লীলা/সৰ্গ-২৪
[ ৭২ ]
কটালোঁ মাহেক দুই, দুয়ে দুই ঠাঁই
ভেলা-ভাৰী নৰ-নাৰী! ইটিয়ে সিটিৰ
ভাবগ্ৰাহী দুটি প্ৰাণ, ঠাই সলনিত।
উত্ৰাৱল লীলা প্ৰাণ, ভাবি দশা মোৰ,
শাৰীৰিক শতেক অপায়। গুণি দশা,
এৰি যোৱা জীৰ্ণ দেহা, অৰ্দ্ধ শুশ্ৰূষাত।
ক্ষীণতৰ দেহা মোৰ, ভাবি পুনু হাঁয়,
বিষাদ ডাৱৰে ঢকা লীলা-মুখ-জ্যোতি।
ডাক-পখী আহে যায়; অশুভ বাতৰি
দিনে অনা-নিয়া। আহিল উতলি পাচে,
বাতৰি নতুন এটি; ভাঙ্গি মন-প্ৰাণ,
কৰিলে জীৱন্তে মৰা, অৰ্দ্ধ আতমাক।
নসহিল প্ৰাণে হাঁয়, উৰিল পখীটি
ভেলা এৰি বিপদৰ ঘোৰ পাকনিত;
প্ৰাণে-যোঁটা-ভেলা গল পিচ পিচে ভাহি।
দেখিলোঁ ইবাৰ লীলা, নতুন ভাবত,
নৱ ভাৰ গৰভিনী;—গহীন মহান্!
সোধা-সুধি মনোভাব, ঘোৰ চাহনিৰে;
বিষাদ-গাম্ভীৰ্য্য-সনা মুখামুখি হই।
যাপিলোঁ দুদিন, ভুলি, শাহু-শুশ্ৰূষাত,
লগৰীয়া বিপদৰ শতেক অপায়।
আধা লাজে ভেটি ধৰা, আধা আবেগত,
আচুতীয়া কোঁঠা এৰি, বোৱাৰী-খোজেৰে,
চলাওঁ গহীন খোজ, ইফালে সিফালে।
পৰিলে প্ৰিয়াৰ চকু, মিচিকনি-যোঁটা,
চঞ্চলা-চপলা প্ৰায় উঠে চমকনি,
গাম্ভীৰ্য্যৰ তলি উদঙ্গাই! চাৰিফালে
নাৰী-চকু জিলিকনি, বাৰ-জলঙাত,
লাজেঢকা মুখ মোৰ জুমি জুমি চোৱা ,
বিপদত নচা মোক লীলা-চাপৰিত।
তৃতীয় দিনৰ আগে, বিদায় বেলিকা,
নিজানে প্ৰিয়াৰ স'তে। বুজালোঁ বিস্তৰ,—
দুদিনীয়া বিৰহত চিন্তা অযুগুত।
নীৰলে পাতিলে কাণ! নেমানিলে প্ৰাণে।
দুধাৰি চকু-লো মচি পূৰ্ণ আবেগত,
নিবেদিলে ঘূৰি হাঁয়, জুৰি দুটি কৰ,—
প্ৰাণৰ একান্ত তৃষ্ণা, স্বামীপদ-সেৱা,
জ্বলিছে হৃদয় জুৰি, গাঢ়তৰ ভাৱে;
বইছে বিশেষ ক্ৰুটী, গত পূজনত;
আছে থাকী শোধনৰ পূৰ্ব্ব ঋণজাল,
অবুজন বয়সত শান্তি-শিক্ষা পোৱা;
একান্ত বাসনা এবে, শুজিব সি ঋণ,
হেঁপাহৰ পূজাভাগ, পূৰ্ণ বয়সত;
নেলাগে প্ৰাণত আৰু মাতৃ-কোলা-সুখ,
মৰীচিকা মাজে খেলা, স্বামীপদ বিনে।
নুঘূৰিল লীলা-মন শত বুজনিত;
নোৱাৰিলোঁ এৰুৱাব লগ-ধৰা-বাহু।