লাদৈ ভাদৈ চম্পা দৈ কেৰু মনি সোলোকাই থৈ আহ গৈ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


প্ৰকাৰ :: পুৰণি বিহু গীত

লাদৈ ভাদৈ চম্পা দৈ কেৰু মনি সোলোকাই থৈ আহ গৈ
ঠেকেচি নেকেচি জাকৈ বাম পদুমনি পুখুৰিত পানী খাম্,
আমুকী আহ বেটি তামুকী আহ বেটি
বিহু মাৰিবলৈ যাওঁ

চ'তে গৈয়ে গৈয়ে কে কো কে কলি
বহাগী পালেহি কে কো কে কলি
ফুলিলে ভেবেলী লতা ঐ
কে কো কে কলি
ঠুনুপাক ক্'ত থলি
ঠুনুপাকত নাই ধন
নাচনি নাচিবৰ মন

হয় বা অ ল্' ল'
হয় বা ত ল্' ল'
চপাই নাহৰৰে কলি অ বাই
ৰৈ বৈ যাম খাওঁতাও নাই
ৰিচি পৌ চিপৌ হ হ হেই
খাৱ যদি খা নাখাৱ যদি যা
কি কৰো কি কৰো বুঢ়ীমাৰে চা