সদস্য:Boranitul/মিৰি জীয়ৰী/সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

পানেই পলাবৰ আৰু জঙ্কিয়ে তাইক বিচাৰি যাবৰ ছমাহ হল। এই ছমাহে সিহঁতৰ একো খৱৰ নোলাল। পানেইৰ মাক-বাপেক পানেইৰ শোকত দিনে দিনে ক্ষীণাই যাব ধৰিলে। নিৰমায়ে মাজে মাজে বুকুত ভুকুৱাই কান্দিব ধৰিলে। দুবাৰ এবাৰ বুঢ়া তামেদকো গালি-গালাজ কৰিবলৈ নেৰিলে। ইফালে কমুদে টকা-সিকাও নাপালে, পানেইকো নাপালে। সি তামেদৰ ওপৰত গোচৰ লগালে। পাঠক, আমি এবাৰ ডালিমীক চাওঁগৈ বলা। ডালিমীয়ে জঙ্কিক ফিৰি অহা নেদেখি সদায় পুৱা-গধূলি একোবাৰ নৈৰ ঘাটলৈ যাব ধৰিলে আৰু আই সোৱণশিৰীৰ ফাললৈ চাই চাই মাজে মাজে দুই-একোটা দীঘল হুমুনিয়াহ কাঢ়িব ধৰিলে। এইদৰে দুয়োখন গাঁৱতে চাৰিটা প্ৰাণীয়ে কষ্ট পালে।

এদিন বুঢ়ী নিৰমাই শুই আছে। এনেতে সপোন দেখিলে যেন তাইৰ পানেই আৰু জঙ্কি দুয়ো আগতকৈও বৰ ধুনীয়া হৈ চিকুণ সাজেৰে তাইৰ আগত দেখা দিছে। তাই যেন হাত বাও দি দি দুয়োটাকে মাতিলে। সিহঁত যেন এটা পৰ্বতৰ ওপৰত দুয়ো হাতত ধৰাধৰিকৈ ফুৰিছে। নিৰমায়ে দুয়োটাকে মাতিলে "বাছা তহঁত আহ।" সিহঁত দুয়ো উত্তৰ কৰিলে-"আই যাব নোৱাৰোঁ, ইয়াৰ পৰা নামিব নোৱাৰোঁ।" বুঢ়ীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিব ধৰিলে। টোপনি ভাগিল। কান্দি কান্দি চকু-মুখ মোহাৰি দেখে যে ৰাতি পুৱাইছে। ৰঙা ৰদে দেখা দিছে। হাতে কাষে কলহ লৈ বুঢ়ী সোৱণশিৰীৰ ঘাটলৈ পানী আনিবলৈ গল। তাত গৈ দেখে দ পানীত কিবা দুটা ভাঁহি আছে। পানী লৈ বুঢ়ী উভতি আহিল। মনতে খুঁহ-ধুঁহ কৰি কথাটো তামেদক কলে। তামেদে গাঁৱৰ মানুহ-দুনুহ লৈ গল। লগতে নিৰমা আৰু সোৱণশিৰীৰ পাৰৰ এটি অতি বয়সিয়াল বুঢ়া সোণাৰীও গল।

চৰি বঠাৰে সেই বস্তু দুটা খুচি-বিন্ধি চাই দেখে যে দুটা শৱ। পাৰলৈ চপাই আনি দেখে যে দুয়ো যোৰা লগা। ইটোৰ ওপৰত সিটো তলে-ওপৰে বন্ধা। সিহঁত দুইৰো গলেদি এডাল শাল। দুই হাতত দুডাল শাল। দুই ভৰিত দুডাল শাল। বুকুত এডাল, কঁকালত এডাল। বুঢ়া সোণাৰীয়ে তত্ক্ষণাত্ কব ধৰিলে-"এইটো গাছি মিৰিৰ কাম?" শৱ দুটা বালকৈ ওলটাই লাৰি-চাৰি চাই দেখে যে সেই দুটা "পানেই" আৰু "জঙ্কি"ৰ। আচাৰ খাই বুঢ়া-বুঢ়ী মাটিত পৰিল। সাবট মাৰি শৱ দুটা ধৰিলেগৈ। গাঁৱৰ আন আন মানুহ, ৰকমী, ভাদৈ ইত্যাদিয়ো চাপিল। সকলোৱে কান্দিব ধৰিলে। কান্দি কান্দি চকুৰ লো টুকি ৰকমী ভাদৈয়ে সিহঁত দুইওটাৰ গালৈকে ফুল ছটিয়াব ধৰিলে। শৱ দুটি গাঁৱৰ মানুহে লৈ গল। আৰু মিৰিৰ দা-দস্তুৰ মতে তুলি নি ক্ৰিয়াকলাপ কৰিলে।

আৰু পাঠক! ডালিমী। ডালিমীয়েও এই বাতৰি শুনিলে। মানুহৰ আঁৰে আঁৰে তাই কান্দিলে। তাই সোৱণশিৰীৰ পাৰলৈ গৈ এবাৰ পানীলৈ, এবাৰ আকাশলৈ, এবাৰ মিৰি ডফলাৰ পৰ্বতলালীৰ ফাললৈ চাব ধৰিলে-এইবাৰ হৃদয়ৰ আশালতা একেবাৰে উচ্ছেদ হল।

পানেই-জঙ্কিৰ প্ৰণয়ৰ বিষময় ফল ফলিল। টকাৰ লোভে কি কৰে-ইয়াকো বুঢ়া তামেদে ভাল শিক্ষা পালে। আমাৰ হতভাগিনী মিৰি-জীয়ৰীৰ দুখ লগা কাহিনী খতম কৰিলোঁ। আশাকৰো ইয়াতে এতিয়াৰ পৰা মিৰিৰ ঘৰে ঘৰে সুফল ফলিব।