সাঁচ:নিৰ্বাচিত লেখা/২০২০/আগষ্ট

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

পেৰিক্লিচ্‌- লেখক: শৰৎচন্দ্ৰ গোস্বামী


"পেৰিক্লিচ্‌" হৈছে ইংৰাজ ভাতৃ-ভগ্নীদ্বয় চাৰ্লচ্ আৰু মেৰী লেম্বৰ দ্বাৰা ৰচিত ‘টেলচ্ ফ্ৰম শ্বেইকছপীয়েৰ’ (Tales from Shakespeare) নামৰ গ্ৰন্থখনৰ ‘পেৰিক্লিচ্, প্ৰিঞ্চ অৱ টায়াৰ’ (Pericles, Prince of Tyre) নামৰ গল্পটোৰ শৰৎচন্দ্ৰ গোস্বামীয়ে অসমীয়ালৈ কৰা অনুবাদ। ‘টেলচ্ ফ্ৰম শ্বেইকছপীয়েৰ’ত উইলিয়াম শ্বেইকছপীয়েৰৰ নাটসমূহ শিশুসকলৰ উপযোগীকৈ গল্প আকাৰে লিখা হৈছিল।

টায়াৰ প্ৰদেশত পেৰিক্লিচ্‌ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ গ্ৰীচ্ দেশৰ দুষ্ট সম্ৰাট এৰিকোলেনাচৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰজাবিলাকক পাশৱ অত্যাচাৰৰপৰা মুক্ত কৰিবৰ অভিপ্ৰায়ে, তেওঁৰ বিশ্বাসী মন্ত্ৰী হেলিকেনাচৰ হাতত ৰাজ্য-ভাৰ সমৰ্পণ কৰি স্বেচ্ছাক্ৰমে নিৰ্বাসিত হয়। তেওঁ প্ৰথমে ‘থেৰচাচ’ নগৰাভিমুখে জাহাজত উঠি যাত্ৰা কৰে। যেতিয়া পেৰিক্লিচ্‌ ‘থেৰচাচ্’ নগৰলৈ যাত্ৰা কৰে, তেতিয়া সেই নগৰত ভয়ানক দুৰ্ভিক্ষ হয়। সেই নিমিত্তে তেওঁ যাবৰ সময়ত বহুত খাদ্য দ্ৰব্য কিনি লৈ গৈছিল। থেৰ্‌চাচ্ প্ৰদেশৰ ৰজা ‘ক্লিয়ন’ অতিশয় সদাশয় আৰু গুণগ্ৰাহী। তেওঁ ৰাজ্যত উপস্থিত হোৱা মাত্ৰেই পেৰিক্লিচক ৰাজযোগ্য সমাদৰেৰে নিজ ঘৰলৈ লৈ গল। পেৰিক্লিচ, নিয়া সমুদায় বস্তু ৰাজ্যৰ দুৰ্ভিক্ষত পৰা লোকবিলাকক দান কৰি, তেওঁলোকৰো স্নেহ আৰু ভক্তিৰ ভাজন হয়। ক্লিয়নৰ ঘৈণীয়েক ‘ডাইওনিমিয়াও’ পেৰিক্লিচৰ প্ৰতি এই বিলাক কাৰণৰ নিমিত্তে বৰ দয়ালু আৰু কৃতজ্ঞ আছিল।