সদস্য:Boranitul/মিৰি জীয়ৰী/চতুৰ্দশ অধ্যায় - জঙ্কি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

জঙ্কিয়ে আজি চাৰিদিনে পানেইক বিচাৰিবলৈ কম নকৰিলে। দিনে-ৰাতিয়ে লঘোণ-ভোক খাটিও হাবিয়ে-বননিয়ে, গাঁৱে-ভূঁইয়ে তাইক বিচাৰিলে; কিন্তু কতো তাইৰ বাতৰি নাপালে। হাবি পালেই সি একো একোবাৰ আলচিব ধৰিলে যে সি নিজৰ দেহটো এৰাই ভাল; কিন্তু তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহল; পানেইৰনো কি হল এই কথাফাকি জানিহে তাৰো এক দফা কৰা উচিত সি এইটো বিবেচনা কৰিবলৈ ধৰিলে।

এই বিবেচনাকে মনত সাৰোগত কৰি সি বিচাৰিবলৈকে ধৰিলে। অৱশেষত কি তড়িত্ শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল তাতে সিও চাপিলগৈ। আৰু গৈয়েই খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ এজনী গাভৰু সি পোৱাৰ দুদিনৰ আগেয়ে তালৈকে গৈছিল। নিশা সিহঁতৰ ঘৰতে আছিল। তাৰ পাছতনো কলৈ গল সিহঁতে কব নোৱাৰে। সিহঁতৰ এই কথাত জঙ্কিৰ পানেইক পাবৰ আশা অলপ বলৱতী হল। সিও ৰাতি চাৰিদাঁৰ সেই মানুহৰ ঘৰতে থাকিল আৰু ৰাতি পুৱালতে উত্তৰ ফাললৈ মুখ কৰি ভেবেলিচুকৰ (ক) ফাললৈ গল। গোগা-মুখলৈ যাবলৈ মন কৰি ভেবেলিচুকৰ হাবি সোমাইছে মাথোন, এনেতে কৰ পৰা কেনেকৈ পাঁচোটা গাছি মিৰিয়ে তাক বেঢ়ি পেলালে। মুখত সোপা দি কঁকালত ডোল লগাই টানি লৈ গল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাব ধৰিলে। পাঠক। এইবাৰ যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই এটাব নোৱাৰি। সি ভাবিলে-সি নো কি জগৰ লগালে যে পৰ্বতীয়া গাছি মিৰিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হল, এজোপা গছৰ তলত গাছিহঁত নিশা থাকিল আৰু সিহঁতে ওৰে নিশাটো জঙ্কিক বেঢ়ি থাকিল। তাৰ হাতত যি টকা-কাড়ি আছিল তাকো আত্মসাত্ কৰিলে।

পিছদিনা গাছি মিৰিহঁতে তাক পৰ্বতৰ ওপৰলৈ তুলিলে। দুৰ্গম দুৰ্গম বাটেৰে নিবলৈ ধৰিলে। ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ সাঁকোৰে পাৰ কৰালে। তাৰ পাছত পৰ্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ লৈ গল। এইদৰে তিনি দিন তিনি নিশা অনাহাৰে গৈ চতুৰ্থ দিনা পৰ্বতৰ ওপৰত এখন গাওঁ দেখিলে। সি অনুমানতে বুজিব পাৰিলে সেইখন গাছি মিৰিৰ দেশ। সেই মানুহ পাঁচজনে তেতিয়া জঙ্কিৰ হাতৰ বান্ধ মোকোলাই দিলে। তাৰ পিছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গল। প্ৰাণৰ আশাঙ্কাত সিও পাছে পাছে গল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে আৰু বিৰিং বাৰাং মাতেৰে সেই মানুহ ঘৰৰ আন আন মানুহবিলাকে সৈতে কথন-মথন কৰি তাক বহিবলৈ ইঙ্গিত কৰিলে। সি বহিল। তাৰ পাছত কেতখিনি সিজুৱা আলু-কচু, কেডোখৰমান শুকান মঙ্গহেৰে সৈতে তাৰ আগত দিলে। মনত বৰ দুখ থাকিলেও পেটৰ পোৰণিত অথিৰ হৈ তাৰে কেতখিনি আলু-কচু খাই পৰি থাকিল। গোটেই নিশা তাৰ চকুলৈ টোপনি নাহিল। সি তাৰ আগৰ অৱস্থা, এতিয়াৰ অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো কত আছে, সিনো কি মন্দ ভাগ্যত পৰ্বতীয়া মিৰিৰ দেশ পালেহি এইবিলাক চিন্তি আকুল হল। একো একোবাৰ ভাবিবলৈ ধৰিলে যে তাৰ মৰাই বাল কিন্তু পানেইৰনো কি হল ইয়াৰ শেষ কথা নজনাকৈ মৰিবৰো ইচ্ছা নহল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল। পেটে পেটে আলচিলে যে সুযোগ পালেই সি পলাব।

পিছদিনা ৰাতি পুৱাল; সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি-কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপী, একোছা বেতৰ কোধাৰি, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ চাৰিমাহ সময় গল। কপাল মূৰ থুকি পৰ্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে; কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে।

জঙ্কিয়ে এইদৰে গাছি মিৰিৰ বেশ ধৰি এদিন পৰ্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাছিহঁতে আন এখন পৰ্বতীয়া মিৰি গাঁৱৰ পাৰ চুৰ কৰি বা ডকা দি আনিচে। অলপ কৌতূকিত হৈ সিহঁতলৈ চাব ধৰিলে। দেখে যে সেই পৰ্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে। তাৰ হৰ্ষ-বিষাদ সমান হল। যি পানেইক সি ভৈয়ামত চিকুণ চিকুণ ৰিহা-মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল সেই পানেইৰ গাত আজি গাছি মিৰিয়নীৰ সাজ। লগত কেতবোৰ পৰ্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডুখৰি কাপোৰ। পানেয়েও জঙ্কিক সেইদৰে গাছি মিৰিৰ সাজ পিন্ধা দেখি মনে মনে দুখিত হল। তাইৰ চকুৰ পৰা আপোনা আপুনি লো বলে। কিন্তু যাহক চাৰি চকুৰ মিল হোৱাত দুয়ো মনতে আনন্দ লভিলে। জঙ্কিয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে। চতুৰী পানেয়ে তেনেকুৱা ভাব দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল। কিন্তু আলেখ-লেখ ৰাখিলে সিহঁতনো কলৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেয়ো আহিছে আৰু সদায় সেই গাঁৱতে থাকিব তেতিয়া তাৰ মনত বৰ ৰং লাগিল। সি পেটে সমন্বিতে ভাবিলে ঈশ্বৰ কিজানি এতেদিনে সিহঁতলৈ প্ৰসন্ন হল। মনতে সেই নজনা জনক ধন্যবাদ দিবলৈ ধৰিলে। কিন্তু পানেয়ে সৈতে কথা-বতৰা পাতিবৰ একো সুবিধা কৰিব নোৱাৰিলে। যাহক সাদায় সি আৰু পানেয়ে চল চাবলৈ কম নকৰিলে।

চতুৰ্দশ অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি[সম্পাদনা কৰক]

(ক) এই নামেৰে লক্ষীমপুৰ বৰদলনী মৌজাৰ উত্তৰ ফালে এডোখৰ ঠাই আছে।