মোৰ গানলে’বসন্ত আহে

ৱিকিউৎসৰ পৰা


মোৰ গানলে’ বসন্ত আহে
            পৃথিৱীৰ যত নুফুলা ফুলে
                        মিচিক মিচিক হাঁহে
            মোৰ গানলৈ বসন্ত আহে৷
মোৰ গানত জাগে
            গন্ধ বনৰ অন্ধ নিজৰা
মোৰ গানতে সুমন্দ্ৰিত
            নতুন দিনৰ বজ্ৰবতৰা
মোৰ গানতে আন্দোলিছে
            সাত সাগৰৰ তেৰ নদীৰ ঢৌ
লিখা নিলিখা কোটি কবিতাৰ
            অমিয়-মাধুৰী মৌ
মোৰ গানত বয়, মন্দ-মৃদু মলয় সমীৰণ
            মোৰ ছন্দত জাগে, চাকনৈয়াৰ ঘূৰ্ণী ভয়ঙ্কৰ
            মোৰ ভাবত জাগে বা মৰলী উন্মাদ ক্ষয়ঙ্কৰ
মোৰ গানত জ্বলে চক্ৰ সুদৰ্শন
            দুষ্কৃতি নাশি, কৰি যাবলৈ ধুনীয়া পৃথিৱীখন৷৷