শকুনিৰ প্ৰতিশোধ - ৫ম দৃশ্য
শকুনিৰ প্ৰতিশোধ |
---|
|
নিৰ্জ্জন পথ
( গীত গাই গাই বৰাগীৰ প্ৰবেশ )
(গীত)
সকলো মায়াৰে খেলা
আগতো নেদেখি পাচতো নেদেখি
বুজিব নোৱাৰা লীলা ।
নিতে ফুলে ফুল সুবাসেৰে ভৰা
পখী কুলে ধৰে গীতি সুধাজৰা
প্ৰীতি অনুৰাগ সকলো অসাৰ
সকলো মায়াৰে খেলা ।
ধন জন দেহা মিছা সকলোটি
মিছা সঁচা বুলি নৰবা সাৱটি
ৰাখা যতনৰে সচাঁ নিধি যিটি
( মালঞ্চ)
তৰোৱা নিদান বেলা ।
( কৰণাধৰ বৰুৱা ৰচিত)
(গীতৰ অন্তত বৰাগীৰ প্ৰস্থান )
-পট-