লুইতৰ আকাশত তৰাৰ তৰাৱলী

ৱিকিউৎসৰ পৰা


লুইতৰ আকাশত তৰাৰ তৰাৱলী
          পাৰত দীপাৱলী তেজেৰে মোৰ---
আই নাকান্দিবি,
          থাপনাত তেজেৰে বন্তি দিলেহি
          সন্তানে আজি তোৰ৷
লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
          আই অ’ নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
          উজ্জ্বলিছে ভমকাই৷
চকুলো বোৱাই জুই নুনুমাবি
          গুচকে আন্ধাৰে ঘোৰ
লুইতৰ আকাশত তৰাৰ তৰাৱলী
          পাৰত দীপাৱলী তেজেৰে মোৰ৷৷