সাঁচ:নিৰ্বাচিত লেখা/২০১৯/মে'
ভানুমতী- লেখক: পদ্মনাথ গোহাঞিবৰুৱা
পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা ১৮৯০ চনত প্ৰকাশিত "ভানুমতী" উপন্যাসক গ্ৰন্থৰূপে প্ৰথম অসমীয়া উপন্যাস হিচাপে গণ্য কৰা হয়। এই কাল্পনিক উপন্যাসত আগৰ কালৰ আহোম মৰাণ-গোহাঞিবৰুৱাৰ জীয়ৰী ভানুমতী আৰু বৰগোহাঞিৰ পুত্ৰ চাৰুচন্দ্ৰ গোহাঞিৰ কৰুণ প্ৰণয় কাহিনী বৰ্ণিত হৈছে।
মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল,-একেটি ৰত্ন। মোৰ জীৱনৰ আদিছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ ক'ব পাৰোঁ, সি কেৱল এনাই দেউতাৰ মুখৰপৰা শুনা কথাহে। মোৰ দেউতাৰ চাৰিগৰাকী ভাই-ককাই। দেউতা সবাতোকৈ সৰু। পুথাওদেউতা ঢুকোৱাৰ পাচৰপৰা তেওঁ ককাইদেৱাকসকলৰ আদৰত উলহৰ মাদলি আছিল। পিছে যেতিয়া সিবিলাক তিনিগৰাকীয়ে এজন-এজনকৈ বিয়া কৰাই উঠি, আপাদেউসকলৰ হাতত ঘূৰা উঘাৰ নিচিনা হ'ল, তেতিয়াৰে পৰা সেই উলহৰ মাদলি লাহে লাহে বেজাৰৰ বোজা যেন হ'বলৈ ধৰিলে। তাৰ পাচত, আকৌ আপাদেউসকলৰ লেখ ক্ৰমাৎ তিনিগৰাকীৰপৰা ছগৰাকীলৈ বাঢ়িল। আৰু, তেতিয়াৰপৰাহে ঘৰত দিনে-ৰাতিয়ে কছাৰী-ৰণ লাগিবলৈ ধৰিলে। (সম্পূৰ্ণ পঢ়ক)