সুখ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সুখ
লেখক আনন্দ চন্দ্ৰ আগৰৱালা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক

সুখ সুখ বুলি মানুহ বলিয়া
        নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে পায় সংসাৰত
        দুখৰ উপৰি দুখ ৷
দেখিও নেদেখা কিয় দিন-কণা
        সুখযে হাততে আছে ;
যিয়ে দিব পাৰে স্বাৰ্থ-বলিদান,
        সুখ ফুৰে পাছে পাছে ৷
অকল নিজৰ নিমিত্তে নহয়
        আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
        সংসাৰ সুখৰ ঠাই ৷
পৰৰ অভাৱ, পৰৰ দুখত
        হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে
        সংসাৰত দুখ নাই ৷
শক্তি-সামৰ্থ পৰৰ সুখত
        বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
        কান্দোনতো সুখ পায় ৷
সকলো আপোন যত নৰ-নাৰী ;
        কাকনো বুলিম পৰ ?
পৰমপিতাৰ সকলো সন্তান
        পৃথিৱী আমাৰ ঘৰ ৷
গাই-গোটা-পেটে- ভঁৰাল নহ’বা ৷
        লোকৰ দুখলৈ চোৱাঁ,
মানুহৰ সেৱা, মানুহৰ পূজা,
        পৱিত্ৰ বৰত লোৱা ৷
‘মই’ ‘মোৰ’ ভাবে তললৈ নমাব
        নাপাব ৰক্ষাৰ তৰী ৷
সুখৰ দুখৰ মনেই কাৰণ
        মনক কৰিবাঁ থিত ;
ত্যাগত লভিবা পৰম সন্তোষ
        সাধিবা লোকৰ হিত ৷
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
        খোজে পতি বিন্ধে হুলে,
নি:স্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
        সুগন্ধি কুসুম ফুলে ৷
যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন,
        বিস্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
        সুখৰ নপৰে ওৰ।