লৱণু চোৰা বুলি যশোৱা মাই
।। ৰাগঃ কানাড়া।। তালঃ পৰি।।
ধ্ৰুং।। লৱণু চোৰা বুলি যশোৱা মাই।
গো-কণ্ঠ পাশে বান্ধয় যদুৰাই।।
পদ।। পূৰ্ব্বাপৰ অন্ত নাহিক যাহাৰু।
সোহি পৰম গুৰু জগত-আধাৰু।।
বাহিৰ ভিতৰ যাকেৰি নাই।
গোৱাৰী বান্ধে লৱণু-চোৰা পাই।।
গাৱ সন্ধানে যশোৱা ৰজ্জু আনে।
জোৰয় নাহি আঙ্গল দুহু মানে।।
পুনু পুনু ৰজ্জু-বিচাৰ কৰয় আনি।
উদৰে মেৰাই বান্ধয় সতী টানি।।
তবহু নোজোৰে আঙ্গল দুহু পাশে।
পেখিয়ে গোপ ৰমণী সব হাসে।।
হৰিকহু তত্ত্ব জানয়ে নাহি কোই।
মাধৱ কহ গতি গোবিন্দ মোই।।