সদস্য:যাদবেন্দ্ৰ বৰা/টেটোন তামুলি - পঞ্চম অঙ্ক তৃতীয় পট

ৱিকিউৎসৰ পৰা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

ফুকনৰ বিলাস ঘৰ

(দুজনী গায়িকা লিগিৰীয়ে নাচি নাচি গীত গাই থাকে)

মিশ্ৰ মুলতান – একতাল

সি সুন্দৰ শোভা ধৰে আজি দেহি অই।

চেনেহা-চেনেহী আহা, যুগল মুৰতি অই।

প্ৰাণে প্ৰাণ প্ৰাণ মিলি

ৰয় কেনে হালি-জালি;

দেখিলে জিৰণি পায় তাপিত পৰাণে অই।

আধা অঙ্গ আধা হিয়া,

হল আজি একেটীয়া;

বাঢ়ে যেন দিনে দিনে বিচ্ছেদ নঘটে আই।।

(টেটোন-চম্পাৱতীৰ প্ৰৱেশ; বৰগাৰু দি পাৰি থোৱা চামৰ পীৰাত দুয়ো যোৰাপাতি বহি নাচোন চাই গীত শুনে, লিগিৰীয়ে দোহাৰি দোহাৰি গায় আৰু নাচে)


যৱনিকাপাত