সহায়:কপিৰাইট
কপিৰাইট বা স্বত্বাধিকাৰ বুলিলে কোনো ব্যক্তিক তেওঁৰ মৌলিক সৃষ্টিৰ ওপৰত লাভ কৰা অধিকাৰসমূহক বুজায়। এই সৃষ্টি সাহিত্যিক, সাংগীতিক বা আন কলাৰ ক্ষেত্ৰত হ'ব পাৰে। কপিৰাইটৰ ধৰণ সৃষ্টিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। কপিৰাইটে সৃষ্টিকৰ্তাক কেতবোৰ অৰ্থনৈতিক আৰু নৈতিক অধিকাৰ প্ৰদান কৰে। অৰ্থনৈতিক অধিকাৰে সৃষ্টিৰ মূল্যৰ সুৰক্ষা দিয়ে আৰু সৃষ্টিকৰ্তাৰ অনুমতি অবিহনে প্ৰতিলিপি বা পুনৰ্ব্যৱহাৰ বাৰণ কৰে। নৈতিক অধিকাৰে সৃষ্টিকৰ্তাক তেওঁৰ সৃষ্টিৰ লগত সংযোগক সুৰক্ষা দিয়ে, যেনে লেখকে তেওঁৰ কৰ্ম বেনামীকৈ বা ছদ্মনামত প্ৰকাশ কৰিব পাৰে।
প্ৰকাৰ
[উৎস সম্পাদনা]| শব্দ | ব্যাখ্যা |
|---|---|
| কপিৰাইট | বিভিন্ন ক্ষেত্ৰৰ লোকৰ প্ৰদান কৰা এক সন্মিলিত অধিকাৰ যিয়ে কেৱল সৃষ্টিকৰ্তাক নিজৰ কামৰ পুনৰ্ব্যৱহাৰ আৰু আন আন কাৰ্যৰ বাবে সুৰক্ষা দিয়ে। |
| উমৈহতীয়া কৰ্ম | কোনো কৰ্ম যাক দুজন বা অধিক লোকে মিলি সম্পন্ন কৰে আৰু তেওঁলোকে কৰা কামৰ মাজত বেমেজালি নহয়। |
| ভাৰতত কি কি কামৰ বাবে কপিৰাইট আছে | * মৌলিক সাহিত্যিক, নাটকীয়, সাংগীতিক বা আন কলাত্মক কাৰ্য; * চিনেমাট'গ্ৰাফ চলচ্চিত্ৰ আৰু * শব্দ বাণীবন্ধন |
| কলাত্মক কাম | * পেইণ্টিং, ভাস্কৰ্য, ৰেখাচিত্ৰ (নক্সা, মানচিত্ৰ, চাৰ্ট আদিকে ধৰি), আলোকচিত্ৰ, খোদাই কৰ্ম * স্থাপত্যকৰ্ম * কলাত্মক আন যিকোনো কৰ্ম |
| সাংগীতিক কৰ্ম | সংগীত থকা কৰ্ম য'ত তাৰ গ্ৰাফিকেল ন'টেচন থাকিব পাৰে কিন্তু সংগীতৰ লগত গাবলগীয়া একো শব্দ বা সঁজুলি নাথাকে। লিখা নাথাকিলেও সাংগীতিক কামত কপিৰাইট থাকে। |
| বাণীবন্ধন | বাণীবন্ধন কৰা কাম য'ৰ পৰা শব্দ উলিয়াব পাৰি। বাণীবন্ধন কৰা সঁজুলি বা শব্দ উলিওৱা প্ৰক্ৰিয়াই ইয়াত প্ৰভাৱ নেপেলায়। |
| চিনেমাট'গ্ৰাফ চলচ্চিত্ৰ | যিকোনো মিডিয়ামত কৰা দৃশ্যগত ৰেকৰ্ডিং য'ত গতিশীল ছবি থাকে আৰু দৃশ্যৰ লগতে বাণীবন্ধনো থাকে। |
| চৰকাৰী কৰ্ম | যিকোনো কৰ্ম যি তলত দিয়া গোটে কৰি উলিয়ায় বা প্ৰকাশ কৰে বা নিয়ন্ত্ৰণ কৰে * চৰকাৰ বা চৰকাৰৰ কোনো বিভাগ * যিকোনো বিধানমণ্ডলী * যিকোনো ন্যায়ালয়, ন্যায়াধীকৰণ বা ভাৰতৰ আন আইনী সংস্থা |
| ভাৰতীয় কৰ্ম | সাহিত্যিক, নাটকীয় বা সাংগীতিক কৰ্ম যাৰ * সৃষ্টিকৰ্তা এগৰাকী ভাৰতীয় নাগৰিক; বা * যি প্ৰথম ভাৰতত প্ৰকাশ হৈছিল; বা * অপ্ৰকাশিত কৰ্মৰ ক্ষেত্ৰত সৃষ্টিৰ সময়ছোৱাত তেওঁ ভাৰতীয় নাগৰিক আছিল |
কপিৰাইট পৰীক্ষা
[উৎস সম্পাদনা]আমি জানো যে মুকলিকৈ ব্যৱহাৰ কৰিব পৰা ছবি, ভিডিঅ' আদিবোৰ ৱিকিমিডিয়া কমন্সত (https://commons.wikimedia.org/) আপল'ড কৰিব লাগে। কিন্তু ৱিকিউৎসৰ বাবে সাহিত্যিক কৰ্ম, ছবি, ভিডিঅ' আদি কমন্সত আপল'ড কৰাৰ আগতে সেয়া দুখন দেশত মুক্ত অনুজ্ঞাপত্ৰৰ অধীন হয়নে নাই চাব লাগিব।
- কিতাপখন য'ত প্ৰকাশ হৈছে- ভাৰতীয় ভাষাত বেছিভাগ কিতাপৰ বাবে ভাৰত; আৰু
- কমন্সৰ চাৰ্ভাৰ থকা দেশ- আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাৰতত প্ৰকাশিত কৰ্মৰ বাবে
[উৎস সম্পাদনা]মুকলিকৈ প্ৰতিলিপি, বিতৰণ, পুনৰ্প্ৰকাশ কৰিব পৰা বস্তুবোৰ ৰাজহুৱা ড'মেইনত (public domain) থকা বুলি কোৱা হয়।। ভাৰতত কোনো কৰ্ম ৰাজহুৱা ড'মেইনত আছেনে নাই পৰীক্ষা কৰিবৰ বাবে ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ৰ নিয়ম চাব লাগিব।
- ইয়াত কোৱা মতে অজ্ঞাত লোকৰ কৰ্ম যেনে- ফটোগ্ৰাফ, চিনেমাট'গ্ৰাফিক কাম, বাণী বন্ধন, চৰকাৰী কাম আৰু কৰ্প'ৰেট মূলৰ বা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ কাম প্ৰথম প্ৰকাশৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ'লে ৰাজহুৱা ড'মেইনত সোমায় (উদাহৰণস্বৰূপে ২০২৫ চনত ১৯৬৫ চনৰ ১ জানুৱাৰীৰ আগলৈকে প্ৰকাশ হোৱা কৰ্ম ৰাজহুৱা ড'মেইনত আছে)।
- ওপৰৰ দিয়াবোৰৰ বাহিৰে মৃত্যুৰ পাছত প্ৰকাশ হোৱা কৰ্ম প্ৰকাশৰ তাৰিখৰ পৰা ৬০ বছৰ পাৰ হ'লে ৰাজহুৱা ড'মেইনত সোমায়।
- আন যিকোনো কাম সৃষ্টিকৰ্তাৰ মৃত্যুৰ ৬০ বছৰ পাৰ হ'লে ৰাজহুৱা ড'মেইনত সোমায়। ১৯৪১ চনৰ আগতে মৃত্যু হোৱা ব্যক্তিৰ সৃষ্টি ৫০ বছৰৰ পাছত ৰাজহুৱা ড'মেইনত সোমায়।
- যিকোনো চৰকাৰী গেজেটত প্ৰকাশিত পাঠ্য, আইন, ৰায় বা আইনী সংস্থাৰ আদেশ, বিধায়িনীত দাখিল কৰা চৰকাৰী প্ৰতিবেদন আদি কপিৰাইটৰ পৰা মুক্ত যদিহে নিৰ্দিষ্ট কৰ্তৃপক্ষই সেইবোৰৰ বিতৰণ আৰু প্ৰকাশ বাৰণ কৰা নাই।
কোনো কিতাপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজহুৱা ড'মেইনত আছেনে নাই চাবৰ বাবে আপুনি তলৰ কথাকেইটালৈ মন কৰিব লাগিব-
- এইখন ১৯২৩ চনৰ ১ জানুৱাৰীৰ আগতে প্ৰকাশ পাইছিল বা U.S. কপিৰাইট কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল।
- এইখন প্ৰথমে ভাৰতত প্ৰকাশ হৈছিল আৰু তাৰ ৩০ দিনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হোৱা নাছিল।i
- এইখন কপিৰাইট জাননী অবিহনে প্ৰথম ১৯৮৯ চনৰ ১ মাৰ্চৰ আগতে প্ৰকাশ পাইছিল বা কপিৰাইট নবীকৰণ নকৰাকৈ ১৯৬৪ চনৰ আগতে প্ৰকাশ পাইছিল বা ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কপিৰাইট সম্পৰ্ক আৰম্ভ কৰাৰ আগতেই ই ভাৰতত ৰাজহুৱা ড'মেইনত আছিল।
লেখকগৰাকীৰ মৃত্যু ১৯৬৫ চনৰ ১ জানুৱাৰীৰ আগতে হ'লে বা অজ্ঞাত লেখকৰ ক্ষেত্ৰত এই তাৰিখৰ আগলৈকে প্ৰকাশ হোৱা কৰ্ম বৰ্তমান (২০২৫ চন) ৰাজহুৱা ড'মেইনত।
সাৰাংশ
[উৎস সম্পাদনা]ৱিকিমিডিয়া কমন্স বা স্থানীয় ৱিকিত ফাইল আপল'ড কৰোঁতে নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ বাছনি কৰিব লাগে। তলৰ তালিকাৰ পৰা ক'ত আপল'ড কৰিব পাৰি সেয়া চাই নিৰ্দিষ্ট অনুজ্ঞাপত্ৰৰ সংকেত প্ৰতিলিপি কৰি দিব; "নোৱাৰি" লিখা ক্ষেত্ৰত কমন্সত সলনি অসমীয়া ৱিকিউৎসতে স্থানীয়ভাৱে ফাইল আপল'ড কৰিব (স্থানীয় ৱিকিত ফাইল আপল'ড সুবিধা বৰ্তমান কেৱল প্ৰশাসকৰ বাবে সীমাবদ্ধ)। "ক'তো নোৱাৰি" লিখা থকা সৃষ্টিবোৰৰ কপিৰাইট আছে, সেয়া আমি মুকলিকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ।
| সৃষ্টিকৰ্তাৰ মৃত্যু | প্ৰকাশৰ তাৰিখ | অনুজ্ঞাপত্ৰ | কমন্সত আপল'ড কৰিব পাৰিনে | ৱিকিউৎসত আপল'ড কৰিব পাৰিনে |
|---|---|---|---|---|
| <১৯২৪ | <১৯২৪ | {{PD-old-100}} | অপ্ৰযোজ্য | |
| <১৯৩১ | <১৯৩১ | {{PD-old-80}} | অপ্ৰযোজ্য | |
| <১৯৩১ | ১৯৩১-১৯৪০ | {{PD-India-URAA}} | অপ্ৰযোজ্য | |
| <১৯৩১ | ১৯৪১-১৯৬৬ | {{PD-India}} | ||
| ১৯৩১-১৯৪০ | <১৯৩১ | {{PD-old-70-1923}} | অপ্ৰযোজ্য | |
| ১৯৩১-১৯৪০ | ১৯৩১-১৯৪০ | {{PD-India-URAA}} | অপ্ৰযোজ্য | |
| ১৯৩১-১৯৪০ | ১৯৪১-১৯৬৬ | {{PD-India}} | ||
| ১৯৪১-১৯৬৪ | <১৯৩১ | {{PD-1923}}, {{PD-India}} | অপ্ৰযোজ্য | |
| ১৯৪১-১৯৬৪ | ১৯২৯-১৯৪০ | {{PD-India}} | ||
| ১৯৪১-১৯৬৬ | ১৯৪১-১৯৬৬ | {{PD-India}} | ||
| অজ্ঞাত লেখকৰ কৰ্ম | <১৯৩১ | {{{{PD-1923}}}}, {{PD-India}} | অপ্ৰযোজ্য | |
| অজ্ঞাত লেখকৰ কৰ্ম | ১৯৩১-১৯৪০ | {{PD-India-URAA}} | অপ্ৰযোজ্য | |
| অজ্ঞাত লেখকৰ কৰ্ম | ১৯৪১-১৯৬৬ | {{PD-India}} | ||
| <১৯২৪ | পুনৰ্মুদ্ৰণ<১৯৬৬ | {{PD-India}} | অপ্ৰযোজ্য | |
| যিকোনো | >১৯৬৬ | কপিৰাইট আছে | ||
| >১৯৬৬ | যিকোনো | কপিৰাইট আছে |
| |||||||||||||