৰীকৃষ্ণক আগু যে বোলল তা শুনহ।
বলোভদ্ৰ-হে প্ৰভু, তোহো পৰমপুৰুষ পুৰুষোত্তম দেৱকু পৰম দেৱতা। আপুনি সৰ্ব্বজ্ঞ, হামো তোহাৰি মায়ায়ে মোহিত হুয়া জ্ঞানভঙ্গ কয়লো। তোহাক নিজভকত অৰ্জুনক কোপকৰিয়ে গাৰি দেলোহো, সে দোষ মৰস গোঁসাই। হে স্বামী, হামাৰ পিতা বসুদেৱ গজ বাজীৰথ দাসদাসী যৌতুকসব দিয়ে বিধিমতে সুভদ্ৰাক অৰ্জুনক বিবাহ দেহন্তোক যাই।

সূত্ৰ-তদনন্তৰে সে অৰ্জুনৰ বৃত্তান্ত শুনহ। অৰ্জুনে প্ৰবাস সময়ে শ্ৰীকৃষ্ণক ভগিনী সুভদ্ৰাক পাই হৰিলৈয়া ইন্দ্ৰপ্ৰস্থ পাৱল শুনি যুধিষ্ঠিৰ আদি ভ্ৰাতৃসৱ পাত্ৰমন্ত্ৰী পুৰোহিত সহিতে মহামহোত্সৱে আগবাধল। দ্ৰৌপদী আদি পৰমসুন্দৰী আয়তা স্ত্ৰীসব-সহিতে কুন্তী আগবাধি গৈয়েকহো বৰকন্যাক হাত একঠাম কৰিয়ে পঞ্চশবদ বজাই গৃহে প্ৰৱেশ কৰাৱল। তদনন্তৰে বিবাহ মহোত্সৱ শুনহ। ৰাজ যুধিষ্ঠিৰ বিবাহক লাগি ৰত্নমন্দিৰ সজাৱল। ভীষ্ম আদি কুলবৃদ্ধসৱ দুৰ্য্যেধন অন্য মত ৰাজা নাৰদ প্ৰমুখ্যে যত দেৱঋষি ৰাজঋষি ৰাজা যুধিষ্ঠিৰে সৱাকে আহ্বানকয়ে আনি মহামহোত্সৱ কয়েকহো সভাত বৈঠাৱল। তদনন্তৰে সোহি সময়ে দ্বাৰকাহন্তে যৌতুকসম্ভাৰ লৈয়া বসুদেৱ সুভদ্ৰাক বিবাহ দিতে আৱল। তাহে শুনি পাণ্ডুপুত্ৰ সব আগবাধি আসিকহো পৰম সাদৰে গৃহপ্ৰৱেশ কৰাৱল। তদনন্তৰে ধৌম্য পুৰোহিত বিবাহক নিমিত্তে কৰিয়ে হোম আৰম্ভল।

  শ্লোক

সুভদ্ৰাৰূপমালোক্য ধৌম্যঃ স্মবাণাহতঃ
স্ৰুৱংহিত্বাতিমোহেন পপাত ধৰণীতলে।।১৫।।

সূত্ৰ-তদনন্তৰে মুখচন্দিকা কৰাইতে সুভদ্ৰাক পৰম সুন্দৰৰূপ পেখি ধৌম্য পুৰোহিত কামে জঞ্জৰিত হুৱা হাতৰ স্ৰুৱস্ৰুচ কসল, কম্পি মূচ্ছিত হুয়া পৰল। পেখি তনিকৰয় শিষ্যে বোধ কৰাৱল।
শিষ্য উবাচ-হে গুৰু কৈছে আকুল ভেদি? তোহাৰ ব্যৱহাৰ নোহে নাহি স্বস্থ হওঁ, স্বস্থ হওঁ।

  শ্লোক

ধৌম্যশ্চ চেতনংলধ্ব্যা বিষ্ণু স্মৃত্বা প্ৰশান্তধীঃ
বিবাহং কাৰয়ামাস তত্ৰাভূত্ উত্সৱো মহান।।১৬।।

সূত্ৰ-তদনন্তৰে পুৰোহিতে চেতন লভি বিষ্ণু সুমৰি আছান্ত কৰিএ পুনঃ স্ৰুবধৰি হোম কৰিতে লাগল। তদনন্তৰে বসুদেৱে কন্যাসম্প্ৰদান কৰিতে বৰকন্যাক কেশ একঠাম কৰিকহো পানী ধালিতে তখি যৈছে কৌতুক মিলল, আহে লোক সে মহা আনন্দ দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ বেলোৱাৰ, যৌতিতাল
ধনঞ্জয় আনন্দে কৰত বিবাহ।
পেখিয়ে সুৰবৰ নৰমুনি কিন্নৰ
জগজন মিলন উত্সাহ।।

পদ-বৰকন্যাক টিক একঠাম কয়েকহো
বসুদেৱে ধালত পানী।
পঞ্চশৰদ নাদ কৰত আনন্দে ধৌম্যে
পুৰোহিতে কহে বেদবাণী।।
নাচত নটী-নট ছপয় পঢ়য় ভাট
কুসুম বৰিষে সুৰৰামা।
ৰতন যৌতকু বহু সবলোই দেলহ
পুৰল সব মন কামা।।১৮।।

সূত্ৰ-আহে সামাজিক লোক, ঐছন প্ৰকাৰে বিজয়কবিবাহ ভেল। তদনন্তৰে বিবাহক স্থানে যত লোকস্থিত, হাহেক ৰাজা যুধিষ্ঠিৰে পৰম সাদৰে গন্ধ-চন্দ-পুষ্প-তাম্বুল-বস্ত্ৰ-অলঙ্কাৰে সবাকে সন্তুষ্ট কৰাৱল। সেসবো পাণ্ডুপুত্ৰসবত মহাসত্কাৰ লভিয়ে আপোনস্থান চলি গেল। অতঃপৰে বসুদেৱক পৰম সত্কাৰে গন্ধচন্দনবস্ত্ৰালঙ্কাৰ দিয়ে গৃহে পঠাৱল। আহে সামাজিক লোক ঐছন প্ৰকাৰে বিবাহ মহোত্সৱ সাঙ্গ ভেল।

  শ্লোক

ততস্তু কৌতুকঃ পাৰ্থঃ সুপ্তৰা আৰত্নমন্দিৰে।
লেভে ৰঙ্গৰসং বীৰঃ ভদ্ৰায়াঃ চাৰুৰূপয়া।।১৭।।

সূত্ৰ-তদনন্তেৰ বীৰবিজয় শ্ৰীকৃষ্ণক কৃপায়ে পৰমসুন্দৰী পদ্মিনী সুভদ্ৰাক পাই যৈছে কেলীকৌতুক কয়ল তা দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি।

গীত

ৰাগ কল্যাণ খৰমান
কৰত বিজয় বিহাৰা
আলিঙ্গি ৰমণী সুন্দৰী গজগামিনী
কৰু অনঙ্গ অপাৰা।।

পদ-পঙ্কজ বয়ন নয়নঘন হেৰত কৰত অধৰ মধুপান।
চোৰি কণ্ঠ আকুচ নখঘন হানত বীৰবৰ ৰসিক সুজান।
নৰপিয়ু অঙ্গ মিলত চুম্বন কৰ বৰ বালা।
কৰযুগ কঙ্কণ ঝনকত হৃদিমহ দুৰ্লভ ৰতনকু মালা।।
ইন্দুবদনবিন্দু শ্ৰমজল শোভিত ৰতিৰসে চেতন নাই।
হৰিক ভগিনী মন পুৰণ ভয়োকাম এহুৰস
শ্ৰীৰামে গাই।।(১৯)।।

সূত্ৰ-আহে সামাজিক লোক,শ্ৰীকৃষ্ণক প্ৰসাদে সুভদ্ৰা নাম বীৰবিজয় পৰমসুন্দৰী পদ্মিনীক পাই মনোৰথ পুৰি পৰম আনন্দে ৰহল।

  শ্লোক

শ্ৰীকৃষ্ণচৰণাৰবিন্দপ্ৰসাদনাটকং শুভম্।
সুভদ্ৰাহৰণং নাম পূৰ্ণংহৰিষশোজ্জ্বলম্।।১৮।।

সূত্ৰ-আহে সামাজিক লোক, শ্ৰীকৃষ্ণ পাদপদ্ম প্ৰসাদত সুভদ্ৰাহৰণ নাট সম্পূৰ্ণ ভেল। ইহাত নুন্যাধিক দোষ সে শ্ৰীকৃষ্ণচৰণে দূৰ হৌক।

  শ্লোক
খল্বজ্ঞেন ময়া কৃতং নাটকং সুপ্ৰকাশিতম।
তত্ৰ ন্যুনাধিকং দোষং কৃপায়া ক্ষন্তুমৰ্হসি।।১৯।।

সূত্ৰ-ওহি বুলি হৰিক নিৰ্মল কথা যে সন্তসবে শ্ৰদ্ধায়ে গাৱে, শ্ৰদ্ধায়ে শ্ৰৱণ কৰয় তাৰাসবৰ হৰিকচৰণে নিৰ্মল ভকতি মিলব।
অপিচ-আহে লোকাই, ওহি ভাৰতবৰিষে নৰতনু কোটিজন্মে নাহি পায়। বিশেষত কলিযুগে হৰিনাম শ্ৰবণ কীৰ্ত্তনত বিনে গতি নাহি জানি চিত স্থিৰ কৰি হৰি বোল হৰি।

  শ্লোক

নমঃপূৰ্ণেন্দুবক্তায় জগন্মোহমূৰ্ত্তয়ে।
প্ৰফুলাম্বুজনেত্ৰায় কৃষ্ণায় ভক্তবান্ধৱে।।২০।।

সূত্ৰ-নমোনাৰায়ণ শ্ৰীকৃষ্ণচৰণে স্মৰণ কৰি নিৰন্তৰে হৰি বোল হৰি। শ্ৰীশ্ৰীকৃষ্ণক ভগিনী সুভদ্ৰাহৰণ বীৰবিজয় নাম নাট সম্পূৰ্ণ ভেল।