সমললৈ যাওক

লেখক:শ্ৰীৰাম আতা

ৱিকিউৎসৰ পৰা
শ্ৰীৰাম আতা
শ্ৰীৰাম আতা হল ভবানীপুৰীয়া গোপালআতাৰ প্ৰধান শিষ্য আৰু উত্তৰাধিকাৰী ।তেখেত কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰো। তেখেতে কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰাদি সত্ৰৰো দায়িত্ব পালন কৰিছিল।তেখেতে উজনি অসমলৈ গৈ মাজুলীত ১৬৪৩ চনত আহঁতগুৰি সত্ৰ স্থাপন কৰিছিল। কিন্তু আহোম ৰজাই তেওঁক ভাটিৰ মানুহ বুলি মাজুলীত থাকিব নিদিয়াত পুনৰ কালঝাৰ সত্ৰতে গোটেই জীৱন পাৰ কৰে। তেওঁৰ প্ৰয়াণৰ পিছত তেওঁৰ পুত্ৰ ৰামানন্দ দ্বিজ কালঝাৰ সত্ৰৰ তৃতীয়জনা সত্ৰাধিকাৰ হয়। আনজন পুত্ৰ পৰমানন্দ পোৰাভৰাঁল সত্ৰৰ সত্ৰাধিকাৰ হয়। পৰৱৰ্তী সময়ত ৰামানন্দ দ্বিজ ১৬৭৩ চনত আহঁতগুৰি সত্ৰলৈ আহে পৰমানন্দই কলিয়াবৰত আমগুৰি সত্ৰ প্ৰতিষ্ঠা কৰি । পিছত কৰতিপাৰ সত্ৰও বিস্তাৰ হয়।শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাতা‌ হিচাপেও জনা যায়। তেওঁক সেয়ে দুটা নামেৰে জনা যায় কালঝৰীয়া শ্ৰীৰাম আতা আৰু আহঁতগুৰীয়া শ্ৰীৰাম আতা।ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, ড॰ বিৰিঞ্চিকুমাৰ বৰুৱাৰ মতে‌ও শ্ৰীৰাম আতা আহঁতগুৰি সত্ৰৰ প্ৰতিষ্ঠাপক। ড॰ মহেশ্বৰ নেওগো এই কথাত একমত। শ্ৰীৰাম আতাৰ সময় ষষ্ঠ দশ শতিকাৰ শেষ দশক আৰু সপ্তদশ‌ শতিকাৰ আদিভাগ অৰ্থাত ১৬৫০ চনৰ পূৰ্বভাগ বুলিকবপাৰি। শ্ৰীৰাম আতাক গোপালদেৱৰ দেহাৱসানৰ লগে লগে কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ বিষয় বাব দিয়া হৈছিল। শ্ৰীৰাম আতাই 'সুভদ্ৰা হৰণ' নাট ৰচনা কৰে।আৰু অসংখ্য গীত ৰচনা কৰিছিল।