সদস্য:Boranitul/মিৰি জীয়ৰী/নৱম অধ্যায় - হাবিৰ মাজত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

সোৱণশিৰী নৈৰ পাৰত হাবি। সেই হাবি বৰ ডাঠ। আনকি অহা-যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এযুৰি পঁজা। এই পঁজাৰ ভিতৰত এহাল মানুহ। এটা মতা, এজনী মাইকী; অথবা এটা ডেকা, এজনী গাভৰু। পাঠক ইহঁত কোন চিনি পাইছেনে? ডেকাজন "জঙ্কি", গাভৰুজনী "পানেই"।

সেই নিশা জঙ্কি আৰু পানেই নাৱত উঠি পলোৱা মাত্ৰেই মিৰিবিলাকে পিনাপিনকৈ গাঁৱৰ ওচৰে-সামৰে বিচাৰিব ধৰিলে। নিশাটো বৰ আন্ধাৰ আছিল। সেইদেখি অলপ বিচাৰি মিৰিহঁত ক্ষান্ত হল। পাছদিনা ৰাতিপুৱা সোৱণশিৰী মিৰি গাঁৱৰ মিৰিহঁতে পূবে, পশ্চিমে, উত্তৰে, দক্ষিণে দিহা-দিহি পানেইক বিচাৰিব ধৰিলে। পানেই-জঙ্কিয়ে জানিলে যে নাৱেৰে গৈ থাকিলে সিহঁতৰ বিপদ আছে। সেইদেখি ৰাতিপূৱাতে নাওখন বঠা দুপাটে সৈতে সোৱণশিৰীত উটুৱাই দি হাবিৰ মাজত সোমাল। আৰু দিনৰ দিনটো হাবিৰ মাজত ফুৰি গধূলি হওঁ হওঁ হওঁতেই ঘূণাসুঁতিৰ ওচৰতে হাবিত ঠাই ললে। পূৰ্বৰ বন্দৱস্ত নাওখন ভটিয়াই গল। ডালিমীৰ বাপেকে ধৰি ৰাখিলে।

সোৱণশিৰীৰ মিৰিহঁতে ঘূণাসুঁতি গাঁও আৰু আন আন মিৰি গাঁৱতো পানেইৰ বুজ ললে। কোনেও কতো সিহঁতক পানেইৰ কথা কব নোৱাৰিলে। কিন্তু সিহঁতে এইটো ঠাৱৰ কৰিব পাৰিলে যে জঙ্কিও ঘূণাসুঁতিৰ গাঁৱত নাই। সেইদেখি এইটো থিৰ হল যে, জঙ্কিয়েই এনে ফাঁকি কাম কৰিলে। সাত-আঠ দিন বিচাৰি নেপাই সিহঁতে পানেইৰ আশা এৰি দিলে।

জঙ্কিয়ে গধূলি গধূলি সহৃদয়া ডালিমীৰ সহায়ত সি গোটোৱা টকাৰে সৈতে গাঁৱৰ পৰা চাউল, লোণ, তেল ইত্যাদি কিনি নি হাবিৰ ভিতৰত পানেইৰে সৈতে খাই-বই এমাহ সময় কটালে। পানেই-জঙ্কি ইহঁত দুয়ো জানিলে বিধাতাই সিহঁতৰ দুইকেহে যোৰা বান্ধিছে আৰু সিহঁতেও কাৰ্চিং-কাৰ্টানক সাক্ষী কৰি প্ৰণয় প্ৰতিজ্ঞাত আবদ্ধ হৈছে। মাক-বাপেকে নিদিলেও পানেয়ে ঠিক কৰি জানিলে-জঙ্কিয়েইহে তাইৰ প্ৰকৃত গিৰিয়েক। জঙ্কিয়েইহে তাই প্ৰকৃত চেনেহৰ বস্তু। সেইদেখি পানেয়ে সৰল প্ৰাণেৰে হোজা মনেৰে জঙ্কিক হৃদয়ত ঠাই দিলে। মোৰ আকৰী মিৰি-জীয়ৰীয়ে জঙ্কিৰ ভৰি দুখনত মন-প্ৰাণ সমৰ্পণ কৰিলে।

এইদৰে এমাহ সময় গল। জঙ্কিয়ে-পানেয়ে আলচিলে সিহঁতে এতিয়া ওলাই হয় মাজুলিৰ কোনো মিৰি গাঁৱত নহয় খেৰকটিয়াত, নহয় মাছখোৱা অঞ্চললৈ গৈ দেখাদেখিকৈ বসতি কৰিব। এই সংকল্প কৰি এদিন দুইও প্ৰণয়-প্ৰণময়িনী জুইৰ কাষত বহিছে। আৰু দুয়ো মিলি বাত ৰান্ধিছে। এনে সময়তে সিফালৰ হাবিৰ মাজত অলপ খুচ মুচ্ কৰিলে। দুইৰো মনত অলপ সন্দেহ হল। কিন্তু সাজু হবলৈ নৌপাওঁতেই হুৰুম কৰি প্ৰায় পোন্ধৰটামান মিৰি আগতে কমুদে সৈতে ওলালহি। বুঢ়া তামেদে তত্ক্ষণাত্ জীয়েকৰ হাতত ধৰিলে আৰু কমুদে পোনেই জঙ্কিক "কুকুৰ! নিলাজ! চোৰ" বুলি ঘোচা এটা মাৰিলে।

আমাৰ জঙ্কিও কাপুৰুষ নহয়। সিও মিৰিৰ লৰা। সিও বলিষ্ঠ। আগ-গুৰি পৰিণাম নাভাবি সিংহ বিক্ৰমেৰে কমুদৰ গলত টোপা মাৰি ধৰিলে। দুয়োৰো দবৰা-দবৰি লাগিল। জঙ্কিয়ে কমুদক জোৰেৰে মাটিত আচাৰ মাৰি পেলাই লৈ বুকুত বহি দুই-তিনি কিল মাৰিবলৈ ধৰিছে এথোন, এনেতে আনবিলাক মিৰিয়ে তাক ধৰি বগৰাই পেলালে আৰু ই চৰ, সি ভুকু ইত্যাদি মাৰিবলৈ ধৰিলে। জঙ্কিয়েও প্ৰাণপণে যুঁজিলে। পানেয়ে আই ঔ চেনেঙক মাৰিলে বুলি বুকুত ভুকুৱাবলৈ ধৰিলে। চিঞৰত গগন ফাটি গল। তাই কেঁচু-কুমতিৰ দৰে দেহটো আঁজুৰিবলৈ ধৰিলে। যা হক জঙ্কিক বেছি কৰি মাৰিবলৈ নৌপাওঁতেই সিফালৰ পৰা ডালিমীৰ বাপেকে কলে,-"এইবিলাক কিলোৱা-কিলি কিহৰ? যদি দোষ হৈছে, দোষ কৰিছে, তেন্তে তহঁতে দস্তুৰমতে গোচৰলৈ যা। মাৰ-কিলোৱা কিহৰ।" ডালিমীৰ বাবেকৰ এই কথাত মাৰ-কিল বন্ধ হল। তেতিয়া পানেইক হাতত ধৰি কমুদে টানিব ধৰাত জঙ্কিয়ে আকৌ বজ্ৰ-গম্ভীৰ স্বৰে কলে-"কমুদ জীয়াই থাকিব খোজ যদি মোৰ পানেইৰ হাতত তই নধৰিবি। বাপেকে ধৰক।" তাই এই কথাত ডালিমীৰ বাপেকেও মত দিলে। তেতিয়া জাকে সৈতে সকলো মিৰি হাবিৰ পৰা ওলাই আহি ঘূণাসুঁতিৰ মিৰি গাঁৱত মেলত বিহলগৈ। ডালিমীয়ে জঙ্কিৰ গালখন অলপ উখহা দেখি এধাৰ চকুলো টুকিলে; কিন্তু তত্ক্ষণাত্ত তাই নিজৰ কৰ্তব্য বুজি পানেইক ভিতৰলৈ নি খাবলৈ -ববলৈ দিলে। ঘূণাসুঁতিৰ মিৰিহঁতৰ গাঁৱত বেবেৰিবাং মেল বহিল, কিন্তু মেল নিছিগিল।