লট্‌কন

ৱিকিউৎসৰ পৰা
(লটকনৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
লটকন
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ সপ্তবিংশ গল্প

এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ চোকা আছিল। গিৰিয়েকে টকা-কড়ি ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈনীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, “মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ।” ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ’ল।

বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ’ল। তেতিয়ালৈকে তাৰ পেটত খুদকণ এটিও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ’ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীয়ে খাই বৈ উঠি তাৰ আঠ বছৰীয়া পুতেকক দোকানৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হ’লতে ল’ৰাটোৱে সুধিলে “তোমাক কি লাগে? তোমাৰ নাম কি?” বামুণে উত্তৰ দিলে, “মই মিঠৈ খাবলৈ আহিছোঁ, মোৰ নাম মাখি।” এইবুলি বামুণে টপকৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল’ৰাটোৱে বাপেকক চিঞৰি চিঞৰি মাত লগালে, “মাখিয়ে মিঠৈ খালে ঐ পিতাই, মাখিয়ে মিঠৈ খালে।” বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে টোপনিত ব্যাঘাত জন্মোৱা দেখি বাপেকে আমনি পাই উত্তৰ দিলে, “ মাখিয়ে মিঠৈ খাইছে যদি খাওঁক, তই মোক দিগদাৰি কৰি নাথাকিবি।” এই কথা শুনি বামুণে লাহেকৈ ল’ৰাটোক ক’লে, “শুনিলি এতিয়া তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে।” এইবুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে ল’ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক মাতিলে “পিতাই মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে।” এইবাৰ বাপেকে ভেঁকাহি মাৰি ক’লে, “আধ্যা কৰিলে যদি কৰক তই কেপকেপাই নাথাকিবি।” ল’ৰাটোৱে বাপেকক কথাটো ভালকৈ বুজাই ক’বলৈ ভিতৰলৈ উঠি গ’ল আৰু সি সুৰুঙাতে বামুণে মিঠৈ দোকানীৰ হাতনিপেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুৰ্দ্ধং কৰিলে। বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি ক’লত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাইবোৰ খালে। সি তেতিয়া ল’ৰাটোক খং কৰিলত ল’ৰাটোৱে ক’লে, “মই দেখোন তোমাক গুৰিৰেপৰা কৈয়েই আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক’লা খাওঁক।” বাপেকে ক’লে “তই কৈছিলি মাখিয়ে খাইছে বুলি, মানুহে খাইছে বুলি ন’কলি কিয়?” পুতেকে উত্তৰ দিলে, “সি মোক তাৰ নাম মাখি বুলি কৈছিল।” বাপেকে কোনফালে মানুহটো পলাই গ’ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেইফালেই খেদি গ’ল।

বামুণে মিঠৈ খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰপৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ল’লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰি টূঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোতে এবাৰ বামুণে খপকৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ’ল; কাৰণ এৰিলেই তাক গহৰিয়ে সাং কৰিব।

ইফালে মিঠৈ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, “ককাই,তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়?” বামুণে উত্তৰ দিলে,”তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই।” তুমি জানো দেখা নাই সেই টকা বোৰ?” সি ক’লে “দেখিছোঁ।” বামুণে ক’লে, “গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকেপতি ৰূপ আদি দিয়ে; সেইদেখি ঘূৰাই আছো।” মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে,”আজি মোৰ অনেক টকাৰ লোকচান হৈছে, যদি এইদৰে এগাল টকা ঘটি ল’ব পাৰোঁ, তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক ক’লে, “ককাই,মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে?ময়ো বৰ বিপদত পৰিছোঁ। মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া, বৰ উপকাৰ হয়। এটা জুৱাচোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে।” তাৰ কথা শুনি বামুণে ক’লে, “তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুইণ হ’ব্, বাৰু ঘূৰোৱা।” এইবুলি সি ঘূৰি থাকোতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ, দোকানীয়ে ধৰিলত সাউতকৰে সি নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ’ল আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে,কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব।

বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰ’লগৈ। ৰাতি সি তাতে খাই-বৈ শুই ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য’ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ দহ টকা সুমুৱাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ক’বলৈ ধৰিলে, “ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা দহ টকাকৈ ৰূপ পাওঁ;আৰু তাৰেই মই প্ৰতিপ্ৰালিত হওঁ।” বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল’বলৈ বৰকৈ খট্- বান্ধকৈ ধৰিলে। দৰ-দস্তুৰ কৰি সি ছ্শ টকা ৰূপত বামুণৰপৰা ঘোঁৰাটো কিনি ল’বলৈ ওলাল। বামুণে প্ৰথমে নিদিও নথওঁকৈ শেষত ক’লে, “বাৰু আৰু আঢ়ৈ কুৰি অৰ্থাৎ ৬৫০ টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা।” গৃহস্থই তাতে মান্তি হৈ টকা আৰু নিজৰ ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল’লে। বামুণে ল’ৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া ঘোঁৰাত উঠি গুচি আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোতে সি সেই গছৰ তলত মিঠৈ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈ দোকানীয়ে মাত দিলে,”মোক ভাল ঠগি গ’লা; ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হ’লো।” বামুণে উত্তৰ দিলে,”ককাই মই তোমাক ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি এশ পাক গাহৰিটোক ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় এশ টকা ৰূপ পাবা।” বামুণে দেখিছিলযে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু এশ পাক ঘূৰিলেই সি পৰি মৰিব; সেইদেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰাচেকুৰাই গুচি গ’ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো পৰি মৰি থাকিল। তাৰ পিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক’লে “নে এইবোৰ ৰূপ।” ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল।