সহায়:পাঠ্য সংযোগ

ৱিকিউৎসৰ পৰা
সহায় আৰু নিৰ্দেশাৱলী পাঠ্য সংযোগ
ৱিকিউৎসত পাঠ্য সংযোগৰ বাবে কৰিবলগীয়া কামবোৰৰ সাৰাংশ।
  1. ৱিকিমিডিয়া কমন্সলৈ এটা স্কেন ফাইল আপল'ড কৰক। ইয়াৰ পাঠ্য প্ৰকাশ হোৱা দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দুয়ো ঠাইতে কপিৰাইট মুক্ত হ'ব লাগিব নাইবা ই মুক্ত অনুজ্ঞাপত্ৰৰ আধাৰত প্ৰকাশিত হ'ব লাগিব। যদি এই কাম কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজহুৱা ড'মেইনত পৰে কিন্তু প্ৰকাশ হোৱা দেশত নপৰে তেন্তে কমন্সৰ সলনি স্থানীয় ৱিকিউৎসতে ফাইলটো আপল'ড কৰিব (এই সুবিধা বৰ্তমান কেৱল প্ৰশাসকৰ বাবে সীমাবদ্ধ)।
    • আপুনি URL2Commons বা IA Upload সঁজুলিৰো সহায় ল'ব পাৰে। পাছৰটোৱে ইণ্টাৰনেট আৰ্কাইভৰ পৰা DjVu ফাইল কমন্সলৈ নিজে নিজে আপল'ড কৰে। অধিক তথ্যৰ বাবে সহায়:আপল'ড চাওক।
  2. স্কেন ফাইলটোৰ বাবে এটা সূচী পৃষ্ঠা সৃষ্টি কৰক।
  3. প্ৰতি পৃষ্ঠাৰে মুদ্ৰণ সংশোধন কৰক।
    • আন কোনোবা এজনে এইবোৰ পৃষ্ঠাৰ বৈধকৰণ কৰিব লাগিব।
  4. মূল নামস্থানলৈ কিতাপখন ট্ৰান্সক্লুড কৰক।
  5. এতিয়া মূল নামস্থানত থকা কিতাপখনত অন্তিম স্পৰ্শ দিয়ক।