যশোৱানন্দন বালক মেলে
Jump to navigation
Jump to search
।। ৰাগঃ কানাৰা।। তালঃ পৰি।।
ধ্ৰুং।। যশোৱানন্দন বালক মেলে।
পৰম আনন্দে কোটোৰা খেলে।।
পদ।। যোৱা জুমুৰিকা আৱৰ খই।
বস্ত্ৰৰ উপৰে সিঞ্চে হাতে লই।।
কোটি ব্ৰহ্মাণ্ড ক্ৰীড়া ভাণ্ড যাৰ।
কোটোৰা খেলান কোন বিহাৰ।।
অনন্ত আনন্দ ৰসেৰ পতি।
তাহেৰ বালক খেলানে ৰতি।।
ভকতি অধীন দীনদয়াল।
কহয় মাধৱ গতি বাল গোপাল।।