স্যমন্তক হৰণ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
স্যমন্তক হৰণ
লেখক শ্ৰীশ্ৰী শঙ্কৰদেৱ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
।।শ্ৰী শ্ৰী কৃষ্ণায় নমঃ।।
স্যমন্তক হৰণ
।।শ্লোক।।
শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ,
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ।।
নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে।
নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে।।
বসুদেৱসুতং কৃষ্ণং কংস-চানুৰমৰ্দ্দনম্।
দৈৱকীপৰমানন্দং কৃষ্ণং বন্দে জগতগুম।।
হৰি ৰাম ৰাম ৰাম।।
মুকং কৰোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিৰিং।
যত্কৃপা তমহং বন্দে পৰমানন্দমাধৱং।।
ঘোষা।।
ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।।
পদ।।
শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত।।
আপোনাৰ কন্যা আনি দিলেক কৃষ্ণক।
স্যমন্তক মণি দিলা লগত যৌতুক।।
শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত।
দিলা কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত।।
কৈত পাইল স্যমন্তক মণি মহাৰত্ন।
কিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন।।
শুক নিগদতি শুনিয়োক পৰীক্ষিত।
সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত।।
তুষ্ট হৈয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা।।
সূৰ্য্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক।
ৰশ্মিয়ে চক্ষুক পীড়ৈ দেখি প্ৰজা-জাক।।
আসন্ত আদিত্য বুলি মনত শঙ্কিয়া।
কৃষ্ণৰ পাশক সৱে যায় লৱৰিয়া।।
সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ।
আথে-বেথে দেয় জান প্ৰজা নিৰন্তৰ।।
নমো নাৰায়ণ শঙ্খ- চক্র -গদাধৰ।
অৰৱিন্দলোচন গোৱিন্দ দামোদৰ।।
তোহ্মাক দেখিবে লাগি ত্ৰিজগত পতি।
আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি।।
সৱাৰো চক্ষুক পীড়ি আসৈ ৰশ্মি-জালে।
তোহ্মাক অন্বেষ কৰে দশদিগপালে।।
পুৰাণ পুৰুষ তুমি সনাতন হৰি।
যদু-কুলে অৱতৰি আছা ছদ্ম কৰি।।
তাতেসে আসন্ত সূৰ্য্যে দেখিবে তোহ্মাক।
বোলা হৰি হৰি উদ্ধাৰিয়ো আপোনাক।।
ঘোষা।।
গোপাল গোৱিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ।।
পদ।।
শুনিয়া হাসি চাইলা চক্রপাণি।
নোহন্ত আদিত্য বুলিলা বাণী।।
মণিৰ ৰশ্মি হুয়া প্ৰকাশিত।
গৃহক লাগি আসৈ সত্ৰাজিত।।
সত্ৰাজিত পাছে গৃহক আইলা।
অনেক মাঙ্গল্য-বাদ্য বজাইলা।।
দেৱৰ গৃহে পশি প্ৰণিপাতে।
নিবেদিলা মণি বিপ্ৰৰ হাতে।।
মণিৰ মহিমা কি কৈবো আৰ৷।।
সুৱৰ্ণ নিতে স্ৰৱে অষ্ট ভাৰ।।
যি থানে থাকৈ সিটো স্যমন্তক।
নাহিকে দুৰ্ভিক্ষ মাৰিমৰক।।
নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্পভয়।
একো উপসৰ্গ নুপজে তয়।।
দিনেক মণি খুজিলন্ত হৰি।
নিদিলা সত্ৰাজিতে গহ কৰি।।
প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে।
কণ্ঠত মণিক পিন্ধিলা পাছে।।
ঘোড়াত চড়ি মহাৰঙ্গ মনে।
মৃগক মাৰি ফুৰৈ বিজুবনে।।
দেখি সিংহে তাক নখে বিদাৰি।
ঘোড়ায়ে সহিতে পেহ্লাইলা মাৰি।।
কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
চড়িল গিৰি শৃঙ্গে সিংহ গই।
দেখি জাম্বৱন্ত বীৰ বিড়িঙ্গ।।
লৈলন্ত মণিক মাৰিয়া সিংহ।
স্যমন্তক মণি গৰ্ত্তক নিলা।।
ওমলাইবে লাগি শিশুক দিলা।।
বিচিত্ৰ মণিগোট ধৰি ধাই।
বাটত ফুৰে শিশু ওমলাই।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে।।
ঘোষা৷৷
বনমালী এ জগমোহন ৰাম।
সুখে দুখে মুখে জোনো ছাড়ে ৰাম নাম।।
পদ৷৷
ভ্ৰাতৃক নেদেখি অনন্তৰে সত্ৰাজিত।
মহাশোকে ক্রন্দন কৰিলা বিপৰীত।।
স্যমন্তক পিন্ধি গৈলা বনক ভৈয়াই।
জানিলো মাৰিলে কৃষ্ণে নিৰ্জ্জনত পাই।।
খুজি নপাই ভাইক মাৰি কৃষ্ণে নিলা মণি।
শুনি সৰ্ব্বলোকে আক কৰে কণাকণি।।
বেকত নকৰে কেহো মাধৱক ডৰে।
পাইলেক কলঙ্ক মোক জানি দামোদৰে।।
কিমতে দুৰ্যশ গুচাওঁ গুণি ভগৱন্ত।
লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত।।
প্ৰসেনৰ পথে চলি যান্ত বনমালী।
প্ৰবন্ধে ঘোঁড়াৰ সিটো খোজক নিহালি।।
কতো দূৰ গৈয়া পাছে দেখিলা মহীত।
প্ৰসেন পড়িয়া আছে ঘোঁড়ায়ে সহিত।।
সিংহে মাৰি মণি নিলা জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি।।
মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি।
জানিলা ভালুকে মণি নিলে আঙ্ক মাৰি।।
দেখি সৰ্ব্বজন ভৈলা মনত নিঃশঙ্ক।
মিছাতে পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক।।
খোজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি।।
দেখি সেনাগণ সৱে বাহিৰত থৈই।
একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰৱেশিলা গই।।
তথাত মণিক কৃষ্ণে দেখিলন্ত পাছে।
হাতে লৈয়া ধাই শিশু ওমলান্তে আছে।।
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ-গেড়ি দিলা।।
কোথাৰ মনুষ্য গোটে মণি নেই হৰি।
আৱে ঋক্ষৰাজ লাগ লোৱা ঝান্ত কৰি।।
এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ।
বোলা হৰি হৰি ছাড়া বিষয়-বিষাদ।।
ঘোষা।।
ৰাম কৃষ্ণ গোপাল।
ত্ৰাহি হৰি কৃপাল।।
পদ।।
হেন শুনি জাম্বৱন্ত।
ধাইলা মহা বলৱন্ত।।
নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে।।
সামান্য মনুষ্য বুলি।
মহাক্রোধে গৈলা জ্বলি।।
নজানি প্ৰভাৱ আতি।
লগাইলেক হতাহতি।।
দুয়ো হুয়া মহা ত্ৰুদ্ধ।
লগাইলেক ঘোৰ যুদ্ধ।।
দুয়ো মাতঙ্গৰ লীলা।
বৰিষে পৰ্ব্বত শিলা।।
কতো বেলি হানে গাছ।
কতো কোপে চাপে কাছ।।
যুজিলন্ত মালবান্ধে।
ধৰি ভৰি ভৰি ছান্দে।।
দুইকো দুইৰো নাহি তুষ্টি।
হানৈ বজ্ৰ সমমুষ্টি।।
মাংসৰ কাৰণে যেন।
যুজন্ত দুগোটা শেন।।
কেহো বলে নুহি ক্ষীণ।
যুজন্ত আঠাইশ দিন।।
কৃষ্ণৰ প্ৰহাৰ পাই।
পাছে মহা ঋক্ষৰায়।।
শ্ৰান্ত ভৈলা মহা দুঃখে।
নিশ্বাস বজাইলা মুখে।।
ভাগে যেন কটি স্কন্ধ।
শৰীৰৰ ছিণ্ডে বান্ধ।।
গোড়ে ঘৰ্ম্ম যায় বহি।
ক্ষণেক স্তম্ভিলা ৰহি।।
সমস্ত সমাজে ঢাকি।
হৰি হৰি বোলা ডাকি।।
ঘোষা।।
ত্ৰাহি দেৱ দামোদৰ        যাদৱানন্দ
দীন দয়াশীল স্বামী।
কৰাহা নিস্তাৰ        তোমাৰ চৰণে
শৰণ পশিলোঁ আমি।।
পদ৷৷
কৃষ্ণৰ বিক্রম        দেখি ঋক্ষৰাজ
পৰম বিস্ময় মনে।
স্বামী হেন জানি        বুলিবে লাগিলা
প্ৰণামি কৃষ্ণ চৰণে।।
জানিলো তোমাক        জগত ঈশ্বৰ
তুমি সনাতন হৰি।
সমস্ত ভূতৰ        তুমি প্ৰাণবল
জগতকে আছা ধৰি।।
স্ৰষ্টাৰো স্ৰষ্টা        তুমি সৰ্ব্ব-দ্ৰষ্টা
উদ্ধাৰি ধৰিলা ভূমি।
জীৱৰ নিয়ন্তা        পৰম আত্মা
মৃত্যুৰো অন্তক তুমি।।
জানিলো তোমাক        সেহি ৰঘুনাথ
যিটো ইষ্টদেৱ মোৰ।
সীতাৰ সন্তাপে        জগতৰ বাপে
কৰিলা পয়াণ ঘোৰ।।
যাৰ মহাক্রোধে        কটাক্ষতে গ্ৰাসে
সাগৰে কল্লোল কৰে।
লঙ্কাক লাগিয়া        মাজে বাট দিলা
ডৰিয়া আতি সাগৰে।।
জানকীৰ হেতু        বান্ধিলাহা সেতু
দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ        কাটিলাহা নাথ
আনিলা সীতা উদ্ধাৰি।
আগে নিছিনিলো        আৱেসে জানিলো
তেন্তে তুমি শ্ৰীৰাম।।
অজ্ঞানীক মোক        প্ৰভু ক্ষমিয়োক
চৰণে কৰো প্ৰণাম।
এতেক বুলিয়া        নমি জাম্বৱন্ত
আছে কৃতাঞ্জলি কৰি।।
শুনা সৰ্ব্বজন        নেৰিবা কীৰ্ত্তন
ডাকি বোলা হৰি হৰি।
ঘোষা।।
হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা।
মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ-কথা।।
পদ।।
হেন স্তুতি বাণী শুনি দৈৱকী-তনয়।
চাইলা দয়া-দৃষ্টি ভকতক কৃপাময়।।
মাৰ্জিলা অমৃত-হাতে সমস্ত শৰীৰ।
ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ।।
মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান।
মণি হেতু ঋক্ষৰাজ আইলো তযু স্থান।।
তুমি আনি আছা মহামণি স্যমন্তক।
মিছাতে সমস্তে দেয় আমাক কলঙ্ক।।
পৰম ভকত তুমি জানোহো তোমাক।
দিয়া মণি মোক মই নেওঁ দ্বাৰকাক।।
গুচোক দুৰ্যশ দেখাওঁ লোকত প্ৰত্যয়।।
শুনি আনন্দিত জাম্বৱন্ত মহাশয়।
তানে কন্যাৰত্ন আছে নামে জাম্বৱতী।।
কৃষ্ণক বিৱাহ দিলা ৰঙ্গে ঋক্ষপতি।
লগত যৌতুক আনি দিলন্ত স্যমন্ত।।
পৰম আনন্দ দেখি ভৈলা ভগৱন্ত।
গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰহি।।
কৃষ্ণক চাহন্তে বাৰ দিন গৈল বহি।
নাসিবাৰ দেখি ভৈলা পৰম দুঃখিত।।
নিৱৰ্ত্তিয়া জান দিলা দ্বাৰকাপুৰীত।
গৰ্ত্তক পশিল মণি-হেতু যদুৰায়৷।।
বাৰ দিন তথাতে আছিলো বাট চাই।
উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ।।
বোলা হৰি হৰি তৰা সংসাৰ-সাগৰ।
ঘোষা।।
ত্ৰাহি যদু-নন্দন দেৱ।
পাৱে পৰি মঞি কৰোঁ সেৱ।।
পদ।।
বসুদেৱ হেন শুনি।
তবধ ভৈলন্ত গুণি।।
ৰুক্মিণী মূৰ্ছিতা আতি।
কান্দন্ত দৈৱকী সতী।।
শোকে যায় প্ৰাণ ফুটি।
ভূমিত পাৰন্ত লুটি।।
পুত্ৰ হৰুৱাওঁ যেনো।
শ্যামল সুন্দৰ তনু।।
পীতবস্ত্ৰে শোভে কায়।।
মেঘত বিজুলী প্ৰায়।
মুখ চন্দ্ৰো নুহি সৰি।।
কমললোচন হৰি।
কৰ্ণত কুণ্ডল দোলে।।
বনমালা শোভে-গলে।
ভ্ৰমৰে নছাড়ে লোভে।।
শিৰত কিৰীটি শোভে।
কণ্ঠত কৌস্তুভ-মণি।।
প্ৰভাতৰ সূৰ্য্য যেনি।
একো অঙ্গে নুহি ৰুজ।।
আজানু-লম্বিত ভুজ।
কেয়ূৰ কঙ্কণে ৰঞ্জে।।
পাদ পঙ্কজক গঞ্জৈ।
ৰত্নৰ নূপুৰ বাজে।।
মেখলা কটিৰ মাজে।
কোটি কন্দৰ্পক জিনি।।
প্ৰকাশন্ত যদুমণি।
হেন কৃষ্ণ মোৰ বাপ।।
এৰাওঁ কৈত তান তাপ।
যতেক বান্ধৱ জ্ঞাতি।।
কৰন্ত বিলাপ আতি।
সমস্ত নগৰী-লোকে।।
কৰন্ত বিলাপ শোকে।
সত্ৰাজিত ধূমকেতু।।
তইসে নাশৰ হেতু।
নাৰীগণে পাৰে গালি।।
সত্ৰাজিত পুত্ৰ খালি।
কৃষ্ণক কলঙ্ক দিয়া।।
এভু পাপী আছে জীয়া।
দ্বাৰকা-পুৰক ছানি।।
কৰৈ হাহাকাৰ ধ্বনি।
কৃষ্ণৰ কিঙ্কৰে ভণে।।
শুনিয়োক সৰ্ব্বজনে।
কৃষ্ণৰ কীৰ্ত্তন কৰি।।
ডাকি বোলা হৰি হৰি।


ঘোষা।।
ও হৰি দীন দয়াল।
গোপাল পালিয়া নিয়া।।
তোহ্মাৰ নাম মুখে ফুৰোঁ লৈয়া।
তোহ্মাৰ চৰণ চিন্তোক হিয়া।।
পদ।।
পাছে যদু-বংশ যতেক আছে।
কৃষ্ণ আসন্তোক মনত বাঞ্চে।।
যাৰ যেন শক্য পাৰিলা মানে।
পূজিলা দুৰ্গাক বলি-বিধানে।।
মায়াক আৰাধি সাধন্ত বৰ।
সত্বৰে আসন্তোক দামোদৰ।।
পঢ়ি স্তুতি-স্তোত্ৰ কৰে মঙ্গল।
সিটো আশীৰ্ব্বাদ ভৈল সাম্ফল।।
ভাৰ্য্যায়ে সহিতে আসিলা হৰি।
গ্ৰীৱাত স্যমন্ত-মণিক ধৰি।।
দেখন্ত সৱে আইলা যদুৰায়।
মৰি উপজিলা যেন দুনাই।।
লগতে কন্যাক আসিল লই।
সমস্ত সুহৃদে বেঢ়িলা গই।।
পৰম ৰঙ্গে কৰে শুভ শুভ।
শিৰত সিঞ্চিলা অক্ষত-দূৰ্ব।।
পাছে দিব্য সভা যাদৱে পাতি।
আনিলন্ত সত্ৰাজিতক মাতি।।
যিমতে মণিক পাইলন্ত তথা।
ৰাজ-সমাজত কহিলা কথা।।
সাক্ষী কৰি হৰি সৱে সভাতে।
দিলা মণি সত্ৰাজিতৰ হাতে।।
হাতত মণি লৈয়া সত্ৰাজিত।
ভৈলন্ত লাজ আতি বিপৰীত।।
কৰে অনুতাপ মনে আসুখে।
গৃহক চলি গৈল আধোমুখে।।
আপুনি কৃষ্ণক বিৰোধ কৰি।
ৰাতি-দিনে চিন্তে নিদ্ৰাক এৰি।।
মঞি মহা মূঢ় পাপী নিঃশঙ্ক।
মিছাতে কৃষ্ণক দিলো কলঙ্ক।।
কিমতে এড়াইবো লোকৰ শাপ।।
কেনে তুষ্ট হোন্ত জগত-বাপ।
কিমতে কৃষ্ণৰ ৰঞ্জিবো চিত্ত।।
গুণন্ত এহি বুলি সত্ৰাজিত।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।।
হৰি হৰি বোলা সমস্ত নৰে।
ঘোষা।।
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি।
ডাকিয়া ঘোষিয়ো শীঘ্ৰ কৰি।।
পদ।।
দেওঁ কন্যা বিৱাহ কৃষ্ণক।
দিবো মণি স্যমন্ত যৌতুক।।
তেৱেসে সন্তুষ্ট হোন্ত হৰি।
নেদেখো উপায় আত কৰি।।
হেনমতে নিয়ম কৰিয়া।
মণি সমে কন্যা দিলা নিয়া।।
পায়া সত্যভামাক অচ্যুতে।
কৰিলা বিৱাহ বিধিমতে।।
ৰূপে-গুণে জগততে ধন্যা।
খুজিল অনেকে সিটো কন্যা।।
কাহাকো নিদিল সত্ৰাজিত।
কৃষ্ণে পাই ভৈলা কৃতকৃত্য।।
শশুৰক বুলিলা বচন।
নাহিকে মণিত প্ৰয়োজন।।
তোমাত থাকোক স্যমন্তক।
তুমি সত্ৰাজিত অপুত্ৰক।।
তোমাৰ সৰ্ব্বস্ব সৱে মোৰ।
নিয়া মণি এড়া চিন্তা ঘোৰ।।
শুনি সত্ৰাজিত ৰঙ্গ ভৈল।
স্যমন্তক লৈয়া গৃহে গৈল।।
অনন্তৰে জগতৰে নাহ।
কৰি সত্যভামাক বিৱাহ।।
ক্রীড়িলা আনন্দে নাৰায়ণ।
যিটো শুনে স্যমন্ত হৰণ।।
ক্ৰীড়ালা আনন্দে নাৰায়ণ।
যিটো শুনে স্যমন্ত-হৰণ।।
এৰায়া কলঙ্ক মহা-পাপ।
দূৰ যায় সংসাৰৰ তাপ।।
হোৱৈ সিদ্ধি মনৰ বাঞ্ছিত।
জানি শুনা কৃষ্ণৰ চৰিত।।
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
কীৰ্ত্তন নেৰিবা একো নৰে।।
আতপৰে নাহিকে উপায়।
বেদৰো এহিসে অভিপ্ৰায়।।
মায়াময় পুত্ৰ দাৰা গেহ।
কেতিক্ষণে পৰৈ ইটো দেহ।।
আক নেদেখয় কিনো অন্ধ।
বিষয়ত তথাপি প্ৰবন্ধ।।
আন চিন্তা সৱে পৰিহৰা।
মিছা মোৰ মোৰ বুলি মৰা।।
অন্তকে কেশত আছে ধৰি।
জানি ডাকি বোলা হৰি হৰি।।
।।স্যমন্তক হৰণ সমাপ্ত।।