সদস্য বাৰ্তা:Boranitul

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

ব্যক্তিগত অসুবিধাৰ বাবে কিছুদিন ৱিকি উত্সত কাম কৰিব পৰা নাছিলো, এতিয়া দেখিছো দেখোন সম্পাদনা কৰিবলৈ ল'লে আখৰ বোৰৰ পিছতহে ই-কাৰ ও-কাৰ বোৰ আহে, চেটিংচত এটা এটাকৈ দিওঁ মিলাব পৰা নাই, কি কৰিলে সুফল পাম কোনোবা অভি়জ্ঞ ব্যক্তিয়ে জনালে সুখী হম। --Boranitul (talk) ০১:২৮, ২৬ জুন ২০১৩ (IST)

বিষ্ণু সঙ্গীত ২২ টা আছিল মোৰ হাতত, সেইখিনি লিখি সংযোগ কৰিলো। অভিজ্ঞ কোনোবা এজনে পাৰিলে বিষ্ণু সঙ্গীতৰ শ্ৰেণীটো সাজি দিবচোন, জ্যোতি সঙ্গীতৰ নিচিনাকৈ। গীতাৰ্থ কাইটি এইফালে মন কৰিবচোন। --Boranitul (talk) ২৩:৪৯, ২ মে' ২০১৪ (IST)

কপিৰাইট[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভাৰ লেখাবোৰৰ কপিৰাইট আছে (মৃত্যু ১৯৬৯ চন)। সেইবোৰ ৱিকিউৎসত সুমুৱাব নোৱাৰি। Gitartha.bordoloi (talk) ১৭:০৩, ৪ মে' ২০১৪ (IST)

সাহিত্যৰথী[সম্পাদনা কৰক]

হিমজ্যোতি দাৰ সাহিত্যৰথী ৱেবছাইটটোৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাবোৰ ইয়াত কপী কৰি ভৰাব পৰা যাব। কেৱল আলোচনা পৃষ্ঠাত ক'ৰ পৰা লৈছোঁ লিখি দিলেই হ'ল। মই হিম দাৰ পৰা অনুমতি লৈছোঁ।

পদ্মনাথ গোহাঞিবৰুৱাৰ 'ভানুমতী'খন মই স্কেন কৰি আছোঁ। আপুনি টাইপ কৰিম বুলি ভাবিছিল যদি সদ্যহতে নালাগে। Gitartha.bordoloi (talk) ১১:৩৪, ২১ জুলাই ২০১৪ (IST)

ঠিক আছে বাৰু। মই বৰ্তমান পদ্মনাথ গোহাঞিবৰুৱাৰ গাওঁবুঢ়াখন লিখি আছো, সেইখনৰ আৰু কেইটামান দৃশ্যপট বাকী আছেগৈ, সেইখন শেষ কৰিহে নতুন কামত ধৰিম, সময় আগতকৈ কমি আহিছে মোৰ সেয়ে লিখিবলৈ আহৰি নোপোৱা হৈছে, তাৰ ফাকে ফাকে লিখি আছো। জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটখনো হাততে আছে, সেইখনো লিখিবলৈ বাকী আছে। সাহিত্যৰথী ৱেবচাইটৰ পৰা কপিপেষ্ট তুমি কৰিবানে নে মই আগবঢ়িম, কি কি আনিব পাৰি কিবা বাঁচনি কৰিছা নেকি..? জনাবা।--Boranitul (talk) ২২:৩৬, ২১ জুলাই ২০১৪ (IST)
বাছনি কৰা নাই। কপি-পে'ষ্ট কোনোবাই কৰিলেই হ'ল। ৱিকিউৎসত কি কি আছে নাই সন্ধান কৰি চাব মাত্ৰ। আলোচনা পৃষ্ঠাত সাহিত্যৰথী ৱেবছাইটৰ নাম লিখি ৰাখিব। আৰু দিগন্ত শ‌ইকীয়াইও জ্যোতিপ্ৰসাদৰ বহু লেখা তেওঁৰ ব্লগত লিখি থৈছে। তাৰ পৰাও ইয়াত নথকাখিনি কপী কৰিব পাৰে। Gitartha.bordoloi (talk) ০১:৪৬, ২৬ জুলাই ২০১৪ (IST)
ঠিক আছে, সময় সুবিধা অনুসৰি কামবোৰ কৰি থাকিম বাৰু। তুমিও মাজে মধ্যে চাই মেলি থাকিবা দেই।--Boranitul (talk) ০২:০১, ২৬ জুলাই ২০১৪ (IST)