সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - পঞ্চম অঙ্ক দ্বিতীয় পট
টেটোন তামুলি |
---|
প্ৰথম অংক দ্বিতীয় অংক তৃতীয় অংক চতুৰ্থ অংক পঞ্চম অংক |
গাভৰু টোলৰ বিলাস ঘৰ
(টেটোন-তামুলি আৰু চম্পাৱতী)
টেটোন – প্ৰিয়া! ,সেইদিনাৰ কথা এতিয়া মনত পৰেনে? (অলপ ৰৈ, চম্পাই উত্তৰ নিদিয়া দেখি) সাদৰী! নামাতা নো কিয়? সদায় আৰু ন-কন্যা ভাৱেই দিন যাবনে?
চম্পা – কেনে নো ন-কন্যা দেখিছে বা?
টেটোন – সেয়া দেখোন ওলাল মাত। নামাতা দেখি হেন কন্যা বুলিছিলো, বেয়া নাপাবা দেই। বোলো, সেই দিনাৰ কথা মনত পৰিলে এতিয়া কেনে লাগে?
চম্পা – কোন দিনৰ বা কথা?
টেটোন – সেই লাখটকীয়া ভাত সাঁজ খুৱাবৰ দিনা যে মোৰ ছায়াকে নসহিছিলা!
চম্পা – কিবা কথাবোৰ উলিয়াই থাকে! নোৱাৰো ক’ব আমি সেইবোৰ কথা!
টেটোন – (হাঁহি হাঁহি) নোৱৰা ক’ব? ইমান বেগাই পাহৰিলানে?
চম্পা – জানো!
টেটোন – অ’ এতিয়া জানৰ পানী খোৱাতহে পৰিল? জানিছো বাৰু, এতিয়া সেইবোৰ কথা শুনিবলৈ বেয়া পোৱা; নকও বাৰু, বেয়া নাপাবা দেই।
চম্পা – আমি একো বেয়া পোৱা নাই।
টেটোন – বেয়া পোৱা নাই যদি উত্তৰ নাই কিয়?
চম্পা – সুধি আছেমানে দেখোন কৈয়ে আছো।
টেটোন – নহয়, সাদৰী খং নকৰিবা। প্ৰশ্ন চাই উত্তৰ হোৱা নাই দেখিহে কৈছো।
চম্পা – খং কৰা বা দেখিছিলে কেতিয়া? এনে প্ৰশ্নৰ কেনে উত্তৰ হ’ব লাগে আমি ভু নাপাও।
টেটোন – নাই কৰা খং কেতিয়াও। এতিয়াও কথাত খং উঠে বুলিহে কৈছিলো। আমনি নাপাবা প্ৰাণেশ্বৰী, মই এটা কথাৰে সুধিলে যেন তোমাৰ পৰা দহোটা কথাৰে উত্তৰ পাম, এনেহে মোৰ প্ৰাণৰ হাবিয়াহ।
চম্পা – আমাৰ পেটত সিমানবোৰ কথা হ’লেহে আকৌ।
টেটোন – কথাৰ জোলোঙা উদং হয় বুলি ভয় কৰিছা হ’বলা
চম্পা – জানো কি কয়! আমি নুবুজো সেইবোৰ।
টেটোন – বুজিবা কালত। বুজি আকৌ বুজাবলৈহে চাবা। পিছে মোৰ পৰা কিনি মোকে নেবেচিলেহে আছে। একেই মন্ত্ৰীৰ জীয়াৰী।
চম্পা – আমি মন্ত্ৰীৰ জীয়াৰী বুলি কাৰো আগত গপ্ কৰা নাই। তামুলি-ফুকন হৈ নিজৰহে গপ্ হৈছে হ’ব পায়।
টেটোন – (আপোনা-আপুনি) ইয়াত আৰু আমাৰ টেটোনালি নাখাটে! জোঁৰৰ আগত বন্তিৰ পোহৰ যেনহে হৈ আহিছো। (ফুটাই) ক’তা মইনো কেতিয়া গপ্ কৰিছিলো?
চম্পা – নাই কৰা গপ্ সেই দেখি, আনকো গপ কৰা বুলি ছাপ মাৰি ধৰিব নালাগে।
টেটোন – সমুলঞ্চে ঘাটিলো এইবাৰ! প্ৰিয়া, তোমাৰ ওচৰত মোৰ বুদ্ধি-যুক্তিও জঁয় পৰি আহিছে!
(নেপথ্যত লিগিৰীহঁতে গীত গায়)
টেটোন – আহা, প্ৰাণেশ্বৰী! কেনে মধুৰ গীত!
চম্পা – সঁচা প্ৰাণেশ্বৰ! গীতৰ কথাখিনিত মনৰ ভাবটি কেনেকৈ ফুটি ওলাইছে! আহা, শুনিহে থাকিম যেন!
টেটোন – প্ৰিয়া, ব’লাচোন তালৈকে যাও, চাই চাই শুনোগৈ। নাচিছেও চাগৈ।
(হাতত ধৰা-ধৰিকৈ দুইৰো প্ৰস্থান)