সাঁচ:নিৰ্বাচিত লেখা/২০২৩/আগষ্ট
বহল ব্যাকৰণ
লেখক : সত্যনাথ বৰা(১৯২৬ খ্ৰীষ্টাব্দ)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/e/ed/%E0%A6%AC%E0%A6%B9%E0%A6%B2_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3.pdf/page1-150px-%E0%A6%AC%E0%A6%B9%E0%A6%B2_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3.pdf.jpg)
ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি। ই ভাষা এটাক খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন প্ৰণালীটোক ভাঙ্গি ছিঙ্গি ভিন ভিন কৰি দেখুৱায় দিয়ে, আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে। যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটোক ফালি ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে। সেই দেখি এক ৰকমে চালে যাৰ যি ভাষা তাক সেই ভাষাৰ ব্যাকৰণ নালাগেই। ব্যাকৰণ নিশিকাকৈয়ে সি সেই ভাষাত সুন্দৰৰূপে কথা কব পাৰে৷ তাক ব্যাকৰণ লাগে কেৱল ভাষাটোৰ ভিতৰুৱা গঠন শিকিবলৈ আৰু ভাষাটো শুদ্ধৰূপে লিখিবলৈ। কিন্তু যি এটা ভাষা নকৈ শিকিব খোজে সি সেই ভাষাৰ ব্যাকৰণ নিশিকিলে ভাষাটোৰ গোটেই তত্ত্ব লাভ কৰিব নোৱাৰে।