তোৰে মোৰে আলোকৰ যাত্ৰা
অৱয়ব
তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ,
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ!
সেউজীয়া জীৱনৰে জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে৷
প্ৰচাৰিত অৰুণবাণী
আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনিৰ গান৷৷