শিশুলীলা

ৱিকিউৎসৰ পৰা
।।শিশুলীলা।।
।।শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।।
শ্লোক।।
শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ।
নন্দগোপাকুমাৰায় গোবিন্দায় নমো নমঃ।।
নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে।
নমঃপঙ্কজনেত্ৰায় নমস্তে পঙ্কজঙ্ঘয়ে।।
বসুদেৱসুতং কৃষ্ণং কংস-চানুৰমৰ্দ্দনম্।
দৈৱকীপৰমানন্দং কৃষ্ণং বন্দে জগতগুৰুম্।।
হৰি ৰাম ৰাম ৰাম।।
মুকং কৰোতি বাচালং পুঙ্গুং লঙ্ঘয়তে গিৰিং।
যত্কৃপা তমহং বন্দে পৰমানন্দমাধমং।।


ঘোষা৷৷
কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি৷৷১৷৷
পদ৷৷
কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ৷
শঙ্খ চক্র গদা পদ্ম কৰত তোমাৰ৷৷
পীত-বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ৷
কমল-লোচন চাৰু অৰুণ অধৰ৷৷১৷৷
সুন্দৰ নাসিকা কৰ্ণে মকৰ-কুণ্ডল৷
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল৷৷
আপাদ-লম্বিত বন-মালা জ্বলে গলে৷
শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে৷৷২৷৷
চাৰু চাৰি ভুজ জ্বলে আজানু-লম্বিত৷
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত৷৷
চৰণ-কমল যেন নৱ পদ্ম-কোষ৷
যাক দেখি ভকতৰ পৰম সন্তোষ৷৷৩৷৷
প্ৰসন্ন বদনে জ্বলে অলকা-তিলক৷
বসুদেৱে দেখিলন্ত অদ্ভূত বালক৷৷
পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত তুতি৷
পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি৷৷৪৷৷
ভৈলা শিশু-ৰূপ তৈতে প্ৰভু নাৰায়ণ৷
কোলে লৈয়া বসুদেৱ লৰল তেখন৷৷
ভাগিল নিহল ভৈল মেলান কপাট৷
দেখি ভয়ে যমুনা আপুনি দিলা বাট৷৷৫৷৷
বৰিষে কণিকা মেঘে ওপৰত গাজে৷
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে৷৷
যশোদাৰ তৈতে উপজিলা যোগমায়া৷
অতি অচেতনে নিদ্ৰা গৈলা নন্দ-জায়া৷৷৬৷৷
তাহানে শয্যাত নিয়া থৈলন্ত তোমাক৷
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক৷৷
শিশুভাৱে গোকুলত ক্রীড়িলা অপাৰ৷
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ৷৷৭৷৷
অচিন্ত্য-মহিমা হৰি পুৰুষ পুৰাণ৷
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ৷৷
কংসৰ পাঞ্চনি পাই যত দৈত্য আসে৷
তুমি অগনিত যেন পুৰি মৰে ঝাসে৷৷৮৷৷
আসিলেক পূতনা মোহিনী নাৰী-বেশে৷
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে৷৷
কোলে ধৰি তোমাক দিলেক স্তন দান৷
স্তন পানে পূতনাৰ শুষিলাহা প্ৰাণ৷৷৯৷৷
শকটৰ তলে থৈলা যশোদা শুৱাই৷
লাথি হানি শকট পেহ্লাইলা ওভোতাই৷৷
হেন দেখি যশোদা সুন্দৰী মহাদুখে৷
আথে-বেথে কোলে লৈয়া স্তন দিলা মুখে৷৷১০৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি৷
ৰাম নাম বিনে নাহি কাহাৰো মুকুতি৷৷
হেন জানি নিৰন্তৰে এড়ি আন কাম৷
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷১১৷৷


পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে৷৷2
পদ৷৷
চক্রবাত অসুৰে কৃষ্ণক নিলা হৰি৷
আকাশত মাৰিলা গলত চেপি ধৰি ৷৷
কৃষ্ণক হিয়াত লৈয়া পৰিলা ভূমিত৷
জুড়াইল তোমাক পায়া যশোদাৰ চিত্ত ৷৷১২
ছলে হামি তুলি তুমি দেখাইলা মাৱত৷
মুখৰ ভিতৰে আছে সমস্ত জগত৷৷
কম্পিল শৰীৰ যশোদাৰ হেন দেখি৷
পৰম বিস্ময় হুয়া মুদিলন্ত আখি৷৷১৩
বসুদেৱে পঠাইলা আসিল গৰ্গ ঋষি৷
গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি৷৷
কহিলা নন্দৰ আগে যত গুণ-গ্ৰাম৷
বিধিৱতে তোমাৰ থৈলন্ত কৃষ্ণ নাম৷৷১৪
আণ্ঠু কাঢ়ি ৰিঙ্গা পাৰি ফুৰা ব্ৰজ মাঝে৷
সোণাৰ ঘুঙ্গৰাচয় কঙ্কালত বাজে৷৷
বৃষৰ শুনিয়া নাদ চমকি উলটি৷
আথে-বেথে ধৰা গৈয়া মাৱক সাৱটি৷৷১৫
থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ৷
অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰ৷৷
আনন্দতে সমস্ত গোৱালীগণে আসি৷
কৃষ্ণৰ অকীৰ্ত্তি যশোদাৰত দেয় হাসি৷৷১৬
কি ভৈল তোমাৰ ইটো তনয় দুৰ্জ্জন৷
কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন৷৷
গাই নতু দোহন্তে দামুৰি মেলে গই৷
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই৷৷১৭
বানৰকো খুৱাৱে গোৱিন্দ কিনো চাণ্ড৷
ঢুকি যেৱে নপাৱৈ মনত নাহি তুষ্টি৷
সিকিয়াৰপৰা আনে উড়লত উঠি৷৷১৮
শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই৷
আন্ধাৰতো খুকজি পান্ত লুকান নযায়৷৷
বস্তুক নপাইলে খুজি মাৰন্ত ছৱালি৷
গৃহত বৰ্চ্ছিয়া পলাই যান্ত বনমালী৷৷১৯
মাৱৰ কোলাত আছা তুমি জগন্নাথ৷
সভয়-নয়ন হুয়া চপৰাইলা মাথ৷৷
হেন দেখি যশোদা পুত্ৰক নোবোলয়৷
আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চায়৷৷২০
ডৰিবাক দেখিয়া পুত্ৰক বৰনাৰী৷
বুকুত সাৱটি ধৰিলন্ত চুমা পাৰি৷৷
মাধৱৰ শিশুলীলা শুনা সৰ্ব্বলোক৷
বোলা হৰি হৰি যত পাতক ছাড়োক৷৷২১
ঘোষা৷৷
কেশৱ কৃষ্ণ কৰুণাসিন্ধু৷
ত্ৰাহি জগন্নাথ অনাথ বন্ধু৷৷৩
পদ৷৷
এহিমতে ব্ৰজে আনন্দে হৰি৷
কৰন্ত ক্রীড়া শিশুৰূপ ধৰি৷৷
যত গোপশিশু বলাই আদি৷
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী৷৷২২
যশোদাৰ আগে দিলেক খল৷
খাইলেক কৃষ্ণে মাটি একদল৷৷
শুনিয়া যশোদা সুন্দৰী হাসি৷
পুত্ৰৰ হাতত ধৰিলা আসি৷৷২৩
কেনে মাটি কাইলি অৰে গোপাল৷
কোবাই আজি তোৰ ফাড়িবো ছাল৷৷
শুনিয়া কৃষ্ণৰ হৰিল মাত৷
চক্ষু টেৰ কৰি মাৱক চান্ত৷৷২৪
ভয়তে যেন কাম্পে হাত-ভৰি৷
যশোদা দেখে পুত্ৰ গৈলা ডৰি৷৷
মুখক চাহন্তে লাগয় বেথা৷
কিয় মাটি খাইলি সোধন্ত কথা৷৷২৫
লগৰ শিশু বোলে সমুদায়৷
বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই৷৷
মাতন্ত কৃষ্ণে যশোদাক চাই৷
মিছা মাতৈ সৱে শুনিও আই৷৷২৬
কদাচিতো মঞি নখাওঁ মাটি৷
দাদা বলভদ্ৰে বোলন্ত ঘাটি৷৷
পতিয়ান নাই চোৱা বিচাৰি৷
হেন শুনি মাতে যশোদা নাৰী৷৷২৭
বায়ো বেন্ত যেৱে মাটি নখাইলি৷
শুনিয়া শিশু-ৰূপী বনমালী৷৷
চৱা মুখ বুলি মাৱক মাতি৷
বাইলন্ত বেন্ত প্ৰকাশিয়া আতি৷৷২৮
যশোদা সুন্দৰী দেখন্ত পাছে৷
সমস্ত জগত গৰ্ভতে আছে৷৷
সাতোখন দ্বীপ সাতো সাগৰ৷
গিৰি বন নদী গ্ৰাম নগৰ৷৷২৯
বায়ু সূৰ্য্য শশী দিশ আকাশ৷
তাৰাগণো তৈতে কৰে প্ৰকাশ৷৷
সমস্ত জীৱ জ্যোতি তেজ জল৷
সত্ব ৰজ তম ইন্দ্ৰিয়-বল৷৷৩০
মন বুদ্ধি কাল কৰ্ম্ম যতেক৷
সৱাকো গৰ্ভতে দেখে প্ৰত্যেক৷৷
যতেক ধেনু গোপ গোপীজাক৷
যশোদা দেখে তৈতে আপুনাক৷৷৩১
পৰম শঙ্কাক পাইলন্ত আতি৷
অদ্ভূত দেখিয়া বোলন্ত মাতি৷৷
কিবা ভ্ৰম ভৈলো মোহক পায়া৷
দেখিলো স্বপ্ন কিবা দেৱ-মায়া৷৷৩২
কিবা জানে মায়া মোৰ তনয়৷
কৰিবে নোৱাৰো একো নিশ্চয়৷৷
নুহিলন্ত মোৰ পুত্ৰ মানুষ৷
এহেন্তেসে বিষ্ণু আদি পুৰুষ৷৷৩৩
এহি বুলি চিত্ত দঢ়ায়া সতী৷
কৰযোৰে কৰৈ কৃষ্ণক স্তুতি৷৷
যিটো ব্ৰহ্ম নোহে তৰ্ক-গোচৰ৷
নপাৱে বচনে মনে ওচৰ৷৷৩৪
নাহি উতপতি নাহি মৰণ৷
সদায়ে প্ৰণানেমো তান চৰণ৷৷
মঞি যশোদা মোৰ পুত্ৰ স্বামী৷
ব্ৰজৰ সৱে অধিকাৰী আমি৷৷৩৫
হেন অহম্মম সদায়ে কৰো৷
যাহাৰ মায়াত উপজো মৰো৷৷
হেন জগন্নাথ হুয়োক গতি৷
খণ্ডিয়োক আৱে মোৰ কুমতি৷৷৩৬
গুণন্ত শুনি ত্ৰিজগত পতি৷
বিষ্ণু হেন মোক জানিলা সতী৷৷
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ৷
গুচিল বিষ্ণু-জ্ঞান যশোদাৰ৷৷৩৭
কৃষ্ণত পুত্ৰ-বুদ্ধি ভৈল জাত৷
ধূলা জাৰি তুলি লৈলা কোলাত৷৷
পাৰন্ত চুমা মুখে স্তন দিয়া৷
মোৰ আয়ু লই পুতাই জীয়া৷৷৩৮
ব্ৰহ্মায়ো নজানে যাৰ মহিমা৷
চাৰি বেদে কহি নাপাৱে সীমা৷
হেন মাধৱক তনয় পাইল৷
যশোদা নন্দে কিনো তপসাইল৷৷৩৯
সুনন্দ আদি যত যোগীগণ৷
চিন্তিয়ো নেদেখে যাৰ চৰণ৷৷
হেন পৰব্ৰহ্ম যশোদা সুত৷
ভৈলন্ত কিনো আতি অদভূত৷৷৪০
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
শুনা শিশু-লীলা সমস্ত জনে৷৷
যেৱে সুখে যাইবা বৈকুণ্ঠ-পুৰী৷
সদায় ডাকিয়া ঘুষিয়ো হৰি৷৷৪১
ঘোষা।।
হে কৰুণাময়
ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি৷৷৪
পদ৷৷
দিনেক যশোদা নন্দ জায়া৷
আপুনি মথন্ত দধি গৈয়া৷৷
কৃষ্ণৰ শৈশৱ লীলা সুমৰি৷
কৃষ্ণ-গীত গাৱন্ত সুন্দৰী৷৷৪২
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে৷
কটিত মেখলা বান্ধি আছে৷৷
পুত্ৰ-স্নেহে স্ৰৱে দুয়ো স্তন৷
আজোৰন্তে লড়ে ঘনে ঘন৷৷৪৩
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ৷
শ্ৰম-জলে উজ্জল বদন৷৷
কৰ্ণত কুণ্ডল দোলে আতি৷
খসি পৰে খোপাৰ মালতী৷৷৪৪
এহিমতে মথন্তে প্ৰয়াসি৷
মাৱক ধৰিলা কৃষ্ণে আসি৷৷
মথনিত ধৰিয়া নিষেধি৷
মথিবাক নেদে আউৰ দধি৷৷৪৫
হাসি কোলে লৈলা নন্দ-জায়া৷
দিলা স্তন পুত্ৰ-মুখ চায়া৷৷
দেখন্তে উথলি দুগ্ধ পৰে৷
পুত্ৰ এড়ি গৈলন্ত লৱৰে৷৷৪৬
স্তন পিবে নপায়া কৃষ্ণৰ৷
কাম্পে কোপে অৰুণ অধৰ৷৷
দশন কামুৰি আতি চাণ্ড৷
শিলায়ে ভাঙ্গিলা দধিভাণ্ড৷৷৪৭
মহা কোপে কোঠা পশিলন্ত৷
সিঞ্চৰাই লৱনু ভুঞ্জন্ত৷৷
আসিলা যশোদা নমাই ক্ষীৰ৷
দেখে হাণ্ডি ভাঙ্গিলা দধিৰ৷৷৪৮
জানিলা যশোদা পুত্ৰৰ কৰ্ম্ম গোপী৷
হাসিয়া দেখিলা পশি খুপি৷৷
উড়ল উপৰে বসি হৰি৷
ভুঞ্জন্ত লৱনু চুৰি কৰি৷৷৪৯
শিকিয়াৰ পৰা নমাই আনি৷
বানৰকো দেন্ত দলি হানি৷৷
শঙ্কিত নয়নে নাহি সাৰি৷
দেখিয়া যশোদা লৈলা বাৰি৷৷৫০
মাৰিবে আসন্ত জানি ডৰে৷
দিলা লৰ নামি উড়লৰে৷৷
পাছে পাছে যশোদা খেদন্ত৷
ভয়ে লাগ মাৱক নেদন্ত৷৷৫১
যাক যোগী নপাৱৈ ধ্যানত৷
হেন হৰি পলান্ত ভয়ত৷৷
পুত্ৰক খেদন্ত মহাসতী৷
শ্ৰোণী ভৰে আক্রমিল গতি৷৷৫২
বেগত মেলান ভৈল খোপা৷
গোৱিন্দে মাৱৰ শ্ৰম দেখি৷
ৰহিল কান্দন্তে মুদি আখি৷৷৫৩
সভয় নয়নে চান্ত ডৰে৷
যশোদা ধৰিলা আসি কৰে৷৷
ভাণ্ড ভাঙ্গি আৱে যাইবি কোথা৷
খাইবো আজি কৃষ্ণ তোৰ মাথা৷৷৫৪
সকল লৱনু কৈলি নাশ৷
শুনি প্ৰভু ভৈলা মহাত্ৰাস৷৷
দেখি বাড়ি এড়িলন্ত সতী৷
কৃষ্ণক বান্ধিবে ভৈলা মতি৷৷৫৫
নাহি আদি অন্ত পূৰ্ব্বাপৰ৷
পূৰ্ণব্ৰহ্ম জগত-ঈশ্বৰ৷৷
তাহাঙ্ক তনয় মানি বলে৷
যশোদা বান্ধন্ত উডু খলে৷৷৫৬৷
বান্ধন্ত কৃষ্ণক আনি ধৰি৷
নোজোৰে আঙুলি দুই জৰী৷৷
আৰ জৰী আনি জোৰা দিলা৷
সিয়ো দুই আঙুলি নাটিলা৷৷৫৭
হেন দেখি আৰো জৰী দিলা৷
যশোদা বান্ধন্ত টানি টানি৷৷
শৰীৰৰ বল দিয়া আঁটে৷
তথাপি আঙ্গল দুই নাটে৷৷৫৮
গৃহত পাইলেক যত জৰী৷
এহিমতে যুৰিয়া সুন্দৰী৷৷
উডুখলেৰে বান্ধে চাপি৷
নাটে দুই আঙ্গল তথাপি৷৷৫৯
হেন দেখি হাসৈ গোপীগণে৷
যশোদা বিস্ময় ভৈলা মনে৷৷
শৰীৰৰ ঘৰ্ম্ম যায় বহি৷
হাসিয়া থাকিলা শ্ৰমে ৰহি৷৷৬০
হেন দেখি প্ৰভু নাৰায়ণ৷
স্নেহে লৈলা আপুনি বন্ধন৷৷
জগতৰে আপুনি ঈশ্বৰ৷
তুমি বশ্য ভৈলা ভকতৰ৷৷৬১
ব্ৰহ্মা লক্ষ্মীদেৱী মহাদেৱে৷
নপাইলা আনন্দ হেন কেৱে৷৷
যশোদা প্ৰসাদ যেন পাইলা৷
ইটো গোপী কিনো তপসাইলা৷৷৬২
ভকতৰ বশ্য তুমি হৰি৷
সুখে পাৱে গৃহতে সুমৰি৷৷
ভণিলা শঙ্কৰে কৃষ্ণ-পদে৷
হৰি হৰি বোলা সভাসদে৷৷৬৩
ঘোষা৷
ৰাম গোপাল হৰি৷
কৃষ্ণ গোৱিন্দ হৰি ৰাম৷৷৫
পদ৷৷
কৃষ্ণে দেখিলন্ত মাৱ গৃহকৰ্ম্মে গৈলা৷
আঠু কাঢ়ি উডুখল টানিবাক লৈলা৷৷
অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি৷
কঙ্কাল ফান্দিয়া বল দিলা বনমালী৷৷৬৩
কাম্পে দুয়োগোটা বৃক্ষ উডুখলে লাগি৷
উভৰি পৰিল মচ মচ কৰি ভাগি৷৷
শাপ এড়াই দুয়ো পাছে কুবেৰ তনয়৷
তোমাক নামিয়া গৈলা আপুন নিলয়৷৷৬৪
নিৰ্ঘাত শঙ্কিয়া খেদি আইলা গোপজাক৷
বন্দী হুয়া আছা নন্দে দেখিলা তোমাক৷৷
হাসিলেক কোনে হেন কৰিলেক বুলি৷
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি৷৷৬৫
কিনো আতি নন্দ যশোদাৰ মহাভাগ৷
পূৰ্ণব্ৰহ্ম তোমাক গৃহতে পাইলা লাগ৷৷
ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে৷
শিশু-লীলা অনেক কৰিলা নাৰায়ণে৷৷৬৬
কেহো বেলা গোপীগণে পাঞ্চৈ গাৱা গীত৷
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য৷৷
মালৰী কৰাহা কতো গোপীৰ বচনে৷
ছায়া-পুতলাক যেন নচাৱে যতনে৷৷৬৭
কেহো বেলা গোপীকাৰ শুনি আজ্ঞাবাণী৷
পাদুকা-পীহ্ৰাক প্ৰভু ধৰি থাকা আনি৷৷
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত৷
ভকতৰ বশ্য হেন দেখায়া লোকত৷৷৬৮
কোনে ফল লৈবে বুলি ডাকিলা পসাৰী৷
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি৷৷
তোমাৰ হস্তক ভৰি দিল ফল বাছি৷
সুৱৰ্ণ-ৰতনে তাইৰ উপচিল পাচি৷৷৬৯
আসিল দানৱ গোট বৎস-ৰূপ ধৰি৷
লাঙ্গলে সহিতে তাৰ ধৰি পাছ ভৰি৷৷
আলগতে ফুৰাই পাক হানিলাহা দলি৷
কপিত্থত পড়ি যমপুৰে গৈল চলি৷৷৭০
ঘোষা৷৷
ৰাম চৰণে ধৰো৷
স্বামী আমি যেন তৰো৷৷৬
পদ৷৷
বকাসুৰে কৃষ্ণক গিলিলা ঠোঁটে ধৰি৷
দেখি গোপ-শিশুগণ যেন গৈলা মৰি৷৷
পাছে তাৰ তালুত লাগিল যেন জুই৷
ছাদিলা কৃষ্ণক বকে বিমূৰ্চ্ছিত হুই৷৷৭১
দুনাই ঠোঁটে গিলিবাক আসে দেখি তাক৷
লীলায়ে ছিৰিলা যেন বিৰিণা-পাতক৷৷
সবান্ধৱে ধেনুকাক নিলা ৰসাতল৷
গোপ-শিশুগণক ভুঞ্জাইলা তালফল৷৷৭২
ময়ৰ তনয় ব্যোম গোপ-ৰূপ ধৰি৷
গোপ-শিশুগণক নিলেক চুৰি কৰি৷৷
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে৷
তাক মাৰি শিশুসৱ আনিলা লীলায়ে৷৷৭৩
গোপ গৰুজাকক বেঢ়িলে বন-জুই৷
কৃষ্ণত শৰণ সৱে লৈলে ত্ৰাস হুই৷৷
চক্ষু মুদাই সৱাকো ক্ষণেকে যোগবলে৷
গোকুলক লাগিয়া আনিলা অৱিকলে৷৷৭৪
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি৷
তোমাৰ পৰশে সৰ্পে দিব্য ৰূপ ধৰি৷৷
শাপ এড়াই গৈলা বিদ্যাধৰৰ নিলয়৷
দেখি গোপগণ ভৈলা পৰম বিস্ময়৷৷৭৫
শয়ন সময়ে সৱ গোপ-গোপীগণ৷
যোগ-বলে বৈকুণ্ঠক নিলা নাৰায়ণ৷৷
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই৷
গোকুলক লাগি প্ৰভু আনিলা দুনাই৷৷৭৬
নন্দক নিলেক বৰুণৰ দূতে ধৰি৷
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি৷৷
তোমাৰ মহিমা নন্দে কহিলা ব্ৰজত৷
শুনিয়া বিস্ময় ভৈলা সৱাৰো মনত৷৷৭৭
ইন্দ্ৰে কৰিলন্ত সাত দিন বৰিষণ৷
এক হাতে উভাৰি ধৰিলা গোৱৰ্দ্ধন৷৷
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপপুৰ৷
লীলায়ে কৰিলা মহেন্দ্ৰৰ দৰ্পচূৰ৷৷৭৮
সুৰভি সহিতে ইন্দ্ৰে আসিলা প্ৰত্যেক৷
গোৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক৷৷
অনেক ভকতি কৰি দুয়ো স্বৰ্গে গৈলা৷
সেহিদিনা তোমাৰ গোৱিন্দ নাম থৈলা৷৷৭৯
গোপ-কুমাৰিকাসৱে বস্ত্ৰ থৈয়া তীৰে৷
বিৱস্ত্ৰে নামিলা গৈয়া যমুনাৰ নীৰে৷৷
বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে৷
নানা উপহাস কৰি বস্ত্ৰ দিলা পাছে৷৷৮০
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে৷
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে৷
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন৷
বোলা হৰি হৰি আছে যাৱত চেতন৷৷৮১
ঘোষা৷৷
ও কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি৷৷৭
পদ৷৷
দুষ্ট অঘে পাতিলেক কাপ৷
বাট ভেণ্টি ভৈল ঘোৰ সাপ৷৷
পৰ্ব্বত সমান কলেৱৰ৷
বাইল বেন্ত সম্যকে গহ্বৰ৷৷৮২
তল ওঁঠ মাটিত থাপিল৷
ঊৰ্দ্ধ ওঁঠ মেঘত লাগিল৷৷
জিহ্বাখান যেন ৰাজ আলি৷
বৎস লৈয়া আইলা বনমালী৷৷৮৩
গোৰক্ষ দামুৰি নিৰন্তৰ৷
নজানি পশিল অভ্যন্তৰ৷৷
দেখি তুমি ভক্তৰ স্নেহত৷
পশিলাহা অঘৰ গৰ্ভত৷৷৮৪
দেখি আঁটি ধৰিল দশনে৷
তুলিলেক হাসি দৈত্যগণে৷৷
দেৱগণে কৰে হাহাকাৰ৷
গল ছুঙ্গি ভেণ্টি ৰৈলা তাৰ৷৷৮৫
পেট ফিঙ্কি বায়ু দিলা টান৷
মূৰ্দ্ধা স্ফুটি বাজ ভৈল প্ৰাণ৷৷
তযু পৰশনে কৰ্ম্ম ক্ষীণ৷
অসুৰ কৃষ্ণতে গৈল লীন৷৷৮৬
দেখি নিশবদ দৈত্য-কুল৷
হৰিষে বৰিষে দেৱে ফুল৷৷
অমৃত নয়নে চাইলা হৰি৷
জীলা সৱে গোৰক্ষ দামুৰি৷৷৮৭
ৰঙ্গে বাজ ভৈলা বাংশী বাই৷
ফুৰা সৱে দামুৰি চৰাই৷৷
ব্ৰহ্মা আসি কৰিলন্ত চুৰি৷
নিলা সৱ গোৰক্ষ দামুৰি৷৷৮৮
মায়া কৰি থৈলেক গহ্বৰে৷
কাহাকো নেদেখি দামোদৰে৷৷
ব্ৰহ্মা নিলা জানিলাহা গুণি৷
ভৈলা গৰু গোৰক্ষ আপুনি৷৷৮৯
নিচিনিলা গোৱালী গোৱালে৷
এদিনাত কৰি প্ৰতিপালে৷
ব্ৰহ্মা আসি দেখিলন্ত পাছে৷
গোৰক্ষ দামুৰি সৱে আছে৷৷৯০
পৰম বিস্ময়ে আছে চায়া৷
কৰিলাহা প্ৰভু পাছে মায়া৷৷
গোৰক্ষ দামুৰি-ৰূপ এৰি৷
ভৈলা সৱে চতুৰ্ভুজ হৰি৷৷৯১
সজল জলদ যেন শ্যাম৷
সৱে পীত বস্ত্ৰে অনুপাম৷৷
কেয়ূৰ কঙ্কণে কৰৈ কান্তি৷
হৃদয়ত শ্ৰীবৎসৰ পান্তি৷৷৯২
কম্বু-কণ্ঠ কৌস্তুভে শোভিত৷
বনমালা আপাদ-লম্বিত৷৷
জিলিমিলি জ্বলে বক্ষস্থলে৷
শোভৈ কৰ্ণ মকৰ কুণ্ডলে৷৷৯৩
শঙ্খ চক্র গদা পদ্ম ধৰি৷
আছা সৱে চতুৰ্ভুজ হৰি৷৷
গাৱে গাৱে এক সৃষ্টি কৰে৷
চৰাচৰ সমে সেৱা কৰে৷৷৯৪
মোহ হুয়া ব্ৰহ্মা ভৈলা চুপ৷
দেখন্ত গুচিল সৱে ৰূপ৷৷
পূৰ্ব্বৱতে আছা মাত্ৰ হৰি৷
হংসৰ নামিলা ব্ৰহ্মা ডৰি৷৷৯৫
যেন সুৱৰ্ণৰ দণ্ড প্ৰায়৷
ভূমিত পেলায়া নিজ কায়৷৷
মাধৱৰ পাদ-পদ্ম দুই৷
চাৰি মুকুটৰ আগে ছুই৷৷৯৬
আনন্দতে নয়নৰ জ্বলে৷
সিঞ্চিলন্ত চৰণ কমলে৷৷
উঠি উঠি দুয়ো পাৱে ধৰি৷
আনন্দতে নয়নৰ জ্বলে৷
সিঞ্চিলন্ত চৰণ কমলে৷৷
প্ৰণামন্ত মহিমা সুমৰি৷৷৯৭
মুকুন্দক চাই কথমপি৷
মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি৷৷
প্ৰণামিয়া অনেক ভকতি৷
কৰিবে লাগিলা ব্ৰহ্মা স্তুতি৷৷৯৮
কৃষ্ণ-কথা শুনিয়ো সমাজে৷
আক বৃথা কৰা কোন কামে৷
সাধিয়ো মুকুতি হৰি নামে৷৷৯৯
ঘোষা৷৷
ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি৷
নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি৷৷৮
পদ৷৷
নমো গোপ-ৰূপী মেঘ-সম-শ্যাম-তনু৷
গাৱে পীতবস্ত্ৰ হাতে শিঙ্গা বেত বেণু৷৷
কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা-পাখি৷
বন্য-পুষ্প-মালা পিন্ধি ধেনু আছা ৰাখি৷৷১০০
এহি শৰীৰতে আছে যতেক মহিমা৷
মনেও কৰিবে পাৰৈ কোনে তাৰ সীমা৷৷
আছোক পৰমব্ৰহ্ম স্বৰূপ তোহ্মাৰ৷
তাঙ্ক জানিবাক আছে শকতি কাহাৰ৷৷১০১
জ্ঞান-পথ এড়ি প্ৰভু তোমাৰ কথাক৷
কায়-বাক্য-মনে সেৱৈ যিটো সাধুজাক৷৷
যদ্যপি অজিত তুমি তিনিও জগতে৷
তথাপি তোমাক জিনৈ সেহিসে ভকতে৷৷১০২
মুকুতি-ৰসকো স্ৰৱে তোমাৰ ভকতি৷
তাঙ্ক এড়ি জ্ঞান-পথে যিটো কৰে ৰতি৷৷
ক্লেশ মাত্ৰ পাৱৈ সিটো নিষ্ফল প্ৰয়াসে৷
বাহানে পতান যেন তণ্ডুলক আশে৷৷১০৩
যিটোজনে ভুঞ্জে নিজ কৰ্মৰ বিপাক৷৷
আপেক্ষিয়া থাকৈ প্ৰভু তোমাৰ কৃপাক৷৷
কায়-বাক্য-মনে নমে চৰণ তোমাৰ৷
সি সি জন মুকুতি-পদৰ অধিকাৰ৷৷১০৪
মই কেনে দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত৷
মায়াদিৰো ঈশ তুমি অনাদি অনন্ত৷৷
তোমাৰ পৰীক্ষো মই মায়াক প্ৰকটি৷
অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গতি৷৷১০৫
অন্ধ ভৈল চক্ষু হেলা কৰিলো তোমাক৷
মঞি ভিন্ন ঈশ্বৰ মানিলোঁ আপুনাক৷৷
অজ্ঞৰ ক্ষমিয়ো দোষ জগত-নিৱাস৷
এহি কৃপা কৰা যেন বোলাওঁ তযু দাস৷৷১০৬
গৰ্ভত থাকন্তে উদৰত ঘালে পাৱে৷
তাৰ অপৰাধক নধৰে যেন মাৱে৷৷
তোমাৰ কুক্ষিত আমি আছো চৰাচৰ৷
হেন জানি ক্ষমিয়োক দোষ দামোদৰ৷৷১০৭
ইটো ব্ৰহ্মপদ প্ৰভু আহ্মাক নলাগে৷
কীট পতঙ্গত জন্ম হৌক কৰ্ম্ম ভাগে৷৷
তোমাৰ ভক্তৰ মাজে হুয়া একজন৷
সেৱা কৰি থাকো প্ৰভু তোমাৰ চৰণ৷৷১০৮
কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ৷
যাৰ স্তন-পানে তৃপ্ত ভৈলা দামোদৰ৷৷
অশ্বমেধ আদি কৰি মহাযজ্ঞ যত৷
তোমাক তুষিবে প্ৰভু নুহিকে শকত৷৷১০৯
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ৷
তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ৷৷
কিনো পুণ্য কৈলে গোকুলৰ বৃক্ষ তৃণে৷
তোহ্মাৰ চৰণ-ৰেণু পাৱৈ ৰাত্ৰি দিনে৷৷১১০
দেখা সৰ্ব্বলোকে কেনে অজ্ঞানী বৰ্ব্বৰ৷
তুমি অন্তৰ্য্যামী তোমাকেসে বোলে পৰ৷৷
শৰীৰক মঞি বুলি বুদ্ধি ভৈলা হত৷
হিয়াথে হৰাইলা তুমি খোজে বাহিৰত৷৷১১১
বৃন্দাবনে তৃণ হৈবো তেৱে মহাভাগ৷
পাইবো ব্ৰজবাসীৰ চৰণ-ৰেণু লাগ৷৷
আজিও বিচাৰৈ পদৰজ দেৱগণ৷
হেন হৰি ভৈলা ব্ৰজবাসীৰ জীৱন৷৷১১২
মাৰিবাক দিল তন পূতনা পাপিষ্ঠী৷
দিলাহা মুকুতি তাইতো পৰিল সুদৃষ্টি৷৷
ব্ৰজবাসী তোমাতে অৰ্পিলা প্ৰাণ-বিত্ত৷
আক আৱে কিবা দিবো খেদ কৰে চিত্ত৷৷১১৩
তাৱে ৰাগ লোভ ক্রোধ পুৰুষৰ চোৰ৷
তাৱে গৃহবাস বন্দীশাল মহাঘোৰ৷
মোহচয় ভৰিৰ নিহল ভৈল তাৱে৷
তোমাৰ ভকতি নৰে নতু কৰে যাৱে৷৷১১৪
তোমাৰ আগত কিবা বোলো বহুবাক৷
যিটো বোলে জানো প্ৰভু নজানে তোমাক৷৷
কায়-বাক্য-মনে মই কৰিলোহো সাৰ৷
তযু চৰণত সমৰ্পিলো কলেৱৰ৷৷১১৫
সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা৷
আজি ধৰি প্ৰভু মোক দাস বুলি মানা৷৷১১৬
নমো কৃষ্ণ বিষ্ণ-কুল প্ৰকাশ নায়ক৷
দেৱ দ্বিজ পৃথিৱীৰ বুদ্ধি-প্ৰদায়ক৷৷
দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ৷
তোমাৰ চৰণে প্ৰভু প্ৰণাম আমাৰ৷৷১১৭
কৰিল অনেক স্তুতি আৰো সৃষ্টিকৰে৷
তাক নকহিলো পদ-বাহুল্যক ডৰে৷৷
এহি বুলি প্ৰজাপতি ভৈলা মোহ হীন৷
কৃষ্ণক কৰিলা তিনিবাৰ প্ৰদক্ষিণ৷৷১১৮
প্ৰণাম কৰিলা চৰণত পৰি পৰি৷
মেলানি মাগিয়া নিজ স্থানে গৈলা লৰি৷৷১১৯
ভণিল শঙ্কৰে কৃষ্ণ-চৰণত ধৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷১২০
।।শিশু-লীলা সমাপ্ত।।