সাঁচ:নিৰ্বাচিত লেখা/২০২২/জুন

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

তত্ত্ব-কথা - লেখক : লক্ষ্মীনাথ বেজবৰুৱা


Laksminath Bezbaruah
Laksminath Bezbaruah

তত্ত্ব-কথা

“বহুতে কয় যে ঈশ্বৰৰ বিষয়ে আমি ভাবিচিন্তি একো ঠিক কৰিব নোৱাৰোঁ, সেইদেখি সেই বিষয়ে মূৰ ঘমোৱাটো বৃথা। গ্ৰীচৰ চক্ৰেটিচেও ইযাকে কৈছিল। কিন্তু মূৰ নঘমাও বুলি থাকোঁ কেনেকৈ? কোনোবাই পাৰে নে থাকিব? কোনেও নোৱাৰে। এদিন নহয় এদিন, আজি নহয় কাইলৈ,ইশ্বৰ-চিন্তাত আমি মূৰ ঘমাবই লাগিব। তুমি ঈশ্বৰৰ অংশ জ্ঞানময় জীৱ। অজ্ঞানৰ ঢাকোনে তোমাক ঢাকি ৰাখিবলৈ যিমানকে চেষ্টা কৰক, তুমি সেই অন্ধকাৰ আবৰণ ভেদ কৰি উঠিবলৈ প্ৰাণপণে যত্ন কৰিবাই কৰিবা। কাৰণ তোমাত পৰমাত্মাৰ অংশ আছে। পাৰ্থিৱ বস্তুৰ আৱৰণ ঠেলি সহধৰ্ম্মী অংশই পূৰ্ণ পৰমাত্মাৰে মিলিবলৈ, ইশ্বৰৰ অভিমুখী হৈ চলিবলৈ সংগ্ৰাম কৰি থাকিবই ̶ যেতিয়ালৈকে সি নিৰ্দ্দিষ্ট স্থান নাপায়গৈ।”