সুন্দৰকোঁৱৰ

ৱিকিউৎসৰ পৰা

চৰিত্ৰসমূহ

  • সুন্দৰ কোঁৱৰ : অসমৰ এখন ৰাজ্যৰ কোঁৱৰ
  • সুদৰ্শন : ৰাজ্যৰ মুকুতা সাউদৰ পুতেক
সুন্দৰ কোঁৱৰৰ অন্তৰঙ্গ বন্ধু
  • অনঙ্গৰাম : ৰাজ্যৰ মন্ত্ৰীৰ পুতেক আৰু সুন্দৰ কোঁৱৰৰ অন্তৰঙ্গ বন্ধু
  • বপুৰা: সুন্দৰৰ বিশ্বাসী লিগিৰা
  • ৰাজমাও : সুন্দৰ কোঁৱৰৰ মাক


প্ৰথম অঙ্ক


[সুন্দৰৰ কোঁৱৰৰ ৰাজকাৰেঙৰ ভিতৰৰ প্ৰকাণ্ড পুথিভঁৰাল। সোণপানী চৰোৱা দেৱালৰ গাত শাৰী শাৰীকৈ থকা অসংখ্য খোপবোৰত পুথিবোৰ সজোৱা আছে। কোঠাটোৰ মাজে মাজে বহিবলৈ বগা মৰ্ম্মৰ শিলৰ বেদী, তাৰ ওচৰে ওচৰে ডাঙৰ ডাঙৰ সোণৰ আৰু ৰূপৰ বহল বহল শৰাইবোৰতো থাক-থাককৈ পুথি সজোৱা আছে। প্ৰত্যেক বেদীৰ ওচৰে ওচৰে একোটাকৈ হীৰা-মণিৰে বাখৰ খটোৱা ওখ গছা। গছাটোৱেপতি পাঁচোটাকৈ চাকি জ্বলিব লাগিছে। কোঠাটোৰ বাওঁফালে এখন আহল-বহল সোণৰ খুৰা লগোৱা জাংফাইৰ বৰপীৰাত বগলি পাখি যেন বগা সাজ পিন্ধি সুন্দৰ কোঁৱৰ বহি একান্ত চিত্তে সুদৰ্শনৰ গীতা-পাঠ শুনি আছিল। সুন্দৰৰ কোলাত এখন পুথি, তাৰে কিছুমান পাত কোলাৰ ওপৰতে সিঁচৰতি হৈ আছিল আৰু এখন নে দুখন মাটিতো পৰি আছিল।

সুন্দৰৰ সোঁফালে অলপ দূৰত এখন বেদীত বহি আগত থগীত থৈ সুদৰ্শনে প্ৰসন্ন চিত্তেৰে গীটা পাঠ কৰিছিল। সুদৰ্শনৰ ওচৰৰ গছাটো আটাইবোৰ গছাতকৈ ওখ আৰু তাত দহোটা চাকি। সেই ওখ গছাটোৰ তলতে অলপ আন্ধাৰত মাটিত পাৰি থোৱা দলিচাৰ ওপৰতেই অনঙ্গৰাম বহি একান্তমনে গীতা-পাঠ শ্ৰৱণ কৰিছিল। সুন্দৰৰ মুখত একো চিন্তা বা অপ্ৰসন্নতাৰ চিন নাই। আধা চকু মেলি সুন্দৰ তন্ময়-তদ্গত। সুদৰ্শনৰ কণ্ঠ-ধ্বনিৰ বাহিৰে কোঠাটোত সকলো নিজম।

আঁৰ-কাপোৰ তোলাৰ লগে লগে সুদৰ্শনে উচ্চ কণ্ঠেৰে সুৰ লগাই আবৃত্তি কৰে--]

সুদৰ্শন: শ্ৰেয়ান্‌ দ্ৰব্যময়াদ্‌ যজ্ঞাজ্‌ জ্ঞানযজ্ঞ: পৰন্তপ। সৰ্ব্বং কৰ্ম্মাখিলং পাৰ্থ জ্ঞানে পৰিসমাপ্যতে॥
সুন্দৰ: ৰ’বা বন্ধু—[এইবুলি সুন্দৰে এফালে চাই কিবা ভাবিবলৈ ধৰে, তাৰ পাছত] বন্ধু আকৌ এবাৰ সেই শ্লোকটো আবৃত্তি কৰা। [এইবুলি সুন্দৰে চকু মুদি সুদৰ্শনৰ আবৃত্তিলৈ অপেক্ষা কৰে। ]
সুদৰ্শন: [আকৌ পুথিলৈ চকু দি] শ্ৰেয়ান্‌ দ্ৰব্যময়াদ্‌ যজ্ঞাজ্‌ জ্ঞানযজ্ঞ: পৰন্তপ। সৰ্ব্বং কৰ্ম্মাখিলং পাৰ্থ জ্ঞানে পৰিসমাপ্যতে॥ [সুদৰ্শনৰ আবৃত্তি শেষ হোৱাৰ লগে লগেই সুন্দৰে নিজে নিজে উচ্চ কণ্ঠে গাবলৈ ধৰে। ]
সুন্দৰ: শ্ৰেয়ান্‌ দ্ৰব্যময়াদ্‌ যজ্ঞাজ্‌ জ্ঞানযজ্ঞ: পৰন্তপ। সৰ্ব্বং কৰ্ম্মাখিলং পাৰ্থ জ্ঞানে পৰিসমাপ্যতে॥
[সুন্দৰে গাই শেষ কৰোঁ কৰোঁ হওঁতেই দূৰৈত এটা প্ৰচণ্ড বৰটোপৰ শব্দ হয় আৰু শব্দৰ লগে লগেই এটা হিলৈৰ গুলি আহি সুদৰ্শনৰ গছাটোত লাগি তাক থানবানকৈ পেলাই দিয়ে। কোঠাটোৰ আন আন গছাৰ চাকিবোৰো লুটি খাই পৰি গোটেই কোঠাটো আন্ধাৰ হৈ পৰে, কিন্তু লুটি খাই পৰা চাকিবোৰ মাটিত পৰি ভম্‌ভমকৈ জ্বলিবলৈ ধৰে, আৰু গোটেই কোঠাটো ধোঁৱা-কোঁৱা হয়। কোঠাটোৰ বাহিৰত তিৰুতা-মুনিহৰ চিয়ঁৰ-বাখৰ হুৱা-দুৱা লগা শুনা য়ায়, আৰু অলপ পৰৰ পিছতে জাকে জাকে তালৈ লিগিৰা-লিগিৰী উধাতু খাই লৰি আহি কোবাই কোবাই চাকিৰ জুইবোৰ নুমাবলৈ ধৰে। কোঠাটোত এটা হুলস্থূল লাগি যায়। ইতিমধ্যেই সুদৰ্শন আৰু অনঙ্গৰামে নিজৰ ঠাইৰপৰা উঠি ইফাল-সিফাল কৰি জুই নুমাবলৈ প্ৰয়াস কৰিছিল। কিন্তু সুন্দৰে লৰচৰ নকৰাকৈ থিয় হৈ আছিল। এনেতে তালৈ খঙত উগ্ৰমূৰ্তি ধৰি ৰাজমাতৃ সোমাই আহি। ]
ৰাজমাতৃ: সুন্দৰ! এতিয়াও তই শত্ৰুক আক্ৰমণ কৰিবলৈ আদেশ নিদিবিনে?
সুন্দৰ: [সুন্দৰে ৰাজমাতৃৰ ফালে চাই আকৌ মুখ ঘূৰাই মনে মনে থাকে। ]
ৰাজমাতৃ: সুন্দৰ, এতিয়াও—এতিয়াও তোৰ ভ্ৰান্তি নুগুচিল? সুন্দৰ, অবিলম্বে আক্ৰমণৰ আদেশ কৰ—সুন্দৰ!
সুন্দৰ: মই যুদ্ধ নকৰোঁ।
ৰাজমাতৃ: [খঙত একো নাই হৈ] সুন্দৰ! সুন্দৰ! গীটাৰ এই মাৰাত্মক বিকৃত ব্যাখ্যা কৰি তই আজি ৰাজধৰ্ম্মৰ পৰা, ক্ষত্ৰিয়ৰ ধৰ্ম্মৰ্পৰা ভ্ৰষ্ট হৈছ। সুন্দৰ! ৰাজসিংহাসন বৈৰাগ্য সাধন কৰাৰ ঠাই নহয়।
সুন্দৰ: মাতৃ, ৰাজসিংহাসনেইহে বৈৰাগ্য সাধন কৰিবৰ যোগ্যস্থান। ৰাজছত্ৰৰ তলত অনাসক্ত যোগীজনেই বহি ন্যায়ৰ দণ্ড ধৰিবলৈ উপযুক্তজন। আজি পৃথিৱীত যত বিশৃঙ্খলা, যুঁজ-বাগৰ, মহামাৰ, সি কেৱল সিংহাসনত বহি ভোগ-বিলাসৰ সপোন দেখোঁতা আসুৰী সম্পদ ব্যৱসায়ী ৰজা আৰু শাসকবৰ্গৰ বাবেই।
ৰাজমাতৃ: তোৰ কথা সদায়ে ওলোটা। ঈশ্বৰে জীৱক অতি পুণ্যৰ বাবে বঁটা দি পৃথিৱীলৈ ৰজাৰ কোঁৱৰ হৈ জন্‌মিবলৈ পঠায় সংসাৰৰ ভালৰো ভালখিনি, বছাৰো বছাখিনি ভোগ কৰিবলৈ—তই কিন্তু সেই ঈশ্বৰৰ দানক হেলাৰঙে অৱহেলা কৰিবলৈ ওলাইছ। ঈশ্বৰে বান্ধি দিয়া নিয়ম তই ভাঙিব খুজিছ। এদিন এজনী সামান্য লিগিৰীৰ বাবে তই সমাজৰ ৰীত-নীতি ভাঙি উত্খাত কৰিলি, আজি আকৌ ঈশ্বৰৰ নিয়ম ভাঙিবলৈ ই কি উত্কট বিদ্ৰোহৰ বৰ ভাওনা পাতিব খুজিছ সুন্দৰ? সুদৰ্শন। তুমি এই সুন্দৰৰ আগত গীতা পাঠ নকৰিবা। গীটাই ইয়াক নুসুজে। বিদ্ৰোহ এটা দোৰাৰোগ্য ব্যাধিৰ দৰে ইয়াৰ আত্মাত ঠাই লৈছে। বিপ্লৱেই হৈছে ইয়াৰ মৃগয়া।
সুন্দৰ: [হাঁহি] আই মাতৃ ভুল কৈছা। --ভুল কৈছা। মোৰ আত্মাত বিদ্ৰোহে কি ঠাই ল’ব। মই বিদ্ৰোহৰো বিদ্ৰোহ, মহাবিদ্ৰোহ – মই মহা বিপ্লৱৰ অগ্নি। মোৰ কামেই হৈছে পৃথিৱীৰ মহামহত্ত্বৰ বিৰোধী আসুৰী শক্তিক জয় কৰা—সিহঁতৰ সৈতে যুদ্ধ কৰি সিহঁতক নিৰ্ম্মূল কৰা।
ৰাজমাতৃ: যদি তই তাকেই কৰ, তেন্তে এই যে আজি তোৰ ধন-সম্পদ ডকা দি নিবলৈ এই ৰাজডকাইতৰ অভিযান আহি তোৰ সৰ্ব্বনাশ কৰিব খুজিছে—তই সেই আসুৰী মানুহবোৰৰ বিৰুদ্ধে অস্ত্ৰ লৈ সিহঁতক কিয় নিৰ্ম্মূল নকৰ? তোৰ নিজৰ কথাৰেই দেখোন তই মোৰ মতত হয়ভৰ দিছ?
সুন্দৰ: [হাঁহি] আই মাতৃ, মোৰ মুখৰ কথাৰেই মোক বান্ধিলোঁ বুলি ভাবিছা?—নহয়—আই মাতৃ, তুমি মোৰ কথাৰ সঠিক অৰ্থ বুজিব পৰা নাই। আসুৰী মানুহক নিশ্চয় বাধা দিবই লাগিব। কিত্নু সিহঁতক মই আসুৰী উপায়েৰেই বাধা দিবলৈ গ’লে—সিহঁতৰ ভিতৰৰ দানৱটো জ্বলি উঠিব; মোৰ তেনে আসুৰিক বাধা মাথোন সিহঁতৰ দানৱীয় প্ৰবৃত্তিৰ হবিস্বৰূপহে হ’ব।
ৰাজমাতৃ: প্ৰলাপ—প্ৰলাপ—তোৰ প্ৰলাপেৰে ৰাজ্য ৰক্ষা নহয়—বলিয়া—বলিয়া—সুদৰ্শন, অনঙ্গ—মোৰ ল’ৰা বলিয়া হ’ল—তাৰ মগজুৰ ঠিক নাই—সি—সি ৰাজ্য ৰক্ষা কৰিবলৈ অক্ষম—যোৱা সুদৰ্শন, যোৱা অনঙ্গ—আক্ৰমণৰ আদেশ দিয়াগৈ। যোৱা যোৱা—[এনেতে উধাতু খাই দুটা দুৱৰী আহি আঁঠু লৈ]
দুৱৰী: ৰাজামতৃ—শত্ৰুৰ সেনাই নগৰৰ দুৱাৰ ভাঙিবৰ কাৰণে আগবাঢ়ি আহিছে। যদি সিহঁতক নিবাৰিবলৈ বিহিত ব্যৱস্থা নহয়—তেন্তে আমাৰ আৰু ৰক্ষা নাই।
ৰাজমাতৃ: [উত্ৰাৱল আৰু অগ্নিময় হৈ] সুন্দৰ, সুন্দৰ। এতিয়াও কথা শুন, কথা শুন,--যা—যা—যুদ্ধ কৰগৈ, সুদৰ্শন যোৱা, অনঙ্গ যোৱা—এৰি দে তোৰ বিচিত্ৰ মত—আহ্‌ আহ্‌ [বৰটোপৰ ডাঙৰ শব্দ] আহ্‌ [এইবুলি ৰাজমাৱে সুন্দৰৰ হাতত ধৰি আঁজুৰি আনে—সুন্দৰ হাত এৰুৱাই নি, অলপ দূৰলৈ গৈ]
সুন্দৰ: [গহীন আৰু কঠোৰ হৈ] শান্ত হোৱা আই মাতৃ! স্থিৰ হোৱা। অধৈৰ্য নহ’বা। যুদ্ধ মই নকৰোঁ।
ৰাজমাতৃ: সুন্দৰ!
সুন্দৰ: [অবিচলিত হৈ] যুদ্ধ মই নকৰোঁ। [বাহিৰত কেইবাটাও বৰটোপৰ শব্দ]
ৰাজমাতৃ: [চিয়ঁৰি[ সুন্দৰ!!
সুন্দৰ: [অবিচলিত আৰু অটল ভাব ধৰি] যুদ্ধ মই নকৰোঁ।
ৰাজমাতৃ: [বলিয়াৰ দৰে] বলিয়া—বলিয়া—সুন্দৰ—সুন্দৰ তই বলিয়া—নালাগে নালাগে—মই—মই যুদ্ধ কৰিম—মোৰ ৰাজ্য—মোৰ ৰাজ্য—মই—মই—মই ৰাখিম--। [বাউলিৰ দৰে ওলাই যায়। বাহিৰত আকৌ বৰটোপৰ শব্দ। ৰাজমাতৃৰ পিছে পিছে—সেই কোঠাটোৰ লিগিৰা-লিগিৰীবোৰো ওলাই যায়]
সুদৰ্শন: বন্ধু, সুন্দৰ!
সুন্দৰ: মই যুদ্ধ নকৰোঁ।
সুদৰ্শন: তেন্তে আত্মৰক্ষা কৰাঁ।
সুন্দৰ: অৱশ্যে কৰিছোঁ—আসুৰী শক্তিৰ ক্ৰিয়া-কলাপ দেখো মোৰ ভিতৰৰপৰা যি দানৱ ওলাই সিহঁতক আক্ৰমণ কৰিব, যুঁজিব, তাৰপৰা মই আত্মৰক্ষা কৰিব খুজিছোঁ।
সুদৰ্শন: আত্মৰক্ষা কৰাকেইতো যুদ্ধ বোলে।
সুন্দৰ: নোবোলে।
সুদৰ্শন: কি বোলে তেন্তে?
সুন্দৰ: প্ৰতিৰোধ।
সুদৰ্শন: তেন্তে তাকে কৰাঁ—প্ৰতিৰোধ কৰাঁ।
সুন্দৰ: অৱশ্যেই কৰিম। আৰু মই তাকেই কৰিছোঁ। যুদ্ধ নকৰোঁ বুলি কৈ তাকেই কৰিছোঁ।
সুদৰ্শন: তাৰপৰা একো কাৰ্যকৰী ফল নহ’ব। যি তোমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছে—সিহঁতে বিনাযুদ্ধে সিহঁতৰ অভীষ্ট সিদ্ধি কৰিব পাৰিব।
সুন্দৰ: সিহঁতৰ অভীষ্ট সিদ্ধি হ’ব নোৱাৰে। মোক সিহঁতে জয় কৰিব নোৱাৰে। মই সিহঁতৰ আসুৰীয় জয়ৰ অধিকাৰ স্বীকাৰ নকৰোঁ।
সুদৰ্শন: নকৰিলে সিহঁতৰ একো ক্ষতি নাই। তোমাৰ প্ৰাণ নাশ কৰিব, তাৰ পিছত তোমাৰ ৰাজ্য, তোমাৰ ধন-সম্পদ, তোমাৰ প্ৰজা, সকলো সিহঁতৰ হ’ব।
সুন্দৰ: অৱশ্যে তোমাৰ কথা হ’ব। কিন্তু যি মোক আক্ৰমণ কৰিছে—সিহঁতৰ সৈতে অস্ত্ৰ শস্ত্ৰেৰে যুদ্ধ কৰিবলৈ যথেষ্ট শক্তি থকা সত্ত্বেও—তাকে নকৰি সিহঁতৰ আক্ৰমণৰ অন্যায়টো প্ৰতিপন্ন কৰাবৰ কাৰণে অতি ওখ মানৱীয় নৈতিক মহলাৰপৰা প্ৰতিৰোধ কৰি মই প্ৰাণ এৰিলে সিহঁতে পাছত সেই বিষয়ে ভাবিবলৈ ধৰিব। নাভাবি নোৱাৰেই।
সুদৰ্শন: ভাবিবলৈ ধৰিলে কি হ’ব?
সুন্দৰ: ভাবিবলৈ ধৰিলেই আৰু ৰক্ষা নাই।
সুদৰ্শন: তাৰ মানে?
সুন্দৰ: তাৰ মানে সিহঁতৰ অন্তৰত যুদ্ধৰ জুই জ্বলিব। সেই যুদ্ধ কিহৰ জানা? দৈৱী আৰু আসুৰী প্ৰবৃত্তিৰ। মানুহৰ মনত দৈৱী আৰু আসুৰী প্ৰবৃত্তিৰ যুদ্ধ হ’লে সদয়েই দৈৱী প্ৰবৃত্তিৰ জয় হয়। দৈৱী প্ৰবৃত্তি কেতিয়াবা যুদ্ধ কৰি পৰাভূত হ’লেও—তাত স্বয়ং ভগৱানে হস্তক্ষেপ কৰেহি। আৰু সেই কাৰণে শেষত দৈৱী শক্তিৰ সদায়েই জয় হৈয়েই আছে। এই মহাসত্য হিন্দুৰ সকলো শাস্ত্ৰতে প্ৰমাণিত হোৱা দেখুৱাইছে। মহাভাৰত, ৰামায়ণ আৰু যত পুৰাণ—তাত সূক্ষ্মভাৱে বিচাৰি চালে দেখিবা, এই মহাসত্য জ্বলিব লাগিছে। সাময়িক ভাবৰে কেতিয়াবা এই সত্য মহাসূৰ্য্যক আঁৰ কৰি ধৰিলেও—ই জাজ্বল্যমান হৈ জ্বলি বিশ্ব সংসাৰক তাৰ তাপ, উম আৰু পোহৰেৰে ৰাখি থৈছে। ধ্ৰুৱ নিশ্চয়ভাৱে মোৰ অন্তৰত এই সত্যৰ উপলব্ধি হৈছে। সেই কাৰেণেই মই হাতৰ অস্ত্ৰ পেলাই দিও কৃতকাৰ্য্যতাৰে প্ৰতিৰোধ কৰিব পাৰিম বুলি নি:সন্দেহ আৰু নিৰ্ভয়।
সুদৰ্শন: তোমাৰ ই এক অভূতপূৰ্ব্ব কথা!
সুন্দৰ: অভূতপূৰ্ব্ব কথাৰপৰা আন এটা অভূতপূৰ্ব্ব কথালৈ যাব লাগিছে এই বিশ্বসংসাৰ। তাকেই বোলে কালৰ প্ৰবাহ। বিশেষকৈ এই মানুহৰ মনটো সৃষ্টি হৈছে সেইবাবেই—অভূতপূৰ্ব্বৰপৰা আৰু অভূতপূৰ্ব্বলৈ যাবলৈ। যদি তাকে নকৰা তেন্তে তুমি তোমাৰ আৰু স্থিতিশীল পশুৰ মনৰ কি পাৰ্থক্য কৰিব বন্ধু? গতিশীলতাৰ আচল অৰ্থ হৈছে অভূতপূৰ্ব্বলৈ পৰিৱৰ্ত্তন।
সুদৰ্শন: বেছ, কথা বুজিলোঁ। কিন্তু ভালৰপৰা বেয়ালৈ গ’লেও জানো অভূতপূৰ্ব্বলৈ যোৱা নহ’ব? [এইবুলি সুদৰ্শনে এটা কুটিল হাঁহি মাৰে]
সুন্দৰ: মানুহৰ মনটো উভতি অধম অৱস্থালৈ গ’লে নিশ্চয় তাক অভূতপূৰ্ব্বলৈ যোৱা বুলি ক’ব নোৱাৰি। সি মাথোন ভ্ৰষ্টতা। মানৱ জাতিয়ে মহা তমসাৰপৰা নিজকে মুক্ত কৰি আলোকৰ বাটেদি জ্ঞানৰ মাজেদি যি মহা-জীৱনলৈ যাত্ৰা কৰিছে, সেই যাত্ৰাৰ স্তৰে স্তৰে যি মানৱ জাতিক এখোজ সেই বাটেদি আগবঢ়াই নিবৰ কাৰণে নতুন আধ্যাত্মিক আৰু সাংসাৰিক নবোন্মেষৰ সৃষ্টি হয়—সিয়েইহে অভূতপূৰ্ব্ব। বেয়ালৈ যোৱাটো কেৱলমাত্ৰ স্খলন। এই আলোকৰ সোপান শ্ৰেণী উঠি যোৱা মানৱ জাতিৰ স্খলন সাময়িকভাৱে প্ৰত্যেক ঊৰ্দ্ধগামী স্তৰৰপৰা হয়। আগৰ স্খলনৰ অৱস্থাৰ ৰূপ বেলেগ হ’ব পাৰে—সি মাত্ৰ প্ৰকাৰভেদ। স্খলনৰ নৱবৈচিত্ৰ্যৰে তুমি অভূতপূৰ্ব্বক খেলি মেলি কৰি নেপেলাবা।
সুদৰ্শন: কিন্তু বাৰু তোমাৰ মতেই সোধোচোন! মানুহ জাতি অভূতপৃব্বলৈ নগৈ স্খলনৰ নৱবৈচিত্ৰ্যৰপৰা নৱবৈচিত্ৰ্যলৈহে যাব বুলি যদি মই কওঁ?
সুন্দৰ: বুৰঞ্জীয়ে নকয়। উত্থান-পতনৰ মাজেদি মানৱ জাতিয়ে আদৰ্শৰ চাকিটো লৈ আমি বৰ্ত্তমানত উপস্থিত। পৃথিৱীত নতুন নতুন সভ্যতা, নতুন জ্ঞানৰ বাটেদি মানৱ জাতি আহি আজি বিশ্বমুখী হোৱাই তাৰ প্ৰমাণ। তোমাৰ কথা সঁচা হোৱা হ’লে কুৰুক্ষেত্ৰ যুঁজৰ আজি কেবা হাজাৰ বছৰৰ পিছত এই পৃথিৱীত কেৱল খোৱা-কামোৰা কৰা বন-মানুহৰ বসতিহে দেখিলাহেঁতেন।
সুদৰ্শন: কিন্তু পৃথিৱীত আজিৰপৰাওতো সেই স্খলনৰ প্ৰথক অঙ্ক আৰম্ভ হ’ব পাৰে। যদিও বৈজ্ঞানিক সভ্যতাই আমাৰ বস্তু-জ্ঞানৰ আকাশ চক্ৰবালৰ ৰেখা বহলাই নিছে তথাপিও মানুহৰ আত্মাৰ আৰু মনৰ বৰ্ব্বৰতা, আসুৰীয় প্ৰবৃত্তিটো যোৱা নাই—নতুন বিজ্ঞানৰ আৱিষ্কাৰ, সিহঁতে প্ৰথম লোহা আৱিষ্কাৰ কৰা মানুহটোৱে যি বৰ্ব্বৰ প্ৰবৃত্তিৰ বাবে তাক দা-যাঠি কৰি নিয়োগ কৰিছিল আজিও তাতকৈ লক্ষগুণ শক্তিশালী বস্তু-জ্ঞানক সেই একে অভিনৱ দা-কটাৰি সাজিবৰ কাৰেণেই নিয়োগ কৰিছে। সেই কাৰণে মোৰ মত প্ৰমাণ হৈছে যে পৃথিৱীৰ মানৱ জাতি স্খলনৰ নৱবৈচিত্ৰ্যৰপৰা তাতোকৈ বিপৰ্য্যয় নৱবৈচিত্ৰ্যলৈহে আগবাঢ়ি গৈছে—আৰু মই ইয়াকে অভূতপূৰ্ব্ব বুলিব পাৰোঁ। কাৰন আভিধানিক অৰ্থ মতে অভূতপূৰ্ব্ব মানে আগেয়ে যি হোৱা নাছিল সি হোৱা।
সুন্দৰ: [হাঁহি] বন্ধু, তুমি এজন যথাৰ্থতে পণ্ডিত। কিন্তু বন্ধু, সদায় জানিবা পৃথিৱীত নতুন সৃষ্টিৰ অগ্ৰদূত পণ্ডিত নহ্য় প্ৰতিভাহে। প্ৰতিভা সূৰ্য্যৰ পোহৰ গ্ৰহণ কৰি জনগণলৈ প্ৰতিফলিত কৰাটোৱেই পণ্ডিতৰ কাম হৈ আহিছে। পণ্ডিতে প্ৰতিভাৰ অৰ্থও কৰিব পাৰে কদৰ্থও কৰিব পাৰে মাজে মজে অনৰ্থও কৰে---হাঃ হাঃ হাঃ। বন্ধু, যুক্তি-তৰ্ক্কৰে নতুন সৃষ্টি কৰিবা? মোৰ পণ্ডিত বন্দু সুদৰ্শন—তুমি মোৰ কথাৰ কদৰ্থ নকৰিবা—যুদ্ধ মই নকৰোঁ।
সুদৰ্শন: বন্ধু, তুমি আজিৰ নাটকৰ এটা উদ্ভট চৰিত্ৰ।
সুন্দৰ: হাঃ হাঃ উত্কট, বুলি নোকোৱা কিয় বন্ধু—উত্কট।
অনঙ্গ: [ইমানপৰ মনে মনে থাকি এতিয়া বিৰক্তি আৰু খঙেৰে] বন্ধু সুন্দৰ, আক্ৰমণৰ মুখত যুঁজ নকৰি—তোমালোকৰ এতিয়া হিলৈৰ গুলিৰ তলৰ বহি দৰ্শনৰ আলোচনা কৰাটো মই বলিয়াৰি দায়িত্বহীনতা, কৰ্ত্তব্যপৰান্মুখতা বুলি ভাবোঁ সুন্দৰ। ...তুমি ৰজাৰ অযোগ্য। তুমি ক্ষত্ৰিয়ৰ অযোগ্য.......