সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - পঞ্চম অঙ্ক প্ৰথম পট
টেটোন তামুলি |
---|
প্ৰথম অংক দ্বিতীয় অংক তৃতীয় অংক চতুৰ্থ অংক পঞ্চম অংক |
ফুকনৰ পদূলি
(ৰংদৈয়ে পদূলি সাৰি থাকে, এজনী গঞানী প্ৰৱেশ কৰি, পদূলিৰ আগেদি পথাৰলৈ যায়)
গঞানী – অ, ৰংদৈ বাই! কি কৰিছ?
ৰংদৈ – এ, যি কৰিব লাগে, তাকে কৰিছোঁ নেদেখিছ?বিয়াৰ পাছত, পদূলিটো অৰণ হৈ আছিল, তাকে সাৰিছোহি।
গঞানী – এৰা, আইদেউৰ বিয়াখন লাচতে পাৰ হৈ গ’ল, বাই!
ৰংদৈ – এৰা ডাঙৰীয়া-বিষয়া ঘৰৰ বিয়া বুলিলে এনেকুৱাই,. হ’ব লাগে বোলোতেই ঘপহকৰে হৈ যায়। ৰজাই ৰ বোলোতেই ৰৈ যায়; বিষয়াই ব বোলোতেই বৈ যায়।
গঞানী – আইদেউৰ মনটিলৈ চাই হ’লে আগডোখৰত বিয়া নহ’বগৈ বুলিহে ভাবিছেলো।
ৰংদৈ – এৰা, নাম-গুৰি নোহোৱা বাটৰুৱা বোটলা ডেকা এটাৰে সৈতে মন্ত্ৰী ডাঙৰীয়াৰ জীয়ৰী আইদেউৰ বিয়া হ’ব বুলিনো কোনে জানিছিল? সেই বিয়াৰ কথন-মথন শুনি আইদেউ কান্দি-কাটি বাউলীটি হৈছিল!
গঞানী – কেলে নহ’ব আৰু, বিয়া দিলে যেতিয়া পিতলেই সোণ হল। এতিয়া দুইৰো বৰ মিল, বৰ চেনেহা-চেনেহী।
গঞানী – ডেকাটি হ’লে বেয়া নহয় দেই, বাই। দেখিবলৈকো শুৱনি, আৰু বৰ ৰঙ্গিয়াল।
ৰংদৈ – ভালতো। এতিয়া যে বিষয়াৰ সাজ-পাৰ পিন্ধি আৰু ভালটি হৈছে? আগেয়ে টেনোকা সাজেহে ফঁফৰীয়া কৰি থৈছিল, এতিয়া গোটেই ধুনীয়া ডেকীটি!
গঞানী – নহ’বনো কিয়; বিধাতাই পতা যোৰা। বোলে কুঁজীলৈ কুঁজা, বান্দীলৈ বন্দী, কুঁৱৰীলৈ কোঁৱৰ বিধাতাই যোৰা পাতি থৈছেই।
ৰংদৈ – মোকেচোন ধৰিব সেই বিধাতা বুলি। মইহে পাতিলো তেওঁ এইটো যোৰা।
গঞানী – এৰা, নেলাগে ক’ব; সোপাকে শুনিছো। সঁচা তইহে আচল গুৰি। আৰু শুনিছো, জোঁৱাই-বিষয়া বোলে বৰ বুধিয়ক আৰু কথকী। বোলে ‘নাই পো লনি, নাই পো ধনী, নাই পো কথকী।’ সেইহে ইমানটো ভাইগ্!
ৰংদৈ – সঁচা, সেই তিনি গুণৰ গুণতহে দিপলিপ গাভৰু আইদেউক তেওঁ কন্যা পালে। বুধিয়ক আৰু কথকী বুলি ক’ব লাগিছেনে? নহ’লেনো দেউতাৰ ধনেৰে দেউতাকে বেহাই আৰু ৰজা-ডাঙৰীয়া দুইকো কথাৰ পাকেৰে মেৰাই বান্ধ খুৱাই এনে হেন মন্ত্ৰীৰ জীয়ৰীক কন্যা পায়নে?
গঞানী – হক, হক, ‘যি কৰে ঈশ্বৰে মানুহৰ ভাললৈহে।’ তাত গা-ঘঁহনি খালেও পুইণ হয়, বাই! তোৰো পুইণ হৈছে, জানিবি।
ৰংদৈ – পুইণ হ’লেনো কি হ’ব। আইদেউৰ নিচিনা ভাইগ্ হ’ব বুলিছনে?
গঞানী – হ’বও পাৰে। একো টান কথা নহয়, বাই!
ৰংদৈ – (হাতৰ শোটাতো মূৰৰ ওপৰলৈ তুলি পাক্ দি দি নাচি-বাগি) উ-উ-উ, এতিয়াহে ‘কুঁজী বাই ষোলে বছৰীয়া’ হ’লো। (গঞানীৰ ডিঙ্গিত ধৰি ছেও থয়)
গঞানী – (উলটি ৰংদৈৰ ডিঙিত ধৰি ছেও থৈ) হ’বি হ’বি, বাই, যাওগৈ যা।
(দুয়োৰে দুফালে প্ৰস্থান)