শকুনিৰ প্ৰতিশোধ - ১৬শ দৃশ্য
শকুনিৰ প্ৰতিশোধ |
---|
|
পথ
(গীত গাই বৰাগীৰ প্ৰবেশ)
- গীত –
সৃষ্টি ! সৃষ্টি ! সৃষ্টি !
ছায়াৰ আকৃতি তাৰ
মায়া প্ৰকৃতি ।
শুনি তাতে নিৰন্তৰ,
আৱাহনী অনন্তৰ,
মৰণ পথেদি কৰে
জীৱনে গতি ।
ইয়ে নিয়তি , ইয়ে নিয়তি ।
(প্ৰস্থান)
-পট-