সাঁচ:নিৰ্বাচিত লেখা/২০১৯/জুন
জ্ঞান-মালা- লেখিকা: হেমপ্ৰভা দাস
হেমপ্ৰভা দাসে (১৮৮৬-১৯৪৫) ৰচনা কৰা "জ্ঞান-মালা" পুথিখন ১৯০৯ চনত প্ৰথমবাৰ প্ৰকাশ পায়। বুৰঞ্জীমূলক, ধৰ্মমূলক আৰু নীতিশিক্ষামূলক ২০টা আখ্যান এই সংকলনত সন্নিৱিষ্ট হৈছে। এই পুথিখন কিছুদিন বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি হিচাপে প্ৰচলন কৰা হৈছিল।
নিগনি পোৱালি ⸺এটা সৰু নিগনি পোৱালিয়ে এজন গৃহস্থৰ এখন চিৰা, পিঠা, মিঠৈৰ লাড়ু আদি থকা চাঙ্গৰ ওপৰত থকা ঠাই কৰিছিল। তাৰ নিচিনাকৈ আৰু কোনো নিগনি পোৱালিয়ে পেট ভৰাই ভাল ভাল বস্তু খাবলৈ পোৱা নাছিল। সেই পৰিয়ালৰ মানুহ বিলাকে খাবলৈ বহিলে সি সাহ কৰি মুখ উলিয়াই চাই থাকে, আৰু কেতিয়াবা মনে মনে ওচৰলৈ গৈ তেওঁবিলাকৰ ওচৰত পৰি থকা খোৱা বস্তু লৈ লৰ মাৰে। মাজে মাজে মেকুৰিটোৰপৰা ভয় নোপোৱা হলে তাৰ নিচিনা সুখী আৰু কোনো নহল হেতেন। যেতিয়া মেকুৰিটোক দেখা পায়, সি কপি কপি ভয়ত নিজৰ গাতলৈ লৱৰ মাৰে। এদিন সি বৰ ৰঙ্গ মনেৰে মাকৰ ওচৰলৈ লৱৰি আহি কলে “আই, আই, এই পৰিলায়ৰ মৰমিয়াল মানুহ বিলাকে মোক থাকিবলৈ এটা ঘৰ সাজি দিছে। সেই ঘৰটো মিঠৈৰ লাড়ু, চিৰা থকা চাঙ্গৰ ওপৰত। ঘৰটোৰ তলখন কাঠৰ আৰু চাৰিওফালে তাৰৰ বেৰা আছে। মই নিশ্চই কৈছোঁ সেই ভয় লগা মেকুৰিটোৰ পৰা মোক ৰক্ষা কৰিবলৈহে সেইটো সাজিছে; কাৰণ তাত খালি মই সোমাব পৰাহে এটা সৰু বাট আছে, সেই বাটে দি মেকুৰিটো সোমোৱা অসম্ভব।.... (সম্পূৰ্ণ পঢ়ক)