সাঁচ:সমজুৱা পৃষ্ঠা/পৰিচয়

ৱিকিউৎসৰ পৰা

ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। লেখাৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা ইয়াৰ উদ্দেশ্য, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।

অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।

অসমীয়া ৱিকিউৎসত আপুনি যি কোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্ললিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।

যিসকল লেখকৰ কৰ্ম ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা চাওক।