সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - প্ৰথম অঙ্ক প্ৰথম পট
টেটোন তামুলি |
---|
প্ৰথম অংক দ্বিতীয় অংক তৃতীয় অংক চতুৰ্থ অংক পঞ্চম অংক |
মইনাৰ পদূলি
টেটোন : (অকলশৰে ইফালে-সফাললৈ টহলি) আহক বাইটি মাছৰ পৰা আজি। মই, বাপেকে এইখিনিতে খালৈৰপৰা পোনেই বৰকাৱৈ এটা আৰু মৰঠি-পুঠি এজনী লৈ বেলেগে খৰিকাত দিমগৈ। বোপাই পথাৰৰপৰা আহি নৌ পাওঁতেই, বাপেকে, খৰিকা-দিয়া পেট পাবগৈ। আকৌ, আইৰ পৰাও আঞ্জাত দিয়াৰো ভাগ ল’ম লহয়, মই বাপেকে। আহক আজি; জাকৈয়া নাহে মানে মানে ময়ো পদূলিৰমূৰৰ পৰা নাঁতৰো নহয়। (অলপ পৰ টলকা মাৰি লৈ) অ’, ভাল মনত পৰিছে। আজি ভিনিহিকো মাতি পঠিয়াইছে নহয়। সেইটো আহি পালে, আমাৰ কাৱৈ মাছৰ মূৰ চোবোৱাটি হৈছে আৰু। আইৰ আৰু বোপাইৰ আকৌ তালৈহে ধাউতি। জোঁৱাই-ল’ৰা আহিব বুলিলেইচোন দুয়োৰে গাত ততেই নাইকিয়া হয়। আজি বাৰু আহক বাপেকে, দেখিম ময়ো।
(ধনাইৰ প্ৰবেশ)
টেটোন : আও। ভিনিহি, তুমি বহুত দিন জীবা দেও।
ধনাই : হেৰ’, কি হ’ল অ’? কোনখন মঙ্গলতনো পালি, মই বহুত দিন জীম বুলি?
টেটোন – এ, মঙ্গল নহয়, ভিনিহি, মানুহৰ নাম লওতেই ওলালেহি হেনো তাৰ আয়ুস বাঢ়ে।
ধনাই - অ’, তই তেন্তে মোক চৰ্চিহে আছিলি হ’বলা?
টেটোন – সঁচা, তোমাক লৈয়ে নিতৌ মোৰ চৰ্চা বাঢ়িছে হওঁতে। ঘাইকৈ আজি এইবেলা।
ধনাই – তোৰনো কি ভাগৰ ভাত খালোঁ অ’ তাকে যে চৰ্চি থাক?
টেটোন – এ, ভাগৰ ভাত হে বুলিছা, তাৰ লগতে মাছকেইটাও যে। ভাততকৈ মাছৰটো ভাবনাহে আগ হৈছে।
ধনাই – বাৰু, তোৰ ভাত-মাছ খোৱা কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ গ’ল।
টেটোন – (আপোনা-আপুনি) আও। ‘বাপেক! শহুৰ বুলিবলৈ ‘বৰ মানুহৰ বেটাৰ’ লাজ লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পাতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
ধনাই – (আপোনা আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌ ই পেংলাই হে কৰে! (ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’?
টেটোন – (ভোৰভোৰাই) উশ! শাহু বুলিবলৈকো লাজ। মোৰ আইক শাহু বুলিলে ই ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান ঊধাব পাৰ। (ফুটাই) এৰা, ভিনিহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে।
ধনাই – (আপোনা আপুনি) ঐ কটা, ল’ৰাটোৰ ভেঙুচালিখন বাঢ়ি গৈ আছে। (ফুটাই) হেৰ’, বায়েৰো নাই হ’বলা ঘৰত?
টেটোন – (ভোৰভোৰাই) বাৰু, অলপ শাম কাটিছে। (ফুটাই) নাই, ভিনিহি, বাইটিও নাই ঘৰত। বাইটি সাগৰ চালি মাণিক তুলিবলৈ গৈছে।
ধনাই – (আপোনা-আপুনি) ই কটা বৰ আধাকটা ল’ৰা। ভাল কথা সুধিলে সি পেংলাইহে কৰে! বাৰু, ৰবি, ময়ো চুঙা চাই সোপা দি থও। (ফুটাই) হেৰ’, বাপেৰ আহিলে ক’বি, বুলি, ভিনিহি আহিছিল, কাণমাৰিলৈ তহঁতৰ বৰ চপা গছজোপা কাটি নিবলৈ; পিছে ঘৰত মানুহ নেপাই উলটি গ’ল। টেটোন – (ভোৰভোৰাই) আও! ম’হৰ শিঙত কঁকিলাদাৰ্। এওঁৰ বুধিৰ ল’ৰাটো অমুকাই লগ নেপামগৈ যেন ভাবিছে! আৰু হেনো ঘৰত মানুহ নেপাইহে এওঁ এতিয়া ওলটে! আমি এওঁৰ মানত মানুহেই নহওঁ। বাৰু, ৰবি, বাপেৰে, মানুহ নে গৰু দেখুৱাম। (ফুটাই) এ, ভিনিহি, চপা গছৰ আশাটি এৰিলেই ভাল। আমাৰ দাঁত-খৰিকা কৰিবলৈ বুলি সেইজোপা গছ বোপায়ে মোক কাটিবলৈ কৈ থৈছে। পিছে, মোৰ নলীয়া কটাৰিখন ধৰাই ল’বলৈ শিল পোৱা নাই দেখিহে আজিও কাটিব পৰা নাই; পৰ্বতলৈ শিল বিচাৰি যাওঁ বুলি হে ভাবিছোঁ।
ধনাই – (আপোনা-আপুনি) উঃ কটা। ই শুদা-শুদি ল’ৰা নহয়। ইয়াৰে সৈতে উত্তৰা-উত্তৰি কৰিবলৈ গ’লে আৰু লাজহে পাব লাগিব। (খং দেখুৱাই) হেৰ, বান্দৰ! তোৰ সৈতে মই চুপতি কৰিবলৈ অহা নাই, জানিছ। কটা, কুকুৰ, ল’ৰাই লাই পাই গললৈকে জঁপিয়াৰ দেখোন!
(উচাট মাৰি ধনাই গুচি যায়)
টেটোন –(কাষলতি বজাই জঁপিয়ায়) আয়ুস, আয়ুস, এতিয়াহে মোৰ গাটি শুত্ লাগিছে। আজি এইপাটক এইদৰে নেখেদা হ’লে, মোৰ ফালে মৰঠী-পুঠি খৰিকাত দিয়াটি হৈছিল আৰু! (ভিনিহিয়েকলৈ চাই চাই) যোৱাগৈ, বেগাই যোৱাগৈ। ঘৰত চাগৈ ৰোহপাটিখনে বিৰহত বিনাব লাগিছে!
(মনাইৰ প্ৰৱেশ)
মনাই – কি, অ, আপুটি, কি হ’ল? আজিচোন মনত বৰ ৰং?
টেটোন – এৰা, ভিনিহিৰ খংচাট্ দেখি!
মনাই – কি ভিনিহিয়েৰ আহি গ’ল নেকি?
টেটোন – ও, সৌটো নহয়, ভিৰাই বেগ্ ধৰিছে ঘৰলৈ।
মনাই – কিয়? কিয়?
টেটোন – কিয়? -পৰ্বতখন যে থিয়।
মনাই – এ, দুপৰীয়া খং তুলি ন’লবি দেই ল’ৰাই। কি হৈছিল ভাঙ্গি নকৱ কিয়?
টেটোন – ভাঙ্গিম কেনেকৈ আকৌ? হাতেৰে ধৰিব পৰা বস্তু হ’লেহে ভাঙ্গিব পাৰো।
মনাই – কটা, মই কি ওভত্-গোৰৰ ল’ৰাটো পালো। এনে ল’ৰা হোৱাতকৈ নোহোৱাই ভাল। হেৰ, বোলো, মোৰ কথা কিবা কৈছিলনে ভিনিহিয়েৰে?
টেটোন – ও কৈছিলতো। সম্বন্ধত নাকটি ছিঙ্গি কৈছিল, বোলো ‘বাপেৰ ক’লৈ গ’ল?’
মনাই – পিছে? - তই কি সমিধান দিলি?
টেটোন –পিছে ময়ো দিলো তাক দান চাই সমিধান যি দিব লাগে।
মনাই – কটা, গৰু! দান নহ’লে যে সমিধান দিয়ে। তইনো কি দান পাইছিলি? তোক পালে কি আজি? টেটোন – পাব লাগিছে কিহে আৰু, ওভোতগোৰৰ বুলিছাই নহয়।
মনাই – হেৰ, ভিনিহিয়েৰে বাপেৰ ক’লৈ গ’ল বুলি সুধোঁতে তই কি বুলি ক’লি?
টেটোন – ক’লো বোলোঁ, বোপাই পাতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
মনাই – দেখিছা বাৰু এতিয়া!
টেটোন – বোলো, দেখিবলগীয়া বস্তু নহয়, কথা হে। ভিনিহিক কোৱা কথা মিছা জানো? তুমি হাল বাবলৈ নাই যোৱা জানো?
মনাই – বাৰু, আন কাৰোবাৰ কথা সোধা নাইনে?
টেটোন – কিয় নাই সোধা? আইৰ কথাও সুধিছিল, বাইটিৰ কথাও সুধিছিল।
মনাই – তই পিছে কি ক’লি?
টেটোন – মই সঁচা কথা ক’লো।
মনাই – হেৰ, কি সঁচা কথা ক’লি
টেটোন – ক’লো, বোলোঁ, আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে, আৰু বাইটি সাগৰ চালি মাণিত তুলিবলৈ গৈছে। মনাই – বাৰু, চোৱা এতিয়া।
টেটোন – বোলো চাবলগীয়া বস্তু নহয়, কথাহে। আই ভুঁই ৰুবলৈ আৰু বাইটি জকাই বাবলৈ যোৱা নাই জানো
মনাই – বন্দী, বাঘৰ বুকুত যোৱা, আৰু কিবা সুধিছিলনে, তোক আজি ধুন্ দেখুৱাম বাপেৰে!
টেটোন – আজিয়েই বা কালিয়েই। কি ধুন্ দেখুৱাবা। যে হৈছিল তাকেহে কৈছো। সঁচা ক’লে খং উঠে যদি নকওঁ, কি আছে!
মনাই – উঃ, উপায় নাই ইয়াৰ পৰা! বাৰু ক, আৰু কি হৈছিল কৈ যা।
টেটোন – আৰু ভিনিহিয়ে কৈছিল, বোলে, বাপেৰ আহিলে ক’বি, তহঁতৰ বৰ চপা গছজোপা কাণমাৰি কাটি নিবলৈ আহিছিলোঁ, পিছে –
মনাই – (হাঁহি মাৰি) পিছে, তই কি ক’লি?
টেটোন – মই ক’লো, বোলো সিটি আশা এৰি দিয়া ভিনিহি, আমাৰ দাঁত-খৰিকা কৰিবলৈ সেইজোপা গছ মই কাটো কাটোকৈহে আছোঁ।
মনাই – (আপোনা-আপুনি) ইয়াৰ আটাইবোৰ পাকলগা কথা! (ফুটাই) তাৰ পিছে?
টেটোন – তাৰ পিছে, ভিনিহি দেখোন উচাট মাৰি গুচি গৈছেগৈ!
মনাই – অ, কটা, ল’ৰাই ইমান অতপালি কৰ! বাপুৰে, ভিনিহিক এসাঁজ খুৱাবলৈ বুলি মাতি আনিছে, ভালকৈ মাতি-বুলি বহিবলৈ দিও, সেইটো নাই, সি পেংলাই কৰি খেদিহে দিলে! কটা, এনে আপদীয়া ল’ৰা কেলেই লাগিছে! তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। নহ’লে এই হালোৱা এছাৰিৰ কোবত তোৰ ধাতু উৰুৱাম আজি!
টেটোন –বাৰু, মোৰ ধাতুটো উৰুৱাই তোমাৰটো ধাতু পাছত উৰুৱাবলৈ ৰ’ব নেলাগে! আমি বাৰু আপোন মনেৰেই ওলাই যাওঁ। তুমি জী-জোঁৱাই লৈয়ে থাকা। ওলাই নগ’লে মোৰ কল্যাণ নাই বুলি ময়ো জানি লৈছো। যাও কাৰোবাৰ জীৰ লগত মোৰো জোঁৱাই-যোৰা মিলিলে মিলিব পাৰে।
(গা কেহেলিয়াই কেহেলিয়াই টেটোনৰ প্ৰস্থান)
মনাই – ভাল কৰিলে বন্দী বাঘেখোৱাই! ভিনিহিয়েকে চাগৈ বেজাৰ পাই হে গৈছে। যেনেবোৰহে ভেঙ্গুচালি কথা শুনিলো, কাৰনো বাৰু খং নুঠিব! কি কৰিম, এই ওভত-গোৰে নচা ল’ৰাটোৰপৰা মই নিৰুপায়। যাওক সি, ক’ত মৰকগৈ। মই যাও ভিনিহিয়েকক বৰাই-বুজাই আকৌ মাতি আনোগৈ, যাওঁ।
(প্ৰস্থান)