সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - প্ৰথম অঙ্ক দ্বিতীয় পট

ৱিকিউৎসৰ পৰা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চম্পাৱতীৰ ফুলনি

(চম্পাৱতীয়ে ফুলনিৰ ফুল তুলি লৈ, মালা গাঁথিবলৈ বহি, গুণগুণকৈ বিয়া নাম গায়) পুখুৰীৰে চউপাশে খাগৰিৰে বেৰা,

ৰাম ৰাম খাগৰিৰে বেৰা।

দলি মাৰি পেলাই দিছে স্ফটিকৰে মালা,

ৰাম ৰাম স্ফটিকৰে মালা।।

পুখুৰীৰ চউপাশে মৃগপহু চৰে,

ৰাম ৰাম মৃগপহু চৰে।

তাকে দেখি ৰামচন্দ্ৰে শৰ-ধনু ধৰে,

ৰাম ৰাম শৰ-ধনু ধৰে।।

(ৰংদৈৰ প্ৰৱেশ)

ৰংদৈ – এ আই, আইদেৱেচোন অকলে অকলেই বিয়াখন পাতিছে! মই তেও আঁৰে আঁৰে শুনিহে আছিলোঁ। পিছে মূৰৰ ফাকিকেচোন এৰিলে!

চম্পা – মোৰ মনত নাই অ’, ৰংদৈ! মূৰৰ ফাকিনো কি আছিল?

ৰংদৈ – এই ফাকি আছিল শুনক –

আগত দিয়া, পাছত দিয়া পাঞ্চ আয়তীয়ে,

ৰাম ৰাম পাঞ্চ আয়তীয়ে।

দুৰ্বা ঘাটৰ পানী তোলে যশোদা সুন্দৰী,

ৰাম ৰাম যশোদা সুন্দৰী।।

চম্পা – তোৰো ভাল মনত থাকে, ৰংদৈ।

ৰংদৈ – মনত নাথাকিব কিয়, মই আওৰাই থৈছোঁ নহয়।

চম্পা – কেলৈনো আওৰাই থৈছ?

ৰংদৈ – কেলৈ? বিয়ালৈ।

চম্পা – কাৰ বিয়ালৈ অ’, ৰংদৈ?

ৰংদৈ – মই যাৰে বান্দী, তাৰে বিয়ালৈ।

চম্পা – হেই এইজনী! গুচ্ ইয়াৰপৰা।

ৰংদৈ – আও! নামৰ ভাগ ল’লেও দায় লাগেনে? নেলাগে বাৰু নামৰ ভাগ, যোজনা এটাকে দি থও – ‘বাঁহৰ আগত বগলী নাচে, আমাৰ আইদেউৰ বিয়ালৈ এদিন-এবেলা আছে।’

চম্পা – এই লেবীজনীয়ে কিখন বলকে! থাক তই তোৰ যোজনা লৈ। (চাতকৰে আতৰি গুচি যায়)

ৰংদৈ – এ, আই ৰং কৰোঁতে খঙেই উঠিল হ’বলা। যাওচোন, আকৌ ৰং লগাবলৈ চাওঁগৈ।

(প্ৰস্থান)